ইব্ৰীসকললৈ চিঠি
৮ আমাৰ কথাৰ মূল বিষয় হৈছে: আমাৰ এনে এজন মহা-পুৰোহিত আছে, যিজন স্বৰ্গত ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহিল। ২ তেওঁ পবিত্ৰ ঠাই আৰু প্ৰকৃত তম্বুৰ সেৱক* হʼল, যাক কোনো মানুহে নহয়, কিন্তু যিহোৱাই* তৰিছে। ৩ প্ৰতিজন মহা-পুৰোহিতক উপহাৰ আৰু বলিদান উৎসৰ্গ কৰাৰ কাৰণে নিযুক্ত কৰা হয়। সেইবাবে, এই মহা-পুৰোহিতৰ ওচৰতো উৎসৰ্গ কৰাৰ কাৰণে কিবা থকাৰ প্ৰয়োজন আছিল। ৪ তেওঁ পৃথিৱীত থকা হʼলে তেওঁ পুৰোহিত নহʼলহেঁতেন। কিয়নো ইয়াত আগৰে পৰা পুৰোহিত আছে, যিসকলে নিয়মৰ অনুসৰি উপহাৰ উৎসৰ্গ কৰে। ৫ তেওঁলোকে যি পবিত্ৰ সেৱা কৰে, সেয়া স্বৰ্গৰ বিষয়বোৰৰ কেৱল এক নমুনা আৰু ছাঁ হয়। যিদৰে মোচিক সেই সময়ত কোৱা হৈছিল, যেতিয়া তেওঁ তম্বু নিৰ্মাণ কৰিবলৈ লৈছিল। ঈশ্বৰে তেওঁক এই আজ্ঞা দিছিল: “মনত ৰাখিবা যে এই সকলো বস্তু ঠিক সেই নমুনাৰ অনুসৰি হোৱা উচিত, যি তোমাক এই পাহাৰত দেখুৱা হৈছে।” ৬ কিন্তু এতিয়া যীচুক ইয়াতকৈয়ো উত্তম সেৱাৰ* কাৰণে নিযুক্ত কৰা হʼল। কিয়নো তেওঁ এনে চুক্তিৰ মধ্যস্থতাও হয়, যি আগৰ চুক্তিতকৈ শ্ৰেষ্ঠ হয় আৰু যি উত্তম প্ৰতিজ্ঞাবোৰৰ আধাৰত আইনগতভাৱে কৰা হৈছে।
৭ প্ৰথম চুক্তিত কোনো দোষ নথকা হʼলে দ্বিতীয় চুক্তিৰ প্ৰয়োজনেই নহʼলহেঁতেন। ৮ কিয়নো ঈশ্বৰে লোকসকলক এইদৰে কৈ দোষী কৰে, “যিহোৱাই* কয়, ‘চোৱা! সেই দিন আহি আছে, যেতিয়া মই ইস্ৰায়েল আৰু যিহূদাৰ লোকসকলৰ লগত এক নতুন চুক্তি কৰিম। ৯ এই চুক্তি, সেই চুক্তিৰ দৰে নহʼব, যি মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত সেই দিনা কৰিছিলোঁ, যেতিয়া মই তেওঁলোকক হাতত ধৰি মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ।’ যিহোৱাই* কয়, ‘তেওঁলোক মোৰ চুক্তিৰ বিশ্বাসী হৈ নাথাকিল, সেইবাবে মই তেওঁলোকৰ চোৱা-চিতা কৰিবলৈ এৰি দিলোঁ।’”
১০ “যিহোৱাই* কয়, ‘সেই দিনবোৰৰ পাছত মই ইস্ৰায়েলৰ লোকসকলৰ লগত এই চুক্তিয়েই কৰিম। মই নিজৰ নিয়ম তেওঁলোকৰ মগজুত সোমোৱাই দিম আৰু তেওঁলোকৰ হৃদয়ত লিখিম। মই তেওঁলোকৰ ঈশ্বৰ হʼম আৰু তেওঁলোক মোৰ লোক হʼব।
১১ ইয়াৰ পাছত আৰু কেতিয়াও কোনেও নিজৰ দেশৰ লোকসকলক আৰু নিজৰ ভাইসকলক এইদৰে কৈ নিশিকাব, “যিহোৱাক* জানা!” কিয়নো সৰু-ডাঙৰ সকলোৱে মোক জানিব। ১২ মই তেওঁলোকৰ ওপৰত দয়া কৰিম আৰু তেওঁলোকৰ দুষ্ট কাম আৰু পাপবোৰ আৰু কেতিয়াও মনত নেপেলাম।’”
১৩ এইদৰে তেওঁ “নতুন চুক্তিৰ” কথা কৈ প্ৰথম চুক্তিক নাইকিয়া কৰিলে। আৰু যি চুক্তিক নাইকিয়া কৰা হৈছে আৰু পুৰণি হৈ গৈ আছে, সেয়া সোনকালে শেষ হৈ যাব।