ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • প্ৰকাশিত বাক্য ২১
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

প্ৰকাশিত বাক্য কিতাপৰ সাৰাংশ

      • এক নতুন আকাশ আৰু নতুন পৃথিৱী (১-৮)

        • মৃত্যু আৰু নহʼব (৪)

        • সকলো নতুন কৰা হʼল (৫)

      • নতুন যিৰূচালেমৰ সৌন্দৰ্য্যতা (৯-২৭)

প্ৰকাশিত বাক্য ২১:৫

ফুটনোট

  • *

    বা “বিশ্বাসযোগ্য।”

প্ৰকাশিত বাক্য ২১:৬

ফুটনোট

  • *

    এয়া গ্ৰীক বৰ্ণমালাৰ প্ৰথম আৰু শেষ আখৰ হয়।

প্ৰকাশিত বাক্য ২১:৮

ফুটনোট

  • *

    গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

প্ৰকাশিত বাক্য ২১:১৪

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

প্ৰকাশিত বাক্য ২১:১৬

ফুটনোট

  • *

    আক্ষ., “১২,০০০ ষ্টেডিয়াম।” এক ষ্টেডিয়াম ১৮৫ মিটাৰৰ সমান (৬০৬.৯৫ ফুট)। অতি. খ১৪ চাওক।

প্ৰকাশিত বাক্য ২১:১৭

ফুটনোট

  • *

    প্ৰায় ৬৪ মিটাৰ (২১০ ফুট)। অতি. খ১৪ চাওক।

প্ৰকাশিত বাক্য ২১:১৯

ফুটনোট

  • *

    এবিধ সেউজীয়া ৰঙৰ বহুমূলীয়া ৰত্ন।

প্ৰকাশিত বাক্য ২১:২২

ফুটনোট

  • *

    অতি. ক৫ চাওক।

প্ৰকাশিত বাক্য ২১:২৭

ফুটনোট

  • *

    বা “নুৰাত।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰকাশিত বাক্য ২১:১-২৭

যোহনলৈ দিয়া প্ৰকাশিত বাক্য

২১ তাৰ পাছত মই এক নতুন আকাশ আৰু নতুন পৃথিৱী দেখিলোঁ, কিয়নো পুৰণি আকাশ আৰু পুৰণি পৃথিৱী শেষ হৈ গৈছিল আৰু সমুদ্ৰও নাথাকিল। ২ মই পবিত্ৰ নগৰ নতুন যিৰূচালেমকো দেখিলোঁ, যি স্বৰ্গৰ পৰা অৰ্থাৎ ঈশ্বৰৰ ওচৰৰ পৰা তললৈ নামি আহিছিল। কন্যাই যেনেকৈ নিজৰ দৰাৰ কাৰণে নিজকে সজাই তোলে, তেনেকৈ এই নগৰেও নিজকে সজাই তুলিছিল। ৩ তাৰ পাছত মই সিংহাসনৰ পৰা এটা ডাঙৰ মাত শুনিবলৈ পালোঁ, যিয়ে কৈ আছিল, “চোৱা! ঈশ্বৰৰ তম্বু মানুহৰ মাজত আছে। তেওঁ তেওঁলোকৰ লগত থাকিব আৰু তেওঁলোক তেওঁৰ লোক হʼব আৰু ঈশ্বৰ নিজেই তেওঁলোকৰ লগত থাকিব। ৪ আৰু তেওঁ তেওঁলোকৰ আটাই চকুপানী মচি দিব আৰু মৃত্যু নহʼব, শোক বা ক্ৰন্দন বা বেদনাও নাথাকিব। আগৰ বিষয়বোৰ শেষ হʼল।”

৫ আৰু ঈশ্বৰে, যিজন সিংহাসনত বহি আছিল, কʼলে, “চোৱা! মই সকলো নতুন কৰি আছোঁ।” তেওঁ এয়াও কʼলে, “এইবোৰ কথা লিখি লোৱা, কিয়নো এইবোৰ ভৰসাযোগ্য* আৰু সত্য হয়।” ৬ তাৰ পাছত তেওঁ মোক কʼলে, “এইবোৰ বাক্য সম্পূৰ্ণ হʼল! ময়েই আলফা আৰু ওমেগা* হওঁ অৰ্থাৎ আৰম্ভণি আৰু অন্ত ময়েই হওঁ। যিজনৰ পিয়াহ লাগিব, তেওঁক মই জীৱন দিয়াৰ পানীৰ ভুমুকৰ পৰা বিনামূল্যে পানী দিম। ৭ যিজনে জয়লাভ কৰিব, তেওঁ এই সকলো বস্তু উত্তৰাধিকাৰী হিচাপে লাভ কৰিব। মই তেওঁৰ ঈশ্বৰ হʼম আৰু তেওঁ মোৰ পুত্ৰ হʼব। ৮ কিন্তু যিসকল ভয়াতুৰ, যিসকলে বিশ্বাস নকৰে, যিসকল অশুচি আৰু ঘৃণনীয় কাম কৰে, হত্যা কৰে, অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখে, যাদুবিদ্যা আৰু মূৰ্তি পূজাত লাগি থাকে, সেই সকলোকে জুই আৰু গন্ধকেৰে জ্বলি থকা হ্ৰদত পেলাই দিয়া হʼব। ইয়াৰ অৰ্থ হৈছে দ্বিতীয় মৃত্যু।”

৯ যি সাতজন স্বৰ্গদূতৰ ওচৰত সাতটা শেষ বিপত্তিৰে ভৰা সাতটা বাটি আছিল, তেওঁলোকৰ ভিতৰত এজন স্বৰ্গদূতে আহি মোক কʼলে, “ইয়ালৈ আহা, মই তোমাক কন্যা দেখুৱাম, ভেড়া পোৱালিৰ কন্যা।” ১০ তেতিয়া তেওঁ মোক পবিত্ৰ শক্তিৰ যোগেদি এটা ডাঙৰ আৰু ওখ পাহাৰত লৈ গʼল আৰু তেওঁ মোক পবিত্ৰ নগৰ যিৰূচালেম দেখুৱালে, যি স্বৰ্গৰ পৰা অৰ্থাৎ ঈশ্বৰৰ ওচৰৰ পৰা তললৈ নামি আহিছিল। ১১ আৰু ঈশ্বৰৰ মহিমাৰে পৰিপূৰ্ণ আছিল। তাৰ উজ্জ্বলতা এক মূল্যৱান ৰত্নৰ দৰে আছিল, স্ফটিকৰ দৰে উজ্জ্বল সূৰ্যকান্ত মণিৰ নিচিনা আছিল। ১২ তাৰ দেৱাল বহুত ডাঙৰ আৰু ওখ আছিল আৰু তাত ১২ খন দুৱাৰ আছিল। সেই দুৱাৰবোৰত ১২ জন স্বৰ্গদূত আছিল আৰু দুৱাৰবোৰত ইস্ৰায়েলৰ ১২ টা গোষ্ঠীৰ নাম লিখা আছিল। ১৩ পূবফালে তিনিখন দুৱাৰ আছিল, উত্তৰফালে তিনিখন, দক্ষিণফালে তিনিখন আৰু পশ্চিমফালে তিনিখন দুৱাৰ আছিল। ১৪ সেই নগৰৰ দেৱালৰ ভিত্তি ১২ টা শিলৰ ওপৰত আছিল আৰু সেই শিলবোৰত ভেড়া পোৱালিৰ ১২ জন পাঁচনিৰ* নাম লিখা আছিল।

১৫ যিজন স্বৰ্গদূতে মোৰ লগত কথা পাতি আছিল, তেওঁ সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু দেৱালক জুখিবলৈ সোণৰ এটা নলখাগৰি লৈ আছিল। ১৬ সেই নগৰ চাৰিচুকীয়া আছিল আৰু তাৰ দীঘল আৰু বহল সমান আছিল। আৰু তেওঁ নলখাগৰিৰে সেই নগৰ জুখিলে আৰু সেয়া প্ৰায় ২,২২০ কিলোমিটাৰ* ওলাল। তাৰ দীঘল, বহল আৰু ওখ সমান আছিল। ১৭ তেওঁ তাৰ দেৱালো জুখিলে, যি মানুহৰ জোখৰ অনুসৰি, লগতে স্বৰ্গদূতৰ জোখৰ অনুসৰি ১৪৪ হাত* আছিল। ১৮ তাৰ দেৱালবোৰ সূৰ্যকান্ত মণিৰে বনোৱা আছিল আৰু সেই নগৰ খাঁটি সোণৰ আছিল আৰু কাঁচৰ দৰে চফা আছিল। ১৯ সেই নগৰৰ দেৱালৰ ভিত্তি সকলো ধৰণৰ মূল্যৱান ৰত্নৰে সজোৱা আছিল: ভিত্তিৰ প্ৰথম ৰত্ন আছিল সূৰ্যকান্ত, দ্বিতীয় নীলকান্ত, তৃতীয় তাম্ৰমণি, চতুৰ্থ মৰকত মণি,* ২০ পঞ্চম বৈদুৰ্য্য, ষষ্ঠ চাৰ্দ্দীয় মণি, সপ্তম স্বৰ্ণমণি, অষ্টম গোমেদক, নৱম পদ্মৰাগ, দশম লশুনীয়, একাদশ পেৰোজ, দ্বাদশ কটাহেলা। ২১ আৰু তাৰ ১২ খন দুৱাৰ ১২ টা মুকুতাৰ আছিল। প্ৰতিখন দুৱাৰ এটা এটা মুকুতাৰে বনোৱা আছিল। আৰু সেই নগৰৰ মুখ্য ৰাস্তা খাঁটি সোণৰ আছিল আৰু ইপাৰে-সিপাৰে দেখা পোৱা চফা কাঁচৰ দৰে আছিল।

২২ মই সেই নগৰত কোনো মন্দিৰ দেখা নাপালোঁ, কিয়নো সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই* তাৰ মন্দিৰ হয় আৰু ভেড়া পোৱালিও তাৰ মন্দিৰ হয়। ২৩ সেই নগৰক সূৰ্য আৰু চন্দ্ৰৰ পোহৰৰ প্ৰয়োজন নাই, কিয়নো সেয়া ঈশ্বৰৰ মহিমাৰে জিলিকে আৰু ভেড়া পোৱালি তাৰ চাকি হয়। ২৪ আৰু সকলো ৰাষ্ট্ৰই তেওঁৰ পোহৰত চলিব আৰু পৃথিৱীৰ ৰজাবিলাকে নিজৰ ঐশ্বৰ্য ইয়ালৈ লৈ আনিব। ২৫ সেই নগৰৰ দুৱাৰ দিনত বন্ধ কৰা নহʼব, কিয়নো তাত কেতিয়াও ৰাতি নহʼব। ২৬ আৰু তেওঁলোকে ৰাষ্ট্ৰৰ মহিমা আৰু গৌৰৱ সেই নগৰলৈ লৈ আনিব। ২৭ কিন্তু কোনো অশুচি বস্তু আৰু ঘৃণনীয় কাম কৰা আৰু ছল কৰা এনে কোনো মানুহ কোনোপধ্যেই সেই নগৰত সোমাব নোৱাৰিব। কেৱল তেওঁলোকেহে সোমাব পাৰিব, যিসকলৰ নাম ভেড়া পোৱালিৰ জীৱনৰ কিতাপত* লিখা আছে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক