মাৰ্কে লিখা শুভবাৰ্তা
৭ এতিয়া যিৰূচালেমৰ পৰা অহা ফৰীচী আৰু কিছুমান নিয়ম শিকোৱা লোকে* যীচুৰ ওচৰলৈ আহিল। ২ তেওঁলোকে দেখিলে যে যীচুৰ কিছুমান শিষ্যই অশুচি হাতেৰে অৰ্থাৎ হাত নোধোৱাকৈ* আহাৰ খায়। ৩ (আচলতে ফৰীচী আৰু সকলো যিহূদীয়ে পুৰুষে পুৰুষে চলি অহা পৰম্পৰাবোৰ দৃঢ়তাৰে পালন কৰে। সেইবাবে, যেতিয়ালৈকে তেওঁলোকে কিলাকুটিলৈকে হাত নোধোৱে, তেতিয়ালৈকে তেওঁলোকে আহাৰ নাখায়। ৪ আৰু তেওঁলোকে বজাৰৰ পৰা উভতি অহাৰ পাছত যেতিয়ালৈকে নিজকে পানীৰে শুচি কৰা নাছিল, তেতিয়ালৈকে আহাৰ খোৱা নাছিল। এনেধৰণৰ তেওঁলোকৰ আৰু বহুতো পৰম্পৰা আছিল, যিবোৰ তেওঁলোকে দৃঢ়তাৰে পালন কৰিছিল। যেনে, বাটি, লোটা আৰু পিতলৰ বৰ্তনবোৰ পানীত ডুবাইছিল।) ৫ এই ফৰীচী আৰু নিয়ম শিকোৱা লোকসকলে যীচুক সুধিলে, “আপোনাৰ শিষ্যসকলে পুৰুষে পুৰুষে চলি অহা নিয়মবোৰ কিয় পালন নকৰে আৰু অশুচি হাতেৰে কিয় আহাৰ খায়?” ৬ যীচুৱে তেওঁলোকক কʼলে, “হে কপটিয়াবিলাক, যিচয়াই তোমালোকৰ বিষয়ে ঠিকেই ভৱিষ্যবাণী কৰিছিল, যিদৰে লিখা আছে, ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে। ৭ তেওঁলোকে অনৰ্থকৰূপে মোৰ উপাসনা কৰে, কিয়নো তেওঁলোকে মানুহৰ ৰীতি-নীতিবোৰ এনেদৰে শিকায়, যেন সেইবোৰ ঈশ্বৰৰ শিক্ষা হয়।’ ৮ তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি পুৰুষে পুৰুষে চলি অহা মানুহৰ পৰম্পৰাবোৰ পালন কৰা।”
৯ তাৰ পাছত তেওঁ কʼলে, “তোমালোকে নিজৰ পৰম্পৰা বজাই ৰাখিবলৈ চতুৰতাৰে ঈশ্বৰৰ আজ্ঞা আওকাণ কৰা। ১০ উদাহৰণস্বৰূপে, মোচিয়ে কৈছিল, ‘নিজৰ মা-দেউতাক সন্মান কৰিবা,’ আৰু ‘যি কোনোৱে নিজৰ মা বা দেউতাক বেয়াকৈ কয়,* তেওঁক মৃত্যুদণ্ড দিয়া হʼব।’ ১১ কিন্তু তোমালোকে কোৱা, ‘যদি এজন ব্যক্তিয়ে নিজৰ মা বা দেউতাকক কয়, “আপোনালোকে লাভৱান হোৱা মোৰ ওচৰত যি বস্তু আছে, সেই সকলো কুৰবান (অৰ্থাৎ ঈশ্বৰৰ উদ্দেশ্যে ৰখা উপহাৰ হয়),” তেনেহʼলে এয়া ভুল নহয়।’ ১২ এইদৰে কৰি তোমালোকে সেই ব্যক্তিজনক নিজৰ মা বা দেউতাৰ কাৰণে একো কৰিবলৈ নিদিয়া। ১৩ এইদৰে তোমালোকে নিজৰ পৰম্পৰা শিকাই ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছা। তোমালোকে এনেধৰণৰ আৰু বহুতো কাম কৰা।” ১৪ তাৰ পাছত তেওঁ লোকসকলক আকৌ মাতিলে আৰু তেওঁলোকক কʼলে, “তোমালোকে সকলোৱে মোৰ কথা মন দি শুনা আৰু ইয়াৰ অৰ্থ বুজা। ১৫ বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা এনে কোনো বস্তু নাই, কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি ওলায়, সেইবোৰেহে তেওঁক অশুচি কৰে।” ১৬* —
১৭ যেতিয়া তেওঁ ভীৰৰ পৰা গৈ এখন ঘৰত সোমালে, তেতিয়া তেওঁৰ শিষ্যসকলে সেই উদাহৰণৰ অৰ্থৰ বিষয়ে সুধিবলৈ ধৰিলে। ১৮ তেতিয়া যীচুৱে শিষ্যসকলক কʼলে, “তেওঁলোকৰ দৰে তোমালোকেও বুজি পোৱা নাই নে? তোমালোকে নাজানা নে বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে? ১৯ কাৰণ সেইবোৰ হৃদয়ত নোসোমায়, কিন্তু সেয়া পেটলৈ যায় আৰু পাছত বাহিৰলৈ ওলাই যায়?” এইদৰে তেওঁ সকলো খোৱা বস্তুক শুচি বুলি কʼলে। ২০ ইয়াৰ পাছত তেওঁ কʼলে, “মানুহৰ ভিতৰৰ পৰা যি ওলায়, সেইবোৰেই তেওঁক অশুচি কৰে। ২১ কিয়নো ভিতৰৰ পৰা অৰ্থাৎ মানুহৰ হৃদয়ৰ পৰাই বেয়া চিন্তা ওলায়। সেই কাৰণে অনৈতিক শাৰীৰিক সম্পৰ্ক,* চুৰ কৰা, হত্যা, ২২ ব্যভিচাৰ,* লোভ, দুষ্ট কাম, বিশ্বাসঘাত কৰা, নিৰ্লজ্জভাৱে কৰা পাপ কাম,* ঈৰ্ষা,* নিন্দা, অহংকাৰ আৰু মূৰ্খতা এইবোৰ ওলায়। ২৩ এই সকলো বেয়া বিষয় মানুহৰ ভিতৰৰ পৰা ওলায় আৰু এইবোৰে তেওঁক অশুচি কৰে।”
২৪ যীচুৱে তাৰ পৰা উঠি তূৰ আৰু চীদোনৰ এলেকালৈ গʼল। তাত তেওঁ এখন ঘৰলৈ গʼল আৰু তেওঁৰ বিষয়ে কোনেও জনাটো তেওঁ বিচৰা নাছিল। তথাপিও তেওঁ লোকসকলৰ পৰা লুকাই থাকিব নোৱাৰিলে। ২৫ তাত এগৰাকী তিৰোতা আছিল। তেওঁৰ সৰু ছোৱালীজনীক দুষ্ট স্বৰ্গদূতে পাইছিল। যীচুৱে তাত অহাৰ খবৰ শুনাৰ লগে লগে সেই তিৰোতাগৰাকীয়ে তেওঁৰ ওচৰলৈ আহি তেওঁৰ ভৰিত পৰিল। ২৬ সেই তিৰোতাগৰাকী গ্ৰীক আছিল আৰু চিৰিয়াৰ ফৈনীকিয়াত থাকিছিল। তেওঁৰ ছোৱালীজনীৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়াই দিবলৈ তেওঁ যীচুক মিনতি কৰি থাকিল। ২৭ কিন্তু যীচুৱে তেওঁক কʼলে, “প্ৰথমে লʼৰা-ছোৱালীক পেট ভৰাই খাবলৈ দিয়া, কিয়নো লʼৰা-ছোৱালীৰ খোৱা বস্তুবোৰ লৈ কুকুৰৰ পোৱালিৰ আগত পেলাই দিয়াটো উচিত নহয়।” ২৮ কিন্তু তিৰোতাগৰাকীয়ে কʼলে, “ঠিকেই কৈছে প্ৰভু, তথাপিওতো কুকুৰৰ পোৱালিয়ে লʼৰা-ছোৱালীৰ টেবুলৰ পৰা পৰি যোৱা টুকুৰাবোৰ খায়।” ২৯ এয়া শুনি যীচুৱে তেওঁক কʼলে, “ঠিকেই কৈছা, যোৱা তোমাৰ ছোৱালীজনীৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত ওলাই গʼল।” ৩০ তেতিয়া সেই তিৰোতাগৰাকী নিজৰ ঘৰলৈ গুচি গʼল আৰু তেওঁ দেখিলে যে তেওঁৰ ছোৱালীজনী বিচনাত শুই আছে আৰু তাইৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত ওলাই গʼল।
৩১ যেতিয়া যীচুৱে তূৰ এলেকাৰ পৰা ওলালে, তেতিয়া তেওঁ চীদোন আৰু দিকাপলিৰ* এলেকাৰ মাজেদি হৈ গালীল সাগৰলৈ গʼল। ৩২ ইয়াত লোকসকলে তেওঁৰ ওচৰত এজন কলা ব্যক্তিক লৈ আহিলে, যিজনে ভালকৈ কথা কʼব নোৱাৰিছিল। তেওঁলোকে সেই ব্যক্তিজনৰ গাত হাত দিবলৈ যীচুক মিনতি কৰিলে। ৩৩ যীচুৱে সেই ব্যক্তিজনক ভীৰৰ পৰা আঁতৰাই নিলে আৰু মানুহজনৰ কাণ দুখনত আঙুলি দি থু লগাই তেওঁৰ জিভাখন চুলে। ৩৪ তাৰ পাছত তেওঁ আকাশৰ ফালে চালে আৰু ডাঙৰকৈ উশাহ লৈ তেওঁক কʼলে, “ইফফাতাহ,” যাৰ অৰ্থ হৈছে “মুকলি হওক।” ৩৫ তেতিয়া সেই ব্যক্তিজনে শুনিব পাৰিলে আৰু তেওঁৰ মাত স্পষ্ট হʼল আৰু তেওঁ ভালদৰে কʼবলৈ ধৰিলে। ৩৬ তাৰ পাছত যীচুৱে তেওঁলোকক সাৱধান কৰি এই বিষয়ে কাকো নকʼবলৈ কʼলে। কিন্তু যীচুৱে যিমানেই তেওঁলোকক মানা কৰিছিল, সিমানেই তেওঁৰ বিষয়ে তেওঁলোকে আনক কʼবলৈ ধৰিলে। ৩৭ সঁচাকৈ লোকসকলে আচৰিত হৈ এইদৰে কৈছিল, “তেওঁ কৰা সকলো কামেই আচৰিত! তেওঁ কলা আৰু বোবাকো সুস্থ কৰি দিয়ে।”