ৰোমীয়াসকললৈ
১৪ যিজনৰ বিশ্বাস দুৰ্বল, তেওঁক গ্ৰহণ কৰা। কিন্তু তেওঁৰ চিন্তাধাৰা তোমাতকৈ বেলেগ হোৱাৰ কাৰণে* তেওঁক ভুল বুলি নকʼবা। ২ যিজনৰ বিশ্বাস দৃঢ়, তেওঁ সকলো বস্তু খায়, কিন্তু যিজনৰ বিশ্বাস দুৰ্বল, তেওঁ কেৱল শাক-পাচলি খায়। ৩ যিজন লোকে সকলো খায়, তেওঁ নোখোৱাজনক নীচ চকুৰে নাচাওক আৰু যিজনে নাখায়, তেওঁ খোৱাজনক দোষী বুলি নকওক, কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰে। ৪ আনৰ সেৱকক দোষী বুলি কোৱাজন তুমি কোন হোৱা? তেওঁ থিয় থাকিব নে পৰি যাব, ইয়াৰ নিৰ্ণয় তেওঁৰ মালিকে কৰিব। আচলতে, তেওঁক থিয় কৰা হʼব, কিয়নো যিহোৱাই* তেওঁক থিয় কৰাব পাৰে।
৫ কোনো মানুহে এটা দিনক, আন দিনতকৈ বিশেষ বুলি ভাবে। আনহাতে, কোনোবাই সকলো দিনক সমান বুলি ভাবে। প্ৰতিজন মানুহে সেয়াই কৰক, যাৰ বিষয়ে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। ৬ যি মানুহে কোনো এটা দিনক বিশেষ বুলি ভাবে, তেওঁ যিহোৱাৰ* কাৰণে ভাবে আৰু যি মানুহে খায়, তেওঁ যিহোৱাৰ* কাৰণে খায়, কিয়নো তেওঁ ঈশ্বৰক ধন্যবাদ দি খায়। আৰু যিজনে নাখায়, তেওঁ যিহোৱাৰ* কাৰণে নাখায়, তথাপিও তেওঁ ঈশ্বৰক ধন্যবাদ দিয়ে। ৭ আচলতে, আমাৰ মাজৰ কোনেও কেৱল নিজৰ কাৰণে জীয়াই নাথাকে আৰু কোনেও নিজৰ কাৰণে নমৰে। ৮ কিয়নো যদি আমি জীয়াই থাকোঁ, তেনেহʼলে যিহোৱাৰ* কাৰণে জীয়াই থাকোঁ। আৰু যদি আমি মৰোঁ, তেনেহʼলে যিহোৱাৰ* কাৰণে মৰোঁ। সেইবাবে, আমি জীওঁ বা মৰোঁ, আমি যিহোৱাৰেই* হওঁ। ৯ এই কাৰণেই খ্ৰীষ্টই নিজৰ জীৱন দিলে আৰু আকৌ জীৱিত হʼল যাতে তেওঁ মৃত আৰু জীৱিত দুয়োৰে প্ৰভু হয়।
১০ কিন্তু তুমি নিজৰ ভাইক কিয় দোষী বুলি কোৱা? বা নিজৰ ভাইক কিয় নীচ চকুৰে চোৱা? আমি সকলোৱে ঈশ্বৰৰ ন্যায়ৰ আসনৰ আগত থিয় হʼব লাগিব। ১১ কিয়নো শাস্ত্ৰত লিখা আছে, “যিহোৱাই* কৈছে, ‘মই নিজৰ জীৱনৰ শপত খাই কৈছোঁ, প্ৰতিজনে মোৰ আগত আঁঠুকাঢ়িব আৰু প্ৰতিজনে নিজৰ জিভাৰে সকলোৰে আগত মানি লʼব যে ময়েই ঈশ্বৰ হওঁ।’” ১২ তেনেহʼলে, আমাৰ মাজৰ প্ৰতিজনে ঈশ্বৰক নিজৰ হিচাপ দিব লাগিব।
১৩ সেইবাবে আহা, আমি এজনে-আনজনক দোষী বুলি নকওঁ। ইয়াৰ পৰিৱৰ্তে, থিৰাং কৰি লোৱা যে তুমি কোনো ভাইক উজুটি নোখোৱাবা আৰু তেওঁ বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ নহʼবা। ১৪ মই জানোঁ আৰু প্ৰভু যীচুত মোৰ বিশ্বাস আছে যে কোনো বস্তু অশুচি নহয়, কিন্তু যিজনে তাক অশুচি বুলি ভাবে, তেওঁৰ কাৰণে সেই বস্তু অশুচি হয়। ১৫ যদি তুমি খোৱাৰ কাৰণে তোমাৰ ভায়ে উজুটি খাইছে, তেনেহʼলে তুমি এতিয়া প্ৰেমৰ পথত চলা নাই। তোমাৰ খোৱাৰ কাৰণে সেই ব্যক্তিক ধ্বংস হʼবলৈ নিদিবা, যিজনৰ কাৰণে খ্ৰীষ্টই নিজৰ জীৱন দিলে। ১৬ সেইবাবে, তুমি যি কামক সঠিক বুলি ভাবা, সেয়া কৰি লোকসকলৰ মাজত তোমাৰ বদনাম নহওক। ১৭ কাৰণ ঈশ্বৰৰ ৰাজ্যৰ অৰ্থ খোৱা-বোৱা নহয়, ইয়াৰ পৰিৱৰ্তে ভাল কাম কৰা, শান্তি আৰু সেই আনন্দ হয়, যি পবিত্ৰ শক্তিৰ পৰা পোৱা যায়। ১৮ যি কোনোৱে এইদৰে খ্ৰীষ্টৰ দাস হৈ তেওঁৰ সেৱা কৰে, তেওঁক ঈশ্বৰে গ্ৰহণ কৰে আৰু তেওঁ মানুহৰ পৰাও প্ৰশংসা পায়।
১৯ গতিকে আহা, আমি এজনে-আনজনৰ লগত শান্তি বজাই ৰাখিবলৈ আৰু এজনে-আনজনক উৎসাহিত কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি থাকোঁ। ২০ কেৱল খোৱাৰ কাৰণে ঈশ্বৰৰ কামক নষ্ট নকৰিবা। এয়া সঁচা যে সকলো বস্তু শুচি হয়, কিন্তু এজন ব্যক্তিৰ খোৱা-বোৱাই যেতিয়া আন এজনৰ কাৰণে উজুটি খোৱাৰ কাৰণ হয়, তেতিয়া সেয়া হানিকাৰক* হৈ পৰে। ২১ মাংস খোৱা বা দ্ৰাক্ষাৰস খোৱা বা আন যি কামৰ যোগেদি তোমাৰ ভাই উজুটি খায়, সেইবোৰ নকৰাই ভাল। ২২ এই বিষয়বোৰত তোমাৰ যি বিশ্বাস আছে, সেয়া ঈশ্বৰ আৰু তোমাৰ মাজত ৰাখা। সুখী সেই ব্যক্তি, যিজনে কোনো কামক সঠিক বুলি ভাবে আৰু সেয়া কৰাৰ পাছত নিজকে দোষী বুলি নকয়। ২৩ কিন্তু তেওঁৰ মনত যদি সন্দেহ আছে, তথাপিও তেওঁ খায়, তেনেহʼলে তেওঁ দোষী হয়, কিয়নো তেওঁ বিশ্বাসেৰে খোৱা নাই। সঁচাকৈ, বিশ্বাসেৰে নকৰা সকলো কাম পাপ হয়।