ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ইব্ৰী ১৩
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ইব্ৰী কিতাপৰ সাৰাংশ

      • অৱশেষত উপদেশ আৰু নমস্কাৰ (১-২৫)

        • অতিথি-সৎকাৰ কৰিবলৈ নাপাহৰিবা (২)

        • বিবাহক আদৰণীয় বুলি ভবা হওক (৪)

        • নেতৃত্ব লোৱাসকলৰ আজ্ঞা পালন কৰা (৭, ১৭)

        • প্ৰশংসাৰ বলিদান উৎসৰ্গ কৰা (১৫, ১৬)

ইব্ৰী ১৩:২

ফুটনোট

  • *

    বা “অচিনাকী লোকসকলক কৃপা কৰিবলৈ নাপাহৰিবা।”

ইব্ৰী ১৩:৩

ফুটনোট

  • *

    আক্ষ., “বান্ধি থোৱা অৱস্থাত আছে।”

  • *

    বা হয়তো, “যেন তোমালোকেও তেওঁলোকৰ লগত দুখ সহন কৰি আছা।”

ইব্ৰী ১৩:৪

ফুটনোট

  • *

    গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

ইব্ৰী ১৩:৬

ফুটনোট

  • *

    অতি. ক৫ চাওক।

ইব্ৰী ১৩:১৮

ফুটনোট

  • *

    আক্ষ., “ভাল।”

  • *

    বা “সদাচাৰেৰে।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ইব্ৰী ১৩:১-২৫

ইব্ৰীসকললৈ চিঠি

১৩ ভাইসকলৰ নিচিনা এজনে-আনজনক প্ৰেম কৰি থাকা। ২ অতিথি-সৎকাৰ কৰিবলৈ* নাপাহৰিবা, কিয়নো এইদৰে কৰি কিছুমান লোকে অজানিতে স্বৰ্গদূতসকলৰ শুশ্ৰূষা কৰিছিল। ৩ যিসকল জেলত আছে* তেওঁলোকক মনত ৰাখা যেন তোমালোকেও তেওঁলোকৰ লগত জেলত আছা। আৰু যিসকলৰ লগত অত্যাচাৰ কৰা হয়, তেওঁলোককো মনত ৰাখা, কিয়নো তোমালোকেও তেওঁলোকৰ লগত এটাই শৰীৰৰ ভাগ হোৱা।* ৪ সকলোৱে যেন বিবাহক আদৰণীয় বুলি ভাবক আৰু বিবাহৰ শয্যাক অশুচি নকৰক, কিয়নো ঈশ্বৰে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখা আৰু ব্যভিচাৰ কৰা লোকসকলক শাস্তি দিব। ৫ তোমালোকৰ জীৱন-প্ৰণালীয়ে দেখুৱাওক যে টকা-পইচাৰ প্ৰতি তোমালোকৰ প্ৰেম নাই আৰু তোমালোকৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকা। কিয়নো ঈশ্বৰে কৈছে, “মই তোমালোকক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম।” ৬ সেইবাবে, আমি সম্পূৰ্ণ সাহসেৰে এইদৰে কʼব পাৰোঁ, “যিহোৱা* মোৰ সহায়কৰ্তা হয়, মই ভয় নকৰিম। মানুহে মোৰ কি কৰিব পাৰে?”

৭ যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয় আৰু যিসকলে তোমালোকক ঈশ্বৰৰ বাক্য শুনায়, তেওঁলোকক মনত ৰাখা আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰৰ ভাল পৰিণামৰ ওপৰত ধ্যান দি তেওঁলোকৰ বিশ্বাসৰ উদাহৰণত চলা।

৮ যীচু খ্ৰীষ্ট কালি সলনি হোৱা নাছিল, আজিও সলনি হোৱা নাই আৰু আহিবলগীয়া সময়তো সলনি নহʼব।

৯ বিভিন্ন ধৰণৰ অদ্ভুত শিক্ষাৰ পৰা ভ্ৰান্ত নহʼবা। কিয়নো খোৱা-বোৱাৰ বিষয়ে বিভিন্ন নিয়মৰ যোগেদি হৃদয়ক মজবুত কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ মহা-কৃপাৰ যোগেদি হৃদয়ক মজবুত কৰাটো ভাল। কাৰণ যিসকলে খোৱা-বোৱাৰ বিষয়ে বিভিন্ন নিয়মক গুৰুত্ব দিয়ে, তেওঁলোকৰ একো লাভ নহয়।

১০ আমাৰ এনে এটা বেদী আছে, যʼৰ পৰা সেই লোকসকলে খোৱাৰ কোনো অধিকাৰ নাই, যিসকলে তম্বুত পবিত্ৰ সেৱা কৰে। ১১ কিয়নো মহা-পুৰোহিতে যি জন্তুবোৰৰ তেজ পাপ-বলি হিচাপে পবিত্ৰ ঠাইলৈ লৈ যায়, সেই জন্তুবোৰৰ মৃতদেহ ছাউনিৰ বাহিৰত জ্বলাই দিয়া হয়। ১২ সেইবাবে, যীচুৱেও চহৰৰ দুৱাৰৰ বাহিৰত দুখভোগ কৰিলে যাতে তেওঁ নিজৰ তেজেৰে লোকসকলক পবিত্ৰ কৰিব পাৰে। ১৩ সেইবাবে, আহা আমি ছাউনিৰ বাহিৰলৈ তেওঁৰ ওচৰলৈ যাওঁ আৰু তেওঁ যি অপমান সহন কৰিছিল, সেয়া সহন কৰোঁ। ১৪ কিয়নো আমাৰ ইয়াত এনে চহৰ নাই, যি সদায় থাকিব, ইয়াৰ পৰিৱৰ্তে আমি সেই চহৰৰ কাৰণে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, যি আহিবলগীয়া আছে। ১৫ আহা, আমি যীচুৰ যোগেদি সদায় ঈশ্বৰৰ প্ৰশংসাৰ বলিদান অৰ্থাৎ নিজৰ ওঁঠৰ ফল উৎসৰ্গ কৰোঁ, যি আমি ৰাজহুৱাভাৱে ঈশ্বৰৰ নাম ঘোষণা কৰাৰ যোগেদি কৰোঁ। ১৬ ইয়াৰ উপৰিও, আনৰ কাৰণে ভাল কাম কৰা আৰু তোমালোকৰ ওচৰত যি আছে, সেয়া আনক ভগাবলৈ নাপাহৰিবা, কিয়নো ঈশ্বৰ এনে বলিদানৰ পৰা বহুত আনন্দিত হয়।

১৭ যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয়, তেওঁলোকৰ আজ্ঞা পালন কৰা আৰু তেওঁলোকৰ অধীনত থাকা, কিয়নো তেওঁলোকে তোমালোকৰ চোৱা-চিতা কৰে আৰু তেওঁলোকে জানে যে এই কামৰ কাৰণে তেওঁলোকে হিচাপ দিব লাগিব। যদি তোমালোকে এইদৰে কৰা, তেনেহʼলে তেওঁলোকে এই কাম দুখেৰে নহয়, আনন্দেৰে কৰিব আৰু তেওঁলোকে যদি দুখেৰে এই কাম কৰে, তেনেহʼলে ইয়াৰ পৰা তোমালোকৰে ক্ষতি হʼব।

১৮ আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা, কিয়নো আমাৰ বিশ্বাস আছে যে আমাৰ বিবেক শুদ্ধ* আৰু আমি সকলো বিষয়ত সততাৰে* কাম কৰিব খোজোঁ। ১৯ কিন্তু মই তোমালোকক বিশেষভাৱে এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰিছোঁ যাতে মই আৰু সোনকালে তোমালোকৰ ওচৰলৈ উভতি আহিব পাৰোঁ।

২০ আমাৰ প্ৰাৰ্থনা এয়েই যে শান্তিৰ ঈশ্বৰ, যিজনে আমাৰ মহান ৰখীয়া অৰ্থাৎ আমাৰ প্ৰভু যীচুক সদায় কালৰ চুক্তিৰ তেজৰ সৈতে মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, ২১ তেওঁ তোমালোকক নিজৰ ইচ্ছা পূৰ কৰিবলৈ সকলো ভাল বস্তু দি প্ৰস্তুত কৰক আৰু যীচু খ্ৰীষ্টৰ যোগেদি তোমালোকৰ ভিতৰত সেই সকলো কাম কৰক, যি ঈশ্বৰে গ্ৰহণ কৰে। তেওঁৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।

২২ ভাইসকল, মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে মোৰ এই উৎসাহজনক কথা ধৈৰ্য্যেৰে শুনা, কাৰণ মই চমুকৈ তোমালোকলৈ এই চিঠি লিখিছোঁ। ২৩ মই তোমালোকক কʼব বিচাৰোঁ যে আমাৰ ভাই তীমথিয়ক মুকলি কৰা হৈছে। যদি তেওঁ সোনকালে আহে, তেনেহʼলে মই তেওঁৰ লগত আহি তোমালোকক লগ কৰিম।

২৪ যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয়, তেওঁলোকৰ লগতে সকলো পবিত্ৰ লোকক মোৰ নমস্কাৰ জনাবা। ইটালীৰ ভাই-ভনীসকলে তোমালোকক নমস্কাৰ জনাইছে।

২৫ ঈশ্বৰৰ মহা-কৃপা তোমালোক সকলোৰে ওপৰত থাকক।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক