কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি
৮ হে ভাইসকল, মাকিদনিয়াৰ মণ্ডলীৰ ওপৰত ঈশ্বৰে যি মহা-কৃপা দেখুৱাইছিল, সেই বিষয়ে আমি তোমালোকক জনাব বিচাৰোঁ। ২ যেতিয়া তেওঁলোকে ডাঙৰ পৰীক্ষাৰ সময়ছোৱাত দুখ ভুগিছিল, তেতিয়া অতি দুখীয়া হোৱাৰ সত্ত্বেও তেওঁলোকে আনন্দ মনেৰে দান দি নিজৰ উদাৰতাৰ প্ৰমাণ দিলে। ৩ তেওঁলোকে নিজৰ সামৰ্থ অনুসৰি দিছিল, আনকি তাতকৈয়ো বেছি দিছিল আৰু মই নিজেই এই কথাৰ সাক্ষী হওঁ। ৪ তেওঁলোকে নিজেই আগবাঢ়ি আহি আমাক অনুৰোধ কৰিলে, আনকি তেওঁলোকে আমাক মিনতি কৰি থাকিল যে পবিত্ৰ লোকসকলক সাহায্য আগবঢ়াবলৈ তেওঁলোককো যেন দান দিয়াৰ সন্মান দিয়া হয়। ৫ তেওঁলোকে আমি আশা কৰাতকৈ বেছি কৰিলে, কিয়নো তেওঁলোকে ঈশ্বৰৰ উদ্দেশ্যৰ অনুসৰি নিজকে প্ৰথমে প্ৰভুৰ কাৰণে আৰু তাৰ পাছত আমাৰ কাৰণে দিলে। ৬ সেইবাবে, তোমালোকে মৰমেৰে দিয়া দান গোটোৱাৰ কাম পূৰ কৰিবলৈ আমি তীতক উৎসাহিত কৰিছিলোঁ, যি তেওঁ আৰম্ভ কৰিছিল। ৭ সেইবাবে, তোমালোকে যিদৰে সকলো কথাত অৰ্থাৎ বিশ্বাস আৰু কথা কোৱাৰ দক্ষতাত জ্ঞান আৰু উৎসাহ আৰু আমি তোমালোকক প্ৰেম কৰাৰ দৰেই তোমালোকেও প্ৰেম দেখুৱাত ধনী হোৱা, ঠিক সেইদৰে দান দিয়াৰ ক্ষেত্ৰতো উদাৰশীল হোৱা।
৮ এয়া কৈ মই তোমালোকক কোনো আদেশ দিয়া নাই, ইয়াৰ পৰিৱৰ্তে আনে কিমান আনন্দ মনেৰে দান দিছে, সেই কথাৰ ওপৰত তোমালোকৰ ধ্যান আকৰ্ষণ কৰি আছোঁ আৰু মই পৰীক্ষা কৰি চাব বিচাৰোঁ যে তোমালোকৰ প্ৰেম কিমান সঁচা হয়। ৯ কাৰণ তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপাৰ বিষয়ে জানা যে তেওঁ ধনী হোৱাৰ সত্ত্বেও তোমালোকৰ কাৰণে দুখীয়া হʼল যাতে তোমালোকে তেওঁ দুখীয়া হোৱাৰ পৰা ধনী হʼব পাৰা।
১০ এই বিষয়ে মই নিজৰ মতামত জনাইছোঁ: এই কাম পূৰ কৰিলে তোমালোকৰেই লাভ হʼব। কিয়নো এবছৰ পাৰ হৈ গʼল, যেতিয়া তোমালোকে এই কাম আৰম্ভ কৰিছিলা আৰু তোমালোকে এইদৰে কৰিবলৈ বহুত ইচ্ছাও দেখুৱাইছিলা। ১১ তোমালোকে এই কাম যিমান উৎসাহেৰে আৰম্ভ কৰিছিলা, সিমানেই উৎসাহেৰে এই কাম নিজৰ সামৰ্থ অনুসৰি পূৰো কৰা। ১২ কাৰণ যদি এজন মানুহৰ কিবা দিয়াৰ ইচ্ছা থাকে, তেনেহʼলে তেওঁৰ ওচৰত দিবলৈ যি আছে, সেয়া গ্ৰহণ কৰা হয়। তেওঁৰ ওচৰত যি নাই, সেয়া দিবলৈ তেওঁৰ পৰা আশা কৰা নহয়। ১৩ কাৰণ আনে আৰামেৰে থকাটো আৰু তোমালোকে কষ্টত থকাটো মই নিবিচাৰোঁ। ১৪ ইয়াৰ পৰিৱৰ্তে, মই বিচাৰোঁ যে এতিয়া তোমালোকৰ অধিকতাই তেওঁলোকৰ অভাৱ পূৰ কৰক আৰু তেওঁলোকৰ অধিকতাইয়ো তোমালোকৰ অভাৱ পূৰ কৰক যাতে এইদৰে সমান হৈ যায়। ১৫ যিদৰে লিখাও আছে, “যিজনৰ ওচৰত বেছি আছিল, তেওঁৰ ওচৰত বহুত বেছি নহʼল আৰু যিজনৰ ওচৰত কম আছিল, তেওঁৰ অভাৱ নহʼল।”
১৬ ঈশ্বৰৰ ধন্যবাদ হওক। কাৰণ তোমালোকৰ বিষয়ে আমি যিমান চিন্তা কৰোঁ, তীতেও তোমালোকৰ বিষয়ে সিমানেই চিন্তা কৰে। ১৭ কিয়নো আমি কোৱাৰ কাৰণেই তেওঁ তোমালোকৰ ওচৰলৈ গৈ আছে, এনে নহয়, ইয়াৰ পৰিৱৰ্তে আগ্ৰহী হৈ তেওঁ নিজ ইচ্ছাৰে তোমালোকৰ ওচৰলৈ গৈ আছে। ১৮ আমি তেওঁৰ লগত সেই ভাইজনকো পঠাইছোঁ, যিজনে শুভবাৰ্তা শুনোৱাৰ কামত যি কৰিছিল, তাৰ কাৰণে গোটেই মণ্ডলীত তেওঁৰ প্ৰশংসা হৈ আছে। ১৯ ইয়াৰ উপৰিও, মণ্ডলীবোৰে এই ভাইক আমাৰ লগত যাত্ৰা কৰিবলৈ নিযুক্ত কৰিছে যাতে তেওঁ আমাৰ লগত মৰমেৰে দিয়া এই উপহাৰ লৈ যোৱা কাম কৰিব পাৰে। এই দান আমি প্ৰভুৰ মহিমাৰ কাৰণে ভগাম, যি এই কথাৰ প্ৰমাণো হʼব যে আমি আনক সহায় কৰিব বিচাৰোঁ। ২০ উদাৰতাৰে দিয়া দান ভগাই দিয়াৰ বিষয়ে আমি আগৰে পৰা সাৱধান হৈছোঁ যাতে কোনেও যেন আমাক দুখ দিব নোৱাৰে। ২১ কাৰণ আমি “কেৱল যিহোৱাৰ* দৃষ্টিতে নহয়, কিন্তু মানুহৰ দৃষ্টিতো সকলো কাম সততাৰে* কৰিবলৈ সাৱধান হওঁ।”
২২ ইয়াৰ উপৰিও, আমি তেওঁলোকৰ লগত সেই ভাইজনকো পঠাইছোঁ, যিজনক আমি বহুবাৰ চালি-জাৰি চালোঁ আৰু দেখিলোঁ যে তেওঁ বহুতো বিষয়ত পৰিশ্ৰমী হয়। তেৱোঁ তোমালোকৰ ওপৰত বহুত ভৰসা কৰে, সেইবাবে তেওঁ আৰু বেছি পৰিশ্ৰম কৰিব। ২৩ যদি তীতৰ বিষয়ে কিবা প্ৰশ্ন আছে, তেনেহʼলে মই তোমালোকক কওঁ যে তেওঁ মোৰ লগৰ* আৰু মোৰ সহকৰ্মী হয়, যিজনে তোমালোকৰ ভালৰ কাৰণে কাম কৰে আৰু আন ভাইবিলাকৰ বিষয়ে যদি কিবা প্ৰশ্ন আছে, তেনেহʼলে মনত ৰাখা যে তেওঁলোক মণ্ডলীয়ে পঠোৱা পাঁচনি* হয় আৰু খ্ৰীষ্টৰ মহিমা কৰে। ২৪ সেইবাবে, তেওঁলোকক নিজৰ প্ৰেমৰ প্ৰমাণ দিয়া আৰু মণ্ডলীবোৰৰ আগত দেখুওৱা যে আমি তোমালোকক লৈ কিয় গৰ্ব কৰোঁ।