লূকে লিখা শুভবাৰ্তা
১৪ আকৌ এবাৰ যীচুৱে বিশ্ৰাম-বাৰে* ফৰীচীবিলাকৰ এজন অধিকাৰীৰ ঘৰলৈ খাবলৈ গৈছিল। আৰু তেওঁলোকে যীচুক ধ্যান দি চাই আছিল। ২ তাত তেওঁৰ ওচৰত এজন ব্যক্তি আছিল, যিজনৰ জলোদৰি* বেমাৰ হৈছিল। ৩ তেতিয়া যীচুৱে নিয়মৰ বিষয়ে জনা লোক আৰু ফৰীচীবিলাকক সুধিলে, “বিশ্ৰাম-বাৰে বেমাৰ ঠিক কৰাটো উচিত নে?” ৪ কিন্তু তেওঁলোক মনে মনে থাকিল। তেতিয়া যীচুৱে সেই মানুহজনক চুই সুস্থ কৰিলে আৰু পঠিয়াই দিলে। ৫ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “বিশ্ৰাম-বাৰে যদি তোমালোকৰ মাজৰ কাৰোবাৰ লʼৰা বা গৰু নাদত পৰি যায়, তেনেহʼলে তাক লগে লগে টানি বাহিৰলৈ নুলিওৱা কোনোবা আছে নে?” ৬ তেওঁলোকে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে।
৭ ইয়াৰ পাছত তেওঁ যেতিয়া দেখিলে যে তাত অহা আলহীসকলে বহিবৰ কাৰণে ভাল ভাল ঠাই বাছনি কৰি আছে, তেতিয়া যীচুৱে তেওঁলোকক কʼলে,* ৮ “যেতিয়া কোনোবাই তোমাক বিয়াৰ ভোজলৈ মাতে, তেতিয়া আগফালে গৈ সকলোতকৈ ভাল ঠাইত নবহিবা। কিজানি তাত হয়তো তোমাতকৈ সন্মানীয় কোনো এজন ব্যক্তিক মতা হৈছে। ৯ তেতিয়া যিজনে তোমালোক দুয়োজনকে নিমন্ত্ৰণ কৰিছিল, তেওঁ আহি তোমাক কʼব, ‘এই মানুহজনক ইয়াত বহিবলৈ দিয়া।’ তেতিয়া তুমি লাজ পাই তাৰ পৰা উঠিব লাগিব আৰু সকলোৰে পিছফালে গৈ বহিব লাগিব। ১০ সেইবাবে, যেতিয়া তুমি নিমন্ত্ৰণ পোৱা, তেতিয়া গৈ তুমি সকলোৰে পিছফালে বহিবা। যেতিয়া নিমন্ত্ৰণ কৰাজনে আহিব, তেতিয়া তোমাক কʼব, ‘মোৰ বন্ধু, আগফালে গৈ বহা।’ তেতিয়া সকলো আলহীৰ আগত তোমাৰ সন্মান বাঢ়িব। ১১ কাৰণ যি কোনোৱে নিজকে ডাঙৰ কৰে, তেওঁক সৰু কৰা হʼব আৰু যি কোনোৱে নিজকে সৰু কৰে, তেওঁক ডাঙৰ কৰা হʼব।”
১২ ইয়াৰ পাছত তেওঁ নিমন্ত্ৰণ কৰাজনক কʼলে, “যেতিয়া তুমি দুপৰীয়া বা ৰাতিৰ আহাৰ আয়োজন কৰিবা, তেতিয়া নিজৰ বন্ধু, ভাই-ককাই, সম্বন্ধীয় বা ধনী চুবুৰীয়াক নামাতিবা। এইদৰে কৰিলে তেওঁলোকেও হয়তো কেতিয়াবা তাৰ সলনি তোমালোকক খাবলৈ মাতিব পাৰে। ১৩ কিন্তু যেতিয়া তুমি ভোজৰ আয়োজন কৰা, তেতিয়া তুমি দুখীয়া, খোৰা, অন্ধ আৰু আন বিকলাংগসকলক মাতিবা। ১৪ তেতিয়া তুমি আনন্দিত হʼবা, কিয়নো তোমাক ঘূৰাই দিবলৈ তেওঁলোকৰ ওচৰত একোৱেই নাই। যেতিয়া ভাল মানুহক আকৌ জীয়াই তোলা হʼব, তেতিয়া তুমি ইয়াৰ পুৰস্কাৰ পাবা।”
১৫ এই কথা শুনি তাত উপস্থিত থকা আলহীসকলৰ মাজৰ এজনে তেওঁক কʼলে, “যিজনে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব* তেওঁ সুখী।”
১৬ যীচুৱে তেওঁক কʼলে, “এজন মানুহে ৰাতিৰ কাৰণে এটা ডাঙৰ ভোজৰ আয়োজন কৰিলে আৰু বহুতো লোকক মাতিলে। ১৭ যেতিয়া খোৱা-বোৱাৰ সময় হʼল, তেতিয়া তেওঁ নিজৰ দাসক কʼলে যে যিসকলক মতা হৈছে, তেওঁলোকক কোৱাগৈ, ‘আহি যোৱা, সকলো তৈয়াৰ হʼল।’ ১৮ কিন্তু তেওঁলোক সকলোৱে বাহানা মাৰিবলৈ ধৰিলে। প্ৰথমজনে তেওঁক কʼলে, ‘মই এডোখৰ মাটি কিনিছোঁ, মই সেয়া চাবলৈ যাব লাগিব। সেইবাবে, মোক ক্ষমা কৰি দিয়ক।’ ১৯ দ্বিতীয়জনে কʼলে, ‘মই পাঁচহাল গৰু কিনিছোঁ আৰু সেয়া মই চালি-জাৰি চাবলৈ গৈ আছোঁ। সেইবাবে, মোক ক্ষমা কৰি দিয়ক।’ ২০ আৰু এজনে কʼলে, ‘মই নতুনকৈ বিয়া কৰিছোঁ। সেইবাবে, মই আহিব নোৱাৰোঁ।’ ২১ দাসজনে উভতি গৈ এই সকলো কথা ঘৰৰ মালিকজনক কʼলে। তেতিয়া মালিকৰ খং উঠিল আৰু দাসজনক কʼলে, ‘এতিয়াই ৰাস্তা আৰু চহৰৰ সৰু সৰু বাটলৈ যোৱা। আৰু দুখীয়া, অন্ধ, খোৰা আৰু আন বিকলাংগসকলক ইয়ালৈ লৈ আনা।’ ২২ অলপ সময়ৰ পাছত দাসজনে কʼলে, ‘মালিক, আপুনি যিদৰে কʼলে, সেইদৰেই কৰা হʼল। তথাপিও ঠাই খালী আছে।’ ২৩ তেতিয়া মালিকে তেওঁক কʼলে, ‘ৰাস্তা আৰু ঠেক বাটলৈ যোৱা। আৰু তাত থকা লোকসকলক জোৰ কৰি লৈ আনা যাতে মোৰ ঘৰখন ভৰি যায়। ২৪ কিয়নো মই তোমালোকক কৈছোঁ, যিসকলক মতা হৈছিল, তেওঁলোকৰ মাজৰ এজনেও মোৰ ভোজৰ সোৱাদ লʼব নোৱাৰিব।’”
২৫ লোকসকলৰ এটা ডাঙৰ ভীৰ যীচুৰ লগত খোজকাঢ়ি গৈ আছিল। যীচুৱে পিছফালে চাই তেওঁলোকক কʼলে, ২৬ “যদি কোনোবাই মোৰ ওচৰলৈ আহে আৰু নিজৰ মা, দেউতা, পত্নী, লʼৰা-ছোৱালী, ভাই-ককাই আৰু বাই-ভনী আনকি, নিজৰ জীৱনক ঘৃণা নকৰে,* তেনেহʼলে তেওঁ মোৰ শিষ্য হʼব নোৱাৰিব। ২৭ যিজনে নিজৰ যাতনা কাঠ* নুঠায় আৰু মোৰ পিছে পিছে নাহে, তেওঁ মোৰ শিষ্য হʼব নোৱাৰে। ২৮ উদাহৰণস্বৰূপে, তোমালোকৰ মাজৰ কোনোবাই যদি এটা দুৰ্গ নিৰ্মাণ কৰিব বিচাৰে, তেনেহʼলে তেওঁ প্ৰথমে বহি হিচাপ নকৰিব নে যে সেয়া সম্পূৰ্ণ কৰিবলৈ তেওঁৰ ওচৰত যথেষ্ট টকা-পইচা আছে নে নাই? ২৯ নহʼলে ভিত্তিমূল স্থাপন কৰাৰ পাছত তেওঁ যদি সেই দুৰ্গ নিৰ্মাণ কৰা কাম সম্পূৰ্ণ কৰিব নোৱাৰে, তেনেহʼলে যিসকলে ইয়াক দেখিব, তেওঁলোক সকলোৱে তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিব ৩০ আৰু কʼব, ‘এই মানুহজনে বনাবলৈ আৰম্ভতো কৰিলে, কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে।’ ৩১ অথবা যদি কোনো ৰজাই অন্য ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচাৰে, তেনেহʼলে তেওঁ প্ৰথমে বহি আলোচনা নকৰিব নে যে ১০,০০০ জন সৈন্য লৈ তেওঁ সেই শত্ৰু ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰিব নে নোৱাৰে, যিজনে ২০,০০০ জন সৈন্য লৈ আহিছে? ৩২ তেওঁ যদি যুদ্ধ কৰিব নোৱাৰে, তেনেহʼলে সেই ৰজা দূৰত থাকোঁতেই তেওঁ নিজৰ ৰাজদূতসকলক পঠাই শান্তিৰ বাবে সন্ধি স্থাপন কৰিবলৈ চেষ্টা কৰিব। ৩৩ ঠিক সেইদৰে, বিশ্বাস কৰা যে তোমালোকৰ মাজৰ যিজনে নিজৰ সকলো সম্পত্তি ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হʼব নোৱাৰে।
৩৪ নিমখ উত্তম হয়, কিন্তু নিমখে যদি নিজৰ সোৱাদ হেৰুৱায়, তেনেহʼলে তাক কি দি আকৌ নিমখীয়া কৰিব পাৰি? ৩৫ এয়া মাটি বা সাৰ দুয়োটাৰ কাৰণেই উপযোগী নহয়। লোকসকলে সেইবোৰ বাহিৰত পেলাই দিয়ে। মই কি কৈ আছোঁ, কাণ পাতি শুনা।”