মথিয়ে লিখা শুভবাৰ্তা
১৯ এইবোৰ কথা শেষ কৰাৰ পাছত যীচু গালীৰৰ পৰা ওলাই আহি যৰ্দ্দনৰ সিপাৰে থকা যিহূদিয়াৰ সীমালৈ আহিল। ২ ভীৰৰ লোকসকলে তেওঁৰ পিছে পিছে আহিল আৰু যীচুৱে তাত লোকসকলক সুস্থ কৰিলে।
৩ তেতিয়া ফৰীচীবিলাকে যীচুক পৰীক্ষা কৰিবলৈ তেওঁৰ ওচৰলৈ আহিল। তেওঁলোকে যীচুক সুধিলে, “এজন পুৰুষে যিকোনো কাৰণৰ বাবে নিজৰ পত্নীক তালাক দিয়াটো উচিত নে?” ৪ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “তোমালোকে পঢ়া নাই নে যে যিজনে তেওঁলোকক সৃষ্টি কৰিলে, তেওঁ আৰম্ভণিৰে পৰা তেওঁলোকক পুৰুষ আৰু স্ত্ৰী হিচাপে বনাইছিল। ৫ আৰু কৈছিল, ‘সেইবাবে পুৰুষে নিজৰ মা-দেউতাক এৰি দিব আৰু নিজৰ পত্নীৰ লগত থাকিব আৰু তেওঁলোক দুয়োজন একদেহ হʼব’? ৬ গতিকে, তেওঁলোক এতিয়া দুজন নহয়, কিন্তু একদেহ হয়। সেইবাবে, ঈশ্বৰে যাক এটা বান্ধোনত বান্ধিছে,* তাক কোনো মানুহে পৃথক নকৰক।” ৭ তেতিয়া ফৰীচীসকলে যীচুক কʼলে, “তেনেহʼলে মোচিয়ে এইদৰে কিয় কৈছিল যে এজন পুৰুষে তালাকৰ প্ৰমাণ পত্ৰ দি নিজৰ পত্নীক তালাক দিব পাৰে।” ৮ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ হৃদয় কঠোৰ হোৱাৰ কাৰণে মোচিয়ে তোমালোকক নিজৰ পত্নীক তালাক দিবলৈ অনুমতি দিছিল, কিন্তু আৰম্ভণিৰে পৰা এইদৰে নাছিল।” ৯ মই তোমালোকক কওঁ যে যি কোনোৱে অনৈতিক শাৰীৰিক সম্পৰ্কৰ* বাহিৰে আন কিবা কাৰণত নিজৰ পত্নীক তালাক দিয়ে আৰু আন কাৰোবাক বিয়া কৰে, তেনেহʼলে তেওঁ ব্যভিচাৰ* কৰে।
১০ শিষ্যসকলে তেওঁক কʼলে, “যদি স্বামী-স্ত্ৰীৰ মাজত এনেধৰণৰ পৰিস্থিতি হয়, তেনেহʼলে বিয়া নকৰাটোৱে ভাল।” ১১ যীচুৱে তেওঁলোকক কʼলে, “মই যি কৈ আছোঁ সেয়া সকলোৱে কৰিব নোৱাৰে, কিন্তু যিসকলক এই উপহাৰ দিয়া হৈছে, কেৱল তেওঁলোকেহে কৰিব পাৰে। ১২ কিয়নো কিছুমানে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে। কিছুমানক মানুহে নপুংসক কৰি দিছে আৰু কিছুমানে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নপুংসক কৰিছে। যি কোনোৱে ৰাজ্যৰ কাৰণে অবিবাহিত হৈ থাকিব পাৰে, তেওঁ থাকক।”
১৩ তাৰ পাছত লোকসকলে সৰু সৰু লʼৰা-ছোৱালীক যীচুৰ ওচৰলৈ লৈ আহিল যাতে তেওঁ লʼৰা-ছোৱালীৰ ওপৰত হাত ৰাখি সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰে। কিন্তু শিষ্যসকলে তেওঁলোকক ধমকি দিলে। ১৪ কিন্তু যীচুৱে কʼলে, “লʼৰা-ছোৱালীক মোৰ ওচৰলৈ আহিবলৈ দিয়া, সিহঁতক বাধা নিদিবা, কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোকসকলৰ বাবেহে।” ১৫ তেওঁ সিহঁতৰ ওপৰত হাত ৰাখিলে আৰু পাছত তেওঁ তাৰ পৰা গুচি গʼল।
১৬ আৰু চোৱা! এজন মানুহে তেওঁৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে, “গুৰু অনন্ত জীৱন পাবলৈ মই কি ভাল কাম কৰিব লাগিব?” ১৭ যীচুৱে তেওঁক কʼলে, “ভাল কাম কি হয় বুলি তুমি মোক কিয় সুধিছা? ভাল মাত্ৰ এজনেই আছে। যদি তুমি জীৱন পাব বিচাৰা, তেনেহʼলে আজ্ঞাবোৰ পালন কৰি থাকা।” ১৮ সেই মানুহজনে সুধিলে, “কোনবোৰ আজ্ঞা?” যীচুৱে কʼলে, “তুমি হত্যা নকৰিবা, তুমি ব্যভিচাৰ নকৰিবা, তুমি চুৰ নকৰিবা, তুমি মিছা সাক্ষ্য নিদিবা, ১৯ নিজৰ মা-দেউতাক সন্মান কৰিবা আৰু নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” ২০ সেই ডেকাজনে যীচুক কʼলে, “মই এই সকলো পালন কৰি আহিছোঁ, কওক মই আৰু কি কৰিম?” ২১ যীচুৱে তেওঁক কʼলে, “যদি তুমি বেছিকৈ কৰিব বিচাৰা, তেনেহʼলে যোৱা আৰু নিজৰ সকলো বেচি দুখীয়াক দি দিয়া, কিয়নো তুমি স্বৰ্গত ধন পাবা আৰু আহি মোৰ শিষ্য হোৱা।” ২২ এই কথা শুনি ডেকাজন বহুত দুখীত হʼল আৰু তাৰ পৰা গুচি গʼল। কাৰণ তেওঁৰ বহুত ধন-সম্পত্তি আছিল। ২৩ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, এজন ধনী ব্যক্তিৰ কাৰণে স্বৰ্গৰাজ্যত সোমোৱাটো বৰ কঠিন হʼব। ২৪ মই তোমালোকক আকৌ কৈছোঁ, এজন ধনী ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ, এটা উটে বেজীৰ ফুটাইদি সোমোৱাটোৱে সহজ হʼব।”
২৫ এই কথা শুনি শিষ্যসকলে আচৰিত হৈ কʼবলৈ ধৰিলে, “তেনেহʼলে কোনে উদ্ধাৰ পাব?” ২৬ যীচুৱে তেওঁলোকৰ ফালে চকুৱে চকুৱে চাই কʼলে, “মানুহৰ কাৰণে এয়া অসম্ভৱ, কিন্তু ঈশ্বৰৰ কাৰণে সকলো সম্ভৱ।”
২৭ তাৰ পাছত পিতৰে তেওঁক কʼলে, “চাওক! আমি সকলো এৰি আপোনাৰ পিছে পিছে আহিছোঁ, তেনেহʼলে আমি কি পাম?” ২৮ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়া সকলো নতুন কৰা হʼব* আৰু মানুহৰ পুত্ৰ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব, তেতিয়া মোৰ পিছে পিছে অহা তোমালোকেও ১২ টা সিংহাসনত বহি ইস্ৰায়েলৰ ১২ টা গোষ্ঠীৰ ন্যায় কৰিবা। ২৯ যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ বা ভাই বা ভনী বা মা বা দেউতা বা সন্তান বা মাটি এৰি দিয়ে, তেওঁ ১০০ গুণ বেছি পাব আৰু অনন্ত জীৱন পাব।
৩০ কিন্তু যিসকল প্ৰথমে আছে, তেওঁলোক শেষত হʼব আৰু যিসকল শেষত আছে, তেওঁলোক প্ৰথম হʼব।