ইফিচীয়াসকললৈ চিঠি
৬ লʼৰা-ছোৱালীবিলাক, প্ৰভুত নিজৰ মা-দেউতাৰ কথা শুনা, কিয়নো এয়া ঈশ্বৰৰ দৃষ্টিত সঠিক হয়। ২ “নিজৰ মা-দেউতাক সন্মান কৰিবা।” এয়া প্ৰথম আজ্ঞা হয়, যাৰ লগত এই প্ৰতিজ্ঞাও কৰা হৈছে: ৩ “যাতে তুমি ভাল জীৱন লাভ কৰিব পাৰা* আৰু পৃথিৱীত বহু দিনলৈকে জীয়াই থাকিব পাৰা।” ৪ আৰু হে পিতৃসকল, নিজৰ লʼৰা-ছোৱালীক খং নোতোলাবা, ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ* ইচ্ছাৰ অনুসৰি সিহঁতক বুজাই* আৰু শিক্ষা দি ডাঙৰ-দীঘল কৰা।
৫ হে দাসবিলাক, তোমালোকে যেনেকৈ খ্ৰীষ্টৰ আজ্ঞা পালন কৰা, ঠিক সেইদৰে সন্মানেৰে আৰু ভয়েৰে জগতত থকা তোমালোকৰ মালিকবিলাকৰ সম্পূৰ্ণ হৃদয়েৰে আজ্ঞা পালন কৰা। ৬ কিন্তু মানুহক আনন্দিত কৰিবলৈ কেৱল তেওঁলোকৰ সন্মুখতেই আজ্ঞা পালন নকৰিবা, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ দাসসকলৰ নিচিনা মনে-প্ৰাণে ঈশ্বৰৰ ইচ্ছা পূৰ কৰা। ৭ সঠিক মনোবৃত্তিৰে কাম কৰা যেন এই সেৱা মানুহৰ কাৰণে নহয়, কিন্তু যিহোৱাৰ* কাৰণে কৰিছা। ৮ কিয়নো তোমালোকে জানা যে দাসেই হওক বা স্বাধীন ব্যক্তিয়েই হওক, যিজনে ভাল কাম কৰে, তেওঁ যিহোৱাৰ* পৰা পুৰস্কাৰ পাব। ৯ আৰু হে মালিকবিলাক, তোমালোকেও নিজৰ দাসবিলাকৰ লগত ভালদৰে ব্যৱহাৰ কৰা আৰু তেওঁলোকক ধমকি নিদিবা। কিয়নো তোমালোকে জানা যে তোমালোকৰ আৰু সিহঁতৰ মালিক এজনেই, যিজন স্বৰ্গত আছে আৰু তেওঁ পক্ষপাত নকৰে।
১০ অৱশেষত, মই তোমালোকক উৎসাহিত কৰিছোঁ যে প্ৰভুত তেওঁৰ মহাশক্তি পাই শক্তি লাভ কৰি থাকা। ১১ ঈশ্বৰে দিয়া গোটেই অস্ত্ৰ-শস্ত্ৰ পিন্ধি লোৱা যাতে তোমালোকে চয়তানৰ চতুৰালিৰ* সন্মুখীন হʼব পাৰা। ১২ কাৰণ আমাৰ যুদ্ধ* হাড়-মাংসৰ* মানুহৰ লগত নহয়, ইয়াৰ পৰিৱৰ্তে এই অন্ধকাৰ জগতৰ চৰকাৰ, নেতা, শাসক আৰু দুষ্ট স্বৰ্গদূতৰ লগত হয়। ১৩ সেইবাবে, ঈশ্বৰে দিয়া গোটেই অস্ত্ৰ-শস্ত্ৰ পিন্ধি লোৱা যাতে যেতিয়া বেয়া দিন আহে, তেতিয়া তোমালোকে তাৰ সন্মুখীন হʼব পাৰা আৰু যি কৰা উচিত, সেই সকলো কৰাৰ পাছত থিৰে থাকিব পাৰা।
১৪ সেইবাবে, সত্যৰ পেটীৰে নিজৰ কঁকাল বান্ধা আৰু ঈশ্বৰৰ দৃষ্টিত যি সঠিক, তাৰে বুকুবৰি পিন্ধি থিৰে থাকা ১৫ আৰু ভৰিত শান্তিৰ শুভবাৰ্তাৰ জোতা পিন্ধি তোমালোক সাজু থাকা। ১৬ এইবোৰৰ উপৰিও, বিশ্বাসৰ ডাঙৰ ঢাল লোৱা, যাৰ যোগেদি তোমালোকে চয়তানৰ* জ্বলি থকা সকলো কাঁড়ক নুমাব পাৰিবা। ১৭ আৰু উদ্ধাৰৰ টুপী পিন্ধা আৰু পবিত্ৰ শক্তিৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্য হাতত লোৱা। ১৮ সকলো সময়তে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ দ্বাৰা পৰিচালিত হৈ সকলো ধৰণৰ প্ৰাৰ্থনা আৰু মিনতি কৰি থাকা। আৰু এইদৰে কৰিবলৈ জাগি থাকা আৰু সকলো পবিত্ৰ লোকৰ কাৰণে মিনতি কৰি থাকা। ১৯ মোৰ কাৰণেও প্ৰাৰ্থনা কৰা যাতে কথা কোৱাৰ সময়ত মোৰ মুখত সঠিক শব্দ আহে আৰু মই শুভবাৰ্তাৰ পবিত্ৰ ৰহস্য শুনোৱাৰ সময়ত সাহসেৰে কথা কʼব পাৰোঁ। ২০ সেই শুভবাৰ্তাৰ কাৰণে মই শিকলিৰে বান্ধ খাই থকা ৰাজদূত হওঁ। মোৰ কাৰণে প্ৰাৰ্থনা কৰা যেন মই সাহসেৰে শুভবাৰ্তাৰ বিষয়ে কʼব পাৰোঁ, যিদৰে মই কোৱা উচিত।
২১ আমাৰ মৰমৰ ভাই আৰু প্ৰভুত বিশ্বাসযোগ্য সেৱক তুখিকে তোমালোকক মোৰ বিষয়ে সকলো কথা কʼব যাতে তোমালোকে জানিব পাৰা যে মই কেনে আছোঁ আৰু কি কৰি আছোঁ। ২২ মই এই উদ্দেশ্যেৰেই তেওঁক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ যাতে তোমালোকে জানিব পাৰা যে আমি ইয়াত কেনে আছোঁ আৰু তেওঁ তোমালোকৰ হৃদয়ত শান্ত্বনা দিব পাৰে।
২৩ আমাৰ ঈশ্বৰ আৰু পিতৃ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা ভাইসকললৈ বিশ্বাসৰ সৈতে শান্তি আৰু প্ৰেম হওক। ২৪ সেই সকলোৰে ওপৰত মহা-কৃপা থাকক, যিসকলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টক এনে প্ৰেম কৰে, যি কেতিয়াও নাইকিয়া নহয়।