ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ২ কৰিন্থীয়া ১১
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

২ কৰিন্থীয়া ১১:২

ফুটনোট

  • *

    বা “ঈশ্বৰে যেনেকৈ ঈৰ্ষা কৰে, তেনেকৈ ময়ো তোমালোকৰ কাৰণে ঈৰ্ষা কৰোঁ।”

২ কৰিন্থীয়া ১১:৪

ফুটনোট

  • *

    বা “ঈশ্বৰৰ শক্তিতকৈ।”

২ কৰিন্থীয়া ১১:৮

ফুটনোট

  • *

    বা “সহায়।”

  • *

    আক্ষ., “লুট কৰিলোঁ।”

২ কৰিন্থীয়া ১১:১৪

ফুটনোট

  • *

    বা “পোহৰ দিওঁতা।”

২ কৰিন্থীয়া ১১:১৮

ফুটনোট

  • *

    অৰ্থাৎ মানৱীয় কথাবোৰ।

২ কৰিন্থীয়া ১১:২২

ফুটনোট

  • *

    আক্ষ., “বীজ।”

২ কৰিন্থীয়া ১১:২৬

ফুটনোট

  • *

    ই এক কম লোকসকল থকা অঞ্চলক বুজায়।

২ কৰিন্থীয়া ১১:২৭

ফুটনোট

  • *

    আক্ষ., “উদঙে।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
  • ৩২
  • ৩৩
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ কৰিন্থীয়া ১১:১-৩৩

কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি

১১ তোমালোকে মোৰ অলপ মূৰ্খতা সহ্য কৰাটো মই বিচাৰোঁ। অৱশ্যে, তোমালোকে মোক সহ্য কৰিও আছা! ২ ঈশ্বৰে যিদৰে তোমালোকৰ কাৰণে চিন্তা কৰে, তেনেকৈ ময়ো তোমালোকৰ কাৰণে চিন্তা কৰোঁ,* কাৰণ মই নিজেই খ্ৰীষ্টৰ লগত তোমালোকক বিয়া দিবলৈ প্ৰতিজ্ঞা কৰিছোঁ যাতে তোমালোকক এজনী পবিত্ৰ কুমাৰীৰ দৰে তেওঁক দিব পাৰোঁ। ৩ কিন্তু মোৰ ভয় আছে যে যিদৰে সাপে চতুৰতাৰে হৱাক ভুলাইছিল, ঠিক সেইদৰে কোনেও যেন তোমালোকৰ মনক কলুষিত কৰি নেপেলায় আৰু এইদৰে খ্ৰীষ্টৰ প্ৰতি তোমালোকৰ যি অকপটতা আৰু পবিত্ৰতা আছে, সেয়া যেন ভ্ৰষ্ট নহয়। ৪ কোনোবাই যদি আহি আন কোনো যীচুৰ প্ৰচাৰ কৰে, যাৰ বিষয়ে আমি প্ৰচাৰ কৰা নাই বা কোনোবাই যদি তোমালোকক এনে কোনো শক্তিৰ দ্বাৰা প্ৰভাৱিত কৰিব বিচাৰে, যি তোমালোকৰ শক্তিতকৈ* একেবাৰে বেলেগ বা কোনোবাই যদি এনে শুভবাৰ্তা শুনায়, যি তোমালোকে গ্ৰহণ কৰা শুভবাৰ্তাতকৈ বেলেগ, তেনেহʼলে তোমালোকে সহজে সেই ব্যক্তিৰ কথা মানি লোৱা। ৫ মই নিজকে তোমালোকৰ মহা-পাঁচনিসকলতকৈ কোনো কথাত কম বুলি নাভাবোঁ। ৬ যদিও কথা কোৱাৰ ক্ষেত্ৰত আমাৰ দক্ষতা নাই, কিন্তু ঈশ্বৰৰ বিষয়ে জ্ঞান আছে আৰু আমি এই জ্ঞান সকলো ধৰণে আৰু সকলো বিষয়তে তোমালোকৰ আগত প্ৰকাশ কৰিলোঁ।

৭ অথবা তোমালোকে শ্ৰেষ্ঠ হʼবলৈ মই নিজকে সৰু কৰি বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্তা আনন্দেৰে তোমালোকৰ আগত প্ৰচাৰ কৰি মই পাপ কৰিলোঁ নে? ৮ মই আন মণ্ডলীবোৰৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ* লʼলোঁ* যাতে তোমালোকৰ সেৱা কৰিব পাৰোঁ। ৯ তথাপিও মই যেতিয়া তোমালোকৰ তাত আছিলোঁ আৰু মোৰ অভাৱ হৈছিল, তেতিয়া মই কাৰো বোজা নহʼলোঁ, কিয়নো মাকিদনিয়াৰ পৰা অহা ভাইসকলে প্ৰয়োজনতকৈ বেছি বস্তু দি মোৰ সহায় কৰিলে। হয়, মই কাৰো বোজা নহʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলোঁ আৰু আগলৈও এইদৰে কৰি থাকিম। ১০ যেনেকৈ খ্ৰীষ্টৰ সত্যতা মোৰ অন্তৰত আছে বুলি নিশ্চিত, ঠিক সেইদৰে এই কথাও নিশ্চিত যে মই আখায়াৰ এলেকাবোৰত এই কথাক লৈ গৰ্ব কৰিবলৈ এৰি নিদিম। ১১ ইয়াৰ কাৰণ এয়া নে যে মই তোমালোকক প্ৰেম নকৰোঁ? ঈশ্বৰে জানে যে মই কৰোঁ।

১২ কিন্তু মই যি কৰি আছোঁ, সেয়া কৰি থাকিম যাতে যিসকলে নিজৰ পদক লৈ ফিতাহি মাৰে আৰু আমাৰ সমান হʼবলৈ সুযোগ বিচাৰি থাকে, তেওঁলোকক কোনো সুযোগ নিদিওঁ। ১৩ এনে মানুহবিলাক মিছা পাঁচনি হয়, ছলেৰে কাম কৰে আৰু খ্ৰীষ্টৰ পাঁচনি হোৱাৰ ভাও ধৰে। ১৪ এয়া কোনো আচৰিত কথা নহয়, কিয়নো চয়তানে নিজেও ভাল* স্বৰ্গদূতৰ ৰূপ ধাৰণ কৰে। ১৫ সেইবাবে, তাৰ সেৱকেও যদি সঠিক কামৰ সেৱক হোৱাৰ ভাও ধৰে, তেনেহʼলে এয়া কোনো আচৰিত কথা নহয়। কিন্তু সিহঁতৰ অন্ত কামৰ অনুসৰি হʼব।

১৬ মই আকৌ কৈছোঁ, কোনেও যেন মোক মূৰ্খ বুলি নাভাবক। যদি তোমালোকে এইদৰে ভাবাও, তেনেহʼলে মূৰ্খ বুলি ভাবি মোক সহ্য কৰা যাতে মই আৰু অলপ গৰ্ব কৰিব পাৰোঁ। ১৭ মই যি কৈ আছোঁ, সেয়া প্ৰভুৰ উদাহৰণত চলি কোৱা নাই, ইয়াৰ পৰিৱৰ্তে মই সেই লোকসকলৰ দৰে কৈ আছোঁ, যিসকল মূৰ্খ হয় আৰু যিসকলে নিজৰ ওপৰত ভৰসা কৰে আৰু ফিতাহি মাৰে। ১৮ বহুতো লোকে জগতৰ কথাবোৰক* লৈ ফিতাহি মাৰি আছে, সেইবাবে ময়ো ফিতাহি মাৰিম। ১৯ কিয়নো তোমালোক ইমানেই বুদ্ধিমান হোৱা যে মূৰ্খবিলাকৰ কথা আনন্দেৰে সহ্য কৰি লোৱা। ২০ ইয়াৰ উপৰিও, তোমালোকে এনে প্ৰতিজন মানুহক সহ্য কৰি লোৱা, যিসকলে তোমালোকক নিজৰ দাস বনায়, তোমালোকৰ সম্পত্তি লুট কৰে, যি তোমালোকৰ ওচৰত আছে সেয়া কাঢ়ি লয়, তোমালোকক সৰু কৰি নিজকে শ্ৰেষ্ঠ কৰে আৰু তোমালোকৰ মুখত চৰ মাৰে।

২১ মোৰ কাৰণে এয়া কোৱা লাজৰ কথা হয়, কিয়নো কিছুমান লোকে ভাবে যে আমি ইমানেই দুৰ্বল যে নিজৰ অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা নাই।

কিন্তু কোনোৱে যদি ফিতাহি মাৰিবলৈ লাজ অনুভৱ নকৰে, তেনেহʼলে ময়ো ফিতাহি মাৰিবলৈ লাজ অনুভৱ নকৰিম, যদিও কোনোৱে মোক মূৰ্খ বুলি নাভাবক কিয়। ২২ তেওঁলোক ইব্ৰী হয় নে? ময়ো হওঁ। তেওঁলোক ইস্ৰায়েলী হয় নে? ময়ো হওঁ। তেওঁলোক অব্ৰাহামৰ বংশৰ* হয় নে? ময়ো হওঁ। ২৩ তেওঁলোক খ্ৰীষ্টৰ সেৱক হয় নে? মই পগলাৰ দৰে চিঞৰি চিঞৰি কওঁ, মই তেওঁলোকতকৈ বেছি শ্ৰেষ্ঠ হওঁ: মই বেছি পৰিশ্ৰম কৰিলোঁ, মই বাৰে বাৰে জেললৈ গʼলোঁ, বহুবাৰ মই মাৰ খালোঁ আৰু বহুবাৰ মই মৃত্যুৰ সন্মুখীন হʼলোঁ। ২৪ পাঁচ বাৰ মই যিহূদীসকলৰ পৰা ঊনচল্লিশ ঊনচল্লিশ বাৰকৈ কোব খাইছিলোঁ, ২৫ তিনি বাৰ মোক লাঠিৰে মৰা হʼল, এবাৰ মোক শিল দলিয়াই মৰা হʼল, তিনি বাৰ যাত্ৰা কৰি থকা জাহাজ সমুদ্ৰতে ভাঙি গʼল, এদিন আৰু এৰাতি মই সমুদ্ৰৰ মাজতেই কটালোঁ। ২৬ মই বাৰে বাৰে যাত্ৰাৰ বিপদ, নদীৰ বিপদ, ডকাইতৰ বিপদ, নিজৰ লোকসকলৰ পৰা অহা বিপদ, আন ৰাষ্ট্ৰৰ লোকসকলৰ পৰা অহা বিপদ, চহৰৰ বিপদ, অৰণ্যৰ* বিপদ, সমুদ্ৰৰ বিপদ, মিছলীয়া ভাইসকলৰ পৰা অহা বিপদৰ সন্মুখীন হʼলোঁ। ২৭ মই কঠিন পৰিশ্ৰম আৰু সংঘৰ্ষ কৰিলোঁ, প্ৰায় ৰাতি ৰাতি জাগি থাকিলোঁ, ভোকত আৰু পিয়াহত থাকিলোঁ, বহুবাৰ নোখোৱাকৈ থাকিলোঁ, ঠাণ্ডা আৰু কাপোৰৰ অভাৱেৰে* দিন কটালোঁ।

২৮ এইবোৰৰ উপৰিও, প্ৰতিদিনে গোটেই মণ্ডলীৰ চিন্তাই মোক আমনি কৰে। ২৯ যেতিয়া কোনোবাই দুৰ্বল হয়, তেতিয়া ময়ো কষ্ট নাপাওঁ নে? কোনোবাই যদি আনক উজুটি খোৱায়, তেনেহʼলে মোৰো খং নুঠে নে?

৩০ মই যদি ফিতাহি মাৰিবই লাগে, তেনেহʼলে মই সেই কথাবোৰক লৈ ফিতাহি মাৰিম, যিবোৰে মোৰ দুৰ্বলতাক প্ৰকাশ কৰে। ৩১ প্ৰভু যীচুৰ ঈশ্বৰ আৰু পিতৃ, যিজনৰ প্ৰশংসা সদায় হৈ থাকিব, তেওঁ জানে যে মই মিছাকৈ কোৱা নাই। ৩২ দম্মেচকত আৰিতা ৰজাৰ অধীনত যিজন ৰাজ্যপাল আছিল, তেওঁ মোক ধৰিবলৈ দম্মেচক চহৰত পহৰা দিয়াইছিল, ৩৩ কিন্তু মোক এটা ডাঙৰ টুকুৰীত বহাই চহৰৰ দেৱালত বনোৱা এখন খিৰিকীয়েদি নমাই দিলা হʼল আৰু মই তেওঁৰ পৰা ৰক্ষা পালোঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক