ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ৰোমীয়া ৫
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ৰোমীয়া কিতাপৰ সাৰাংশ

      • খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠা (১-১১)

      • আদমৰ পৰা মৃত্যু, খ্ৰীষ্টৰ পৰা জীৱন (১২-২১)

        • পাপ আৰু মৃত্যু সকলো মানুহলৈ বিয়পি গʼল (১২)

        • এটা ভাল কাম (১৮)

ৰোমীয়া ৫:১

ফুটনোট

  • *

    বা হয়তো, “আমাৰ ওচৰত শান্তি আছে।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ৰোমীয়া ৫:১-২১

ৰোমীয়াসকললৈ

৫ সেইবাবে, যিহেতু আমাক বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰা হৈছে, গতিকে আহা আমি নিজৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত শান্তিৰ সম্পৰ্ক বজাই ৰাখোঁ।* ২ তেওঁৰ যোগেদিয়েই আমি বিশ্বাসৰ কাৰণে ঈশ্বৰৰ ওচৰলৈ যাবলৈ অনুমতি পাইছোঁ যাতে আমি তেওঁৰ মহা-কৃপা পাব পাৰোঁ, যি এতিয়া আমাৰ ওপৰত আছে। আৰু আহা আমি ঈশ্বৰৰ পৰা মহিমা পোৱাৰ আশাৰ বাবে আনন্দ কৰোঁ। ৩ ইয়াৰ উপৰিও, আহা আমি দুখ-কষ্ট ভুগিও আনন্দ কৰোঁ। কিয়নো আমি জানোঁ যে দুখ-কষ্টৰ পৰা ধৈৰ্য্য উৎপন্ন হয়। ৪ আৰু ধৈৰ্য্য ধৰিলে ঈশ্বৰৰ অনুমোদন আমাৰ ওপৰত থাকে আৰু ইয়াৰ বাবে আমি আশা লাভ কৰোঁ। ৫ এই আশাই আমাক নিৰাশ হʼবলৈ নিদিয়ে। কাৰণ আমাক যি পবিত্ৰ শক্তি দিয়া হৈছে, সেই পবিত্ৰ শক্তিৰ যোগেদি ঈশ্বৰৰ প্ৰেম আমাৰ হৃদয়ত ভৰাই দিয়া হৈছে।

৬ সঁচাকৈ যেতিয়া আমি দুৰ্বলেই আছিলোঁ, তেতিয়া খ্ৰীষ্টই নিৰ্ধাৰিত কৰাৰ সময়ত ভক্তিহীন মানুহবিলাকৰ কাৰণে মৰিল। ৭ কিয়নো সঠিক কাম কৰা এজন মানুহৰ কাৰণে প্ৰায় কোনেও নিজৰ জীৱন নিদিয়ে। হয়তো কোনো এজন ভাল ব্যক্তিৰ কাৰণে কোনোবাই নিজৰ জীৱন দিবলৈ সাহস কৰিবও পাৰে। ৮ কিন্তু ঈশ্বৰে আমাৰ কাৰণে নিজৰ প্ৰেমৰ প্ৰমাণ এইদৰে দিলে যে যেতিয়া আমি পাপীয়েই আছিলোঁ, তেতিয়া খ্ৰীষ্টই আমাৰ কাৰণে মৰিল। ৯ যিহেতু এতিয়া আমি তেওঁৰ তেজৰ যোগেদি ভাল মানুহ বুলি গণিত হৈছোঁ। গতিকে, আমি তেওঁৰ যোগেদি ঈশ্বৰৰ ক্ৰোধৰ পৰাও কিয় নাবাচিম? ১০ আমি ঈশ্বৰৰ শত্ৰু হৈ থাকোঁতেই যদি তেওঁৰ পুত্ৰৰ মৃত্যুৰ আধাৰত ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিল, তেনেহʼলে এতিয়া যিহেতু আমাৰ সম্পৰ্ক গঢ়ি উঠিল, গতিকে আমি তেওঁৰ জীৱনৰ যোগেদি উদ্ধাৰ পাবলৈ আৰু বেছি ভৰসা ৰাখিব পাৰোঁ। ১১ ইয়াৰ উপৰিও, আমি ঈশ্বৰৰ লগত নিজৰ সম্পৰ্কৰ কাৰণে আনন্দ কৰোঁ, যি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি স্থাপন হৈছে, যাৰ যোগেদি ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে।

১২ সেইবাবে, এজন মানুহৰ পৰা পাপ জগতলৈ আহিল আৰু পাপৰ পৰা মৃত্যু আহিল আৰু এইদৰে মৃত্যু সকলো মানুহলৈ বিয়পি গʼল, কিয়নো সকলোৱে পাপ কৰিলে। ১৩ মোচিৰ নিয়ম দিয়াৰ আগতে পাপ জগতত আছিল, কিন্তু নিয়ম নথকা হʼলে কাকো পাপী বুলি গণ্য কৰা নহʼলহেঁতেন। ১৪ তথাপি মৃত্যুৱে আদমৰ পৰা লৈ মোচিৰ সময়লৈকে ৰজা হৈ ৰাজত্ব কৰিলে। সেই লোকসকলৰ ওপৰতো ৰাজত্ব কৰিলে, যিসকলে আদমৰ দৰে নিয়ম ভাঙি পাপ কৰা নাছিল। আদম সেই ব্যক্তিৰ দৰেই আছিল, যিজন আহিবলগীয়া আছিল।

১৫ কিন্তু ঈশ্বৰৰ দান পাপৰ দৰে নহয়, এজন মানুহৰ পাপৰ কাৰণে বহুতো লোক মৰিল, কিন্তু ঈশ্বৰৰ মহা-কৃপা আৰু তেওঁৰ দানৰ পৰা বহুতো লোকে অধিক মাত্ৰাত লাভৱান হʼল। এই দান মহা-কৃপাৰ সৈতে এজন ব্যক্তি অৰ্থাৎ যীচু খ্ৰীষ্টৰ যোগেদি দিয়া হʼল। ১৬ দানৰ পৰা পোৱা লাভ এজন মানুহৰ পাপৰ পৰিণামৰ দৰে নহয়, কিয়নো এটা পাপৰ কাৰণে মানুহক দোষী কৰা হয়। কিন্তু বহুতো পাপৰ পাছতো যি দান পোৱা যায়, তাৰ কাৰণে মানুহবিলাকক ভাল মানুহ বুলি গণ্য কৰা হয়। ১৭ যদি এজন মানুহৰ পাপৰ কাৰণে মৃত্যুৱে ৰজা হৈ ৰাজত্ব কৰিলে, তেনেহʼলে যি লোকসকলে মহা-কৃপা আৰু ভাল মানুহ বুলি গণিত হোৱাৰ দান প্ৰচুৰ পৰিমাণে পায়, তেওঁলোকে এজন ব্যক্তি অৰ্থাৎ যীচু খ্ৰীষ্টৰ যোগেদি নিশ্চয় জীৱন পাব আৰু ৰজা হৈ ৰাজত্ব কৰিব।

১৮ সেইবাবে, যিদৰে এটা পাপৰ কাৰণে সকলো ধৰণৰ মানুহে শাস্তি পোৱাৰ যোগ্য হয়, ঠিক সেইদৰে এটা ভাল কামৰ কাৰণে সকলো ধৰণৰ লোকে ভাল মানুহ বুলি গণিত হয় যাতে জীৱন পায়। ১৯ আৰু যিদৰে এজন মানুহে আজ্ঞা পালন নকৰাৰ কাৰণে বহুতো লোক পাপী হʼল, ঠিক সেইদৰে এজন মানুহে আজ্ঞা পালন কৰাৰ কাৰণে বহুতো লোক ভাল মানুহ বুলি গণিত হʼব। ২০ তাৰ পাছত মোচিৰ নিয়ম আহিল, যিয়ে পাপক আৰু বেছিকৈ প্ৰকাশ কৰিলে। কিন্তু যʼত পাপ বাঢ়িল, তাত মহা-কৃপা আৰু বেছি বাঢ়িল। ২১ কিয় বাৰু? যিদৰে পাপে মৃত্যুৰ সৈতে ৰজা হৈ ৰাজত্ব কৰিলে, ঠিক সেইদৰে মহা-কৃপাও যেন ভাল কামৰ যোগেদি ৰজা হৈ ৰাজত্ব কৰে আৰু ইয়াৰ বাবে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি যেন অনন্ত জীৱন পায়।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক