ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ কৰিন্থীয়া ৫
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ কৰিন্থীয়া ৫:১

ফুটনোট

  • *

    গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ কৰিন্থীয়া ৫:১-১৩

কৰিন্থীয়াসকললৈ প্ৰথম চিঠি

৫ আচলতে মই খবৰ পাইছোঁ যে তোমালোকৰ ইয়াত এজন পুৰুষে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাৰ পাপ কৰিলে আৰু সেয়া এনে পাপ, যি জগতৰ লোকসকলেও নকৰে। তেওঁ নিজৰ দেউতাৰ পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিলে। ২ তোমালোকে এই কথাক লৈ গৰ্ব কৰি আছা নে? তোমালোকে শোক কৰা উচিত নহয় নে? আৰু যিজন পুৰুষে এনে বেয়া কাম কৰিছে, তেওঁক নিজৰ মাজৰ পৰা উলিয়াই দিয়াটো উচিত নহয় নে? ৩ যদিও মই তোমালোকৰ তাত নাই, কিন্তু মনৰ পৰা তাতেই আছোঁ আৰু মই সেই মানুহজনক দোষী কৰিছোঁ যেন মই তাতেই আছোঁ। ৪ যেতিয়া তোমালোকে আমাৰ প্ৰভু যীচুৰ নামেৰে একগোট হোৱা, তেতিয়া মোৰ মন আৰু আমাৰ প্ৰভু যীচুৰ শক্তিও তোমালোকৰ লগত থাকে। ৫ তোমালোকে সেই মানুহজনক চয়তানক গতাই দিয়া যাতে তেওঁৰ পাপৰ বেয়া প্ৰভাৱ নাইকিয়া হয় আৰু প্ৰভুৰ দিনত মণ্ডলীৰ দৃষ্টিভংগী যেন সঠিক হৈ থাকে।

৬ তোমালোকে অহংকাৰ কৰাটো ভাল নহয়। তোমালোকে নাজানা নে যে অলপ খমিৰে সানি থোৱা গোটেই আটাখিনি খমিৰ কৰি দিয়ে। ৭ পুৰণি খমিৰক উলিয়াই পেলাই দিয়া যাতে তোমালোক সানি থোৱা নতুন আটা হʼব পাৰা। আচলতে তোমালোক খমিৰৰ পৰা মুক্ত হʼলা। কাৰণ আমাৰ নিস্তাৰ-পৰ্বৰ ভেড়া পোৱালি অৰ্থাৎ খ্ৰীষ্টক বলি দিয়া হʼল। ৮ সেইবাবে আহা, আমি এই পৰ্ব পুৰণি খমিৰ, মন্দ আৰু দুষ্টতা খমিৰেৰে পালন নকৰোঁ, ইয়াৰ পৰিৱৰ্তে অকপট আৰু সত্যৰ খমিৰ নোহোৱা ৰুটিৰ সৈতে পালন কৰোঁ।

৯ মই নিজৰ চিঠিখনত লিখিছিলোঁ যে তোমালোকে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখা লোকসকলৰ লগত সংগতি কৰিবলৈ বন্ধ কৰা। ১০ মই কোৱাৰ অৰ্থ এয়া নহয় যে তোমালোকে জগতৰ সেই লোকসকলৰ লগত একেবাৰে সম্পৰ্ক নাৰাখিবা, যিসকলে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখে, লুভীয়া হয়, ধন-সম্পত্তি কাঢ়ি লয় বা মূৰ্তি পূজা কৰে। কিয়নো এইদৰে কৰিলে দেখোন তোমালোকে এই জগতৰ পৰাই ওলাই যাব লাগিব। ১১ কিন্তু এতিয়া মই তোমালোকক লিখি আছোঁ যে এনে কোনো মানুহৰ লগত সংগতি কৰিবলৈ বন্ধ কৰা, যিজন ভাই হৈও অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখে বা লুভীয়া হয় বা মূৰ্তি পূজা কৰে বা গালি-শপনি দিয়ে বা মতলীয়া হয় বা আনৰ ধন-সম্পত্তি কাঢ়ি লয়। এনে মানুহৰ লগত খোৱা-বোৱাও নকৰিবা। ১২ বাহিৰা লোকসকলৰ ন্যায় কৰাজন মইনো কোন হওঁ? কিন্তু যিজন ভিতৰত আছে, তোমালোকে তেওঁৰ ন্যায় কৰাটো উচিত নহয় নে? ১৩ বাহিৰা লোকসকলৰ ন্যায়তো ঈশ্বৰে কৰে। “সেই দুষ্ট মানুহজনক নিজৰ মাজৰ পৰা বাহিৰ কৰা।”

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক