ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • প্ৰকাশিত বাক্য ৩
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

প্ৰকাশিত বাক্য কিতাপৰ সাৰাংশ

      • এইবোৰ মণ্ডলীলৈ বাৰ্তা: চাৰ্দ্দি (১-৬), ফিলাদেলফিয়া (৭-১৩), লায়দিকেয়া (১৪-২২)

প্ৰকাশিত বাক্য ৩:৩

ফুটনোট

  • *

    বা “সেইবোৰ মনত ৰাখা।”

প্ৰকাশিত বাক্য ৩:৪

ফুটনোট

  • *

    আক্ষ., “কিছুমান নাম।”

প্ৰকাশিত বাক্য ৩:৯

ফুটনোট

  • *

    আক্ষ., “সভাঘৰ।”

প্ৰকাশিত বাক্য ৩:১০

ফুটনোট

  • *

    বা হয়তো, “তুমি মোৰ উদাহৰণত চলি ধৈৰ্য্য ধৰিছা।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰকাশিত বাক্য ৩:১-২২

যোহনলৈ দিয়া প্ৰকাশিত বাক্য

৩ চাৰ্দ্দিৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজনৰ ওচৰত ঈশ্বৰৰ সাতটা পবিত্ৰ শক্তি আছে আৰু সাতটা তৰা আছে, তেওঁ কয়, ‘মই তোমাৰ কাম জানোঁ। লোকসকলে ভাবে যে তুমি জীয়াই আছা, কিন্তু তুমি মৃত। ২ সেইবাবে, সতৰ্ক হোৱা আৰু যিবোৰ মৃত্যু হʼবলগীয়া আছে, সেইবোৰ মজবুত কৰা, কিয়নো মই দেখিছোঁ যে মোৰ ঈশ্বৰৰ ওচৰত তুমি নিজৰ কাম সম্পূৰ্ণ কৰা নাই। ৩ সেইবাবে, তুমি যি যি পাইছা আৰু শুনিছা, সেইবোৰৰ ওপৰত সদায় ধ্যান দিয়া* আৰু সেইবোৰৰ অনুসৰি চলি থাকা আৰু অনুতাপ কৰা। যদি তুমি জাগি নাথাকা, তেনেহʼলে মই হঠাতে চোৰৰ দৰে আহিম আৰু তুমি গʼমেই নাপাবা যে মই কোনটো সময়ত আহিম।

৪ তথাপিও চাৰ্দ্দিত থকা তোমালোকৰ মাজত কিছুমান এনে লোক* আছে, যিসকলে নিজৰ কাপোৰত দাগ লগোৱা নাই আৰু তেওঁলোকে বগা কাপোৰ পিন্ধি মোৰ লগত চলিব, কিয়নো তেওঁলোক এই সন্মানৰ যোগ্য। ৫ যিজনে জয় কৰে, তেওঁক এইদৰে বগা কাপোৰ পিন্ধোৱা হʼব আৰু মই জীৱনৰ কিতাপৰ পৰা তেওঁৰ নাম কেতিয়াও মোহাৰি নিদিম, কিন্তু নিজৰ পিতৃ আৰু তেওঁৰ স্বৰ্গদূতৰ আগত তেওঁক গ্ৰহণ কৰিম। ৬ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈছে।’

৭ ফিলাদেলফিয়াৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজন পবিত্ৰ আৰু সত্য, যিজনৰ ওচৰত দায়ূদৰ চাবি আছে, যিজনে দুৱাৰ খুলিলে কোনেও বন্ধ কৰিব নোৱাৰে আৰু বন্ধ কৰিলে কোনেও খুলিব নোৱাৰে, তেওঁ এইদৰে কৈছে, ৮ ‘মই তোমাৰ কাম জানোঁ। (চোৱা! মই তোমাৰ আগত এখন দুৱাৰ খুলিছোঁ, যাক কোনেও বন্ধ কৰিব নোৱাৰে।) মই এয়াও জানোঁ যে তোমাৰ ওচৰত অলপ শক্তি আছে আৰু তুমি মোৰ আজ্ঞাবোৰ পালন কৰিলা আৰু মোৰ নামক অস্বীকাৰ কৰা নাই। ৯ চোৱা! যিসকলে চয়তানৰ দলৰ* হয় আৰু নিজকে যিহূদী বুলি কয়, কিন্তু আচলতে নহয়, ইয়াৰ পৰিৱৰ্তে মিছা কথা কয়, মই তেওঁলোকক তোমাৰ ওচৰলৈ আনিম আৰু তেওঁলোকে তোমাৰ ভৰিত পৰিব। মই তোমাক প্ৰেম কৰোঁ বুলি তেওঁলোকক অনুভৱ কৰাম। ১০ তুমি মোৰ ধৈৰ্য্য ধৰাৰ বিষয়ে যি শুনিছা, তাৰ অনুসৰি তুমি চলিলা,* সেইবাবে পৰীক্ষাৰ সেই সময়ত মই তোমাক চম্ভালিম, যি গোটেই জগতত আহিবলগীয়া আছে, যাৰ যোগেদি পৃথিৱীত থকা লোকসকলৰ ওপৰত পৰীক্ষা হয়। ১১ মই অতি সোনকালে আহি আছোঁ। তোমাৰ ওচৰত যি আছে, তাক দৃঢ়তাৰে ধৰি থাকা যাতে কোনেও তোমাৰ কিৰীটি তোমাৰ পৰা কাঢ়ি নলয়।

১২ যিজনে জয় কৰে, তেওঁক মই নিজৰ ঈশ্বৰৰ মন্দিৰত এটা স্তম্ভ বনাম আৰু তেওঁ কেতিয়াও এই মন্দিৰৰ পৰা বাহিৰলৈ নাযাব। আৰু মই তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম আৰু মোৰ ঈশ্বৰৰ নগৰ অৰ্থাৎ নতুন যিৰূচালেমৰ নাম লিখিম, যি স্বৰ্গৰ পৰা মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামে আৰু তেওঁৰ ওপৰত মোৰ নতুন নামো লিখিম। ১৩ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কয়।’

১৪ লায়দিকেয়াৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজন আমেন হয়, বিশ্বাসযোগ্য আৰু সত্য সাক্ষী হয় আৰু ঈশ্বৰৰ সৃষ্টিৰ আৰম্ভণি হয়, তেওঁ এইদৰে কৈছে, ১৫ ‘মই তোমাৰ কাম জানোঁ যে তুমি ঠাণ্ডাও নোহোৱা আৰু গৰমো নোহোৱা। তুমি ঠাণ্ডা বা গৰম হোৱা হʼলে ভাল আছিল। ১৬ তুমি কুহুমীয়া হোৱা, তুমি ঠাণ্ডাও নোহোৱা আৰু গৰমো নোহোৱা, সেইবাবে মই তোমাক নিজৰ মুখৰ পৰা উকুলিয়াই দিম। ১৭ তুমি কোৱা, “মই ধনী হওঁ আৰু মই বহুত সম্পত্তি অৰ্জন কৰিলোঁ আৰু মোৰ কোনো বস্তুৰ প্ৰয়োজন নাই,” কিন্তু তুমি নাজানা যে তোমাৰ অৱস্থা কিমান বেয়া আৰু দুখময়, তুমি দৰিদ্ৰ, অন্ধ আৰু উলংগ হোৱা। ১৮ সেইবাবে, মই তোমাক উপদেশ দিছোঁ যে তুমি মোৰ পৰা সোণ কিনি লোৱা, যাক জুইত পুৰি শুদ্ধ কৰা হৈছে যাতে তুমি ধনী হোৱা। আৰু তুমি পিন্ধিবলৈ মোৰ পৰা বগা কাপোৰো কিনি লোৱা যাতে লোকসকলে তোমাৰ উলংগতা নেদেখে আৰু তুমি লাজ নোপোৱা আৰু নিজৰ চকুত লগাবলৈ মলমো কিনি লোৱা যাতে তুমি দেখা পোৱা।

১৯ যিসকলক মই মৰম-স্নেহ কৰোঁ, সেই সকলোকে শুধৰাওঁ আৰু অনুশাসন কৰোঁ। সেইবাবে, উৎসাহী হোৱা আৰু অনুতাপ কৰা। ২০ চোৱা! মই দুৱাৰত থিয় হৈ টুকুৰীয়াই আছোঁ। যদি কোনোবাই মোৰ মাত শুনি দুৱাৰ খোলে, তেনেহʼলে মই তেওঁৰ ঘৰৰ ভিতৰলৈ যাম আৰু তেওঁৰ লগত ৰাতিৰ আহাৰ খাম আৰু তেওঁ মোৰ লগত খাব। ২১ যিজনে জয় কৰে, তেওঁক মই মোৰ লগত নিজৰ সিংহাসনত বহিবলৈ অনুমতি দিম, যিদৰে মই জয় কৰি নিজৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহিছিলোঁ। ২২ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈছে।’”

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক