ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ তীমথিয় ২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ তীমথিয় কিতাপৰ সাৰাংশ

      • সকলো ধৰণৰ লোকসকলৰ কাৰণে প্ৰাৰ্থনা (১-৭)

        • ঈশ্বৰ এজনেই, এজনেই মধ্যস্থতা (৫)

        • সকলোৰে কাৰণে মুক্তিৰ মূল্য (৬)

      • পুৰুষ আৰু তিৰোতাসকলৰ কাৰণে নিৰ্দেশনা (৮-১৫)

        • মৰ্য্যদাৰে সৈতে কাপোৰ পিন্ধা (৯, ১০)

১ তীমথিয় ২:২

ফুটনোট

  • *

    বা “অধিকাৰৰ পদত।”

১ তীমথিয় ২:৬

ফুটনোট

  • *

    বা “সকলো ধৰণৰ লোকসকলৰ।

১ তীমথিয় ২:৭

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

১ তীমথিয় ২:৯

ফুটনোট

  • *

    বা “বুদ্ধিমতাৰে।”

  • *

    বা “আদৰৰ যোগ্য।”

১ তীমথিয় ২:১১

ফুটনোট

  • *

    বা “মনে মনে।”

১ তীমথিয় ২:১৫

ফুটনোট

  • *

    আক্ষ., “তেওঁলোকে।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ তীমথিয় ২:১-১৫

তীমথিয়লৈ প্ৰথম চিঠি

২ সেইবাবে, প্ৰথমতে মই তোমালোকক উৎসাহিত কৰিছোঁ যে সকলো ধৰণৰ লোকসকলৰ কাৰণে মিনতি, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা। ২ ৰজা আৰু উচ্চ পদত* থকা সেই সকলোৰে কাৰণে প্ৰাৰ্থনা কৰা যাতে আমি সম্পূৰ্ণ গম্ভীৰতাৰে আৰু ঈশ্বৰৰ ভক্তি কৰি শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ। ৩ এই কথা আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰৰ দৃষ্টিত ভাল আৰু গ্ৰহণযোগ্য হয়। ৪ তেওঁৰ ইচ্ছা এয়েই যে সকলো ধৰণৰ মানুহে যেন উদ্ধাৰ আৰু সত্যৰ সঠিক জ্ঞান পায়। ৫ ঈশ্বৰ এজনেই আৰু ঈশ্বৰ আৰু মানুহৰ মাজত এজনেই মধ্যস্থতা আছে, তেওঁ হৈছে এজন মানুহ অৰ্থাৎ খ্ৰীষ্ট যীচু। ৬ তেওঁ সকলোৰে* কাৰণে মুক্তিৰ মূল্য হিচাপে নিজৰ জীৱন দিলে। আৰু এই কথাৰ সাক্ষ্য সঠিক সময়ত নিশ্চয় দিয়া হʼব। ৭ এই সাক্ষ্য দিবলৈ মোক এজন প্ৰচাৰক আৰু পাঁচনি* হিচাপে নিযুক্ত কৰা হৈছে যাতে মই বিশ্বাস আৰু সত্যৰ বিষয়ে ইস্ৰায়েলী নোহোৱা লোকসকলক শিক্ষা দিব পাৰোঁ। মই সঁচা কথা কৈ আছোঁ, মিছা কথা কোৱা নাই।

৮ সেইবাবে, মই বিচাৰোঁ যে সকলো ঠাইতে পুৰুষে ক্ৰোধ আৰু তৰ্ক-বিতৰ্ক নকৰি বিশ্বাসী হৈ ওপৰলৈ হাত দাঙি যেন প্ৰাৰ্থনাত লাগি থাকে। ৯ ঠিক সেইদৰে, তিৰোতাসকলেও ভাবি-চিন্তি* আৰু মৰ্য্যদাৰে সৈতে পৰিপাটিকৈ* কাপোৰ পিন্ধক, লগতে তেওঁলোকে বিভিন্ন ধৰণে চুলি গোঁঠা বা সোণ, মুকুতা বা দামী দামী কাপোৰ পিন্ধি নিজকে সজোৱাৰ বিষয়ে চিন্তিত নহওক। ১০ তেওঁলোকে ভাল কামেৰে সৈতে নিজকে সজোৱা উচিত, কিয়নো ঈশ্বৰৰ ভক্তি কৰা তিৰোতাসকলক এয়াই শোভা দিয়ে।

১১ শিক্ষা লাভ কৰাৰ সময়ত এগৰাকী তিৰোতাই যেন শান্ত* হৈ থাকে আৰু সম্পূৰ্ণৰূপে অধীনতা দেখুৱায়। ১২ মই তিৰোতাসকলক শিকাবলৈ বা পুৰুষৰ ওপৰত অধিকাৰ চলাবলৈ অনুমতি নিদিওঁ, ইয়াৰ পৰিৱৰ্তে তেওঁ শান্ত হৈ থকা উচিত। ১৩ কাৰণ আদমক প্ৰথমে সৃষ্টি কৰা হৈছিল, তাৰ পাছতহে হৱাক। ১৪ আৰু আদমক ভুলোৱা নহʼল, কিন্তু তিৰোতাগৰাকীক সম্পূৰ্ণৰূপে ভুলোৱা হৈছিল, যাৰ বাবে তেওঁ পাপ কৰিলে। ১৫ কিন্তু এগৰাকী তিৰোতাই সন্তান জন্ম দিলে সুৰক্ষিত থাকিব, যদি তেওঁ* নিজৰ বিশ্বাস আৰু প্ৰেম বজাই ৰাখে, পবিত্ৰ হৈ থাকে, লগতে বুদ্ধিমতাৰে কাম কৰে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক