মথিয়ে লিখা শুভবাৰ্তা
২১ যেতিয়া তেওঁলোকে যিৰূচালেমৰ ওচৰৰ জৈতুন পাহাৰৰ বৈৎফগী গাঁৱলৈ আহিল, তেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক এইদৰে কৈ পঠালে, ২ “যি গাঁও তোমালোকে দেখা পাইছা, তালৈ যোৱা। তাত গৈয়ে তোমালোকে এজনী গাধ আৰু তাৰ পোৱালিক বান্ধি থোৱা পাবা। সেই দুটা খুলি মোৰ ওচৰলৈ লৈ আনা ৩ আৰু তোমালোকক যদি কোনোবাই কিবা কয়, তেনেহʼলে কʼবা, ‘প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।’ তেতিয়া তেওঁ লগে লগে তোমালোকক দি পঠিয়াব।”
৪ ভৱিষ্যবক্তাৰ যোগেদি কোৱা এই বাক্য পূৰ হʼবলৈ এইদৰেই হৈছিল, ৫ “চিয়োনৰ জীয়াৰীক কোৱা, ‘চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহি আছে, তেওঁ কোমল স্বভাৱৰ হয় আৰু তেওঁ এটা গাধৰ ওপৰত, হয় গাধ পোৱালিৰ ওপৰত উঠি আহিছে।’”
৬ তেতিয়া শিষ্যসকলে ওলাই গʼল আৰু যীচুৱে তেওঁলোকক যিদৰে কৰিবলৈ কৈছিল, তেওঁলোকে ঠিক সেইদৰেই কৰিলে। ৭ তেওঁলোকে সেই গাধজনী আৰু তাৰ পোৱালি আনিলে আৰু তেওঁলোকে সিহঁতৰ ওপৰত নিজৰ কাপোৰ পাৰি দিলে আৰু যীচু তাৰ ওপৰত বহিল। ৮ তেতিয়া ভীৰৰ বেছিভাগ লোকে নিজৰ কাপোৰবোৰ ৰাস্তাত পাৰি দিলে আৰু আন কিছুমানে গছৰ পৰা ডালবোৰ কাটি ৰাস্তাত পাৰিবলৈ ধৰিলে। ৯ যিসকলে যীচুৰ আগে আগে আৰু পিছে পিছে গৈছিল, তেওঁলোকে চিঞৰি কʼবলৈ ধৰিলে, “হে ঈশ্বৰ, দায়ূদৰ বংশক ৰক্ষা কৰা! যিজন যিহোৱাৰ* নামেৰে আহে, তেওঁ ধন্য! হে স্বৰ্গত থকা ঈশ্বৰ আমি তোমাক প্ৰাৰ্থনা কৰিছোঁ, তেওঁক ৰক্ষা কৰা!”
১০ যেতিয়া তেওঁ যিৰূচালেম পালেহি, তেতিয়া গোটেই চহৰত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হʼল আৰু সকলোৱে কʼবলৈ ধৰিলে, “এওঁ কোন?” ১১ ভীৰৰ লোকসকলে কʼবলৈ ধৰিলে, “এওঁ গালীলৰ নাচৰতৰ পৰা অহা ভৱিষ্যবক্তা যীচু হয়!”
১২ তাৰ পাছত যীচু মন্দিৰলৈ গʼল আৰু যিসকলে মন্দিৰৰ ভিতৰত কিনা-বেচা কৰিছিল, তেওঁলোকক বাহিৰ কৰিলে আৰু পইচা সলনি কৰা লোকসকলৰ টেবুল আৰু কপৌ বেচা লোকসকলৰ বেঞ্চবোৰ লুটিয়াই পেলালে। ১৩ আৰু যীচুৱে তেওঁলোকক কʼলে, “শাস্ত্ৰত লিখা আছে, মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ বুলি কোৱা হʼব, কিন্তু তোমালোকে ইয়াক ডকাইতৰ আড্ডা* বনাইছা।” ১৪ তাৰ পাছত মন্দিৰত অন্ধ আৰু খোৰা লোকসকলে যীচুৰ ওচৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
১৫ যেতিয়া প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* যীচুৱে কৰা আচৰিত কামবোৰ দেখিলে আৰু লʼৰাবোৰে মন্দিৰত চিঞৰি, “হে ঈশ্বৰ দায়ূদৰ বংশক ৰক্ষা কৰা” বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোকৰ বৰ খং উঠিলে। ১৬ তেওঁলোকে যীচুক কʼলে, “তুমি শুনিছা নে সিহঁতে কি কৈ আছে?” যীচুৱে তেওঁলোকক কʼলে, “হয়, তোমালোকে এই বিষয়ে পঢ়া নাই নে, ‘তুমি সৰু লʼৰা-ছোৱালীৰ মুখৰ পৰা নিজৰ প্ৰশংসা কৰাইছা’?” ১৭ আৰু যীচুৱে তেওঁলোকক এৰি যিৰূচালেমৰ পৰা ওলাই বৈথনিয়ালৈ গʼল আৰু ৰাতিটো তাতে থাকিল।
১৮ যেতিয়া ৰাতিপুৱা সোনকালে তেওঁ যিৰূচালেমলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ ভোক লাগিল। ১৯ আৰু ৰাস্তাৰ কাষত যেতিয়া তেওঁ এজোপা ডিমৰু গছ দেখা পালে, তেতিয়া তেওঁ তাৰ ওচৰলৈ গʼল, কিন্তু তাত পাতৰ বাহিৰে একো নাপালে। তেতিয়া তেওঁ গছ জোপাক কʼলে, “এতিয়াৰ পৰা তোৰ আৰু কেতিয়াও ফল নধৰক।” আৰু লগে লগে সেই ডিমৰু গছজোপা শুকাই গʼল। ২০ যেতিয়া শিষ্যসকলে এয়া দেখিলে, তেতিয়া তেওঁলোকে আচৰিত হৈ কʼবলৈ ধৰিলে, “এই ডিমৰু গছজোপা হঠাতে কেনেকৈ শুকাই গʼল?” ২১ যীচুৱে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহʼলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়, কিন্তু এই পাহাৰটোক যদি কোৱা, ‘ইয়াৰ পৰা উঠি সাগৰত পৰগৈ,’ তেতিয়া সেইদৰেই হʼব। ২২ আৰু তোমালোকে বিশ্বাসেৰে প্ৰাৰ্থনাত যি যি খোজা, সেই সকলোকে পাবা।”
২৩ যেতিয়া যীচুৱে মন্দিৰলৈ গৈ শিকায় আছিল, তেতিয়া প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে তেওঁৰ ওচৰলৈ আহি কʼলে, “তুমি এইবোৰ কি অধিকাৰেৰে কৰিছা? আৰু এই অধিকাৰ তোমাক কোনে দিলে?” ২৪ যীচুৱে তেওঁলোকক কʼলে, “মইয়ো তোমালোকক এটা কথা সোধোঁ। যদি তোমালোকে তাৰ উত্তৰ দিয়া, তেনেহʼলে মইয়ো তোমালোকক কʼম যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ: ২৫ যোহন বাপ্তিষ্মা দিওঁতাক কোনে পঠাইছিল? স্বৰ্গত থকা ঈশ্বৰে, নে মানুহে?” তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “যদি আমি কওঁ, ‘ঈশ্বৰে পঠাইছে’, তেনেহʼলে তেওঁ আমাক কʼব, ‘তোমালোকে কিয় তেওঁক বিশ্বাস নকৰিলা?’ ২৬ কিন্তু আমি যদি কওঁ ‘মানুহে পঠাইছে’, তেনেহʼলে নাজানোঁ, লোকসকলে আমাৰ লগত কি কৰিব, কিয়নো তেওঁলোকে যোহনক এজন ভৱিষ্যবক্তা বুলি বিশ্বাস কৰে।” ২৭ সেইবাবে, তেওঁলোকে যীচুক উত্তৰ দিলে, “আমি নাজানোঁ।” তেতিয়া যীচুৱে কʼলে, “তেনেহʼলে মইয়ো তোমালোকক নকওঁ যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ।
২৮ তোমালোকে কি ভাবা? এজন ব্যক্তিৰ দুজন লʼৰা আছিল। তেওঁ প্ৰথম লʼৰাজনৰ ওচৰলৈ গৈ কʼলে, ‘আজি তুমি আঙুৰৰ খেতিত কাম কৰাগৈ।’ ২৯ তেতিয়া সেই লʼৰাজনে কʼলে, ‘মই নাযাওঁ,’ কিন্তু পাছত তেওঁৰ বেয়া লাগিল আৰু গʼল। ৩০ তাৰ পাছত দ্বিতীয়জন লʼৰাৰ ওচৰত গৈ দেউতাকে সেই একেই কথাকে কʼলে। লʼৰাজনে দেউতাকক কʼলে, ‘ঠিক আছে মই যাম।’ কিন্তু তেওঁ নগʼল। ৩১ এই দুজনৰ মাজৰ কোনে দেউতাকৰ ইচ্ছা পূৰ কৰিলে?” তেওঁলোকে কʼলে, “প্ৰথম জনে?” যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, কৰ তোলা লোক আৰু বেশ্যাবিলাকে তোমালোকতকৈ আগেই ঈশ্বৰৰ ৰাজ্যত যাব। ৩২ কিয়নো যোহনে সত্যৰ পথ দেখুৱাবলৈ তোমালোকৰ ওচৰলৈ আহিছিল, তথাপিও তোমালোকে তেওঁৰ ওপৰত বিশ্বাস নকৰিলা। কিন্তু কৰ তোলা আৰু বেশ্যাবিলাকে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। আৰু এই সকলোবোৰ দেখাৰ সত্ত্বেও তোমালোকে অনুতাপ নকৰিলা আৰু তোমালোকে তেওঁৰ ওপৰত বিশ্বাস নকৰিলা।
৩৩ আৰু এটা উদাহৰণ শুনা: এজন মাটিৰ মালিকে আঙুৰৰ খেতি কৰে আৰু তাৰ চাৰিওফালে বেৰা দিয়ে। আঙুৰ পেৰিবলৈ তেওঁ এটা গাঁত খান্দিলে আৰু খেতিৰ পহৰা দিবলৈ এটা ওখ টঙি ঘৰ বনালে। তাৰ পাছত তেওঁ খেতি কৰা লোকসকলক সেইবোৰ গতাই বিদেশলৈ গুচি গʼল। ৩৪ যেতিয়া আঙুৰ চপোৱাৰ সময় আহিল, তেতিয়া তেওঁ নিজৰ ভাগ আনিবৰ কাৰণে খেতি কৰা লোকসকলৰ ওচৰলৈ নিজৰ দাসবিলাকক পঠালে। ৩৫ কিন্তু খেতি কৰা লোকসকলে তেওঁৰ দাসবিলাকক ধৰি এজনক কোবালে, এজনক হত্যা কৰিলে আৰু এজনক শিল দলিয়াই মাৰিলে। ৩৬ মালিকজনে প্ৰথমবাৰতকৈ আৰু বেছি দাস পঠালে। কিন্তু খেতি কৰা লোকসকলে তেওঁলোকৰ লগতো একেধৰণে ব্যৱহাৰ কৰিলে। ৩৭ অৱশেষত, তেওঁ নিজৰ লʼৰাক এইদৰে ভাবি তেওঁলোকৰ ওচৰলৈ পঠিয়ালে, ‘সিহঁতে নিশ্চয় মোৰ লʼৰাক সন্মান কৰিব।’ ৩৮ তেওঁৰ লʼৰাক দেখি খেতি কৰা লোকসকলে নিজৰ মাজতে কʼলে, ‘এৱেঁই উত্তৰাধিকাৰী। আহা, ইয়াক হত্যা কৰি তেওঁৰ সম্পত্তি লৈ লওঁ!’ ৩৯ তেতিয়া তেওঁলোকে তেওঁক ধৰি আঙুৰ খেতিৰ বাহিৰলৈ নি হত্যা কৰিলে। ৪০ গতিকে, যেতিয়া খেতিৰ মালিক আহিব, তেতিয়া খেতি কৰা লোকসকলৰ লগত কি কৰিব?” ৪১ তেওঁলোকে কʼলে, “তেওঁলোক দুষ্ট হয়, সেইবাবে তেওঁলোকক কোনো দয়া নেদেখুৱাকৈ নাশ কৰিব আৰু নিজৰ খেতিবোৰ সেই লোকসকলক গতাই দিব, যিসকলে আঙুৰ চপোৱাৰ পাছত মালিকৰ ভাগ দি দিব।”
৪২ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে শাস্ত্ৰত কেতিয়াও পঢ়া নাই নে, ‘ৰাজমিস্ত্ৰীসকলে যিটো শিল ব্যৱহাৰ নকৰিলে, সেয়াই চুকৰ প্ৰধান শিল* হৈ পৰিল।’ তোমালোকে এয়াও পঢ়া নাই নে, ‘এয়া যিহোৱাৰ* পৰা হʼল আৰু আমাৰ দৃষ্টিত আচৰিতজনক?’ ৪৩ সেইবাবে, মই তোমালোকক কওঁ যে ঈশ্বৰৰ ৰাজ্য তোমালোকৰ পৰা লৈ লোৱা হʼব আৰু এনে এক ৰাষ্ট্ৰক দিয়া হʼব, যি ৰাষ্ট্ৰই ৰাজ্যৰ কাৰণে উপযুক্ত ফল উৎপন্ন কৰিব। ৪৪ যি কোনোৱে এই শিলৰ ওপৰত পৰিব, তেওঁ ডোখৰ ডোখৰকৈ ভাঙি যাব আৰু যাৰ ওপৰত এই শিল পৰিব, তেওঁ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।”
৪৫ যেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে তেওঁৰ উদাহৰণবোৰ শুনিলে, তেতিয়া তেওঁলোকে বুজি পালে যে যীচুৱে তেওঁলোকৰ বিষয়ে কৈ আছে। ৪৬ যদিও তেওঁলোকে যীচুক ধৰিব* বিচাৰিছিল, কিন্তু লোকসকলক ভয় কৰিছিল, কাৰণ লোকসকলে যীচুক এজন ভৱিষ্যবক্তা বুলি বিশ্বাস কৰিছিল।