ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • মাৰ্ক ১২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

মাৰ্ক কিতাপৰ সাৰাংশ

      • হত্যা কৰা খেতিয়কসকলৰ উদাহৰণ (১-১২)

      • ঈশ্বৰ আৰু সম্ৰাট (১৩-১৭)

      • মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে প্ৰশ্ন (১৮-২৭)

      • দুটা প্ৰধান আজ্ঞা (২৮-৩৪)

      • খ্ৰীষ্ট, দায়ূদৰ বংশ নে? (৩৫-৩৭ক)

      • নিয়ম শিকোৱা লোকসকলৰ বিষয়ে সাৱধানবাণী (৩৭খ-৪০)

      • দুখীয়া বিধৱাৰ দুটা মুদ্ৰা (৪১-৪৪)

মাৰ্ক ১২:১০

ফুটনোট

  • *

    বা “আটাইতকৈ গুৰুত্বপূৰ্ণ শিল হʼল।”

মাৰ্ক ১২:১১

ফুটনোট

  • *

    অতি. ক৫ চাওক।

মাৰ্ক ১২:১২

ফুটনোট

  • *

    বা “গ্ৰেপ্তাৰ কৰিব।”

মাৰ্ক ১২:১৪

ফুটনোট

  • *

    গ্ৰীক ভাষাত “কৈচৰ।”

  • *

    বা “নিয়মৰ অনুসৰি।”

মাৰ্ক ১২:১৫

ফুটনোট

  • *

    দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা। অতি. খ১৪ চাওক।

মাৰ্ক ১২:১৮

ফুটনোট

  • *

    বা “পুনৰুত্থান।” শব্দকোষ চাওক।

মাৰ্ক ১২:২৮

ফুটনোট

  • *

    আক্ষ., “লেখক।” শব্দকোষ চাওক।

  • *

    বা “আটাইতকৈ ডাঙৰ।”

মাৰ্ক ১২:২৯

ফুটনোট

  • *

    অতি. ক৫ চাওক।

  • *

    অতি. ক৫ চাওক।

মাৰ্ক ১২:৩০

ফুটনোট

  • *

    অতি. ক৫ চাওক।

মাৰ্ক ১২:৩৬

ফুটনোট

  • *

    অতি. ক৫ চাওক।

মাৰ্ক ১২:৩৯

ফুটনোট

  • *

    বা “সকলোতকৈ ভাল।”

মাৰ্ক ১২:৪০

ফুটনোট

  • *

    বা “সম্পত্তি।”

মাৰ্ক ১২:৪২

ফুটনোট

  • *

    আক্ষ., “দুই লেপ্টা।” দুই লেপ্টা আছিল ১০ মিনিট কাম কৰি পোৱা হাজিৰা। অতি. খ১৪ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
  • ৩২
  • ৩৩
  • ৩৪
  • ৩৫
  • ৩৬
  • ৩৭
  • ৩৮
  • ৩৯
  • ৪০
  • ৪১
  • ৪২
  • ৪৩
  • ৪৪
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
মাৰ্ক ১২:১-৪৪

মাৰ্কে লিখা শুভবাৰ্তা

১২ তাৰ পাছত তেওঁ এই উদাহৰণবোৰ দি তেওঁলোকৰ লগত কথা পাতিবলৈ ধৰিলে: “কোনো এজন মানুহে আঙুৰৰ খেতি কৰে আৰু তাৰ চাৰিওফালে বেৰা দিয়ে। আঙুৰ পেৰিবলৈ তেওঁ এটা গাঁত খান্দিলে। আৰু খেতিৰ পহৰা দিবলৈ এটা ওখ টঙি ঘৰ বনালে। তাৰ পাছত তেওঁ খেতি কৰা লোকসকলক সেইবোৰ গতাই বিদেশলৈ গুচি গʼল। ২ যেতিয়া আঙুৰ চপোৱাৰ সময় আহিল, তেতিয়া তেওঁ নিজৰ ভাগ আনিবৰ কাৰণে খেতি কৰা লোকসকলৰ ওচৰলৈ নিজৰ এজন দাসক পঠিয়ালে। ৩ কিন্তু খেতি কৰা লোকসকলে সেই দাসক ধৰি মাৰ-পিট কৰিলে আৰু তেওঁক খালি হাতে পঠিয়াই দিলে। ৪ তাৰ পাছত খেতিৰ মালিকজনে তেওঁলোকৰ ওচৰলৈ আৰু এজন দাসক পঠিয়ালে। খেতি কৰা লোকসকলে তেওঁক মাৰি মূৰ ফালি দিলে আৰু তেওঁৰ অপমান কৰিলে। ৫ তাৰ পাছত মালিকে আৰু এজন দাসক পঠিয়ালে। আৰু তেওঁলোকে তেওঁক হত্যা কৰিলে। মালিকজনে আৰু বহুতো লোকক পঠিয়ালে। কিন্তু কিছুমানক তেওঁলোকে মাৰ-পিট কৰিলে আৰু আন কিছুমানক হত্যা কৰিলে। ৬ এতিয়া মালিকজনৰ ওচৰত কেৱল এজনেই বাকী থাকিল, তেওঁৰ মৰমৰ লʼৰা। অৱশেষত, মালিকজনে তেওঁক এইদৰে ভাবি তেওঁলোকৰ ওচৰলৈ পঠিয়ালে, ‘সিহঁতে নিশ্চয় মোৰ লʼৰাক সন্মান কৰিব।’ ৭ কিন্তু খেতি কৰা লোকসকলে নিজৰ মাজতে কʼলে, ‘এওঁৱেই উত্তৰাধিকাৰী। আহা, ইয়াক হত্যা কৰোঁ, তেতিয়া তেওঁৰ সম্পত্তি আমাৰ হৈ যাব।’ ৮ তেওঁলোকে তেওঁক ধৰি হত্যা কৰিলে আৰু আঙুৰ খেতিৰ বাহিৰত পেলাই দিলে। ৯ এতিয়া খেতিৰ মালিকে কি কৰিব? তেওঁ আহিব আৰু সেই খেতি কৰা লোকসকলক হত্যা কৰিব। আৰু আঙুৰৰ খেতি আন খেতিয়কক দি দিব। ১০ তোমালোকে শাস্ত্ৰত এই কথা কেতিয়াও পঢ়া নাই নে, ‘ৰাজমিস্ত্ৰীসকলে যিটো শিল ব্যৱহাৰ নকৰিলে, সেয়াই চুকৰ প্ৰধান শিল* হৈ পৰিল’? ১১ তোমালোকে এয়াও পঢ়া নাই নে, ‘এয়া যিহোৱাৰ* পৰা হʼল আৰু আমাৰ দৃষ্টিত আচৰিতজনক’?”

১২ এয়া শুনি তেওঁৰ শত্ৰুবিলাকে তেওঁক ধৰিব* বিচাৰিছিল। কিয়নো তেওঁলোকে বুজি পাইছিল যে যীচুৱে তেওঁলোকক মনত ৰাখি এই উদাহৰণ দিছে। কিন্তু তেওঁলোকে ভীৰক ভয় কৰিছিল, সেইবাবে তেওঁলোকে যীচুক এৰি গুচি গʼল।

১৩ ইয়াৰ পাছত তেওঁলোকে কিছুমান ফৰীচী আৰু হেৰোদৰ গোটৰ লোকক যীচুৰ ওচৰলৈ পঠিয়ালে যাতে তেওঁলোকে যীচুক তেওঁৰ কথাতে ফান্দত পেলাব পাৰে। ১৪ তেওঁলোকে যীচুৰ ওচৰলৈ আহিলে আৰু কʼবলৈ ধৰিলে, “হে গুৰু, আমি জানোঁ যে আপুনি সকলো সময়তে সঁচা কথা কয় আৰু আপুনি লোকসকলৰ পৰা প্ৰশংসা পাবলৈ চেষ্টা নকৰে। কিয়নো আপুনি কাৰোবাৰ বাহিৰৰ ৰূপ চাই ব্যৱহাৰ নকৰে। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰৰ বিষয়ে সত্য শিকায়। আমাক কওক যে সম্ৰাটক* কৰ দিয়াটো উচিত* হয় নে নহয়? ১৫ আমি কৰ দিয়া উচিত হয় নে নহয়?” যীচুৱে তেওঁলোকৰ কপটীয়া ভাব বুজি পালে আৰু তেওঁলোকক কʼলে, “তোমালোকে মোৰ পৰীক্ষা কিয় কৰিছা? এটা দীনাৰ* আনি মোক দেখুৱা।” ১৬ তেওঁলোকে এটা দীনাৰ আনিলে। তেওঁ কʼলে, “ইয়াত কাৰ ছবি আৰু নাম আছে?” তেওঁলোকে কʼলে, “সম্ৰাটৰ।” ১৭ তেতিয়া যীচুৱে কʼলে, “যি সম্ৰাটৰ হয়, সেয়া সম্ৰাটক দিয়া আৰু যি ঈশ্বৰৰ হয়, সেয়া ঈশ্বৰক দিয়া।” যীচুৰ উত্তৰ শুনি তেওঁলোক আচৰিত হʼল।

১৮ মৃতবিলাকক আকৌ জীয়াই তোলা হʼব* বুলি বিশ্বাস নকৰা চদ্দূকীসকলে আহি যীচুক সুধিলে, ১৯ “গুৰু, মোচিয়ে আমাৰ কাৰণে লিখিছিল যে যদি কোনো ব্যক্তি সন্তান নোহোৱাকৈ মৰি যায় আৰু নিজৰ পত্নীক এৰি যায়, তেনেহʼলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰি নিজৰ মৃত ককায়েকৰ কাৰণে সন্তান জন্ম দিয়া উচিত। ২০ সাতজন ভাই-ককাই আছিল। প্ৰথমজনে বিয়া কৰি সন্তান নোহোৱাকৈ মৰিল। ২১ তাৰ পাছত দ্বিতীয়জন ভায়ে তেওঁৰ পত্নীক বিয়া কৰিলে। কিন্তু তেৱোঁ সন্তান নোহোৱাকৈ মৰিল। তৃতীয়জনৰ লগতো এইদৰেই হʼল। ২২ এইদৰে সাতোজন ভাই-ককাই সন্তান নোহোৱাকৈ মৰিল। অৱশেষত, সেই তিৰোতাগৰাকীও মৰি গʼল। ২৩ এতিয়া কওক, মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁ সেই সাতজনৰ ভিতৰত কাৰ পত্নী হʼব? কাৰণ সেই সাতজনেই তেওঁক বিয়া কৰিছিল।” ২৪ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে ভুল বুজিছা। কিয়নো তোমালোকে শাস্ত্ৰ আৰু ঈশ্বৰৰ শক্তিৰ বিষয়ে নাজানা। ২৫ কাৰণ যেতিয়া মৃতবিলাকক আকৌ জীয়াই তোলা হʼব, তেতিয়া কোনো পুৰুষ বা তিৰোতাই বিয়া নকৰিব। কিন্তু তেওঁলোক স্বৰ্গদূতৰ দৰে হʼব। ২৬ মৃত লোকসকলক আকৌ জীয়াই তোলাৰ বিষয়ে তোমালোকে মোচিৰ কিতাপত পঢ়া নাই নে যে ঈশ্বৰে জোপোহাৰ ওচৰত কি কৈছিল, ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ হওঁ?’ ২৭ তেওঁ মৃতবিলাকৰ নহয়, কিন্তু জীৱিতবিলাকৰ ঈশ্বৰ। তোমালোকে ভুল বুজিছা।”

২৮ তাত অহা নিয়ম শিকোৱা* লোকসকলৰ মাজৰ এজনে তেওঁলোকৰ তৰ্ক শুনি আছিল। আৰু যীচুৱে যি আচৰিত ধৰণে উত্তৰ দিছিল, সেয়া দেখি তেওঁক সুধিলে, “সকলো আজ্ঞাৰ ভিতৰত প্ৰথম* আজ্ঞা কোনটো?” ২৯ যীচুৱে উত্তৰ দিলে, “প্ৰথমটো হৈছে: ‘হে ইস্ৰায়েল শুনা, আমাৰ ঈশ্বৰ যিহোৱা* হৈছে একমাত্ৰ যিহোৱা।* ৩০ আৰু তুমি নিজৰ ঈশ্বৰ যিহোৱাক* নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে প্ৰেম কৰিবা।’ ৩১ আৰু দ্বিতীয়টো হৈছে: ‘তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।’ এই দুটাতকৈ প্ৰধান আজ্ঞা আৰু নাই।” ৩২ তেতিয়া সেই নিয়ম শিকোৱাজনে তেওঁক কʼলে, “গুৰু, আপুনি সঁচা কথা কৈছে, ‘ঈশ্বৰ এজনেই, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’ ৩৩ আৰু মানুহে নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ বুদ্ধি আৰু সম্পূৰ্ণ শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰাটো সকলো হোম-বলি আৰু বলিদানতকৈ শ্ৰেষ্ঠ।” ৩৪ সেই নিয়ম শিকোৱাজনে বুদ্ধিমতাৰে উত্তৰ দিয়া দেখি যীচুৱে তেওঁক কʼলে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা বেছি দূৰ নহয়।” ইয়াৰ পাছত যীচুক আৰু প্ৰশ্ন সুধিবলৈ কাৰো সাহস নহʼল।

৩৫ কিন্তু মন্দিৰত শিকোৱাৰ সময়ত যীচুৱে তেওঁলোকক কʼলে, “নিয়ম শিকোৱা লোকসকলে খ্ৰীষ্টক, দায়ূদৰ কেৱল বংশ হয় বুলি কিয় কয়? ৩৬ দায়ূদে পবিত্ৰ শক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজেই কৈছিল, ‘যিহোৱাই* মোৰ প্ৰভুক কʼলে, “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰিৰ তল নকৰালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”’ ৩৭ দায়ূদে যদি খ্ৰীষ্টক প্ৰভু বুলি কয়, তেনেহʼলে তেওঁ দায়ূদৰ বংশৰ কেনেকৈ হʼব পাৰে?”

লোকসকলৰ ভীৰে আনন্দেৰে তেওঁৰ কথা শুনি আছিল। ৩৮ তাৰ পাছত তেওঁ লোকসকলক এইদৰে শিকাবলৈ ধৰিলে, “নিয়ম শিকোৱা লোকসকলৰ পৰা সাৱধানে থাকা। তেওঁলোকে দীঘল দীঘল কাপোৰ পিন্ধি ঘূৰি ফুৰিবলৈ ভাল পায় আৰু বজাৰত লোকসকলে তেওঁলোকক নমস্কাৰ বুলি কোৱাটো বিচাৰে। ৩৯ তেওঁলোকে সভাঘৰত সকলোতকৈ আগত থকা* আসনত বহি আৰু ৰাতিৰ ভোজত প্ৰধান ঠাইত বহি ভাল পায়। ৪০ তেওঁলোকে বিধৱাবিলাকৰ ঘৰ* কাঢ়ি লয় আৰু আনক দেখুৱাবলৈ দীঘল দীঘলকৈ প্ৰাৰ্থনা কৰে। তেওঁলোকে আনৰ তুলনাত আৰু বেছিকৈ কঠোৰ শাস্তি পাব।”

৪১ তাৰ পাছত যীচুৱে দান-পাত্ৰৰ ওচৰত বহিল আৰু তেওঁ চাবলৈ ধৰিলে যে ভীৰৰ লোকসকলে কেনেকৈ দান-পাত্ৰত পইচা ভৰাই আছে। তাত অনেক ধনী মানুহে বহুতো মুদ্ৰা ভৰাই আছিল। ৪২ তাৰ পাছত এগৰাকী দুখীয়া বিধৱা আহিল আৰু তেওঁ একেবাৰে কম মূল্যৰ দুটা মুদ্ৰা* ভৰালে। ৪৩ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক ওচৰলৈ মাতিলে আৰু কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, ইয়াত যিমান লোকসকলে দান-পাত্ৰত পইচা ভৰালে, তেওঁলোকৰ মাজত এই দুখীয়া বিধৱাগৰাকীয়ে সকলোতকৈ বেছি দিলে। ৪৪ কিয়নো তেওঁলোক সকলোৱে নিজৰ অধিক হোৱা ধনৰ পৰা দিছিল, কিন্তু সেই বিধৱাগৰাকীয়ে অভাৱ হোৱাৰ সত্ত্বেও তেওঁৰ ওচৰত যি আছিল, সেই সকলো দিলে।”

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক