ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ২ তীমথিয় ১
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

২ তীমথিয় কিতাপৰ সাৰাংশ

      • নমস্কাৰ (১, ২)

      • তীমথিয়ৰ বিশ্বাসৰ কাৰণে পৌল ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ (৩-৫)

      • ঈশ্বৰৰ বৰদানক জুইৰ দৰে জ্বলাই ৰাখা (৬-১১)

      • লাভজনক শিক্ষাবোৰ ধৰি ৰাখা (১২-১৪)

      • পৌলৰ শত্ৰুসকল আৰু বন্ধুসকল (১৫-১৮)

২ তীমথিয় ১:১

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

২ তীমথিয় ১:৬

ফুটনোট

  • *

    বা “তাক উৎসাহেৰে ব্যৱহাৰ কৰি থাকা।”

২ তীমথিয় ১:১৩

ফুটনোট

  • *

    বা “স্বাস্থ্যকৰ।”

  • *

    বা “নক্সা।”

২ তীমথিয় ১:১৮

ফুটনোট

  • *

    অতি. ক৫ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ তীমথিয় ১:১-১৮

তীমথিয়লৈ দ্বিতীয় চিঠি

১ মই পৌল, ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্টৰ এজন পাঁচনি* হওঁ আৰু খ্ৰীষ্ট যীচুৰ যোগেদি পোৱা জীৱনৰ প্ৰতিজ্ঞাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ মোক বাছনি কৰা হৈছে। ২ নিজৰ মৰমৰ লʼৰা তীমথিয়ৰ নামত এই চিঠিখন লিখি আছোঁ:

ঈশ্বৰ আমাৰ পিতৃ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা, দয়া আৰু শান্তি তোমালোকৰ ওপৰত থাকক।

৩ মই ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ, যিজনৰ পবিত্ৰ সেৱা মোৰ পূৰ্বপুৰুষসকলে কৰিছিল আৰু ময়ো শুদ্ধ বিবেকেৰে সৈতে তেওঁৰ পবিত্ৰ সেৱা কৰোঁ। মই দিনে-ৰাতিয়ে মিনতি কৰাৰ সময়ত তোমাক মনত পেলাওঁ। ৪ মই তোমাৰ চকুপানীক মনত পেলাই তোমাক চাবলৈ মোৰ বৰ হেঁপাহ আছে যাতে তোমাক লগ কৰি আনন্দেৰে ভৰি পৰোঁ। ৫ মই তোমাৰ বিশ্বাসক সদায় মনত পেলাওঁ, যʼত কোনো কপট নাই। এনেধৰণৰ বিশ্বাস আগতে তোমাৰ আইতা লোয়ী আৰু তোমাৰ মা উনীকীৰ আছিল। মোৰ বিশ্বাস আছে যে সেই একেই বিশ্বাস তোমাৰো আছে।

৬ এই কাৰণে মই তোমাক মনত পেলাই দিওঁ যে মই যেতিয়া তোমাৰ ওপৰত হাত ৰাখিছিলোঁ, তেতিয়া তুমি ঈশ্বৰৰ পৰা যি বৰদান পাইছিলা, তাক জুইৰ দৰে জ্বলাই ৰাখা।* ৭ কাৰণ ঈশ্বৰে দিয়া পবিত্ৰ শক্তিয়ে আমাৰ মনত ভয়ভাব জগাই নোতোলে, ইয়াৰ পৰিৱৰ্তে আমাক শক্তি, প্ৰেম আৰু সঠিক চিন্তাধাৰা দিয়ে। ৮ সেইবাবে, আমাৰ প্ৰভুৰ বিষয়ে সাক্ষ্য দিবলৈ লাজ অনুভৱ নকৰিবা আৰু মই যে প্ৰভুৰ কাৰণে জেলত আছোঁ, তাৰ কাৰণেও লাজ অনুভৱ নকৰিবা। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰৰ শক্তিৰ ওপৰত ভৰসা ৰাখি শুভবাৰ্তাৰ কাৰণে দুখ ভুগিবলৈ সাজু থাকা। ৯ তেওঁ আমাক বচালে আৰু পবিত্ৰ নিমন্ত্ৰণ দিলে। কিন্তু এই নিমন্ত্ৰণ আমাক নিজৰ কামৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে এই নিমন্ত্ৰণ পোৱাৰ কাৰণ হৈছে এয়া ঈশ্বৰৰ উদ্দেশ্য আছিল আৰু তেওঁ আমাৰ ওপৰত মহা-কৃপা কৰিছিল। বহু আগেয়ে খ্ৰীষ্ট যীচুৰ যোগেদি ঈশ্বৰে আমাৰ ওপৰত এই মহা-কৃপা কৰিছিল। ১০ কিন্তু এতিয়া আমাৰ উদ্ধাৰকৰ্তা খ্ৰীষ্ট যীচু প্ৰকাশ হোৱাৰ কাৰণে এই মহা-কৃপাৰ বিষয়ে আমাক স্পষ্ট কৰা হৈছে। তেওঁ মৃত্যুক শেষ কৰিলে আৰু শুভবাৰ্তাৰ যোগেদি জীৱন কেনেকৈ পাব পাৰি আৰু কেনেকৈ অবিনাশী হʼব পাৰি, এয়া পোহৰলৈ আনিলে। ১১ এই শুভবাৰ্তা শুনাবলৈ মোক এজন প্ৰচাৰক, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰা হৈছে।

১২ এই কাৰণেই মই এই সকলো দুখ-কষ্ট ভুগি আছোঁ, কিন্তু মই লাজ অনুভৱ নকৰোঁ, কিয়নো যিজনৰ ওপৰত মই বিশ্বাস কৰোঁ, তেওঁক মই জানোঁ। আৰু মোৰ সম্পূৰ্ণ ভৰসা আছে যে মই তেওঁক যি সম্পত্তি গতাই দিছোঁ, তাক তেওঁ ন্যায়ৰ দিনলৈকে সুৰক্ষিত ৰখাৰ যোগ্য হয়। ১৩ যিবোৰ লাভজনক* শিক্ষা তুমি মোৰ পৰা শুনিছা, তাক আৰ্হি* হিচাপে লৈ বিশ্বাস আৰু প্ৰেমেৰে ধৰি ৰাখা, যি খ্ৰীষ্ট যীচুৰ লগত একতাত থকাৰ কাৰণে উৎপন্ন হয়। ১৪ আমাৰ ভিতৰত বাস কৰা পবিত্ৰ শক্তিৰ যোগেদি বহুমূলীয়া সম্পত্তিক ৰক্ষা কৰা।

১৫ তুমি জানা যে এচিয়া প্ৰদেশৰ সকলোৱে মোৰ পৰা আঁতৰি গৈছে। তাৰ মাজত ফুগিল্ল আৰু হৰ্ম্মগিনিও আছে। ১৬ অনীচিফৰৰ ঘৰৰ লোকসকলক প্ৰভুৱে দয়া কৰি থাকক, কিয়নো তেওঁ কেইবাবাৰো মোক উৎসাহিত কৰিছিল আৰু মই বন্দী হৈ থকাৰ কাৰণে তেওঁ লাজ অনুভৱ কৰা নাছিল। ১৭ ইয়াৰ পৰিৱৰ্তে, যেতিয়া তেওঁ ৰোমত আছিল, তেতিয়া তেওঁ বহুত যত্নেৰে মোক বিচাৰিলে আৰু মোক লগ কৰিলে। ১৮ প্ৰভু যিহোৱাই* ন্যায়ৰ দিনত তেওঁৰ ওপৰত দয়া কৰক। তুমি ভালদৰে জানা যে তেওঁ ইফিচত মোৰ কিমান সেৱা কৰিলে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক