ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ফিলিপীয়া ৪
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ফিলিপীয়া কিতাপৰ সাৰাংশ

      • একতা, আনন্দ কৰা, সঠিক চিন্তাধাৰা (১-৯)

        • কোনো বিষয়ক লৈ চিন্তা নকৰিবা (৬, ৭)

      • ফিলিপীৰ ভাইসকলৰ উপহাৰৰ কাৰণে কৃতজ্ঞতা (১০-২০)

      • অৱশেষত নমস্কাৰ (২১-২৩)

ফিলিপীয়া ৪:৩

ফুটনোট

  • *

    বা “কঠোৰ সংঘৰ্ষ কৰিলে।”

ফিলিপীয়া ৪:৭

ফুটনোট

  • *

    বা “তোমালোকৰ চিন্তাধাৰাক।”

ফিলিপীয়া ৪:৮

ফুটনোট

  • *

    বা “ভাবি থাকা।”

ফিলিপীয়া ৪:২২

ফুটনোট

  • *

    গ্ৰীক ভাষাত “কৈচৰ।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ফিলিপীয়া ৪:১-২৩

ফিলিপীয়াসকললৈ চিঠি

৪ সেইবাবে মোৰ ভাইসকল, তোমালোক যিসকল মোৰ আনন্দ আৰু মোৰ কিৰীটি হোৱা আৰু যিসকলক মই প্ৰেম কৰোঁ আৰু যিসকলক লগ কৰিবলৈ মই আগ্ৰহী হৈ আছোঁ, তোমালোকে প্ৰভুত এইদৰেই দৃঢ়তাৰে থিৰে থাকা।

২ মই ইবদিয়াক আৰু চুন্তুখীক অনুৰোধ কৰিছোঁ যে তোমালোক প্ৰভুত একেই চিন্তাধাৰা ৰাখা। ৩ হয়, মোৰ প্ৰকৃত সহকৰ্মী মই তোমাকো অনুৰোধ কৰিছোঁ যে এই দুজনী ভনীৰ সহায় কৰি থাকা, কিয়নো তেওঁলোকে শুভবাৰ্তা শুনোৱাত মোৰ লগত আৰু ক্লীমেন্ত আৰু মোৰ বাকী সহকৰ্মীৰ লগত একেলগে মিলি কঠোৰ পৰিশ্ৰম কৰিলে।* এওঁলোক সকলোৰে নাম জীৱনৰ পুস্তকত লিখা আছে।

৪ প্ৰভুত সদায় আনন্দ কৰা। মই আকৌ এবাৰ কৈছোঁ, আনন্দ কৰা! ৫ সকলোৱে যেন জানিব পাৰে যে তোমালোক নিজৰ মতামতত লাগি নাথাকা। প্ৰভু কাষত আছে। ৬ কোনো বিষয়ক লৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়ত প্ৰাৰ্থনা আৰু মিনতি আৰু ধন্যবাদেৰে সৈতে ঈশ্বৰলৈ নিবেদন কৰা। ৭ তেতিয়া ঈশ্বৰে সেই শান্তি দিব, যি মানুহে বুজিব নোৱাৰে। এই শান্তিয়ে খ্ৰীষ্ট যীচুৰ যোগেদি তোমালোকৰ হৃদয় আৰু মগজুক* ৰক্ষা কৰিব।

৮ অৱশেষত ভাইসকল, যিবোৰ বিষয় সত্য, যিবোৰ বিষয় গুৰুত্বপূৰ্ণ, যিবোৰ বিষয় ঈশ্বৰৰ দৃষ্টিত সঠিক, যিবোৰ বিষয় শুদ্ধ, যিবোৰ বিষয় প্ৰিয়, যিবোৰ বিষয় ভাল বুলি ভবা হয়, যিবোৰ বিষয় সদগুণ হয় আৰু যিবোৰ প্ৰশংসাৰ যোগ্য হয়, সেইবোৰৰ ওপৰত ধ্যান দি থাকা।* ৯ যিবোৰ কথা তোমালোকে মোৰ পৰা শিকিলা আৰু গ্ৰহণ কৰিলা, লগতে মোৰ পৰা শুনিলা আৰু মই কৰা দেখিলা, সেইবোৰ পালন কৰি থাকা আৰু শান্তিৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।

১০ মই প্ৰভুত বহুত আনন্দত আছোঁ যে এতিয়া আকৌ তোমালোকে মোৰ ভালৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিছা। তোমালোকে আগতেও মোৰ বিষয়ে চিন্তা কৰিছিলা, কিন্তু তোমালোকে এয়া দেখুৱাবলৈ সুযোগ পোৱা নাছিলা। ১১ মোৰ কিবা বস্তুৰ প্ৰয়োজন আছে বুলি এইদৰে কৈ আছোঁ এনে নহয়, কিয়নো মই যিয়েই পৰিস্থিতিত নাথাকোঁ কিয়, মই তাতেই সন্তুষ্ট হʼবলৈ শিকিলোঁ। ১২ মই জানোঁ যে কম বস্তুৰে কেনেকৈ জীৱন-যাপন কৰিব পাৰি আৰু এয়াও জানোঁ যে বহুত বস্তুত কেনেকৈ জীৱন-যাপন কৰিব পাৰি। জীৱনত মোৰ যিয়েই পৰিস্থিতি নহওক, মোৰ কিবা খাবলৈ হওক বা নহওক, মোৰ ওচৰত বহুত থাকক বা মোৰ অভাৱেই হওক মই সকলো বিষয়ত সন্তুষ্ট হোৱাৰ ৰহস্য শিকিলোঁ। ১৩ কাৰণ যিজনে মোক শক্তি দিয়ে, তেওঁৰ যোগেদিয়েই মই সকলো কৰিবলৈ শক্তি পাওঁ।

১৪ তথাপিও মোৰ দুখত লগ দি তোমালোকে ভাল কৰিলা। ১৫ ফিলিপীৰ ভাইসকল, তোমালোকে এয়াও জানা যে যেতিয়া তোমালোকে প্ৰথমবাৰ শুভবাৰ্তা শুনিছিলা আৰু মই মাকিদনিয়াৰ পৰা গুচি গৈছিলোঁ, তেতিয়া তোমালোকৰ বাহিৰে আন কোনো মণ্ডলীয়ে মোক সহায় কৰা নাছিল আৰু মোৰ পৰা সহায়ো লোৱা নাছিল। ১৬ কিয়নো যেতিয়া মই থিচলনীকীত আছিলোঁ, তেতিয়া তোমালোকে মোৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ মোলৈ এবাৰ নহয়, কিন্তু দুবাৰ কিবা পঠাইছিলা। ১৭ মই তোমালোকৰ পৰা উপহাৰ পাব বিচাৰোঁ এনে নহয়, ইয়াৰ পৰিৱৰ্তে মই বিচাৰোঁ যেন ঈশ্বৰৰ দৃষ্টিত তোমালোকৰ ভাল কামবোৰ আৰু বৃদ্ধি হয়। ১৮ কিন্তু মোৰ ওচৰত প্ৰয়োজনীয় সকলো বস্তু আছে আৰু প্ৰচুৰ পৰিমাণে আছে। এতিয়া মোৰ কোনো অভাৱ নাই, কিয়নো তোমালোকে ইপাফ্ৰদীতৰ হাতত উপহাৰ পঠাইছা। এই উপহাৰ ঈশ্বৰে গ্ৰহণ কৰা এনে সুগন্ধি বলিদান হয়, যাৰ পৰা তেওঁ বহুত আনন্দিত হয়। ১৯ ইয়াৰ বিনিময়ত মোৰ ঈশ্বৰেও নিজৰ মহিমাৰ সম্পত্তিৰে খ্ৰীষ্ট যীচুৰ যোগেদি তোমালোকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব। ২০ আমাৰ ঈশ্বৰ আৰু পিতৃৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।

২১ প্ৰতিজন পবিত্ৰ লোকক, যিসকল খ্ৰীষ্ট যীচুৰ লগত একতাত আছে, মোৰ নমস্কাৰ জনাবা। যিসকল ভাই মোৰ লগত আছে, তেওঁলোকে তোমালোকক নমস্কাৰ জনাইছে। ২২ সকলো পবিত্ৰ লোক, বিশেষকৈ যিসকল সম্ৰাটৰ* ঘৰত থাকে, তোমালোকক নমস্কাৰ জনাইছে।

২৩ তোমালোকে যি সঠিক মনোবৃত্তি দেখুৱাইছা, তাৰ কাৰণে প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক। আমেন।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক