ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ৰোমীয়া ১৬
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ৰোমীয়া কিতাপৰ সাৰাংশ

      • পৌলে ফৈবী নামৰ ভনীৰ বিষয়ে কয় (১, ২)

      • ৰোমৰ খ্ৰীষ্টানসকলক নমস্কাৰ (৩-১৬)

      • বিভেদ সৃষ্টি কৰা লোকসকলৰ বিষয়ে সতৰ্কবাণী (১৭-২০)

      • পৌলৰ সহকৰ্মীসকলৰ পৰা নমস্কাৰ (২১-২৪)

      • পবিত্ৰ ৰহস্য এতিয়া প্ৰকাশ পালে (২৫-২৭)

ৰোমীয়া ১৬:৪

ফুটনোট

  • *

    আক্ষ., “নিজৰ ডিঙি।”

ৰোমীয়া ১৬:৭

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

  • *

    আক্ষ., “লগত একতাত আছে।”

ৰোমীয়া ১৬:১৭

ফুটনোট

  • *

    আক্ষ., “উজুটি খোৱাৰ কাৰণ।”

ৰোমীয়া ১৬:১৮

ফুটনোট

  • *

    বা “নিজৰ পেটৰ।”

ৰোমীয়া ১৬:২৩

ফুটনোট

  • *

    বা “প্ৰবন্ধক।”

ৰোমীয়া ১৬:২৪

ফুটনোট

  • *

    অতি. ক৩ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ৰোমীয়া ১৬:১-২৭

ৰোমীয়াসকললৈ

১৬ মই কিংক্ৰিয়া মণ্ডলীত সেৱা কৰা আমাৰ ভনী ফৈবীৰ বিষয়ে তোমালোকক কʼব বিচাৰোঁ ২ যাতে পবিত্ৰ লোকসকলক যিদৰে আদৰণি জনাব লাগে, ঠিক সেইদৰে প্ৰভুত তেওঁকো আদৰণি জনোৱা। আৰু কোনো কামত যদি তেওঁক তোমালোকৰ সহায়ৰ প্ৰয়োজন হয়, তেনেহʼলে তেওঁক সহায় কৰিবা। কিয়নো তেওঁ নিজেই বহুতো লোকক আৰু মোকো সহায় কৰিছিল।

৩ প্ৰিষ্কা আৰু আক্কিলাক, যিসকল খ্ৰীষ্ট যীচুত মোৰ সহকৰ্মী হয়, তেওঁলোকলৈ মোৰ নমস্কাৰ। ৪ তেওঁলোকে মোৰ জীৱন বচাবলৈ নিজৰ জীৱন* বিপদত পেলালে। আৰু কেৱল ময়েই নহয়, মোৰ লগতে ইস্ৰায়েলী নোহোৱা লোকসকলৰ সকলো মণ্ডলীও তেওঁলোকক ধন্যবাদ দিছে। ৫ তেওঁলোকৰ ঘৰত একগোট হোৱা মণ্ডলীকো নমস্কাৰ। মোৰ মৰমৰ ইপেনিতকো নমস্কাৰ, যিজন খ্ৰীষ্টৰ কাৰণে এচিয়াৰ প্ৰথম ফল হয়। ৬ মৰিয়মক নমস্কাৰ, যিগৰাকীয়ে তোমালোকৰ কাৰণে বহুত পৰিশ্ৰম কৰিলে। ৭ মোৰ সম্বন্ধীয় আন্দ্ৰনীক আৰু যুনিয়ক নমস্কাৰ, যিসকল মোৰ লগত জেলত আছিল আৰু পাঁচনিসকলৰ* মাজত যিসকলৰ ভাল নাম আছে আৰু যিসকল মোতকৈ আগৰে পৰা খ্ৰীষ্টৰ শিষ্য হয়।*

৮ প্ৰভুত মোৰ মৰমৰ আমপ্লিয়াতক নমস্কাৰ। ৯ খ্ৰীষ্টত আমাৰ সহকৰ্মী উৰ্ব্বাণক আৰু মোৰ মৰমৰ স্তাখুক নমস্কাৰ। ১০ আপিল্লিক মোৰ নমস্কাৰ, যিজনৰ ওপৰত খ্ৰীষ্টৰ অনুমোদন আছে। আৰিষ্টবুলৰ পৰিয়ালক মোৰ নমস্কাৰ। ১১ মোৰ সম্বন্ধীয় হেৰোদিয়োনক মোৰ নমস্কাৰ। নাৰ্কিচৰ পৰিয়ালৰ, যিসকল প্ৰভুত আছে, তেওঁলোকক মোৰ নমস্কাৰ। ১২ প্ৰভুত কঠোৰ পৰিশ্ৰম কৰা ত্ৰুফেণা আৰু ত্ৰুফোচাক মোৰ নমস্কাৰ। আমাৰ মৰমৰ পৰ্চীক মোৰ নমস্কাৰ, যিজনে প্ৰভুত কঠোৰ পৰিশ্ৰম কৰিলে। ১৩ ৰূফক মোৰ নমস্কাৰ, যিজন প্ৰভুত ভাল সেৱক হয়। তেওঁৰ মাকো নমস্কাৰ, যিগৰাকী মোৰ মাৰ দৰে হয়। ১৪ অচুংকৃত, ফ্লিগোন, হৰ্মি, পাত্ৰোবা, হৰ্মা আৰু তেওঁলোকৰ লগৰ ভাইসকলক মোৰ নমস্কাৰ। ১৫ ফিললগ, যুলিয়া, নীৰিয় আৰু তেওঁৰ ভনী আৰু ওলুম্প আৰু তেওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোকক মোৰ নমস্কাৰ। ১৬ পবিত্ৰ চুমাৰে এজনে-আনজনক নমস্কাৰ কৰা। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে তোমালোকক নমস্কাৰ জনাইছে।

১৭ ভাইসকল, এতিয়া মই তোমালোকক অনুৰোধ কৰিছোঁ যে যিসকল, তোমালোকে লাভ কৰা শিক্ষাৰ বিৰুদ্ধে হয়, মণ্ডলীত বিভেদ সৃষ্টি কৰে আৰু কাৰোবাৰ কাৰণে বিশ্বাসৰ পথ এৰি যোৱাৰ কাৰণ* হয়, তেওঁলোকৰ ওপৰত চকু ৰাখা আৰু তেওঁলোকৰ পৰা আঁতৰি থাকা। ১৮ কিয়নো এনেধৰণৰ মানুহ আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দাস নহয়। ইয়াৰ পৰিৱৰ্তে, নিজৰ বেয়া ইচ্ছাৰ* দাস হয় আৰু তেওঁলোকে নিজৰ মিঠা মিঠা কথা আৰু প্ৰশংসাৰে সহজ-সৰল লোকসকলৰ মন ভুলায়। ১৯ সকলো লোকে জানিব পাৰিলে যে তোমালোক কিমান আজ্ঞাকাৰী হোৱা। সেইবাবে, মই তোমালোকৰ কাৰণে আনন্দ কৰিছোঁ। কিন্তু মই বিচাৰোঁ যে তোমালোকে ভাল বিষয়বোৰত বুদ্ধিমান হোৱা, কিন্তু বেয়া বিষয়বোৰত নজনা নিচিনা হৈ থাকিবা। ২০ শান্তি দিওঁতা ঈশ্বৰে অতি সোনকালে চয়তানক তোমালোকৰ ভৰিৰ তলত ধ্বংস কৰি দিব। আমাৰ প্ৰভু যীচুৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।

২১ মোৰ সহকৰ্মী তীমথিয় আৰু মোৰ সম্বন্ধীয় লুকীয়, যাচোন আৰু চোচিপাত্ৰই তোমালোকক নমস্কাৰ জনাইছে।

২২ মই তৰ্ত্তিয়, যিজনে এই চিঠি লিখিছোঁ, ময়ো প্ৰভুত তোমালোকক নমস্কাৰ জনাইছোঁ।

২৩ মোৰ আৰু গোটেই মণ্ডলীৰ আলহীৰ সেৱা-শুশ্ৰূষা কৰোঁতা গায়ে তোমালোকক নমস্কাৰ জনাইছে। চহৰৰ ধন-ভঁৰালী* ইৰাস্তচ আৰু তেওঁৰ ভাই ক্বাৰ্ত্তই তোমালোকক নমস্কাৰ জনাইছে। ২৪* ——

২৫ মই যি শুভবাৰ্তা শুনাইছোঁ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰিছোঁ, তাৰ যোগেদি ঈশ্বৰে তোমালোকক মজবুত কৰিব পাৰে। এই শুভবাৰ্তা সেই পবিত্ৰ ৰহস্যৰ অনুসৰি হয়, যাক মুকলি কৰা হৈছে। এই পবিত্ৰ ৰহস্য প্ৰাচীন সময়ৰ পৰা গোপনে ৰখা হৈছিল। ২৬ কিন্তু এতিয়া ইয়াক প্ৰকাশ কৰা হৈছে। অনন্ত কালৰ ঈশ্বৰৰ আদেশৰ অনুসৰি এই ৰহস্য শাস্ত্ৰত লিখা ভৱিষ্যবাণীবোৰৰ যোগেদি সকলো ৰাষ্ট্ৰক জনোৱা হৈছে যাতে তেওঁলোকেও বিশ্বাস কৰে আৰু আজ্ঞা পালন কৰে। ২৭ যীচু খ্ৰীষ্টৰ যোগেদি সেই একমাত্ৰ বুদ্ধিমান ঈশ্বৰৰ সদায় মহিমা হৈ থাকক। আমেন।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক