যোহনে লিখা শুভবাৰ্তা
১৩ নিস্তাৰ-পৰ্বৰ আগেয়ে যীচুৱে জানিছিল যে এই জগতক এৰি পিতৃৰ ওচৰলৈ যোৱাৰ সময় ওচৰ চাপি আহিছে। সেইবাবে, জগতত যিসকল তেওঁৰ আপোন আছিল আৰু যিসকলক তেওঁ প্ৰেম কৰিছিল, তেওঁলোকক শেষলৈকে প্ৰেম কৰি থাকিল। ২ তেওঁলোকে ৰাতিৰ আহাৰ খাই আছিল আৰু যীচুক বিশ্বাসঘাত কৰাৰ কথা চিমোনৰ লʼৰা যিহূদা ঈষ্কৰিয়োতীয়াৰ মনত চয়তানে ইতিমধ্যে সোমোৱাই দিছিল। ৩ যিহেতু যীচুৱে জানিছিল যে পিতৃয়ে সকলোবোৰ তেওঁৰ* হাতত তুলি দিছে আৰু তেওঁ ঈশ্বৰৰ ফালৰ পৰা আহিছে আৰু আকৌ ঈশ্বৰৰ ওচৰলৈ উভতি গৈছে। ৪ সেইবাবে, তেওঁ খোৱা ঠাইৰ পৰা উঠিলে আৰু নিজৰ গাত লোৱা কাপোৰখন থৈ এখন গামোচা লৈ নিজৰ কঁকালত বান্ধিলে। ৫ ইয়াৰ পাছত তেওঁ এটা পাত্ৰত পানী ভৰালে আৰু নিজৰ শিষ্যসকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বন্ধা গামোচাখনেৰে তেওঁলোকৰ ভৰি মচিবলৈ ধৰিলে। ৬ যেতিয়া তেওঁ চিমোন পিতৰৰ ওচৰলৈ আহিলে, তেতিয়া পিতৰে তেওঁক কʼলে, “প্ৰভু, আপুনি মোৰ ভৰি ধুৱাব নে?” ৭ যীচুৱে তেওঁক কʼলে, “মই যি কৰি আছোঁ, সেয়া তুমি এতিয়া নুবুজা, কিন্তু পাছত বুজি পাবা।” ৮ পিতৰে তেওঁক কʼলে, “নহয়, আপুনি মোৰ ভৰি নুধুৱাব।” যীচুৱে তেওঁক কʼলে, “যদি মই তোমাৰ ভৰি নুধুৱাওঁ, তেনেহʼলে মোৰ লগত তোমাৰ একো সম্পৰ্ক নাই।” ৯ চিমোন পিতৰে তেওঁক কʼলে, “তেনেহʼলে প্ৰভু, মোৰ কেৱল ভৰিয়ে নহয়, মোৰ হাত আৰু মূৰো ধুৱাই দিয়ক।” ১০ যীচুৱে তেওঁক কʼলে, “যিজনে গা ধুলে তেওঁ ভৰি ধোৱাৰ বাহিৰে আন একো ধোৱাৰ প্ৰয়োজন নাই, তেওঁ সম্পূৰ্ণৰূপে শুচি হয়। তোমালোক শুচি, কিন্তু তোমালোকৰ মাজৰ সকলোৱে নহয়।” ১১ তেওঁৰ লগত কোনে বিশ্বাসঘাত কৰিব, তাৰ বিষয়ে তেওঁ জানিছিল। সেইবাবে, তেওঁ কʼলে, “তোমালোকৰ মাজৰ সকলো শুচি নহয়।”
১২ তেওঁলোকৰ ভৰি ধোৱাৰ পাছত যীচুৱে গাত লোৱা কাপোৰখন পিন্ধিলে আৰু আকৌ বহিল। তেতিয়া তেওঁ তেওঁলোকক কʼলে, “মই তোমালোকৰ লগত কি কৰিলোঁ, তোমালোকে বুজি পালা নে? ১৩ তোমালোকে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি কোৱা আৰু তোমালোকে ঠিকেই কোৱা, কিয়নো মই সেয়াই হওঁ। ১৪ সেইবাবে, মই তোমালোকৰ প্ৰভু আৰু গুৰু হৈও যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহʼলে তোমালোকেও এজনে-আনজনৰ ভৰি ধুওৱা উচিত।* ১৫ কাৰণ মই তোমালোকৰ কাৰণে উদাহৰণ* ৰাখিলোঁ যে যিদৰে মই তোমালোকৰ লগত কৰিলোঁ, তোমালোকেও সেইদৰে কৰা উচিত। ১৬ মই তোমালোকক সঁচাকৈ কৈছোঁ, দাস নিজৰ মালিকতকৈ ডাঙৰ নহয় আৰু যাক পঠোৱা হৈছে, তেওঁ পঠোৱা জনতকৈ ডাঙৰ নহয়। ১৭ তোমালোকে এইবোৰ কথা জানিব পাৰিলা, কিন্তু তোমালোকে যদি এইবোৰ পালন কৰা, তেনেহʼলে সুখী হʼবা। ১৮ মই তোমালোকৰ সকলোৰে বিষয়ে কোৱা নাই। যিসকলক মই বাছনি কৰিলোঁ, মই তেওঁলোকক জানোঁ কিন্তু শাস্ত্ৰৰ এই কথাটো পূৰ হোৱাটো অতি প্ৰয়োজন, ‘যিজনে মোৰ ৰুটি খাইছিল, তেৱেঁই মোৰ বিৰুদ্ধে হʼল।’* ১৯ যি হʼবলগীয়া আছে, সেয়া মই তোমালোকক এতিয়াৰে পৰা কৈ আছোঁ যাতে সেইবোৰ ঘটনা যেতিয়া ঘটিব, তেতিয়া তোমালোকে বিশ্বাস কৰিব পাৰিবা যে শাস্ত্ৰত লিখা এই কথাবোৰ মোৰ বিষয়ে কোৱা হৈছে। ২০ মই তোমালোকক সঁচাকৈ কৈছোঁ, মই যিজনক পঠাওঁ, তেওঁক যদি এজন ব্যক্তিয়ে গ্ৰহণ কৰে, তেনেহʼলে তেওঁ মোকো গ্ৰহণ কৰে। আৰু যিজনে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে।”
২১ এইবোৰ কথা কোৱাৰ পাছত যীচুৱে ব্যাকুল হৈ উঠিল আৰু তেওঁ স্পষ্টকৈ কʼলে, “তোমালোকৰ মাজৰ এজনে মোৰ লগত বিশ্বাসঘাত কৰি মোক ধৰাই দিব।” ২২ এয়া শুনি শিষ্যসকলে এজনে-আনজনৰ মুখলৈ চাবলৈ ধৰিলে, কিয়নো তেওঁলোকে বুজি পোৱা নাছিল যে যীচুৱে কাৰ কথা কৈ আছে। ২৩ যীচুৰ এজন শিষ্য তেওঁৰ বুকুৰ কাষতে বহি আছিল, যাক যীচুৱে বহুত প্ৰেম কৰিছিল। ২৪ সেইবাবে, চিমোন পিতৰে ইংগিত দি সেই শিষ্যজনক কʼলে, “তেওঁ কাৰ বিষয়ে কৈ আছে, আমাক কোৱাচোন।” ২৫ তেতিয়া সেই শিষ্যজনে যীচুৰ বুকুৰ ফালে হাউলি তেওঁক সুধিলে, “প্ৰভু, সেই জননো কোন?” ২৬ যীচুৱে উত্তৰ দিলে, “এই ৰুটি টুকুৰা জুবুৰিয়াই মই যাক দিম, তেৱেঁই সেইজন।” তাৰ পাছত যীচুৱে ৰুটি টুকুৰা জুবুৰিয়াই চিমোন ঈষ্কৰিয়োতীয়াৰ লʼৰা যিহূদাক দিলে। ২৭ যিহূদাই ৰুটি টুকুৰা লোৱাৰ পাছতেই চয়তান তেওঁৰ শৰীৰত সোমাল। সেইবাবে, যীচুৱে তেওঁক কʼলে, “তুমি যি কাম কৰিবলৈ লৈছা, সেয়া সোনকালে কৰা।” ২৮ কিন্তু যিসকলে খাবলৈ বহিছিল, তেওঁলোকৰ মাজত কোনেও জনা নাছিল যে যীচুৱে যিহূদাক এইদৰে কিয় কৈছিল। ২৯ যিহূদাৰ লগত টকাৰ বাকচ থাকিছিল, সেইবাবে কিছুমান শিষ্যই ভাবিলে যে, “উৎসৱৰ কাৰণে যি যি লাগে সেইবোৰ কিনিবলৈ” বা দুখীয়াসকলক কোনো বস্তু দিবলৈ যীচুৱে তেওঁক এই কথা কʼলে। ৩০ সেইবাবে, ৰুটি টুকুৰা লোৱাৰ পাছত যিহূদাই লগে লগে তাৰ পৰা গুচি গʼল, এয়া ৰাতিৰ সময় আছিল।
৩১ তেওঁ ওলাই যোৱাৰ পাছত যীচুৱে কʼলে, “এতিয়া মানুহৰ পুত্ৰৰ মহিমা হʼল আৰু তেওঁৰ যোগেদি ঈশ্বৰৰ মহিমা হʼল। ৩২ ঈশ্বৰে নিজেই তেওঁৰ মহিমা কৰিব আৰু বহুত সোনকালে এইদৰে কৰিব। ৩৩ বন্ধুসকল* মই আৰু অলপ সময়হে তোমালোকৰ লগত থাকিম। তোমালোকে মোক বিচাৰিবা আৰু যি কথা মই যিহূদীসকলক কৈছিলোঁ, সেই কথা এতিয়া মই তোমালোককো কৈছোঁ, ‘যʼলৈ মই গৈ আছোঁ, তাত তোমালোকে আহিব নোৱাৰা।’ ৩৪ মই তোমালোকক এটা নতুন আজ্ঞা দিছোঁ, তোমালোকে এজনে-আনজনক প্ৰেম কৰা। যিদৰে মই তোমালোকক প্ৰেম কৰিলোঁ, ঠিক সেইদৰে তোমালোকেও এজনে-আনজনক প্ৰেম কৰা। ৩৫ যদি তোমালোকৰ মাজত প্ৰেম থাকে, তেনেহʼলে সকলোৱে জানিব যে তোমালোক মোৰ শিষ্য হোৱা।”
৩৬ চিমোন পিতৰে তেওঁক কʼলে, “প্ৰভু, আপুনি কʼলৈ গৈ আছে?” যীচুৱে উত্তৰ দিলে, “যʼলৈ মই গৈ আছোঁ, তাত তুমি এতিয়া মোৰ পিছে পিছে আহিব নোৱাৰা, কিন্তু পাছত তুমি আহিবা।” ৩৭ পিতৰে তেওঁক কʼলে, “প্ৰভু, মই এতিয়া আপোনাৰ পিছে পিছে কিয় আহিব নোৱাৰোঁ? মই আপোনাৰ কাৰণে নিজৰ জীৱনো দি দিম।” ৩৮ যীচুৱে উত্তৰ দিলে, “তুমি মোৰ কাৰণে নিজৰ জীৱন দিবা নে? মই তোমাক সঁচাকৈ কৈছোঁ, তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ নকৰালৈকে কুকুৰাই ডাক নিদিব।”