সোমবাৰ, ২৮ জুলাই
জগতত থকা জনতকৈ তোমালোকত থকা জনাই মহান।—১ যোহ. ৪:৪.
যেতিয়া আপোনাক ভয় লাগে, তেতিয়া চিন্তা কৰক যে আগলৈ গৈ যিহোৱাই কি কি কৰিব। তেওঁ চয়তানক একেবাৰে ধ্বংস কৰিব। এই বিষয়ে ২০১৪ চনৰ আঞ্চলিক অধিৱেশনৰ এটা প্ৰদৰ্শনত দেখুৱা হৈছিল। সেই প্ৰদৰ্শনত এজন পিতৃয়ে নিজৰ পৰিয়ালৰ লগত আলোচনা কৰিছিল যে ২ তীমথিয় ৩:১-৫ পদত প্ৰমোদবনৰ বিষয়ে কোৱা হʼলে তাত হয়তো এইদৰে লিখা হʼলহেঁতেন, “কিন্তু নতুন পৃথিৱীত আনন্দময় পৰিস্থিতি হʼব, কিয়নো সেই কালত মানুহবিলাকে সকলোকে প্ৰেম কৰিব, ধন লুভীয়া নহʼব, দৰ্পী নহʼব, অহংকাৰী নহʼব, নিন্দক নহʼব, পিতৃ-মাতৃক মানিব, উপকাৰ মানিব, পৱিত্ৰ, স্নেহৱান, সকলো কথাতে সন্মত হʼব, আনৰ ভালৰ বিষয়ে কʼব, ইন্দ্ৰিয় দমন কৰিব, কোমল স্বভাৱী হʼব, সাধুক প্ৰেম কৰিব, বিশ্বাসী, আনক সন্মান কৰিব, দয়ালু, ঈশ্বৰ প্ৰিয়, ভক্তিৰ কাম কৰিব, এনে মানুহৰ লগত থাকিবা।” নতুন পৃথিৱীত আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে আপুনি নিজৰ পৰিয়াল বা ভাই-ভনীসকলৰ লগত আলোচনা কৰে নে? w২৪.০১ ৬ ¶১৩-১৪
মঙ্গলবাৰ, ২৯ জুলাই
তোমাক মই গ্ৰহণ কৰিলোঁ। —লূক ৩:২২.
যিহোৱাই নিজৰ সকলো সেৱকক গ্ৰহণ কৰে, এয়া জানি আমি সঁচাকৈ বহুত শান্ত্বনা লাভ কৰোঁ। বাইবেলত লিখা আছে, “যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়।” (গীত. ১৪৯:৪) কিন্তু কেতিয়াবা কেতিয়াবা আমি বহুত নিৰাশ হৈ যাব পাৰোঁ আৰু ভাবিব পাৰোঁ যে ‘যিহোৱাই মোৰ পৰা আনন্দিত আছে নে?’ প্ৰাচীন সময়ত যিহোৱাৰ বহুতো বিশ্বাসী সেৱকৰ মনতো এনেধৰণৰ ভাৱনা আহিছিল। (১ চমূ. ১:৬-১০; ইয়ো. ২৯:২, ৪, ৬; গীত. ৫১:১১) বাইবেলৰ পৰা স্পষ্টকৈ জানিব পাৰি যে অসিদ্ধ লোকসকলেও যিহোৱাৰ অনুমোদন পাব পাৰে অৰ্থাৎ তেওঁক আনন্দিত কৰিব পাৰে। কিন্তু আমি এয়া কেনেকৈ কৰিব পাৰোঁ? আমি যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু বাপ্তিষ্মা লʼব লাগিব। (যোহ. ৩:১৬) বাপ্তিষ্মা লোৱাৰ যোগেদি আমি দেখুৱাওঁ যে আমি নিজৰ পাপবোৰ অনুতাপ কৰিলোঁ আৰু ঈশ্বৰক প্ৰতিজ্ঞা কৰিলোঁ যে আমি তেওঁৰ ইচ্ছা পূৰ কৰিম। (পাঁচ. ২:৩৮; ৩:১৯) এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ বন্ধু হʼবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ পৰা যিহোৱা বহুত আনন্দিত হয়। যদি আমি সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ পৰা আনন্দিত হʼব আৰু আমাক নিজৰ বন্ধু বুলি কʼব।—গীত. ২৫:১৪. w২৪.০৩ ২৬ ¶১-২
বুধবাৰ, ৩০ জুলাই
আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। —পাঁচ. ৪:২০.
চৰকাৰী অধিকাৰীসকলে যদি প্ৰচাৰ কাম কৰিবলৈ মানা কৰে, তেনেহʼলে প্ৰথম শতিকাৰ শিষ্যসকলৰ দৰে আমি প্ৰচাৰ কৰি থাকিম। আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক তেওঁৰ সেৱা ভালদৰে কৰিবলৈ সহায় কৰিব। গতিকে সাহসেৰে সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। আমাৰ মাজৰ বহুতো লোকে বেমাৰত ভুগি আছে বা আন কিবা সমস্যাৰ বাবে নিৰাশাত আছে। হয়তো আমাৰ কোনো আপোনজনাৰ মৃত্যু হৈছে, পৰিয়ালত কিবা সমস্যা হৈছে, বিৰোধ কৰা হৈছে বা আমি আন কিবা সমস্যাৰ সন্মুখীন হৈছোঁ। ইয়াৰ লগতে মহামাৰী আৰু যুদ্ধৰ কাৰণে এই সমস্যাবোৰ সন্মুখীন হʼবলৈ কঠিন হৈছে। সেইবাবে, হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। উদাহৰণস্বৰূপে, যেনেকৈ আমি নিজৰ বন্ধুক মনৰ সকলো কথা জনাওঁ, ঠিক সেইদৰে যিহোৱাক জনাওক যে আপুনি কেনে অনুভৱ কৰিছে। আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ সহায়ৰ বাবে “কাৰ্য্য” কৰিব। (গীত. ৩৭:৩, ৫) প্ৰাৰ্থনাত লাগি থাকিলে আমি ‘ক্লেশৰ সময়ত’ ধৈৰ্য্য ধৰিব পাৰোঁ। (২ কৰি. ১:৪) যিহোৱাই জানে যে তেওঁৰ সেৱকসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু তেওঁ “সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।”—গীত. ১৪৫:১৮, ১৯. w২৩.০৫ ৫-৬ ¶১২-১৫