ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

বৃহস্পতিবাৰ, ৩০ অক্টোবৰ

আমি যিমান উন্নতি কৰিলোঁ, আহা আমি এই পথত সংগঠিতভাৱে চলি থাকোঁ।—ফিলি. ৩:১৬.

মনত ৰাখক, আপুনি যি লক্ষ্য ৰাখিছে, তাত উপনীত হোৱাটো আপোনাৰ বাবে সম্ভৱ নহয়, তেনেহʼলে আপুনি বিফল হʼল বুলি যিহোৱাই কেতিয়াও নাভাবিব। (২ কৰি. ৮:১২) বিফলতাক শিকাৰ এক সুযোগ বুলি ভাবক। আপুনি এতিয়ালৈকে যি যি কৰিলে, তাক মনত ৰাখক। বাইবেলত লিখা আছে যে “তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) আপুনিও নিজৰ কাম পাহৰি যোৱা উচিত নহয়। চিন্তা কৰক যে আপুনি এতিয়ালৈকে কি কি কৰিব পাৰিলে। যেনে, আপুনি যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিছে, আপুনি তেওঁৰ বিষয়ে আনক জনাই বা বাপ্তিষ্মাও লʼলে। আপুনি এতিয়ালৈকে যিদৰে উন্নতি কৰিলে আৰু নিজৰ লক্ষ্যত উপনীত হʼল। ঠিক সেইদৰে আগলৈ আপুনি উন্নতি কৰিব পাৰিব আৰু নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব। আপুনি যিহোৱাৰ সহায়ত নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব। যেতিয়া আপুনি নিজৰ লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰে, তেতিয়া মন কৰক যে যিহোৱাই কেনেকৈ আপোনাক সহায় কৰিছে আৰু আশীৰ্বাদ দিছে আৰু এই কথাৰ পৰা আনন্দিত হওক। (২ কৰি. ৪:৭) আপুনি হাৰ নামানিলে আৰু বহুতো আশীৰ্বাদ লাভ কৰিব।—গালা. ৬:৯. w২৩.০৫ ৩১ ¶১৬-১৮

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শুক্ৰবাৰ, ৩১ অক্টোবৰ

তোমালোকে মোক প্ৰেম কৰা আৰু মই পিতৃৰ ফালৰ পৰা আহিছোঁ বুলি তোমালোকে বিশ্বাস কৰিলা। —যোহ. ১৬:২৭.

যিহোৱাই যিসকল লোকক প্ৰেম কৰে, তেওঁলোকৰ পৰা আনন্দিত আছে বুলি তেওঁলোকক জনায়। বাইবেলত লিখা আছে যে যিহোৱাই দুবাৰ যীচুক কʼলে যে যীচু তেওঁৰ প্ৰিয় পুত্ৰ হয় আৰু যিহোৱাই তেওঁক গ্ৰহণ কৰিলে। (মথি ৩:১৭; ১৭:৫) যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে বুলি আপুনিও শুনিব বিচাৰে নে? যিহোৱাই স্বৰ্গৰ পৰা আমাৰ লগত কথা নাপাতে, কিন্তু নিজৰ বাক্য বাইবেলৰ জৰিয়তে আমাৰ লগত কথা পাতে। যেনে, যেতিয়া আমি শুভবাৰ্তাৰ কিতাপবোৰত যীচুৰ কথাবোৰ পঢ়োঁ, তেতিয়া এনে হয় যেন আমি যিহোৱাৰ কথা শুনি আছোঁ। কিয় বাৰু? কিয়নো যীচু নিজৰ পিতৃৰ দৰেই আছে। সেইবাবে, যেতিযা আমি পঢ়োঁ যে যীচুৱে কেনেকৈ নিজৰ শিষ্যসকলৰ লগত কথা পাতিলে, তেওঁলোকক নিজৰ প্ৰেম দেখুৱালে, তেতিয়া আমি কল্পনা কৰিব পাৰোঁ যে যিহোৱাই নিজেই সেই কথাবোৰ আমাক কৈ আছে। (যোহ. ১৫:৯, ১৫) কিন্তু সমস্যাৰ মাজেদি পাৰ হʼবলৈ দিয়াৰ অৰ্থ এয়া নহয় যে যিহোৱাই আমাৰ পৰা আনন্দিত নাই। তাৰ পৰিৱৰ্তে সেই সময়ত আমি যিহোৱাক কিমান প্ৰেম কৰোঁ আৰু ভৰসা কৰোঁ তাক দেখুৱাৰ সুযোগ পাওঁ।—যাকো. ১:১২. w২৪.০৩ ২৮ ¶১০-১১

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শনিবাৰ, ১ নৱেম্বৰ

তুমি সৰু লʼৰা-ছোৱালীৰ মুখৰ পৰা নিজৰ প্ৰশংসা কৰাইছা। —মথি ২১:১৬.

যদি আপোনাৰ সৰু লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকৰ বয়সৰ অনুসৰি উত্তৰ দিবলৈ তেওঁলোকক তৈয়াৰী কৰাব পাৰে। বহুবাৰ গভীৰ বিষয়বোৰত আলোচনা কৰা হয়। যেনে: বিবাহিত জীৱনত অহা সমস্যা বা নৈতিক বিষয়বোৰ। হয়তো সেই লেখতো এনে এটা বা দুটা অনুচ্ছেদ থাকিব পাৰে, যʼত লʼৰা-ছোৱালীয়ে উত্তৰ দিব পাৰে। ইয়াৰ উপৰিও আপুনি নিজৰ লʼৰা-ছোৱালীক বুজাওক যে যেতিয়াই তেওঁ হাত উঠাব, তেতিয়াই তেওঁ সুযোগ পাব বুলি ভবা উচিত নহয়। যদি আপুনি আগতীয়াকৈ তেওঁক ইয়াৰ বিষয়ে বুজাই, তেনেহʼলে যেতিয়া তাৰ সলনি আন কোনোবাই সুযোগ পাই, তেতিয়া তেওঁ নিৰাশ নহʼব। (১ তীম. ৬:১৮) আমি সকলোৱে এনে উত্তৰ দিবলৈ তৈয়াৰী কৰা উচিত, যাৰ পৰা যিহোৱাৰ মহিমা হয় আৰু ভাই-ভনীসকলেও উৎসাহিত হয়। (হিতো. ২৫:১১) কেতিয়াবা কেতিয়াবা আমি উত্তৰ দিয়াৰ সময়ত নিজৰ অনুভৱৰ বিষয়ে কʼব পাৰোঁ। কিন্তু আমি বাৰে বাৰে নিজৰ অনুভৱৰ বিষয়ে কৈ থকা উচিত নহয়। (হিতো. ২৭:২; ২ কৰি. ১০:১৮) ইয়াৰ পৰিৱৰ্তে আমি এইদৰে উত্তৰ দিবলৈ চেষ্টা কৰা উচিত, যাৰ পৰা ভাই-ভনীসকলে যিহোৱা, তেওঁৰ বাক্য আৰু তেওঁৰ লোকসকলৰ প্ৰতি ধ্যান দিব পাৰে।—প্ৰকা. ৪:১১. w২৩.০৪ ২৪-২৫ ¶১৭-১৮

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক