ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ইফিচীয়া ৫
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ইফিচীয়া কিতাপৰ সাৰাংশ

      • ভাল কথা-বতৰা আৰু ব্যৱহাৰ (১-৫)

      • পোহৰৰ সন্তানৰ দৰে চলা (৬-১৪)

      • পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হোৱা (১৫-২০)

        • নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰা (১৬)

      • স্বামী আৰু পত্নীসকলৰ কাৰণে পৰামৰ্শ (২১-৩৩)

ইফিচীয়া ৫:২

ফুটনোট

  • *

    বা হয়তো, “তোমালোকক।”

  • *

    বা হয়তো, “তোমালোকৰ।”

ইফিচীয়া ৫:৩

ফুটনোট

  • *

    গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

ইফিচীয়া ৫:৯

ফুটনোট

  • *

    বা “ভাল কাম।”

ইফিচীয়া ৫:১৪

ফুটনোট

  • *

    অৰ্থাৎ মৃত অৱস্থাৰ পৰা।

ইফিচীয়া ৫:১৬

ফুটনোট

  • *

    আক্ষ., “নিৰ্ধাৰিত সময়ক কিনি লোৱা।”

ইফিচীয়া ৫:১৭

ফুটনোট

  • *

    অতি. ক৫ চাওক।

ইফিচীয়া ৫:১৯

ফুটনোট

  • *

    বা হয়তো, “নিজৰ কাৰণে গীত গাই।”

  • *

    অতি. ক৫ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
  • ৩২
  • ৩৩
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ইফিচীয়া ৫:১-৩৩

ইফিচীয়াসকললৈ চিঠি

৫ সেইবাবে, ঈশ্বৰৰ প্ৰিয় লʼৰা-ছোৱালীৰ দৰে তেওঁৰ উদাহৰণত চলা ২ আৰু প্ৰেমৰ পথত চলি থাকা, যিদৰে খ্ৰীষ্টয়ো আমাক* প্ৰেম কৰিলে আৰু আমাৰ* কাৰণে ঈশ্বৰৰ আগত সুগন্ধি বলিদান আৰু উছৰ্গা হিচাপে নিজকে দি দিলে।

৩ যিদৰে পবিত্ৰ লোকসকলৰ কাৰণে উচিত, তোমালোকৰ মাজত অনৈতিক শাৰীৰিক সম্পৰ্ক* আৰু কোনো ধৰণৰ অশুচি বা লোভৰ বিষয়ে কথা-বতৰা নহওক। ৪ আৰু তোমালোকৰ মাজত লজ্জাজনক আচৰণ, মূৰ্খতাৰে ভৰা কথাবোৰ, অশ্লীল ধেমালিও নহওক, কিয়নো এইবোৰ পবিত্ৰ লোকসকলৰ কাৰণে উপযুক্ত নহয়। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰক ধন্যবাদ দিয়া। ৫ কিয়নো তোমালোকে জানা আৰু এই কথা সম্পূৰ্ণৰূপে বুজিও পোৱা যে এনে কোনো মানুহ, যিজনে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখে বা অশুচি কাম কৰে বা লোভ কৰে অৰ্থাৎ যিবোৰ মূৰ্তিপূজা কৰাৰ দৰে হয়, তেওঁ খ্ৰীষ্ট আৰু ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব।

৬ কোনো মানুহে অনৰ্থক কথাৰে তোমালোকৰ লগত বিশ্বাসঘাত নকৰক, কিয়নো এই বেয়া কামবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ আজ্ঞা নমনা লোকসকলৰ ওপৰত আহি আছে। ৭ সেইবাবে, তেওঁলোকৰ সহভাগী নহʼবা, ৮ কিয়নো এটা সময়ত তোমালোকেও অন্ধকাৰত আছিলা। কিন্তু এতিয়া তোমালোক প্ৰভুৰ লগত একতাত হোৱাৰ কাৰণে পোহৰত আছা। পোহৰৰ সন্তান হিচাপে চলি থাকা, ৯ কিয়নো পোহৰত চলাৰ অৰ্থ হৈছে সকলো বিষয়ত হিত কাম* কৰা, ভাল কাম কৰা আৰু সত্যৰে জীৱন-যাপন কৰা। ১০ চালি-জাৰি চাই নিশ্চিত কৰি থাকা যে প্ৰভুৱে কি বিষয়বোৰ গ্ৰহণ কৰে ১১ আৰু তেওঁলোকৰ লগত মিলি অন্ধকাৰৰ ব্যৰ্থ কামবোৰ কৰিবলৈ এৰি দিয়া। ইয়াৰ পৰিৱৰ্তে সেইবোৰ প্ৰকাশ কৰা। ১২ কাৰণ তেওঁলোকে গোপনে যি কৰে, তাৰ বিষয়ে কোৱাটোও লাজৰ কথা। ১৩ যি বিষয়বোৰ প্ৰকাশ কৰা হৈছে, সেইবোৰ পোহৰৰ যোগেদি প্ৰকাশ কৰা হৈছিল। কিয়নো প্ৰকাশ কৰা সকলো বিষয় পোহৰ হয়। ১৪ সেইবাবে, কোৱা হৈছে, “হে টোপনি যোৱা লোকসকল, সাৰ পোৱা আৰু মৃতবিলাকৰ মাজৰ পৰা* জীৱিত হোৱা, তেতিয়া খ্ৰীষ্টৰ পোহৰ তোমালোকৰ ওপৰত জিলিকিব।”

১৫ সেইবাবে, তোমালোকে কিদৰে চলিছা, তাৰ ওপৰত ভালদৰে ধ্যান দিয়া। মূৰ্খ ব্যক্তিৰ দৰে নহয়, ইয়াৰ পৰিৱৰ্তে বুদ্ধিমান ব্যক্তিৰ দৰে চলা। ১৬ নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰা,* কিয়নো আমি বেয়া সময়ত জীয়াই আছোঁ। ১৭ সেইবাবে, মূৰ্খতাৰ কামবোৰ কৰিবলৈ এৰি দিয়া। ইয়াৰ পৰিৱৰ্তে, যিহোৱাৰ* ইচ্ছা কি হয়, সেয়া বুজিবলৈ চেষ্টা কৰি থাকা। ১৮ লগতে, মদ খাই মতলীয়া নহʼবা, যিয়ে অনৈতিক জীৱনৰ ফালে লৈ যায়, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ থাকা। ১৯ গীত গাই* ঈশ্বৰৰ প্ৰশংসা কৰি আৰু উপাসনাৰ গীত গাই এজনে-আনজনক উৎসাহিত কৰা আৰু হৃদয়েৰে যিহোৱাৰ* উদ্দেশ্যে প্ৰশংসাৰ গীত গাই থাকা। ২০ আৰু সকলো বিষয়ৰ কাৰণে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আমাৰ ঈশ্বৰ আৰু পিতৃক ধন্যবাদ দি থাকা।

২১ খ্ৰীষ্টৰ প্ৰতি ভয় ৰাখি এজনে-আনজনৰ অধীনত থাকা। ২২ হে পত্নীসকল, তোমালোকে যিদৰে প্ৰভুৰ অধীনত থাকা, তেনেকৈ নিজ নিজ স্বামীৰো অধীনত থাকা, ২৩ কিয়নো স্বামী নিজৰ পত্নীৰ মূৰ হয়, যিদৰে খ্ৰীষ্টয়ো নিজৰ শৰীৰ অৰ্থাৎ মণ্ডলীৰ মূৰ হয় আৰু সেই শৰীৰৰ উদ্ধাৰকৰ্তা হয়। ২৪ যিদৰে মণ্ডলী খ্ৰীষ্টৰ অধীনত থাকে, ঠিক সেইদৰে পত্নীসকলেও সকলো বিষয়ত নিজৰ নিজৰ স্বামীৰ অধীনত থকা উচিত। ২৫ হে স্বামীসকল, নিজৰ নিজৰ পত্নীক প্ৰেম কৰি থাকা, যিদৰে খ্ৰীষ্টয়ো মণ্ডলীক প্ৰেম কৰিলে আৰু মণ্ডলীৰ কাৰণে নিজকে দি দিলে ২৬ যাতে তেওঁ মণ্ডলীক ঈশ্বৰৰ বাক্যৰ পানীৰে ধুই শুচি আৰু পবিত্ৰ কৰে, ২৭ যেন মণ্ডলী তেওঁৰ দৃষ্টিত সুন্দৰ হৈ উঠিব পাৰে, ইয়াত কোনো দাগ বা খুঁত বা এনেধৰণৰ একো নাথাকক, ইয়াৰ পৰিৱৰ্তে এয়া যেন পবিত্ৰ আৰু নিষ্কলংক হওক।

২৮ এইদৰে স্বামীসকলেও নিজৰ নিজৰ পত্নীক নিজৰ শৰীৰৰ নিচিনা প্ৰেম কৰা উচিত। যিজনে নিজৰ পত্নীক প্ৰেম কৰে, তেওঁ নিজকে প্ৰেম কৰে। ২৯ কাৰণ কোনো মানুহেই নিজৰ শৰীৰক কেতিয়াও ঘিণ নকৰে, ইয়াৰ পৰিৱৰ্তে তাক খোৱায় আৰু মৰমেৰে তাৰ যত্ন লয়, যিদৰে খ্ৰীষ্টই মণ্ডলীৰ যত্ন লয়। ৩০ কিয়নো আমি তেওঁৰ শৰীৰৰ অংগ হওঁ। ৩১ “সেইবাবে, পুৰুষে নিজৰ মা-দেউতাক এৰি দিব আৰু নিজৰ পত্নীৰ লগত থাকিব আৰু তেওঁলোক দুয়োজন একদেহ হʼব।” ৩২ এই পবিত্ৰ ৰহস্য মহান হয়। মই খ্ৰীষ্ট আৰু মণ্ডলীৰ বিষয়ে কৈ আছোঁ। ৩৩ তথাপি তোমালোকেও প্ৰতিজনে নিজ নিজ পত্নীক সেইদৰেই প্ৰেম কৰা, যিদৰে নিজকে প্ৰেম কৰা। আৰু পত্নীও নিজৰ স্বামীক গভীৰ সন্মান কৰক।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক