ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ফিলিপীয়া ১
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ফিলিপীয়া কিতাপৰ সাৰাংশ

      • নমস্কাৰ (১, ২)

      • ঈশ্বৰলৈ ধন্যবাদ; পৌলৰ প্ৰাৰ্থনা (৩-১১)

      • সমস্যাৰ সত্ত্বেও শুভবাৰ্তা বিয়পে (১২-২০)

      • জীয়াই থাকিলে খ্ৰীষ্টৰ কাৰণে, মৰিলে লাভৰ কাৰণে (২১-২৬)

      • আচাৰ-ব্যৱহাৰ শুভবাৰ্তাৰ অনুসৰি হওক (২৭-৩০)

ফিলিপীয়া ১:১০

ফুটনোট

  • *

    আক্ষ., “আনক উজুটি নোখোৱাবা।”

ফিলিপীয়া ১:২০

ফুটনোট

  • *

    আক্ষ., “মোৰ শৰীৰৰ।”

ফিলিপীয়া ১:২৭

ফুটনোট

  • *

    বা “তোমালোকে নাগৰিকৰ দৰে ব্যৱহাৰ কৰা।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ফিলিপীয়া ১:১-৩০

ফিলিপীয়াসকললৈ চিঠি

১ খ্ৰীষ্ট যীচুৰ দাস আমি অৰ্থাৎ পৌল আৰু তীমথিয়ই ফিলিপীত থকা সকলো পবিত্ৰ লোকসকলক, যিসকল খ্ৰীষ্ট যীচুৰ লগত একতাত আছে, লগতে অধ্যক্ষ আৰু সহায়ক সেৱকসকললৈ এই চিঠি লিখি আছোঁ:

২ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।

৩ মই যেতিয়াই তোমালোকক মনত পেলাওঁ, তেতিয়াই মই নিজৰ ঈশ্বৰক ধন্যবাদ দিওঁ। ৪ মই তোমালোক সকলোৰে কাৰণে সদায় আনন্দেৰে মিনতি কৰোঁ। ৫ কাৰণ যিদিনা তোমালোকে শুভবাৰ্তা গ্ৰহণ কৰিছিলা, সেই দিনাৰ পৰা আজিলৈকে তোমালোকে শুভবাৰ্তা বিয়পাত ভালদৰে সহযোগ কৰি আহিছা। ৬ মোৰ এই কথাৰ ওপৰত বিশ্বাস আছে যে ঈশ্বৰ, যিজনে তোমালোকৰ মাজত এটা ভাল কাম কৰিবলৈ আৰম্ভ কৰিছে, তেওঁ খ্ৰীষ্ট যীচুৰ দিনলৈকে সেয়া পূৰো কৰিব। ৭ তোমালোক সকলোৰে বিষয়ে এইদৰে ভবাটো মোৰ কাৰণে একেবাৰে সঠিক হয়, কিয়নো তোমালোক মোৰ হৃদয়ত আছা। মই শিকলিত বান্ধ খাই থকাৰ সময়তেই হওক বা শুভবাৰ্তাৰ পক্ষত থিয় হৈ তাক আইনৰ মান্যতা দিয়াৰ সময়তেই হওক, তোমালোকে মোক লগ দিছিলা। সেইবাবে, তোমালোক সকলোৱে মোৰ লগত ঈশ্বৰৰ মহা-কৃপাৰ সহভাগী হোৱা।

৮ ঈশ্বৰ মোৰ সাক্ষী হয় যে মই, তোমালোক সকলোকে লগ কৰিবলৈ কিমান আগ্ৰহী হৈ আছোঁ, কিয়নো খ্ৰীষ্ট যীচুৱে যিদৰে কোমল স্নেহ ৰাখে, ঠিক সেইদৰে ময়ো তোমালোকৰ প্ৰতি কোমল স্নেহ ৰাখোঁ। ৯ আৰু মই এয়াই প্ৰাৰ্থনা কৰি থাকোঁ যে সঠিক জ্ঞান আৰু বিবেচনাৰে সৈতে তোমালোকৰ প্ৰেম আৰু বাঢ়ি থাকক ১০ যাতে তোমালোকে বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰ জানিব পাৰা। এইদৰে খ্ৰীষ্টৰ দিনলৈকে তোমালোকৰ অন্তৰত কোনো খুঁত নহওক আৰু তোমালোকে আনৰ বিশ্বাসৰ কাৰণে বাধা নোহোৱা* ১১ আৰু ভাল ফলেৰে উপচি পৰা, যিবোৰ তোমালোকে যীচু খ্ৰীষ্টৰ যোগেদি উৎপন্ন কৰিব পাৰা যাতে ঈশ্বৰৰ মহিমা আৰু প্ৰশংসা হয়।

১২ ভাইসকল, তোমালোকে এয়া জনাটো মই বিচাৰোঁ যে আজি মই যি পৰিস্থিতিত আছোঁ, তাৰ যোগেদি শুভবাৰ্তা বিয়পাত সহায়হে পাইছোঁ। ১৩ সম্ৰাটৰ দেহৰক্ষী দলৰ সকলো লোক আৰু বাকী লোকসকলেও জানিলে যে মই খ্ৰীষ্টৰ কাৰণে শিকলিত বান্ধ খাই আছোঁ। ১৪ এতিয়া প্ৰভুত বেছিভাগ ভায়ে মই বন্দী হৈ থকাৰ কাৰণে সাহস পাইছে আৰু তেওঁলোকে আগতকৈ বেছি সাহসেৰে ঈশ্বৰৰ বাক্য শুনাই আছে।

১৫ এয়া সঁচা যে কিছুমান লোকে ঈৰ্ষা আৰু প্ৰতিযোগিতাৰ ভাৱনাৰে খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰি আছে, কিন্তু আনে ভাল ভাৱনাৰে প্ৰচাৰ কৰি আছে। ১৬ যিসকলে ভাল ভাৱনাৰে প্ৰচাৰ কৰে, তেওঁলোকে প্ৰেমৰ কাৰণে খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰে। কিয়নো তেওঁলোকে জানে যে মোক শুভবাৰ্তাৰ পক্ষত থিয় হʼবলৈ নিযুক্ত কৰা হৈছে। ১৭ কিন্তু যিসকলে ভাল উদ্দেশ্যেৰে নহয়, ইয়াৰ পৰিৱৰ্তে কাজিয়া কৰাৰ উদ্দেশ্যেৰে প্ৰচাৰ কৰে, তেওঁলোকে এইদৰে কৰাৰ কাৰণ হৈছে যাতে মই বন্দী অৱস্থাত আৰু কষ্ট পাওঁ। ১৮ কিন্তু ইয়াৰ পৰিণাম কি হʼল? এয়াই যে কোনোবাই বেয়া উদ্দেশ্যেৰে বা ভাল উদ্দেশ্যেৰে নকৰক কিয়, কিন্তু খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰতো হৈয়ে আছে আৰু ইয়াৰ পৰা মই আনন্দ লাভ কৰিছোঁ। আচলতে, মই আনন্দ কৰি থাকিম, ১৯ কিয়নো মই জানোঁ যে তোমালোকৰ মিনতিৰ কাৰণে আৰু যীচু খ্ৰীষ্টৰ পৰা পোৱা পবিত্ৰ শক্তিৰ সহায়ত মোৰ উদ্ধাৰ হʼব। ২০ আৰু মই হৃদয়েৰে এয়াই ইচ্ছা আৰু আশা কৰোঁ যে মই কোনো বিষয়ত লাজ অনুভৱ কৰিবলগীয়া নহয়। ইয়াৰ পৰিৱৰ্তে, এতিয়ালৈকে মই যিদৰে কৈ আহিছোঁ, ঠিক সেইদৰে সংকোচ নকৰাকৈ সাহসেৰে কোৱাৰ কাৰণে মোৰ* যোগেদি খ্ৰীষ্টৰ মহিমা হওক, লাগিলে মই জীওঁ বা মৰোঁ।

২১ মোৰ ক্ষেত্ৰত কʼবলৈ গʼলে যদি মই জীয়াই থাকোঁ, তেনেহʼলে খ্ৰীষ্টৰ সেৱাত লাগি থাকিম আৰু যদি মই মৰি যাওঁ, তেনেহʼলে এয়াও মোৰ লাভৰ কাৰণে হʼব। ২২ যেতিয়ালৈকে মই জগতত জীয়াই আছোঁ, মই নিজৰ কামৰ যোগেদি আৰু বেছি ফল উৎপন্ন কৰিব পাৰিম। মই নকওঁ যে মই কি বাছনি কৰিম। ২৩ মই বৰ চিন্তিত হৈ আছোঁ যে মই এই দুয়োটাৰ মাজত কি বাছনি কৰিম। মই মুকলি হৈ খ্ৰীষ্টৰ লগত থকাটোৱেই বিচাৰোঁ, কিয়নো এয়াই ভাল হʼব। ২৪ কিন্তু তোমালোকৰ কাৰণে এই জগতত মই জীয়াই থকাটোৱেই বেছি প্ৰয়োজন। ২৫ মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মই জানোঁ যে মই জীয়াই থাকিম আৰু তোমালোক সকলোৰে লগত থাকিম যাতে তোমালোকে উন্নতি কৰা আৰু বিশ্বাসত আনন্দ কৰা। ২৬ আৰু যেতিয়া মই আকৌ তোমালোকৰ লগত থাকিম, তেতিয়া খ্ৰীষ্ট যীচুত তোমালোকৰ আনন্দ বাঢ়ি থাকক।

২৭ কেৱল এই কথাৰ ওপৰত ধ্যান ৰাখা যে তোমালোকৰ আচাৰ-ব্যৱহাৰ খ্ৰীষ্টৰ শুভবাৰ্তাৰ অনুসৰি হওক* যাতে মই আহি তোমালোকক লগ কৰোঁ বা দূৰত থাকোঁ, মই তোমালোকৰ বিষয়ে এয়াই শুনো আৰু জানিবলৈ পাওঁ যে তোমালোক সকলোৱে একেই চিন্তাধাৰা ৰাখি দৃঢ়তাৰে থিয় হৈ আছা আৰু শুভবাৰ্তাৰ ওপৰত তোমালোকৰ বিশ্বাস বজাই ৰাখিবলৈ একলগ হৈ সংঘৰ্ষ কৰি আছা। ২৮ আৰু কোনো কথাত বিৰোধীসকলক ভয় নকৰা। এয়াই তেওঁলোকৰ কাৰণে বিনাশ আৰু তোমালোকৰ কাৰণে উদ্ধাৰৰ প্ৰমাণ হয়। এয়া ঈশ্বৰৰ ফালৰ পৰা হয়। ২৯ কিয়নো খ্ৰীষ্টৰ কাৰণে তোমালোকক এই সন্মান দিয়া হৈছে যে তোমালোকে কেৱল তেওঁৰ ওপৰত বিশ্বাস কৰা এনে নহয়, কিন্তু তেওঁৰ কাৰণে দুখো সহন কৰা। ৩০ তোমালোকেও সেইদৰেই সংঘৰ্ষ কৰি আছা, যিদৰে মই সংঘৰ্ষ কৰা তোমালোকে দেখিছিলা আৰু যিদৰে তোমালোকে শুনিছা, মই এতিয়াও সংঘৰ্ষ কৰি আছোঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক