যোহনলৈ দিয়া প্ৰকাশিত বাক্য
১১ আৰু মোক লাঠিৰ* নিচিনা নলখাগৰি দিয়া হʼল আৰু মোক কোৱা হʼল, “উঠা আৰু ঈশ্বৰৰ মন্দিৰৰ পবিত্ৰ-স্থান আৰু তাৰ বেদীৰ জোখ লোৱা আৰু মন্দিৰত উপাসনা কৰা লোকসকলৰ সংখ্যা গণনা কৰা। ২ কিন্তু মন্দিৰৰ পবিত্ৰ-স্থানৰ বাহিৰত থকা চোতালখনক এৰি দিয়া, তাৰ জোখ নলʼবা, কিয়নো এই চোতাল আন ৰাষ্ট্ৰক দিয়া হৈছে আৰু তেওঁলোকে ৪২ মাহলৈকে পবিত্ৰ নগৰক নিজৰ ভৰিৰে গচকিব। ৩ মই নিজৰ দুজন সাক্ষীক পঠাম যাতে তেওঁলোকে ডাঠ কাপোৰ পিন্ধি ১,২৬০ দিনলৈকে ভৱিষ্যবাণী কৰে।” ৪ জলফাইৰ দুজোপা গছ আৰু দুটা দীপাধাৰ সেই দুজন সাক্ষীৰ চিন হয় আৰু তেওঁলোকে গোটেই পৃথিৱীৰ মালিকৰ আগত থিয় হৈ আছে।
৫ যদি কোনোবাই সেই দুজন সাক্ষীক হানি কৰিব বিচাৰে, তেনেহʼলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুসকলক ভষ্ম কৰি দিয়ে। যি কোনোৱে তেওঁলোকক হানি কৰিব বিচাৰে, তেওঁক এইদৰেই হত্যা কৰা হʼব। ৬ তেওঁলোকৰ ওচৰত আকাশ* বন্ধ কৰি দিয়াৰ অধিকাৰ আছে যাতে তেওঁলোকে ভৱিষ্যবাণী কৰা দিনবোৰত বৰষুণ নহয়। আৰু পানীক তেজলৈ সলনি কৰা আৰু যেতিয়াই বিচাৰে, তেতিয়াই পৃথিৱীত সকলো ধৰণৰ বিপত্তি অনাৰ অধিকাৰো তেওঁলোকৰ আছে।
৭ আৰু তেওঁলোকৰ সাক্ষ্য দিয়াৰ কাম শেষ হোৱাৰ পাছত অগাধ ঠাইৰ পৰা ওলাই অহা বনৰীয়া জন্তুৱে তেওঁলোকৰ লগত যুদ্ধ কৰিব আৰু তেওঁলোকৰ ওপৰত জয়লাভ কৰি তেওঁলোকক হত্যা কৰিব। ৮ আৰু তেওঁলোকৰ মৃতদেহ সেই মহা-নগৰৰ প্ৰধান ৰাস্তাত পৰি থাকিব, যি লাক্ষণিক অৰ্থত চদোম আৰু মিচৰ বুলি কোৱা হয়, যʼত তেওঁলোকৰ প্ৰভুকো কাঠত আঁৰি হত্যা কৰা হৈছিল। ৯ আৰু জাতি, গোষ্ঠী, ভাষা আৰু ৰাষ্ট্ৰৰ লোকসকলে চাৰে তিনি দিনলৈকে তেওঁলোকৰ মৃতদেহ চাই থাকিব আৰু তেওঁলোকৰ মৃতদেহক কবৰত থʼবলৈ নিদিব। ১০ আৰু পৃথিৱীত থকা লোকসকলে তেওঁলোকৰ মৃত্যুত সুখী হʼব আৰু আনন্দ-ফূৰ্তি কৰিব আৰু এজনে-আনজনক উপহাৰ পঠিয়াব, কিয়নো সেই দুজন ভৱিষ্যবক্তাই পৃথিৱীত থকা লোকসকলক নিজৰ বাৰ্তাৰ পৰা যাতনা দিছিল।
১১ চাৰে তিনি দিনৰ পাছত ঈশ্বৰৰ ফালৰ পৰা জীৱন-শক্তি তেওঁলোকৰ ভিতৰত সোমালে আৰু তেওঁলোকে নিজৰ ভৰিত থিয় হʼল আৰু যিসকলে তেওঁলোকক চাই আছিল, তেওঁলোকে খুব ভয় খালে। ১২ আৰু তেওঁলোকে আকাশৰ পৰা এটা ডাঙৰ মাত শুনিবলৈ পালে, যিয়ে তেওঁলোকক কৈ আছিল, “ইয়াত ওপৰলৈ আহা।” আৰু তেওঁলোকে মেঘত আকাশলৈ গʼল আৰু তেওঁলোকৰ শত্ৰুৱে তেওঁলোকক দেখিলে।* ১৩ সেই সময়তে এটা ডাঙৰ ভূমিকম্প হʼল আৰু সেই নগৰৰ দহ ভাগৰ এভাগ ধ্বংস হʼল। সেই ভূমিকম্পত ৭,০০০ লোকৰ মৃত্যু হʼল আৰু বাকী লোকসকলে খুব ভয় খালে আৰু তেওঁলোকে স্বৰ্গৰ ঈশ্বৰৰ মহিমা কৰিলে।
১৪ দ্বিতীয় বিপত্তি শেষ হʼল। চোৱা! তৃতীয় বিপত্তি অতি সোনকালে আহি আছে।
১৫ সপ্তম স্বৰ্গদূতজনে নিজৰ তূৰী বজালে। স্বৰ্গত ডাঙৰ মাত শুনিবলৈ পোৱা গʼল, যিয়ে কৈ আছিল, “জগতৰ ৰাজ্য এতিয়া আমাৰ মালিক আৰু তেওঁৰ খ্ৰীষ্টৰ হৈ গʼল আৰু তেওঁ ৰজা হিচাপে সদায় কাললৈকে শাসন কৰিব।”
১৬ আৰু ২৪ জন প্ৰাচীন, যিসকলে ঈশ্বৰৰ আগত নিজৰ সিংহাসনত বহি আছিল, তেওঁলোকে উবুৰি হৈ পৰিল আৰু এইদৰে কৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ ধৰিলে, ১৭ “সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা,* তুমি যি আছিলা আৰু আছা, আমি তোমাক ধন্যবাদ দিওঁ, কিয়নো তুমি নিজৰ মহা-শক্তিৰে ৰজা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিলা। ১৮ কিন্তু ৰাষ্ট্ৰই ক্ৰোধিত হʼল আৰু তোমাৰ ক্ৰোধ তেওঁলোকৰ ওপৰত আহি পৰিছে। মৃতলোকসকলক ন্যায় কৰিবলৈ আৰু তোমাৰ দাসসকলক অৰ্থাৎ ভৱিষ্যবক্তাসকলক আৰু পবিত্ৰ লোকসকলক আৰু তোমাৰ নামলৈ ভয় ৰাখোঁতা সৰু-ডাঙৰ সকলোৱে পুৰস্কাৰ পাবলৈ আৰু পৃথিৱীক ধ্বংস কৰা লোকসকলক শেষ কৰিবলৈ নিৰ্ধাৰিত সময় আহি পৰিছে।”
১৯ আৰু স্বৰ্গত ঈশ্বৰৰ মন্দিৰৰ পবিত্ৰ-স্থান খোলা হʼল আৰু তাৰ চুক্তিৰ চন্দুক মন্দিৰৰ পবিত্ৰ-স্থানত দেখা গʼল। আৰু বিজুলী মাৰিলে, ডাঙৰ মাত আৰু মেঘ-গৰ্জন শুনা গʼল আৰু ভূমিকম্প হʼল আৰু ডাঙৰ ডাঙৰ শিলাবৃষ্টি হʼল।