কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি
১০ এতিয়া মই পৌল, নিজেই খ্ৰীষ্টৰ কোমলতা আৰু কৃপাৰে তোমালোকক অনুৰোধ কৰিছোঁ, যদিও তোমালোকক লাগে যে তোমালোকৰ মাজত থকাৰ সময়ত মই দুৰ্বল, কিন্তু তোমালোকৰ মাজত নথকাৰ সময়ত মই মোৰ চিঠিত কঠোৰভাৱে কʼবলৈ ভয় নকৰোঁ। ২ মই আশা কৰোঁ যে যেতিয়া মই তোমালোকৰ মাজত থাকিম, তেতিয়া মই যাতে তোমালোকৰ লগত কঠোৰতাৰে ব্যৱহাৰ কৰিবলগীয়া নহয়, যিদৰে মই হয়তো সেই লোকসকলৰ লগত কৰিবলগীয়া হʼব পাৰে, যিসকলে ভাবে যে আমি জগতৰ লোকসকলৰ দৰে চলোঁ। ৩ যদিও আমি এই জগতত থাকোঁ, কিন্তু আমি জগতৰ লোকসকলৰ দৰে যুদ্ধ নকৰোঁ। ৪ কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ জগতৰ দৰে নহয়, ইয়াৰ পৰিৱৰ্তে এনে অস্ত্ৰ হয়, যি ঈশ্বৰে আমাক দিছে যাতে গভীৰতাত সোমাই থকা কথাবোৰ আমি শিপাৰে সৈতে উঘালি পেলাব পাৰোঁ। ৫ লোকসকলে দিয়া ভুল যুক্তি আৰু ঈশ্বৰৰ শিক্ষাৰ বিৰুদ্ধে উঠা সকলো বাধা পাৰ কৰোঁ আৰু সকলো চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ। ৬ আমি আজ্ঞা পালন নকৰা সকলো মানুহক শাস্তি দিবলৈ সাজু আছোঁ, কিন্তু ইয়াৰ আগতে তোমালোকে প্ৰমাণ কৰা যে তোমালোকে সম্পূৰ্ণৰূপে আজ্ঞা পালন কৰা।
৭ তোমালোকে বাহিৰৰ চেহেৰা চাই বিচাৰ কৰা। যদি কাৰোবাৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ খ্ৰীষ্টৰ হয়, তেনেহʼলে তেওঁ এই সত্যতাৰ ওপৰত পুনৰ মন কৰক যে যিদৰে তেওঁ খ্ৰীষ্টৰ হয়, ঠিক সেইদৰে আমিও খ্ৰীষ্টৰ হওঁ। ৮ তোমালোকক নিৰাশ কৰিবলৈ নহয়, কিন্তু তোমালোকক উৎসাহিত কৰিবলৈ প্ৰভুৱে আমাক অধিকাৰ দিছে। এই অধিকাৰৰ বাবে যদি মই অলপ বেছিকৈয়ে গৰ্ব কৰোঁ, তেতিয়াও মই লাজত পৰিবলগীয়া নহʼব। ৯ মই নিবিচাৰোঁ যে তোমালোকৰ এনে লাগে যেন মই নিজৰ চিঠিৰ পৰা তোমালোকক ভয় খোৱাবলৈ চেষ্টা কৰিছোঁ। ১০ তেওঁলোকে কয়, “তেওঁৰ চিঠিত গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী কথা থাকে, কিন্তু যেতিয়া তেওঁ আমাৰ মাজত থাকে, তেতিয়া তেওঁ দুৰ্বল আৰু তেওঁৰ কথাবোৰ কোনো কামত নাহে।” ১১ যিসকলে এই কথা কয়, তেওঁলোকে জানি লওক যে আমি দূৰত থাকি নিজৰ চিঠিবোৰত যি কওঁ, সেয়া আমি তোমালোকৰ মাজত থাকিও কৰি দেখুৱাম। ১২ কাৰণ আমি নিবিচাৰোঁ যে আমি নিজৰ গণনা সেই লোকসকলৰ লগত কৰোঁ বা নিজৰ তুলনা তেওঁলোকৰ লগত কৰোঁ, যিসকলে নিজৰ প্ৰশংসা নিজেই কৰে। যেতিয়া তেওঁলোকে নিজৰ জোখেৰে নিজকে জোখে আৰু নিজৰ তুলনা নিজৰ লগত কৰে, তেতিয়া তেওঁলোকে দেখুৱায় যে তেওঁলোকৰ বুদ্ধি নাই।
১৩ কিন্তু আমি সেই সীমাৰ বাহিৰত গৈ ফিতাহি নামাৰিম, যি আমাৰ কাৰণে নিৰ্ধাৰিত কৰা হৈছে। ঈশ্বৰে জুখি যি এলেকা আমাক দিছে, তাত তোমালোকেও আছা, সেই সীমাত থাকি আমি গৰ্ব কৰিম। ১৪ আমি সঁচাকৈ নিজৰ সীমাৰ পৰা বাহিৰলৈ যোৱা নাই যেন তোমালোক আমাৰ এলেকাৰ নোহোৱা। কিয়নো আমিয়েই প্ৰথমতে তোমালোকক খ্ৰীষ্টৰ শুভবাৰ্তা জনাইছিলোঁ। ১৫ নিশ্চয় আমি নিৰ্ধাৰিত সীমাৰ পৰা বাহিৰলৈ গৈ আন কাৰোবাৰ পৰিশ্ৰমক লৈ ফিতাহি মৰা নাই, ইয়াৰ পৰিৱৰ্তে আমি এয়া আশা কৰোঁ যে যেনেকৈ তোমালোকৰ বিশ্বাস বাঢ়ি গৈ থাকিব, তেনেকৈ আমাৰ কাম সেই এলেকাত উন্নতি হৈ থাকিব, যি আমাক দিয়া হৈছে। ইয়াৰ পাছত আমাৰ কাম বাঢ়ি গৈ থাকিব ১৬ যাতে আমি তোমালোকৰ এলেকা এৰি আৰু দূৰত থকা এলেকাবোৰত শুভবাৰ্তা ঘোষণা কৰিব পাৰোঁ আৰু আমি আন কাৰোবাৰ কামক লৈ ফিতাহি নামাৰিম, যি তেওঁলোকৰ এলেকাত ইতিমধ্যে কৰিলে। ১৭ “কিন্তু যিজনে গৰ্ব কৰে, তেওঁ যিহোৱাৰ* বিষয়ে গৰ্ব কৰক।” ১৮ কাৰণ যিজনে নিজৰ প্ৰশংসা নিজেই কৰে তেওঁ নহয়, কিন্তু যিজনৰ প্ৰশংসা যিহোৱাই* কৰে, তেৱেঁই তেওঁৰ অনুমোদন পায়।