ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • প্ৰকাশিত বাক্য ২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

প্ৰকাশিত বাক্য কিতাপৰ সাৰাংশ

      • এইবোৰ মণ্ডলীলৈ বাৰ্তা: ইফিচ (১-৭), স্মুৰ্ণা (৮-১১), পৰ্গাম (১২-১৭), থুয়াতীৰা (১৮-২৯)

প্ৰকাশিত বাক্য ২:২

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

প্ৰকাশিত বাক্য ২:৯

ফুটনোট

  • *

    আক্ষ., “সভাঘৰ।”

প্ৰকাশিত বাক্য ২:১০

ফুটনোট

  • *

    আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।

প্ৰকাশিত বাক্য ২:১৪

ফুটনোট

  • *

    গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

প্ৰকাশিত বাক্য ২:২৩

ফুটনোট

  • *

    বা “গভীৰ ভাৱনা।” আক্ষ., “বৃক্ক।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰকাশিত বাক্য ২:১-২৯

যোহনলৈ দিয়া প্ৰকাশিত বাক্য

২ “ইফিচৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজনে নিজৰ সোঁহাতত সাতটা তৰা লৈ আছে আৰু সোণৰ সাতটা দীপাধাৰৰ মাজত চলা-ফুৰা কৰে, তেওঁ এইদৰে কৈছে, ২ ‘মই তোমাৰ কাম, তোমাৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্যৰ বিষয়ে জানোঁ আৰু এয়াও জানোঁ যে তুমি দুষ্ট লোকসকলক সহন কৰিব নোৱাৰা। আৰু যিসকলে নিজকে পাঁচনি* বুলি কয়, কিন্তু নহয়, তুমি তেওঁলোকক পৰীক্ষা কৰিলা আৰু তেওঁলোক মিছলীয়া বুলি জানিব পাৰিলা। ৩ তুমি ধৈৰ্য্যও ধৰা আৰু তুমি মোৰ নামৰ কাৰণে বহুতো কষ্ট সহন কৰিও ভাগৰি পৰা নাই। ৪ তথাপিও তোমাৰ বিৰুদ্ধে মোৰ এয়া কʼবলগীয়া আছে যে প্ৰথমে তোমাৰ যি প্ৰেম আছিল, সেই প্ৰেম এতিয়া নাই।

৫ সেইবাবে, তুমি কʼৰ পৰা পৰিলা, তাক মনত পেলোৱা আৰু অনুতাপ কৰা আৰু আগৰ দৰে কাম কৰা। যদি তুমি অনুতাপ নকৰা, তেনেহʼলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰ তাৰ ঠাইৰ পৰা আঁতৰাই দিম। ৬ তথাপি, তোমাৰ এটা ভাল গুণ আছে যে তুমি নীকলায়ৰ গোটৰ কামবোৰক ঘিণ কৰা, যিবোৰক ময়ো ঘিণ কৰোঁ। ৭ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈছে, যিজনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ প্ৰমোদবনত থকা জীৱন গছৰ ফল খাবলৈ দিম।’

৮ স্মুৰ্ণাৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজন ‘প্ৰথম আৰু শেষ হয়,’ যিজন মৰি গৈছিল আৰু আকৌ জীয়াই উঠিল, তেওঁ এইদৰে কৈছে, ৯ ‘মই তোমাৰ দুখ-কষ্ট আৰু তোমাৰ দৰিদ্ৰতা জানোঁ। (তথাপিও তুমি ধনী হোৱা।) মই এয়াও জানোঁ যে নিজকে যিহূদী বুলি কৈ লোকসকলে তোমাৰ নিন্দা কৰে। তেওঁলোক আচলতে যিহূদী নহয়, ইয়াৰ পৰিৱৰ্তে চয়তানৰ দল* হয়। ১০ তুমি যি কষ্ট ভুগিবলগীয়া আছে, তালৈ ভয় নকৰিবা। চোৱা! চয়তানে* তোমালোকৰ মাজৰ কিছুমানক জেলত বন্দী কৰি থাকিব যাতে তোমালোকৰ সম্পূৰ্ণৰূপে পৰীক্ষা হয় আৰু তোমালোকে দহ দিনলৈকে কষ্ট ভুগিব লাগিব, কিন্তু তোমালোকে মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা, তেতিয়া মই তোমালোকক জীৱনৰ কিৰীটি দিম। ১১ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈ আছে: যিজনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যু নহʼব।’

১২ পৰ্গামৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজনৰ ওচৰত দীঘল আৰু দুয়োফালে ধাৰ থকা চোকা তৰোৱাল আছে, তেওঁ এইদৰে কৈছে, ১৩ ‘মই জানোঁ যে তুমি যʼত থাকা, তাত চয়তানৰ সিংহাসন আছে। তথাপিও তুমি মোৰ নাম দৃঢ়তাৰে ধৰি আছা আৰু তুমি সেই দিনবোৰতো মোৰ ওপৰত বিশ্বাস কৰিবলৈ অস্বীকাৰ নকৰিলা, যেতিয়া মোৰ বিশ্বাসযোগ্য সাক্ষী আন্তিপাক তোমালোকৰ সেই চহৰত হত্যা কৰা হৈছিল, যʼত চয়তানৰ আড্ডা আছে।

১৪ তথাপিও তোমালোকৰ বিৰুদ্ধে মোৰ কিছুমান কথা কʼবলগীয়া আছে। তোমালোকৰ মাজৰ এনে কিছুমান লোক আছে, যিসকলে বিলিয়মৰ শিক্ষাৰ অনুসৰি চলে, যিজনে বালাকক শিক্ষা দিছিল যে তেওঁ ইস্ৰায়েলৰ সন্তানসকলৰ পথত উজুটি খোৱাৰ শিল ৰাখে যাতে তেওঁলোকে মূৰ্তিবোৰক আগবঢ়োৱা বস্তুবোৰ খায় আৰু অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখে। ১৫ তোমালোকৰ মাজত এনে লোকো আছে, যিসকলে নীকলায়ৰ গোটৰ শিক্ষাৰ অনুসৰি চলে। ১৬ সেইবাবে, অনুতাপ কৰা। যদি তোমালোকে এইদৰে নকৰা, তেনেহʼলে মই অতি সোনকালে তোমালোকৰ ওচৰলৈ আহি আছোঁ আৰু মই নিজৰ মুখৰ পৰা ওলোৱা দীঘল তৰোৱালেৰে তেওঁলোকৰ লগত যুদ্ধ কৰিম।

১৭ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈছে, যিজনে জয় কৰে, তেওঁক মই লুকুৱাই থোৱা মান্নাৰ পৰা অলপ দিম আৰু এটা বগা শিতল শিলো দিম। সেই শিলত এটা নতুন নাম লিখা থাকিব, যি নাম সেই শিল পোৱা ব্যক্তিজনৰ বাহিৰে কোনেও গʼম নাপাব।’

১৮ থুয়াতীৰাৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজন ঈশ্বৰৰ পুত্ৰ হয়, যিজনৰ চকু জুইৰ শিখাৰ দৰে হয় আৰু যাৰ ভৰি চকচকীয়া তামৰ দৰে হয়, তেওঁ এইদৰে কৈছে, ১৯ ‘মই তোমালোকৰ কাম, প্ৰেম, বিশ্বাস, সেৱা আৰু ধৈৰ্য্যৰ বিষয়ে জানোঁ। আৰু এয়াও জানোঁ যে তোমালোকে অলপতে যি কাম কৰিছিলা, সেয়া আগতে কৰা কামতকৈ উত্তম।

২০ তথাপিও তোমাৰ বিৰুদ্ধে মোৰ কʼবলগীয়া আছে যে তুমি সেই তিৰোতা ঈজেবলক সহ্য কৰিছা, যিজনীয়ে নিজকে ভৱিষ্যবক্তা বুলি কয় আৰু মোৰ দাসসকলক ভুল পথলৈ নিয়ে আৰু তেওঁলোকক অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ আৰু মূৰ্তিবোৰক আগবঢ়োৱা বস্তুবোৰ খাবলৈ শিক্ষা দিয়ে। ২১ মই তাইক সময় দিলোঁ যাতে তাই অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ এৰি দিয়ে আৰু অনুতাপ কৰে, কিন্তু তাই এইদৰে কৰিব নিবিচাৰে। ২২ চোৱা! মই তাইক ৰোগত আক্ৰান্ত কৰি বিচনাত পেলাম আৰু যিসকলে তাইৰ লগত ব্যভিচাৰ কৰে, তেওঁলোকে যদি তাইৰ দৰে কাম কৰিবলৈ এৰি অনুতাপ নকৰে, তেনেহʼলে মই তেওঁলোকক ডাঙৰ সমস্যাত পেলাম। ২৩ মই তাইৰ সন্তানসকলক মাৰাত্মক মহামাৰীৰে মাৰি পেলাম। তেতিয়া গোটেই মণ্ডলীয়ে জানিব যে মই সেইজনেই হওঁ, যিজনে মানুহৰ ভিতৰৰ গভীৰতাত লুকাই থকা চিন্তাধাৰা* আৰু হৃদয়ক চালি-জাৰি চায় আৰু মই তোমালোক প্ৰতিজনকে তোমালোকৰ কামৰ অনুসৰি ফল দিম।

২৪ কিন্তু থুয়াতীৰাৰ বাকী লোকসকল, যিসকলে এই শিক্ষা পালন নকৰে আৰু সেই কথাবোৰৰ বিষয়ে একেবাৰে নাজানে, যিবোৰক চয়তানৰ “গভীৰ বিষয়” বুলি কোৱা হয়, তেওঁলোকক মই কৈছোঁ, মই তোমালোকৰ ওপৰত আৰু কোনো বোজা দিয়া নাই। ২৫ মই কেৱল এয়াই কৈছোঁ, তোমালোকৰ ওচৰত যি আছে, মই নহালৈকে তাক দৃঢ়তাৰে ধৰি ৰাখা। ২৬ আৰু যিজনে জয় কৰে আৰু শেষলৈকে মোৰ দৰে কাম কৰে, মই তেওঁক ৰাষ্ট্ৰৰ ওপৰত অধিকাৰ দিম। ২৭ আৰু তেওঁ লোকসকলৰ ওপৰত ৰখীয়াৰ দৰে লোহাৰ দণ্ডেৰে শাসন কৰিব আৰু তেওঁলোকক মাটিৰ পাত্ৰৰ দৰে ডোখৰ ডোখৰ কৰিব, এই অধিকাৰ মই মোৰ পিতৃৰ পৰা পাইছোঁ। ২৮ জয় কৰাজনক মই ৰাতিপুৱাৰ তৰা দিম। ২৯ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কয়।’

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক