ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • গালাতীয়া ৬
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

গালাতীয়া কিতাপৰ সাৰাংশ

      • এজনে-আনজনৰ ভাৰ উঠোৱা (১-১০)

        • যি বয়, তাকেই দাব (৭, ৮)

      • চুন্নৎ কোনো অৰ্থ নাৰাখে (১১-১৬)

        • এক নতুন সৃষ্টি (১৫)

      • সমাপ্তি (১৭, ১৮)

গালাতীয়া ৬:৫

ফুটনোট

  • *

    বা “নিজৰ দায়িত্বৰ বোজা।”

গালাতীয়া ৬:৬

ফুটনোট

  • *

    বা “মৌখিকভাৱে শিকোৱা।”

গালাতীয়া ৬:৯

ফুটনোট

  • *

    বা “ভাগৰি নাযাওঁ।”

গালাতীয়া ৬:১০

ফুটনোট

  • *

    আক্ষ., “নিৰ্ধাৰিত কৰা সময়।”

গালাতীয়া ৬:১২

ফুটনোট

  • *

    শব্দকোষ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
গালাতীয়া ৬:১-১৮

গালাতীয়াসকললৈ চিঠি

৬ হে ভাইসকল, যদি কোনোবাই নজনাকৈ কিবা ভুল পদক্ষেপ লয়, তেনেহʼলে তোমালোক, যিসকল পৰিপক্ক খ্ৰীষ্টান, তোমালোকে সেই মানুহজনক কোমলতাৰে শুধৰণি কৰিবলৈ চেষ্টা কৰা। কিন্তু তোমালোকে নিজৰ বিষয়েও সতৰ্ক হৈ থাকা যাতে তোমালোক যেন প্ৰলোভনত নপৰা। ২ এজনে-আনজনৰ ভাৰ উঠাই থাকা আৰু এইদৰে খ্ৰীষ্টৰ নিয়ম পালন কৰা। ৩ কোনোৱে যদি একো নোহোৱাৰ সত্ত্বেও নিজকে ডাঙৰ বুলি ভাবে, তেনেহʼলে তেওঁ নিজকে ভুলাইছে। ৪ কিন্তু প্ৰতিজনে নিজৰ কাম চালি-জাৰি চাওক। তেতিয়া তেওঁ আনৰ লগত নিজৰ তুলনা কৰি নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ কামত আনন্দিত হʼব। ৫ কাৰণ প্ৰতিজনে নিজৰ বোজা* নিজেই উঠাব।

৬ ইয়াৰ উপৰিও, যিজনক ঈশ্বৰৰ বাক্য শিকোৱা* হৈছে, তেওঁ নিজৰ শিক্ষকৰ লগত সকলো ভাল বস্তুৰ সহভাগীতা হওক।

৭ ভুল ধাৰণাত নাথাকিবা: ঈশ্বৰক ঠগিব নোৱাৰি। কাৰণ এজন মানুহে যি বয়, তাকেই দাব। ৮ কিয়নো যিজনে শৰীৰৰ কাৰণে বয়, তেওঁ শৰীৰৰ পৰা বিনাশৰ শস্য দাব, কিন্তু যিজনে পবিত্ৰ শক্তিৰ কাৰণে বয়, তেওঁ পবিত্ৰ শক্তিৰ পৰা অনন্ত জীৱনৰ শস্য দাব। ৯ সেইবাবে, আহা আমি উত্তম কাম কৰিবলৈ হাৰ নামানোঁ। কিয়নো যদি আমি হাৰ নামানোঁ,* তেনেহʼলে সঠিক সময়ত নিশ্চয় ফল পাম। ১০ সেইবাবে, যেতিয়ালৈকে আমাৰ ওচৰত সুযোগ* আছে, আহা আমি সকলোৰে কাৰণে ভাল কাম কৰোঁ, বিশেষকৈ সেই লোকসকলৰ কাৰণে যিসকল বিশ্বাসত আমাৰ ভাই-ভনী হয়।

১১ চোৱা, মই নিজ হাতেৰে কিমান ডাঙৰ ডাঙৰ আখৰেৰে তোমালোকলৈ এই চিঠি লিখিছোঁ।

১২ যিসকল লোকে মানুহক আনন্দিত কৰিব বিচাৰে, তেওঁলোকে চুন্নৎ কৰিবলৈ তোমালোকক জোৰ কৰিবলৈ চেষ্টা কৰে যাতে খ্ৰীষ্টৰ যাতনাৰ কাঠৰ* কাৰণে তেওঁলোকে অত্যাচাৰ ভুগিবলগীয়া নহয়। ১৩ কাৰণ যিসকলে চুন্নৎ কৰে, তেওঁলোকে নিজেই নিয়ম পালন নকৰে। কিন্তু তোমালোকে চুন্নৎ কৰাটো তেওঁলোকে বিচাৰে যাতে তোমালোকৰ শৰীৰৰ অৱস্থা দেখি তেওঁলোকে যেন ফিতাহি মাৰিব পাৰে। ১৪ কিন্তু মই প্ৰভু যীচু খ্ৰীষ্টৰ যাতনাৰ কাঠৰ বাহিৰে আন কোনো বিষয়ক লৈ ফিতাহি নামাৰোঁ। মোৰ দৃষ্টিত খ্ৰীষ্টৰ যোগেদি জগত মৰিল আৰু জগতৰ দৃষ্টিত মই মৰিলোঁ। ১৫ চুন্নৎ কৰা বা নকৰা কোনো অৰ্থ নাৰাখে, কিন্তু নতুন সৃষ্টিয়েহে অৰ্থ ৰাখে। ১৬ যিসকলে এই নিয়মৰ অনুসৰি সঠিক উপায়েৰে চলে, তেওঁলোকৰ ওপৰত অৰ্থাৎ ঈশ্বৰৰ ইস্ৰায়েলৰ ওপৰত দয়া আৰু শান্তি হওক।

১৭ এতিয়াৰ পৰা মই এয়া কৈছোঁ, কোনেও মোৰ কাৰণে সমস্যাৰ সৃষ্টি নকৰক, কিয়নো মই নিজৰ শৰীৰত সেই দাগ লৈ ফুৰিছোঁ, যি এই কথাৰ চিন হয় যে মই যীচুৰ এজন দাস হওঁ।

১৮ ভাইসকল, তোমালোকে যি সঠিক মনোভাৱ দেখুৱাইছা, তাৰ কাৰণে প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক। আমেন।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক