মথিয়ে লিখা শুভবাৰ্তা
১৪ সেই সময়ত জিলা প্ৰশাসক হেৰোদে* যীচুৰ বিষয়ে শুনিলে। ২ তেওঁ নিজৰ সেৱকসকলক কʼলে, “এওঁ বাপ্তিষ্মা দিওঁতা যোহনেই হয়, যিজনৰ মৃত্যু হৈছিল, কিন্তু এতিয়া তেওঁক জীয়াই তোলা হৈছে। সেইবাবে, তেওঁ এই সকলো চমৎকাৰ কৰিছে।” ৩ হেৰোদে নিজৰ ভাই ফিলিপৰ পত্নী হেৰোদিয়াৰ কাৰণে যোহনক গ্ৰেপ্তাৰ কৰি লৈছিল আৰু শিকলিৰে বান্ধি তেওঁক জেলত বন্দী কৰিছিল। ৪ কিয়নো যোহনে হেৰোদক প্ৰায়েই কৈছিল, “আপুনি হেৰোদিয়াক নিজৰ পত্নী হিচাপে ৰখাটো উচিত নহয়।” ৫ হেৰোদে যোহনক হত্যা কৰিব বিচাৰিছিল। কিন্তু লোকসকলক ভয় কৰিছিল, কাৰণ যোহন এজন ভৱিষ্যবক্তা বুলি লোকসকলে বিশ্বাস কৰিছিল। ৬ কিন্তু হেৰোদৰ জন্মদিনৰ দিনাখন যেতিয়া হেৰোদিয়াৰ ছোৱালীজনী নাচিছিল, তেতিয়া হেৰোদ ইমানেই আনন্দিত হʼল ৭ যে তেওঁ তাইক শপত খাই প্ৰতিজ্ঞা কৰিলে যে তাই যিয়েই বিচাৰে, তাকে তাইক দিব। ৮ তেতিয়া মাকে শিকোৱা মতে তাই কʼলে, “আপুনি এখন থালত যোহন বাপ্তিষ্মা দিওঁতাৰ মূৰটো আনি মোক দিয়ক।” ৯ এয়া শুনি ৰজাৰ দুখ লাগিল। কিন্তু তেওঁ নিজৰ শপতৰ কাৰণে আৰু তেওঁৰ লগত বহা* লোকসকলৰ কাৰণে যোহনৰ মূৰ আনি তাইক দিবলৈ আদেশ দিলে। ১০ তেওঁ মানুহ পঠাই জেলত যোহনৰ মূৰ কটোৱালে। ১১ তেওঁৰ মূৰটো এখন থালত আনি ছোৱালীজনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গʼল। ১২ তাৰ পাছত যোহনৰ শিষ্যসকলে আহি মৃতদেহটো লৈ গৈ কবৰ দিলে আৰু আহি যীচুক জনালে। ১৩ এয়া শুনি যীচুৱে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এখন নিৰ্জন ঠাইলৈ গʼল যাতে তেওঁ অকলশৰীয়াকৈ থাকিব পাৰে। কিন্তু লোকসকলে যেতিয়া এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে বিভিন্ন চহৰৰ পৰা খোজকাঢ়ি তেওঁৰ পিছে পিছে গʼল।
১৪ যীচুৱে যেতিয়া সাগৰৰ পাৰ পালেগৈ, তেতিয়া তেওঁ লোকসকলৰ এটা ডাঙৰ ভীৰক দেখিলে, তেওঁলোকক দেখি তেওঁৰ হৃদয় দয়াৰে ভৰি পৰিল আৰু তেওঁ লোকসকলৰ বেমাৰ সুস্থ কৰিলে। ১৫ কিন্তু যেতিয়া গধূলি হʼল, তেতিয়া শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি কʼলে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায়েই শেষ হʼল। সেইবাবে, লোকসকলক বিদায় দিয়ক, যাতে তেওঁলোকে ওচৰৰ গাঁওবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰে।” ১৬ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই, তোমালোকে তেওঁলোকক কিবা খাবলৈ দিয়া।” ১৭ শিষ্যসকলে তেওঁক কʼলে, “আমাৰ ওচৰত কেৱল পাঁচখন ৰুটি আৰু দুটা মাছহে আছে।” ১৮ যীচুৱে কʼলে, “ৰুটি আৰু মাছ মোৰ ওচৰলৈ আনা।” ১৯ ইয়াৰ পাছত যীচুৱে লোকসকলক ঘাঁহৰ ওপৰত বহিবলৈ কʼলে। তাৰ পাছত তেওঁ পাঁচখন ৰুটি আৰু দুটা মাছ লৈ আকাশৰ ফালে চাই প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ ৰুটি ভাঙি শিষ্যসকলক দিলে আৰু শিষ্যসকলে সেইবোৰ লোকসকলক খাবলৈ দিলে। ২০ সকলোৱে পেট ভৰাই খালে আৰু শিষ্যসকলে যেতিয়া বাছি যোৱা টুকুৰাবোৰ তুলিলে, তেতিয়া ১২ টা পাছি ভৰি গʼল। ২১ খোৱা মানুহৰ মাজত তিৰোতা আৰু লʼৰা-ছোৱালীক বাদ দি প্ৰায় ৫,০০০ জন পুৰুষ আছিল। ২২ ইয়াৰ পাছতে যীচুৱে নিজৰ শিষ্যসকলক কʼলে তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰে যায়। আৰু তেওঁ নিজেই লোকসকলক বিদায় দিলে।
২৩ লোকসকলক বিদায় দিয়াৰ পাছত তেওঁ প্ৰাৰ্থনা কৰিবলৈ পাহাৰৰ ওপৰলৈ উঠিলে। যেতিয়া গধূলি হʼল, তেতিয়া তেওঁ তাত অকলে আছিল। ২৪ তেতিয়ালৈকে শিষ্যসকলৰ নাওখন, পাৰৰ পৰা কেই কিলোমিটাৰ* দূৰ পাইছিলগৈ। ঢৌৰ কোবত নাওখন তুলুং ভুতুং কৰি আছিল, কিয়নো বতাহ বিপৰীত দিশৰ পৰা বলিছিল। ২৫ কিন্তু ৰাতিপুৱা সোনকালে* যীচুৱে পানীৰ ওপৰত খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহিল। ২৬ যীচুক পানীৰ ওপৰত খোজকাঢ়ি অহা দেখি শিষ্যসকলে আচৰিত হৈ এইদৰে কʼবলৈ ধৰিলে, “এয়া আমি কি দেখিছোঁ!” আৰু তেওঁলোকে ভয়ত জোৰেৰে চিঞৰিবলৈ ধৰিলে। ২৭ কিন্তু তেতিয়াই যীচুৱে তেওঁলোকক কʼলে, “ভয় নকৰিবা, এয়া ময়েই।” ২৮ তেতিয়া পিতৰে কʼলে, “হে প্ৰভু যদি আপুনিয়েই হয়, তেনেহʼলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ খোজকাঢ়ি যাবলৈ মোক আজ্ঞা দিয়ক।” ২৯ যীচুৱে কʼলে, “আহা!” তেতিয়া পিতৰে নাৱৰ পৰা নামি খোজকাঢ়ি যীচুৰ ওচৰলৈ যাবলৈ ধৰিলে। ৩০ কিন্তু ধুমুহা বতাহ অহা দেখি তেওঁ ভয় খালে আৰু ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি কʼলে, “হে প্ৰভু, মোক বচাওক!” ৩১ যীচুৱে লগে লগে নিজৰ হাতখন আগবঢ়াই তেওঁক ধৰি লʼলে আৰু তেওঁক কʼলে, “হে কম বিশ্বাসী, তুমি কিয় সন্দেহ কৰিলা?” ৩২ যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, তেতিয়া ধুমুহা বতাহ কমি গʼল। ৩৩ তাৰ পাছত নাৱত থকা শিষ্যসকলে যীচুক মূৰ দোৱাই প্ৰণাম কৰি কʼলে, “আপুনি সঁচাকৈ ঈশ্বৰৰ পুত্ৰ।” ৩৪ তাৰ পাছত তেওঁলোকে সাগৰ পাৰ হৈ গিনেচৰৎ অঞ্চললৈ আহিলে।
৩৫ তাত থকা লোকসকলে তেওঁক চিনি পালে আৰু ওচৰে-পাজৰে থকা সকলো ঠাইতে খবৰ পঠিয়ালে আৰু লোকসকলে সকলো ধৰণৰ বেমাৰী লোকসকলক তেওঁৰ ওচৰলৈ লৈ আহিলে। ৩৬ আৰু তেওঁলোকে যীচুৰ কাপোৰৰ কেৱল দহি চুবলৈ তেওঁক মিনতি কৰিলে আৰু যিসকলে চুলে, তেওঁলোক সকলোৱেই সুস্থ হৈ গʼল।