ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 নৱেম্বৰ পৃষ্ঠা ৮-৯
  • মই এতিয়া গাড়ী চলাবলৈ বন্ধ কৰি দিয়া উচিত নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মই এতিয়া গাড়ী চলাবলৈ বন্ধ কৰি দিয়া উচিত নে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • চিন্তা কৰক যে আপুনি গাড়ী চলোৱাটো কিমান সুৰক্ষিত
  • বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিৰ্ণয় লওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 নৱেম্বৰ পৃষ্ঠা ৮-৯
এজন বৃদ্ধ ভায়ে নিজৰ খিৰিকীৰ ওচৰত বহি আছে আৰু বাহিৰত থকা নিজৰ গাড়ী চাই আছে।

মই এতিয়া গাড়ী চলাবলৈ বন্ধ কৰি দিয়া উচিত নে?

আপুনি বহু বছৰৰ পৰা গাড়ী চলাই আছে আৰু আপোনাৰ ওচৰত এখন গাড়ী আছে বুলি আপোনাৰ বহুত ভাল লাগে। আপুনি সেই গাড়ীৰে যিকোনো ঠাইত যাব পাৰে আৰু নিজৰ কাম নিজেই কৰিব পাৰে। কিন্তু আপোনাৰ বয়স হৈ যোৱাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধুসকলে চিন্তিত হʼবলৈ ধৰে। আপুনি গাড়ী চলাব নে নচলায়, এই বিষয়ে ভবাটো তেওঁলোকে বিচাৰে। কিন্তু আপুনি বুজি পোৱা নাই যে তেওঁলোকে কিয় ইমান চিন্তিত হৈ আছে?

আপোনাৰ লগতো এইদৰে হৈছে নে? যদি হৈছে, তেনেহʼলে আপুনি গাড়ী চলোৱা উচিত হয় নে নহয়, এই বিষয়ে কি কথাই নিৰ্ণয় লʼবলৈ আপোনাক সহায় কৰিব পাৰে?

কিছুমান দেশত এই নিয়ম আছে যে যদি এজন ব্যক্তিয়ে এটা বয়সৰ পাছত নিজৰ লাইচেন্স ৰিনিউ কৰাব বিচাৰে, তেনেহʼলে তেওঁ ডাক্তৰে দিয়া এটা চাৰ্টিফিকেট দিবলগীয়া হয়। এনে দেশবোৰত আমাৰ যিসকল ভাই-ভনী থাকে, তেওঁলোকে চৰকাৰৰ নিয়ম মানি চলে। (ৰোম. ১৩:১) কিন্তু আপোনাৰ দেশত এনে নিয়ম হওক বা নহওক, এনে বহুতো উপায় আছে যাৰ যোগেদি আপুনি নিৰ্ণয় লʼব পাৰিব যে আপুনি সুৰক্ষিতৰূপে গাড়ী চলাব পাৰিব নে নোৱাৰে।

চিন্তা কৰক যে আপুনি গাড়ী চলোৱাটো কিমান সুৰক্ষিত

আমেৰিকাৰ ‘নেচনেল ইন্সটিটিউড্‌ অন এজিংগ’ নামৰ এটা ৱেবছাইটত এই বিষয়ে পৰামৰ্শ দিয়া হৈছে, সেই অনুসৰি আপুনি নিজকে কিছুমান প্ৰশ্ন সুধিব পাৰে:

  • ৰাস্তাত লগাই থোৱা চাইন বৰ্ড পঢ়িবলৈ বা ৰাতি চাবলৈ মোৰ অসুবিধা হয় নে?

  • মূৰ ঘূৰাবলৈ মোৰ অসুবিধা হয় নে, যাৰ বাবে গাড়ীত লগোৱা চিচা চাবলৈ আৰু সেই বস্তু আৰু গাড়ীবোৰ চাবলৈ মোৰ বাবে কঠিন হʼবলৈ ধৰিছে, যি সহজে দেখা পোৱা নায়ায়?

  • লগে লগে পদক্ষেপ লʼবলৈ মোৰ বাবে কঠিন হয় নে? যেনে যেতিয়া গাড়ীত হঠাতে ব্ৰেক লগাবলগীয়া হয়, তেতিয়া মই এইদৰে কৰিব পাৰোঁ নে?

  • মই ইমানেই লাহেকৈ গাড়ী চলাওঁ নে, যাৰ বাবে আন ড্ৰাইভাৰসকলে আমনি পাবলৈ ধৰে?

  • অলপতে মোৰ গাড়ী বহুবাৰ এক্সিডেণ্ট হোৱাৰ পৰা বাচি আহিছে নে? বা মোৰ গাড়ী যʼতে-তʼতে খুন্দা মৰাৰ বাবে তাৰ ৰং ওলাই আহিছে নে?

  • মই যিদৰে গাড়ী চলাওঁ, তাৰ বাবে পুলিচে মোক ৰখাইছে নে?

  • গাড়ী চলাই থাকোঁতে মোৰ টোপনি ধৰে নে?

  • মই এনে কোনো দৰব লওঁ নে, যাৰ বাবে গাড়ী চলোৱাটো মোৰ বাবে কঠিন হʼব পাৰে?

  • মোৰ পৰিয়ালৰ লোক বা বন্ধুসকলে কয় নে যে মই যিদৰে গাড়ী চলাওঁ, তাৰ বাবে তেওঁলোকৰ চিন্তা হয়?

যদি আপুনি এটা বা দুটা প্ৰশ্নৰ উত্তৰ হয় বুলি দিছে, তেনেহʼলে আপুনি যদি বিচাৰে, গাড়ী চলোৱাৰ ক্ষেত্ৰত কিছুমান সাল-সলনি কৰিব পাৰে। যেনে, এতিয়া আপুনি আগতকৈ কম গাড়ী চলাব পাৰে, বিশেষকৈ ৰাতি। সময়ে সময়ে এয়া চাবলৈ চেষ্টা কৰিব যে আপুনি ভালদৰে গাড়ী চলাব পাৰিছে নে নাই। এই বিষয়ে আপুনি নিজৰ পৰিয়াল বা বন্ধুকো সুধিব পাৰে। যদি আপুনি বিচাৰে, তেনেহʼলে ড্ৰাইভিং কৰ্চ কৰিব পাৰে যাতে সুৰক্ষিতৰূপে গাড়ী চলাব পাৰে। কিন্তু আপুনি যদি ওপৰৰ বহুতো প্ৰশ্নৰ উত্তৰ হয় বুলি দিছে, তেনেহʼলে আপুনি গাড়ী চলাবলৈ বন্ধ কৰি দিয়াটোৱেই ভাল হʼব।a

বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিৰ্ণয় লওক

আমাৰ হয়তো অনুভৱ নহʼবও পাৰে যে আমি আগৰ দৰে গাড়ী চলাব নোৱাৰোঁ। সেইবাবে, আমি গাড়ী চলাবলৈ এৰি দিয়াটো উচিত হয় নে নহয়, এয়া নিৰ্ণয় লোৱাটো কঠিন হʼব পাৰে। এই ক্ষেত্ৰত আপোনাৰ পৰিস্থিতিৰ অনুসৰি সঠিক নিৰ্ণয় লʼবলৈ বাইবেলৰ কোনটো সিদ্ধান্তই আপোনাক সহায় কৰিব পাৰে? দুটা সিদ্ধান্তলৈ মন কৰক।

নিজৰ মৰ্য্যদাত থাকক বা নিজৰ সীমা বুজি পাওক। (হিতো. ১১:২) যেনেকৈ আমাৰ বয়স বাঢ়িবলৈ ধৰে আমি ভালদৰে দেখা নাপাওঁ, কাণেৰে শুনা নাপাওঁ, আমাৰ মাংসপেশীবোৰ দুৰ্বল হʼবলৈ ধৰে আৰু সোনকালে কামবোৰ কৰিব নোৱাৰোঁ। সেইবাবে, কিছুমান লোকে এটা বয়সৰ পাছত কিছুমান খেল খেলিবলৈ বন্ধ কৰি দিয়ে। কাৰণ তেওঁলোকে জানে যে এতিয়া এইদৰে কৰিলে তেওঁলোকে সহজে দুখ পাব পাৰে। এই সিদ্ধান্ত গাড়ী চলোৱাৰ ক্ষেত্ৰতো মানি চলিব পাৰি। মৰ্য্যদাত থকা ব্যক্তিয়ে এটা বয়সত গৈ গাড়ী চলাবলৈ বন্ধ কৰি দিয়ে। কাৰণ তেওঁ জানে যে এইদৰে কৰাটো সুৰক্ষিত নহয়। (হিতো. ২২:৩) যেতিয়া আনে তেওঁৰ বিষয়ে চিন্তা কৰে, তেতিয়া তেওঁ তেওঁলোকৰ কথা শুনে আৰু ধ্যান দিয়ে।—২ চমূৱেল ২১:১৫-১৭ পদৰ লগত তুলনা কৰক।

তেজৰ দোষী হোৱাৰ পৰা বাচি থাকক। (দ্বিতী. ২২:৮) গাড়ী ভালদৰে নচলালে বিপদজনক হʼব পাৰে। যদি এজন ব্যক্তিয়ে তেতিয়াও গাড়ী চলায়, যেতিয়া এইদৰে কৰাটো সুৰক্ষিত নহয়, তেনেহʼলে তেওঁ নিজৰ লগতে আনকো বিপদত পেলোৱাৰ দৰে হʼব। যদি গাড়ী চলোৱাৰ সয়মত তেওঁৰ বাবে কোনো এটা এক্সিডেণ্ট হয় আৰু কাৰোবাৰ মৃত্যু হয়, তেনেহʼলে তেওঁ সেই তেজৰ দোষী হʼব।

হয়তো বয়স বাঢ়ি যোৱাৰ কাৰণে আপুনি এয়া নিৰ্ণয় লʼবলগীয়া হʼব পাৰে যে আপুনি গাড়ী চলাবলৈ বন্ধ কৰি দিয়া উচিত হয় নে নহয়। এনে পৰিস্থিতিত এয়া নাভাবিব যে আপুনি গাড়ী চলাবলৈ বন্ধ কৰিলে আনে আপোনাক সন্মান নকৰিব। যিহোৱাই আপোনাৰ ভাল গুণবোৰৰ কাৰণে আপোনাক প্ৰেম কৰে, যেনে: মৰ্য্যদা, নম্ৰতা আৰু আনৰ বিষয়ে চিন্তা কৰা। যিহোৱাই আপোনাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আপোনাক চম্ভালিব আৰু শান্ত্বনা দিব। (যিচ. ৪৬:৪) তেওঁ আপোনাক কেতিয়াও নেৰিব। তেওঁলৈ বুদ্ধি বিচাৰি আৰু বাইবেলৰ সিদ্ধান্ত ভালদৰে বুজি পাবলৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰক। এইদৰে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব আৰু বুজিব পাৰিব যে এতিয়া আপুনি গাড়ী চলাবলৈ বন্ধ কৰি দিয়াটো উচিত হয় নে নহয়।

আনে কেনেকৈ সহায় কৰিব পাৰে?

প্ৰায়ে দেখিবলৈ পোৱা যায় যে এজন বৃদ্ধ ব্যক্তিৰ লগত তেওঁৰ পৰিয়ালৰ লোকসকলে তেওঁৰ ড্ৰাইভিঙৰ বিষয়ে কথা পতাটো ভাল হয়। হয়তো আপোনাৰ বৃদ্ধ বন্ধু আছে আৰু তেওঁ গাড়ী চলোৱা উচিত নহয় বুলি আপুনি কাৰোবাৰ পৰা শুনিছে, তেনেহʼলে সেই কথা আওকাণ কৰা উচিত নহয়। আপুনি তেওঁৰ লগত গাড়ীত বহি কʼৰবাত যাব পাৰে। যদি আপোনাৰ অনুভৱ হয়, তেনেহʼলে তেওঁৰ লগত তেওঁৰ ড্ৰাইভিঙৰ বিষয়ে কথা পাতক। এইদৰে কৰাৰ সময়ত আপুনি নিজকে তেওঁৰ ঠাইত ৰাখি চিন্তা কৰিব পাৰে। তেওঁক মৰমেৰে কওক, কিন্তু স্পষ্টকৈ জনাওক যে আপুনি তেওঁৰ বিষয়ে কিয় চিন্তা কৰে। তেওঁৰ বয়স যিমানেই নহওক কিয়, তেওঁ কিদৰে গাড়ী চলায়, সেয়া মনত ৰাখি কথা পাতক। “আপুনি গাড়ী চলোৱাটো বিপদজনক” এয়া কোৱাৰ পৰিৱৰ্তে “আপুনি গাড়ী চলালে মোক আপোনাৰ সুৰক্ষাক লৈ বহুত চিন্তা হয়,” এয়া কʼব পাৰে। মৰ্য্যদাত থকা আৰু তেজৰ দোষী হোৱাৰ বিষয়ে বাইবেলত কি কি সিদ্ধান্ত দিয়া হৈছে, তাৰ বিষয়ে তেওঁক জনাওক। আপুনি তেওঁক কওক যে আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ এই সিদ্ধান্তক মূল্যাংকন কৰে।

যদি এজন বৃদ্ধ ব্যক্তিয়ে গাড়ী চলাবলৈ এৰিবলগীয়া হয়, তেতিয়া তেওঁৰ কেনে অনুভৱ হয়, তাৰ বিষয়ে আমি সকলোৱে ভবা উচিত। এতিয়া তেওঁক হয়তো লাগিব পাৰে যে তেওঁৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে আৰু সকলো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ হʼব লাগিব। আপুনি তেওঁক কেনেকৈ সহায় কৰিব পাৰে? আপুনি তেওঁক সদায় সহযোগ কৰিব পাৰে আৰু সহায় কৰিবলৈ সাজু থাকিব পাৰে। (হিতো. ১৭:১৭) তেওঁলোকে কʼৰবালৈ গʼলে তেওঁলোকে আপোনাৰ পৰা সহায় বিচাৰিব বুলি বাট চাই নাথাকিব। কাৰণ তেওঁলোকে হয়তো ভাবিব পাৰে যে তেওঁলোকে সহায় বিচাৰিলে তেওঁলোকে আপোনাৰ ওপৰত বোজা হৈ পৰিব। গুৰুত্বপূৰ্ণ কামৰ বাবে আপুনি তেওঁলোকক কেতিয়া লৈ যাব পাৰে, তাৰ বিষয়ে আপুনি এটা তালিকা বনাই তেওঁলোকক দিয়ক। যেনে, সভাৰ বাবে, প্ৰচাৰলৈ, বজাৰলৈ আৰু ডাক্তৰৰ ওচৰলৈ। তেওঁলোকক বিশ্বাস দিয়ক যে আপুনি তেওঁলোকক সহায় কৰিব বিচাৰে, তেওঁৰ লগত সময় কটাব বিচাৰে।—ৰোম. ১:১১, ১২.

a এই বিষয়ে আৰু বেছিকৈ জানিবলৈ অক্টোবৰ ৮, ২০০২ চনৰ সচেতন থাকক! (হিন্দী) “গাড়ীৰ দুৰ্ঘটনাৰ পৰা আপুনি বাচিব পাৰে নে?” নামৰ লেখখন চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক