পাঁচনিৰ কৰ্ম্ম
১৪ এতিয়া পৌল আৰু বাৰ্ণব্বাই ইকনিয়ত একেলগে যিহূদীসকলৰ সভাঘৰলৈ গʼল আৰু তাত তেওঁলোকে ইমানেই ভালকৈ কথা পাতিলে যে বহুতো যিহূদী আৰু গ্ৰীকসকলে প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিলে। ২ কিন্তু যিসকল যিহূদীয়ে বিশ্বাস নকৰিলে, তেওঁলোকে ইস্ৰায়েলী নোহোৱা লোকসকলক উচটালে আৰু ভাইসকলৰ বিৰুদ্ধে তেওঁলোকৰ মনত ঘৃণা ভাৱ ভৰাই দিলে। ৩ সেইবাবে, পৌল আৰু বাৰ্ণব্বাই তাত বহু দিন থাকিল আৰু যিহোৱাৰ* পৰা পোৱা অধিকাৰৰ কাৰণে সাহসেৰে তেওঁৰ বাক্য শুনাই থাকিল। লগতে তেওঁলোকক শুনোৱা ঈশ্বৰৰ মহা-কৃপাৰ বাক্য তেওঁৰ ফালৰ পৰা হয় বুলি দেখুৱাবলৈ ঈশ্বৰে তেওঁলোকৰ যোগেদি চমৎকাৰ আৰু আশ্চৰ্য্যজনক কাম কৰি থাকিল। ৪ কিন্তু চহৰৰ লোকসকলৰ মাজত কথা নিমিলা হʼল আৰু কিছুমানে যিহূদীসকলৰ ফলীয়া আৰু আন কিছুমানে পাঁচনিসকলৰ* ফলীয়া হʼল। ৫ ইস্ৰায়েলী নোহোৱা লোক আৰু যিহূদীসকলে নিজৰ অধিকাৰীসকলৰ লগত মিলি পৌল আৰু বাৰ্ণব্বাক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰি পেলাবলৈ ষড়যন্ত্ৰ কৰিলে। ৬ কিন্তু পৌল আৰু বাৰ্ণব্বাই এই বিষয়ে গʼম পালে, সেইবাবে তেওঁলোকে তাৰ পৰা পলাই গʼল। আৰু লুকায়নিয়াৰ লুস্ত্ৰা আৰু দৰ্বী চহৰ আৰু ওচৰে-পাজৰে থকা এলেকালৈ গুচি গʼল। ৭ তাত তেওঁলোকে শুভবাৰ্তা ঘোষণা কৰিবলৈ ধৰিলে।
৮ লুস্ত্ৰাত এজন ব্যক্তি আছিল, যিজনে জন্মৰে পৰা খোজকাঢ়িব পৰা নাছিল। ৯ এই মানুহজনে পৌলৰ কথা ধ্যান দি শুনি আছিল। পৌলে তেওঁৰ ফালে একেথৰে চালে আৰু বুজি পালে যে সুস্থ হʼব বুলি মানুহজনৰ বিশ্বাস আছে। ১০ সেইবাবে, পৌলে জোৰেৰে কʼলে, “নিজৰ ভৰিত ভৰ দি থিয় হোৱা।” তেতিয়া তেওঁ জপিয়াই থিয় হʼল আৰু খোজকাঢ়িবলৈ ধৰিলে। ১১ যেতিয়া লোকসকলে পৌলৰ এই কাম দেখিলে, তেতিয়া লুকায়নিয়া ভাষাত চিঞৰিবলৈ ধৰিলে, “দেৱতা মানুহৰ ৰূপত আমাৰ মাজলৈ আহিছে!” ১২ তেওঁলোকে বাৰ্ণব্বাক জীউছ দেৱতা কিন্তু পৌলক হেৰমেনাচ দেৱতা বুলি কʼবলৈ ধৰিলে, কিয়নো আগবাঢ়ি আহি কথা পতাজন পৌলেই আছিল। ১৩ আৰু চহৰৰ ওচৰৰ যি জীউছৰ মন্দিৰ আছিল, তাত থকা পূজাৰীজনে ষাঁড় গৰু আৰু ফুলৰ মালা* লৈ চহৰৰ দুৱাৰ মুখলৈ আহিলে। তেওঁ লোকসকলৰ লগত মিলি পৌল আৰু বাৰ্ণব্বাৰ আগত বলিদান আগবঢ়াব বিচাৰিছিল।
১৪ কিন্তু যেতিয়া পাঁচনি বাৰ্ণব্বা আৰু পৌলে এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকে নিজৰ কাপোৰ ফালিলে আৰু দৌৰি ভীৰৰ মাজত সোমাল আৰু এইদৰে চিঞৰি কʼবলৈ ধৰিলে, ১৫ “হে লোকসকল, তোমালোকে এইবোৰ কিয় কৰি আছা? আমিও তোমালোকৰ দৰে সাধাৰণ মানুহ হওঁ আৰু তোমালোকক শুভবাৰ্তা শুনাই আছোঁ যাতে তোমালোকে এই ব্যৰ্থ বস্তুবোৰ এৰি জীৱিত ঈশ্বৰৰ ওচৰলৈ আহিব পাৰা, যিজনে আকাশ, পৃথিৱী আৰু সমুদ্ৰ আৰু তাত থকা সকলো সৃষ্টি কৰিছে। ১৬ প্ৰাচীন সময়ত তেওঁ সকলো ৰাষ্ট্ৰক নিজৰ নিজৰ পথত চলিবলৈ দিলে, ১৭ তথাপি তেওঁ ভাল কাম কৰি থাকিল আৰু এইদৰে তেওঁ নিজৰ বিষয়ে সাক্ষ্য দি থাকিল। তেওঁ তোমালোকক আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত প্ৰচুৰ শস্য দি থাকিল আৰু পেট ভৰাই খাব পৰাকৈ তোমালোকক আহাৰ দি থাকিল আৰু তোমালোকৰ হৃদয় আনন্দেৰে পূৰ্ণ কৰি থাকিল।” ১৮ এই সকলো কোৱাৰ পাছতো তেওঁলোকে বহুত কষ্টেৰে ভীৰক তেওঁলোকৰ আগত বলিদান দিবলৈ বাধা দিব পাৰিলে।
১৯ কিন্তু আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা যিহূদীসকল তালৈ আহিল আৰু তেওঁলোকে লোকসকলক নিজৰ ফলীয়া কৰিলে, তেতিয়া লোকসকলে পৌলক শিল দলিয়াই মাৰিলে আৰু তেওঁ মৰি গʼল বুলি ভাবি চহৰৰ বাহিৰলৈ চোঁচৰাই লৈ গʼল। ২০ কিন্তু শিষ্যসকলে যেতিয়া তেওঁৰ চাৰিওফালে আহি থিয় হʼল, তেতিয়া তেওঁ উঠিল আৰু চহৰলৈ গʼল। পাছ দিনাখন তেওঁ বাৰ্ণব্বাৰ লগত দৰ্বীলৈ গʼল। ২১ তেওঁলোকে সেই চহৰত শুভবাৰ্তা শুনালে আৰু বহুতো লোক শিষ্য হʼল, তাৰ পাছত তেওঁলোকে লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উভতি গʼল। ২২ তাত তেওঁলোকে শিষ্যসকলৰ সাহস বঢ়ালে আৰু এইদৰে কৈ নিজৰ বিশ্বাস মজবুত কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিলে, “আমি বহুতো সমস্যা সহন কৰিহে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগিব।” ২৩ ইয়াৰ উপৰিও, তেওঁলোকে প্ৰতিটো মণ্ডলীত তেওঁলোকৰ কাৰণে প্ৰাচীন নিযুক্ত কৰিলে, লঘোন* দিলে আৰু প্ৰাৰ্থনা কৰিলে আৰু প্ৰাচীনসকলক যিহোৱাৰ* হাতত গতাই দিলে, কাৰণ সেই প্ৰাচীনসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল।
২৪ তাৰ পাছত তেওঁলোকে পিচিদিয়া এলেকাৰ মাজেদি হৈ পাম্ফুলিয়া পালেগৈ। ২৫ আৰু পৰ্গাত বাক্য শুনোৱাৰ পাছত তেওঁলোক আত্তালিয়ালৈ আহিল। ২৬ তাৰ পৰা তেওঁলোকে জাহাজত উঠি আন্তিয়খিয়ালৈ গʼল। যি কাম এতিয়া তেওঁলোকে পূৰ কৰিলে, সেই কামৰ কাৰণে এই আন্তিয়খিয়াতে ভাইসকলে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল যাতে ঈশ্বৰে তেওঁলোকক মহা-কৃপা কৰে।
২৭ যেতিয়া তেওঁলোকে আন্তিয়খিয়া পালেগৈ, তেতিয়া তেওঁলোকে মণ্ডলীবোৰক একগোট কৰিলে আৰু তেওঁলোকক কʼবলৈ ধৰিলে যে ঈশ্বৰে তেওঁলোকৰ যোগেদি কি কি কাম কৰিলে আৰু তেওঁ ইস্ৰায়েলী নোহোৱা লোকসকলৰ বাবে প্ৰভুত বিশ্বাস কৰিবলৈ কেনেকৈ বাট মুকলি কৰিলে। ২৮ আৰু তাত তেওঁলোকে শিষ্যসকলৰ লগত বহুত সময় কটালে।