কৰিন্থীয়াসকললৈ প্ৰথম চিঠি
৪ লোকসকলে আমাক খ্ৰীষ্টৰ সেৱক* আৰু এনে প্ৰবন্ধক বুলি ভাবক, যিসকলক ঈশ্বৰৰ পবিত্ৰ ৰহস্যৰ দায়িত্ব দিয়া হৈছে। ২ আৰু এজন প্ৰবন্ধক বিশ্বাসী হোৱাটো তেওঁৰ পৰা আশা কৰা হয়। ৩ তোমালোকে বা কোনো মানৱীয় আদালতে মোৰ বিচাৰ কৰাটো মোৰ কাৰণে কোনো অৰ্থ নাৰাখে। আনকি মই নিজেও নিজৰ বিচাৰ নকৰোঁ। ৪ মই নিজৰ মাজত কোনো দোষ বিচাৰি নাপাওঁ। তথাপিও এই কথাই মোক ভাল ব্যক্তি বুলি প্ৰমাণিত নকৰে। যিজনে মোৰ বিচাৰ কৰে, তেওঁ হৈছে যিহোৱা।* ৫ সেইবাবে, নিৰ্ধাৰিত সময়ৰ আগতে অৰ্থাৎ প্ৰভু নহালৈকে কোনো কথাৰ ন্যায় নকৰিবা। তেৱেঁই অন্ধকাৰত লুকাই থকা বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰ প্ৰকাশ কৰিব। তেতিয়া প্ৰতিজনে ঈশ্বৰৰ পৰা পাবলগীয়া প্ৰশংসা পাব।
৬ ভাইসকল, মই তোমালোকৰ ভালৰ কাৰণে নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই কথাবোৰ কৈছোঁ যাতে তোমালোকে আমাৰ উদাহৰণৰ পৰা এই নিয়মত চলিবলৈ শিকিব পাৰা: “যি লিখা আছে, তাতকৈ আগলৈ নাযাবা” যাতে তোমালোকে অহংকাৰেৰে ভৰি এজনক, আনজনতকৈ শ্ৰেষ্ঠ বুলি নাভাবা। ৭ তোমাৰ এনে কি আছে, যাৰ কাৰণে তোমাক আনতকৈ শ্ৰেষ্ঠ বুলি ভবা হয়? আচলতে তোমাৰ ওচৰত যি আছে, সেই সকলো ঈশ্বৰেই তোমাক দিয়া নাই নে? তেওঁ যদি তোমাক সকলো দিছে, তেনেহʼলে তুমি এইদৰে কিয় ফিতাহি মাৰা যেন তুমি সকলো নিজৰ শক্তিৰে পাইছা?
৮ তোমালোকৰ আশা পূৰ হৈ গʼল নে? তোমালোক এতিয়াৰ পৰাই ধনী হৈ গʼলা নে? তোমালোকে আমাৰ অবিহনে শাসন কৰিবলৈ আৰম্ভ কৰিলা নে? তোমালোকে ৰজা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰা হʼলে ভালেই আছিল, তেতিয়া আমিও তোমালোকৰ লগত ৰজা হিচাপে শাসন কৰিব পাৰিলোঁহেঁতেন। ৯ মই ভাবোঁ যে ঈশ্বৰে আমাক অৰ্থাৎ পাঁচনিসকলক* সেই মানুহবিলাকৰ দৰে গণিত কৰিছে, যিসকলক মৃত্যুৰ শাস্তি শুনোৱা হৈছে আৰু যিসকলক ৰংভূমিত একেবাৰে শেষত অনা হয়, কিয়নো জগত, স্বৰ্গদূত আৰু মানুহবিলাকৰ সন্মুখত আমি হাঁহিৰ পাত্ৰ হৈছোঁ। ১০ আমাক খ্ৰীষ্টৰ কাৰণে মূৰ্খ বুলি ভবা হয়, কিন্তু তোমালোক নিজকে খ্ৰীষ্টত বুদ্ধিমান বুলি ভাবা। আমি দুৰ্বল হওঁ, কিন্তু তোমালোক শক্তিশালী হোৱা। তোমালোক সন্মানীয় হোৱা, কিন্তু আমাৰ কোনো সন্মান নাই। ১১ আজিলৈকে আমি ভোকে-পিয়াহে আৰু ফটা-ছিটা কাপোৰত* আছোঁ, আমাক মাৰ-পিট কৰা হয়,* আমাৰ কোনো ঘৰ নাই। ১২ আৰু আমি কঠিন পৰিশ্ৰম কৰোঁ। যেতিয়া আমাৰ অপমান কৰা হয়, তেতিয়া আমি আশীৰ্বাদ দিওঁ। যেতিয়া আমাক অত্যাচাৰ কৰা হয়, তেতিয়া আমি ধৈৰ্য্য ধৰি সহ্য কৰোঁ। ১৩ যেতিয়া আমাক বদনাম কৰা হয়, তেতিয়া আমি কোমলতাৰে উত্তৰ দিওঁ।* আজিলৈকে আমাক জগতৰ জাৱৰ আৰু সকলো ধৰণৰ লেতেৰা বস্তু বুলি ভবা হৈছে।
১৪ মই তোমালোকক লাজ দিবলৈ এই কথাবোৰ লিখা নাই, ইয়াৰ পৰিৱৰ্তে নিজৰ মৰমৰ লʼৰা-ছোৱালী বুলি ভাবি তোমালোকক বুজাই আছোঁ। ১৫ কাৰণ খ্ৰীষ্টত তোমালোকৰ চোৱা-চিতা কৰোঁতা* ১০ হাজাৰ জন হʼলেও তোমালোকৰ কোনো পিতৃ নাই। শুভৰ্বাতাৰ যোগেদি খ্ৰীষ্টত মই তোমালোকৰ পিতৃ হৈছোঁ। ১৬ সেইবাবে, মোৰ উদাহৰণত চলিবলৈ মই তোমালোকক অনুৰোধ কৰিছোঁ। ১৭ ইয়াৰ কাৰণে মই তোমালোকৰ ওচৰলৈ তীমথিয়ক পঠাই আছোঁ, যিজন প্ৰভুত মোৰ মৰমৰ আৰু বিশ্বাসযোগ্য লʼৰা হয়। তেওঁ খ্ৰীষ্টৰ সেৱাৰ লগত জড়িত মোৰ সকলো উপায়বিলাকৰ বিষয়ে তোমালোকক মনত পেলাই দিব। যিবোৰ উপায় ব্যৱহাৰ কৰি মই ঠায়ে ঠায়ে সকলো মণ্ডলীক শিকাই আছোঁ।
১৮ কিছুমান লোকে এইদৰে অহংকাৰেৰে ভৰি পৰিছে যেন মই তোমালোকৰ ওচৰলৈ আৰু কেতিয়াও নাহোঁ। ১৯ কিন্তু যিহোৱাৰ* যদি ইচ্ছা হয়, তেনেহʼলে অতি সোনকালে মই তোমালোকৰ ওচৰলৈ আহিম। আৰু যিসকলে অহংকাৰেৰে ভৰি পৰিছে, মই তেওঁলোকৰ কথালৈ গুৰুত্ব নিদিওঁ, ইয়াৰ পৰিৱৰ্তে মই এয়া চাম যে তেওঁলোকত ঈশ্বৰৰ শক্তি আছে নে নাই। ২০ কাৰণ ঈশ্বৰৰ ৰাজ্য কথাৰে নহয়, কিন্তু ঈশ্বৰৰ শক্তিৰে প্ৰকাশ হয়। ২১ তোমালোকে কি বিচাৰা? মই লাঠি লৈ তোমালোকৰ ওচৰলৈ অহাটো বিচাৰা নে প্ৰেম আৰু কোমল স্বভাৱেৰে অহাটো বিচাৰা?