ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ২ তীমথিয় ৪
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

২ তীমথিয় কিতাপৰ সাৰাংশ

      • “নিজৰ সেৱা ভালদৰে পূৰ কৰা” (১-৫)

        • উৎসাহেৰে প্ৰচাৰ কৰা (২)

      • “মই ভালদৰে সংঘৰ্ষ কৰিলোঁ” (৬-৮)

      • পৌলৰ নিজৰ কিছুমান কথা (৯-১৮)

      • অৱশেষত নমস্কাৰ (১৯-২২)

২ তীমথিয় ৪:৩

ফুটনোট

  • *

    বা “স্বাস্থ্যকৰ।”

২ তীমথিয় ৪:৫

ফুটনোট

  • *

    বা “শুভবাৰ্তাৰ প্ৰচাৰ কৰি থাকা।”

২ তীমথিয় ৪:১০

ফুটনোট

  • *

    বা “জগতৰ ব্যৱস্থাৰ।” শব্দকোষ চাওক।

২ তীমথিয় ৪:১৪

ফুটনোট

  • *

    অতি. ক৫ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ তীমথিয় ৪:১-২২

তীমথিয়লৈ দ্বিতীয় চিঠি

৪ মই তোমাক ঈশ্বৰৰ আগত আৰু যিজনৰ ৰাজ্য আহিবলগীয়া আছে, যিজনে প্ৰকাশ হৈ জীৱিত লোকসকলৰ আৰু মৃতবিলাকৰ ন্যায় কৰিব, সেই খ্ৰীষ্ট যীচুৰ আগত মই তোমাক এই আদেশ দিছোঁ: ২ তুমি বাক্যৰ প্ৰচাৰ কৰা। ভাল সময়তেই হওক বা বেয়া সময়তেই হওক, তুমি উৎসাহেৰে এই কাম কৰি থাকা। সম্পূৰ্ণ ধৈৰ্য্যেৰে আৰু কৌশলতাৰে শিক্ষা দি ভুল কৰা লোকসকলক শুধৰণি কৰা, কঠোৰভাৱে সাৱধান কৰা আৰু বুজোৱা। ৩ কাৰণ এনে সময় আহিব, যেতিয়া লোকসকলে লাভজনক* শিক্ষা শুনিব নিবিচাৰিব, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজে ভালপোৱা কথা শুনিবলৈ নিজৰ পচন্দৰ অনুসৰি বহুতো শিক্ষকক একগোট কৰিব। ৪ তেওঁলোকে সত্যৰ কথাবোৰ নুশুনিব আৰু মিছা কাহিনীবোৰৰ ওপৰত ধ্যান দিব। ৫ কিন্তু তুমি সকলো বিষয়ত সচেতন হৈ থাকা, সমস্যাৰ সময়ত ধৈৰ্য্য ধৰা, প্ৰচাৰকৰ কাম কৰা,* নিজৰ সেৱা ভালদৰে পূৰ কৰা।

৬ মোক দ্ৰাক্ষাৰস উৎসৰ্গ কৰাৰ নিচিনা ঢালি দিয়া হৈছে আৰু মই মুকলি হোৱাৰ সময় একেবাৰে কাষ চাপিছে। ৭ মই ভালদৰে সংঘৰ্ষ কৰিলোঁ। মই নিজৰ দৌৰ সম্পূৰ্ণ কৰিলোঁ, মই বিশ্বাসক ধৰি ৰাখিছোঁ। ৮ এতিয়াৰে পৰা মোৰ কাৰণে সেই কিৰীটি ৰখা হৈছে, যি ভাল মানুহক দিয়া হʼব। এই কিৰীটি প্ৰকৃত ন্যায়ী প্ৰভুৱে ন্যায়ৰ দিনাখন মোক পুৰস্কাৰ হিচাপে দিব। এই পুৰস্কাৰ কেৱল ময়েই নহয়, ইয়াৰ পৰিৱৰ্তে সেই সকলোৱে পাব, যিসকলে তেওঁ প্ৰকাশ হোৱালৈ আগ্ৰহেৰে অপেক্ষা কৰে।

৯ মোৰ ওচৰলৈ যিমান সোনকালে পাৰা, সিমান সোনকালে আহিবলৈ চেষ্টা কৰা। ১০ কাৰণ দীমাই এই সংসাৰৰ* প্ৰেমত পৰি মোক এৰি দিলে আৰু তেওঁ থিচলনীকীলৈ গুচি গʼল। ক্ৰীষ্কেন্ত গালাতিয়ালৈ গʼল আৰু তীত দালমাতিয়ালৈ গʼল। ১১ কেৱল লূক মোৰ লগত আছে। মাৰ্কক নিজৰ লগত লৈ আনিবা, কিয়নো তেওঁ সেৱা কৰিবলৈ মোক বহুত সহায় কৰিব পাৰিব। ১২ তুখিকক মই ইফিচলৈ পঠালোঁ। ১৩ যেতিয়া তুমি আহিবা, তেতিয়া মোৰ সেই গৰম কাপোৰ লৈ আনিবা, যি মই ত্ৰোৱাত কাৰ্পৰ তাত এৰিছিলোঁ। লগতে নুৰাও লৈ আনিবা, বিশেষকৈ চামৰাৰ নুৰা।

১৪ তামৰ কাম কৰা আলেকজেন্দাৰে মোৰ বহুত ক্ষতি কৰিলে। যিহোৱাই* তেওঁক তেওঁৰ কামৰ প্ৰতিফল দিব। ১৫ তুমিও তাৰ পৰা সাৱধানে থাকিবা, কিয়নো তেওঁ আমাৰ বাৰ্তাৰ বহুত বিৰোধ কৰিছে।

১৬ মই প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত কোনেও মোৰ পক্ষ নলʼলে, সকলোৱে মোক এৰি গুচি গʼল। মোৰ প্ৰাৰ্থনা এয়েই যে ঈশ্বৰে যেন তেওঁলোকৰ এই কামৰ হিচাপ নলয়। ১৭ কিন্তু প্ৰভুৱে মোক সহায় কৰিলে আৰু তেওঁ মোক শক্তি দিলে যাতে মোৰ যোগেদি ভালদৰে প্ৰচাৰ হয় আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলে শুনিব পাৰে। মোক সিংহৰ মুখৰ পৰা উদ্ধাৰ কৰা হʼল। ১৮ প্ৰভুৱে মোক সকলো দুষ্টতাৰ পৰা বচাব আৰু নিজৰ স্বৰ্গৰ ৰাজ্যৰ কাৰণে মোক ৰক্ষা কৰিব। তেওঁৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।

১৯ প্ৰিষ্কা আৰু আক্কিলাক আৰু অনীচিফৰৰ ঘৰৰ লোকসকলক মোৰ নমস্কাৰ জনাবা।

২০ ইৰাস্ত কৰিন্থত থাকি গʼল আৰু ত্ৰফিমক মই মিলীতত এৰি আহিলোঁ, কিয়নো তেওঁৰ বেমাৰ হৈছিল। ২১ জাৰকালি আৰম্ভ হোৱাৰ আগেয়ে মোৰ ওচৰলৈ আহিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিবা।

উবুল, পুদেন্ত, লীন, ক্লৌদিয়া আৰু সকলো ভায়ে তোমাক নমস্কাৰ জনাইছে।

২২ তুমি যি সঠিক মনোবৃত্তি দেখুৱাইছা, তাৰ কাৰণে প্ৰভুৰ আশীৰ্বাদ তোমাৰ ওপৰত থাকক। তেওঁৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক