ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • পাঁচনিৰ কৰ্ম্ম ২৮
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

পাঁচনিৰ কৰ্ম্মৰ সাৰাংশ

      • মিলিতা দ্বীপৰ পাৰলৈ গৈ পালে (১-৬)

      • পুব্লিয়ৰ দেউতাৰ বেমাৰ সুস্থ হʼল (৭-১০)

      • ৰোমৰ ফালে (১১-১৬)

      • পৌলে ৰোমত যিহূদীসকলৰ লগত কথা পাতে (১৭-২৯)

      • পৌলে দুবছৰলৈকে সাহসেৰে প্ৰচাৰ কৰে (৩০, ৩১)

পাঁচনিৰ কৰ্ম্ম ২৮:২

ফুটনোট

  • *

    বা “বেলেগ ভাষা কোৱা লোকসকলে।”

  • *

    বা “মানৱতাৰ কাৰণে।”

পাঁচনিৰ কৰ্ম্ম ২৮:৪

ফুটনোট

  • *

    গ্ৰীক ভাষাত ডাইকি। এই শব্দটো হয়তো প্ৰতিশোধ লৈ ন্যায় কৰা দেৱীক বুজোৱা হৈছে। বা হয়তো ইয়াত ন্যায় গুণৰ বিষয়ে কোৱা হৈছে।

পাঁচনিৰ কৰ্ম্ম ২৮:৮

ফুটনোট

  • *

    বা “ডিচেনটেৰি।”

পাঁচনিৰ কৰ্ম্ম ২৮:২৯

ফুটনোট

  • *

    অতি. ক৩ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পাঁচনিৰ কৰ্ম্ম ২৮:১-৩১

পাঁচনিৰ কৰ্ম্ম

২৮ যেতিয়া আমি সুৰক্ষিতভাৱে পাৰলৈ আহি পালোঁ, তেতিয়া আমি গʼম পালোঁ যে সেই দ্বীপৰ নাম মিলিতা হয়। ২ সেই দ্বীপৰ লোকসকলে* আমাৰ ওপৰত বহুত কৃপা* কৰিলে আৰু আমাক বহুত সহায় কৰিলে, তেওঁলোকে আমাৰ কাৰণে জুই জ্বলালে, কিয়নো বৰষুণ দি আছিল আৰু বহুত ঠাণ্ডা আছিল। ৩ পৌলে যেতিয়া এমুঠি খৰি গোটাই জুইত দিলে, তেতিয়া জুইৰ তাপ পাই সেই মুঠিৰ পৰা এটা বিষাক্ত সাপ ওলালে আৰু পৌলৰ হাতত মেৰিয়াই ধৰিলে। ৪ যেতিয়া দ্বীপৰ লোকসকলে দেখিলে যে এটা বিষাক্ত সাপ তেওঁৰ হাতত ওলমি আছে, তেতিয়া তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “এই মানুহজন নিশ্চয় এজন হত্যাকাৰী হয়। ই সমুদ্ৰৰ পৰা বাচি গʼল, কিন্তু ন্যায়ে* ইয়াক বাচি থাকিবলৈ অনুমতি দিয়া নাই।” ৫ পৌলে হাতখন জোকাৰি সাপটো জুইত পেলাই দিলে। কিন্তু পৌলৰ একো নহʼল। ৬ তথাপিও লোকসকলে আশা কৰি আছিল যে পৌলৰ শৰীৰ ফুলি যাব বা তেওঁ হঠাতে পৰি মৰি যাব। তেওঁলোকে বহু সময়লৈকে অপেক্ষা কৰিলে আৰু যেতিয়া তেওঁলোকে দেখিলে যে তেওঁৰ লগত একো বেয়া নঘটিল, তেতিয়া তেওঁলোকে নিজৰ মত সলনি কৰি কʼবলৈ ধৰিলে এইজন নিশ্চয় কোনো দেৱতা হয়।

৭ সেই ঠাইৰ ওচৰতে দ্বীপটোৰ প্ৰধান পুব্লিয়ৰ মাটি আছিল। তেওঁ আমাক প্ৰেমেৰে আদৰণি জনালে আৰু তিনিদিনলৈকে আমাক আলহী কৰি ৰাখিলে। ৮ পুব্লিয়ৰ দেউতা বেমাৰ হোৱাৰ কাৰণে বিছনাত শুই আছিল, তেওঁৰ জ্বৰ হৈছিল আৰু গ্ৰহণী ৰোগ* হৈছিল। পৌলে তেওঁৰ ওচৰলৈ গʼল আৰু প্ৰাৰ্থনা কৰিলে, তেওঁৰ ওপৰত হাত থʼলে আৰু তেওঁক সুস্থ কৰিলে। ৯ যেতিয়া এইদৰে হʼল, তেতিয়া দ্বীপৰ আন বেমাৰী লোকসকলেও পৌলৰ ওচৰলৈ আহিবলৈ ধৰিলে আৰু সুস্থ হʼল। ১০ তাৰ পাছত তেওঁলোকে আমাক বহুতো উপহাৰ দি কৃতজ্ঞতা দেখুৱালে আৰু যেতিয়া আমি জাহাজত উঠি যাবলৈ ধৰিছিলোঁ, তেতিয়া তেওঁলোকে আমাক প্ৰয়োজনীয় বহুতো বস্তু দিলে।

১১ তিনিমাহৰ পাছত আমি আলেকজেন্দ্ৰিয়াৰ এখন জাহাজেৰে যাত্ৰা আৰম্ভ কৰিলোঁ, সেই জাহাজখন গোটেই জাৰকালি সেই দ্বীপতে ৰখিছিল। সেই জাহাজৰ আগফালে, “জিউচৰ যঁজা লʼৰাৰ” চিন বনোৱা আছিল। ১২ তাৰ পাছত আমি চুৰাকূচৰ জাহাজ ঘাটত লংগৰ পেলাই তিনিদিন তাতে থাকিলোঁ। ১৩ তাৰ পৰা যাত্ৰা আৰম্ভ কৰি আমি ৰীগিয় পালোঁগৈ, এদিনৰ পাছত দক্ষিণৰ বতাহ বলিলে আৰু আমি পাছ দিনাখন পুতিয়লী পালোঁগৈ। ১৪ ইয়াত আমি ভাইসকলক লগ পালোঁ আৰু তেওঁলোকে আমাক তেওঁলোকৰ তাত সাতদিন থাকিবলৈ মিনতি কৰিলে। ইয়াৰ পাছত আমি ৰোমলৈ যাবলৈ ওলাই গʼলোঁ। ১৫ আমি আহিছোঁ বুলি যেতিয়া ভাইসকলে খবৰ পালে, তেতিয়া তেওঁলোকে আমাক লগ কৰিবলৈ অপ্পিয় বজাৰ আৰু তিনিটা আলহী ঘৰলৈকে আহিলে। ভাইসকলক দেখি পৌলে ঈশ্বৰক ধন্যবাদ দিলে আৰু সাহস পালে। ১৬ অৱশেষত যেতিয়া আমি ৰোমত আহি পালোঁ, তেতিয়া পৌলে অকলে থাকিবলৈ অনুমতি পালে আৰু তেওঁক পহৰা দিবলৈ এজন সৈনিকক নিযুক্ত কৰা হʼল।

১৭ তিনিদিনৰ পাছত তেওঁ যিহূদীসকলৰ প্ৰধান মানুহবিলাকক নিজৰ তাত মাতিলে। যেতিয়া তেওঁলোকে একগোট হʼল, তেতিয়া তেওঁ তেওঁলোকক কʼবলৈ ধৰিলে, “ভাইসকল, মই নিজৰ লোকসকল বা নিজৰ পূৰ্বপুৰুষসকলৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই। তথাপিও মোক যিৰূচালেমত কয়দী হিচাপে ৰোমানসকলৰ হাতত গতাই দিয়া হʼল। ১৮ তেওঁলোকে বিষয়টো চালি-জাৰি চোৱাৰ পাছত মোক এৰি দিব বিচাৰিছিল, কিয়নো মোক মৃত্যুৰ শাস্তি দিবলৈ তেওঁলোকে মোৰ বিৰুদ্ধে একো প্ৰমাণ নাপালে। ১৯ কিন্তু যেতিয়া যিহূদীসকলে আপত্তি কৰিলে, তেতিয়া মই সম্ৰাটক আপিল কৰিবলৈ বাধ্য হলোঁ, কিন্তু মই নিজৰ জাতিক কোনো দোষ দিয়াৰ মোৰ উদ্দেশ্য নাছিল। ২০ সেইবাবে, মই আপোনালোকক মাতিবলৈ আৰু আপোনালোকৰ লগত কথা পাতিবলৈ মিনতি কৰিলোঁ, কিয়নো ইস্ৰায়েলৰ যি আশা আছিল, সেই আশাৰ কাৰণে মই এই শিকলিৰ বান্ধোনত আছোঁ।” ২১ তেওঁলোকে পৌলক কʼলে, “আমি তোমাৰ বিষয়ে যিহূদিয়াৰ পৰা চিঠিও পোৱা নাই আৰু তাৰ পৰা অহা কোনো যিহূদী ভায়ে তোমাৰ বিষয়ে খবৰ দিয়া নাই বা একো বেয়াও কোৱা নাই। ২২ কিন্তু তোমাৰ মত কি এয়া আমি তোমাৰ পৰাই শুনাটো সঠিক বুলি ভাবোঁ কাৰণ আমি জানোঁ যে সকলো ঠাইত লোকসকলে এই গোটৰ বিৰুদ্ধে কথা পাতে।”

২৩ তেওঁলোকে তেওঁৰ লগত এটা দিন ঠিক কৰিলে আৰু তেওঁ থকা ঠাইত তেওঁলোকে একগোট হʼল। পৌলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ভালদৰে সাক্ষ্য দি থাকিল আৰু বুজাই থাকিল। তেওঁ মোচিৰ নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপৰ পৰা যীচুৰ বিষয়ে যুক্তি দি তেওঁলোকৰ বিশ্বাস জন্মাই থাকিল। ২৪ তেওঁলোকৰ মাজৰ কিছুমান লোকে তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰিলে, কিন্তু কিছুমানে নকৰিলে। ২৫ তেওঁলোকৰ মাজত একমত নহʼল, সেইবাবে তেওঁলোকে তাৰ পৰা যাবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকক আৰু এটা কথা কʼলে,

“পবিত্ৰ শক্তিয়ে ভৱিষ্যবক্তা যিচয়াৰ যোগেদি তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিষয়ে ঠিকেই কৈছিল, ২৬ ‘এই লোকসকলৰ ওচৰলৈ গৈ কোৱা, “তোমালোকে শুনোঁতে শুনিবা, কিন্তু বুজি নাপাবা আৰু চাওঁতে চাবা, কিন্তু অলপো দেখা নাপাবা। ২৭ কিয়নো এই লোকসকলৰ হৃদয় শিলৰ দৰে টান হৈ পৰিছে। তেওঁলোকে শুনোঁতে শুনে, কিন্তু পালন নকৰে। তেওঁলোকে নিজৰ চকু আৰু কাণ বন্ধ কৰি লৈছে যাতে তেওঁলোকে যেন একো দেখা বা শুনা নাপায় আৰু কেতিয়াও ইয়াৰ অৰ্থ বুজি নাপায়। সেইবাবে, তেওঁলোকে মোৰ ওচৰলৈ উভতি নাহে আৰু মই তেওঁলোকক সুস্থ নকৰোঁ।”’ ২৮ সেইবাবে, তোমালোকে জানি লোৱা যে ঈশ্বৰৰ ফালৰ পৰা পোৱা এই উদ্ধাৰৰ বাৰ্তা ইস্ৰায়েলী নোহোৱা লোকসকলৰ ওচৰলৈ পঠোৱা হৈছে আৰু তেওঁলোকে ইয়াক নিশ্চয় শুনিব।” ২৯* ——

৩০ পৌলে দুবছৰলৈকে ভাড়া ঘৰত থাকিল আৰু যিমান লোকসকলে তেওঁৰ তালৈ আহিছিল পৌলে তেওঁলোকক প্ৰেমেৰে আদৰণি জনাইছিল। ৩১ পৌলে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে কোনো বাধা নোহোৱাকৈ শিকাই থাকিল।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক