অত্যাচাৰৰ সন্মুখীন হোৱা তিৰোতাসকলৰ বাবে সহায়
“গোটেই পৃথিৱীজুৰি বহুতো মহিলা আৰু ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰা হয়। আপোনাৰ লগতো এইদৰে হৈছে নে? মহিলাসকলৰ সুৰক্ষা ঈশ্বৰৰ বাবে কিয় গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ লগত যি বেয়া ব্যৱহাৰ হৈ আছে, ইয়াৰ বিষয়ে ঈশ্বৰে কি কৰিব, আহক চাওঁ।”
এইদৰে jw.org ৱেবছাইটত দিয়া লেখ “মহিলাসকলৰ সুৰক্ষা—শাস্ত্ৰত কি কোৱা হৈছে?” আৰম্ভ হয়। এই লেখৰ শেষত এটা লিংক দিয়া আছে, যি ক্লিক কৰি আমি ইয়াক ডাউনলʼড কৰিব পাৰোঁ। তাৰ পাছত আপুনি ইয়াৰ প্ৰিণ্ট উলিয়াই ভাঁজ কৰি চাৰিটা পৃষ্ঠা থকা ট্ৰেক্ট বনাব পাৰে। আমেৰিকাত থকা ভনী ষ্টেচীয়ে এইদৰে কৈছে, “মই ইয়াৰ কেইবাখনো কপি প্ৰিণ্ট কৰিলোঁ আৰু আন এগৰাকী ভনীৰ লগত মই এখন মহিলা আশ্ৰমলৈ গʼলোঁ।”
সেই আশ্ৰমত কাম কৰা এগৰাকী তিৰোতাই ভনীসকলক সুধিলে যে তেওঁলোকে সেই ট্ৰেক্টখনৰ আৰু কপি দিব পাৰে নে যাতে তেওঁ তাত থকা তিৰোতাসকলক দিব পাৰে। সেইবাবে, ভনীসকলে সেই ট্ৰেক্টখনৰ আৰু ৪০ টা কপি আৰু ৩০ খন jw.org যোগাযোগ কাৰ্ড তাত দিলেগৈ। যেতিয়া তেওঁলোকে আকৌ এবাৰ তালৈ গʼল, তেতিয়া আশ্ৰমৰ মেনেজাৰে ভনীসকলক কʼলে যে তেওঁলোকে তাত থকা তিৰোতাসকলক বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়, সেয়া দেখুৱাব পাৰে নে।
ষ্টেচীৰ লগত আৰু দুগৰাকী ভনীৰো এইদৰে অনুভৱ আছে। তেওঁলোকে আন এখন আশ্ৰমলৈ গৈছিল আৰু তেওঁলোকে তাত এই ট্ৰেক্টখনৰ পাঁচখন কপি দিলে, কিন্তু তাত থকা তিৰোতাসকলে আৰু কিছুমান কপি বিচাৰিলে। তাত কাম কৰা এগৰাকী তিৰোতাই এইদৰে কৈছে, “ইয়াৰ তিৰোতাসকলে ইয়াৰ পৰা বহুত লাভৱান হʼব। আমাক ইয়াৰে প্ৰয়োজন আছিল।” যেতিয়া সেই ভনীসকলে আকৌ এবাৰ তালৈ গʼল, তেতিয়া তাত থকা বহুতো তিৰোতাই একগোট হʼল। তেওঁলোকে চাব বিচাৰিছিল যে বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়। দুগৰাকী তিৰোতাইতো সপ্তাহৰ শেষত হোৱা সভাত আহিম বুলিও কʼলে।
ভনী ষ্টেচীয়ে এইদৰে কৈছে, “আমি এয়া চাই বহুত আচৰিত হৈছোঁ যে এই লেখখন পঢ়ি লোকসকল বহুত আনন্দিত হৈছে। যেতিয়া আমি ইয়াৰ প্ৰিণ্ট উলিয়াই ভাঁজ কৰি এখন ট্ৰেক্ট বনালোঁ, তেতিয়া আমি ইয়াৰ যোগেদি সেই তিৰোতাসকলক ভালদৰে শুভবাৰ্তা শুনাব পাৰিলোঁ, যিসকলৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছিল। যেতিয়া আমি চালোঁ যে তিৰোতাসকলে এই ট্ৰেক্টখন আনন্দেৰে গ্ৰহণ কৰিলে, তেতিয়া আমাক বহুত ভাল লাগিল। আমি ইয়াৰ বাবেও আনন্দিত যে যেতিয়া আমি আগলৈ এইদৰে লোকসকলক শুভবাৰ্তা শুনাবলৈ পৰিশ্ৰম কৰিম, তেতিয়া যিহোৱাই তাৰ ওপৰত আশীৰ্বাদ দিব।