ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ফিলিপীয়া ২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ফিলিপীয়া কিতাপৰ সাৰাংশ

      • খ্ৰীষ্টানসকলৰ নম্ৰতা (১-৪)

      • খ্ৰীষ্ট নম্ৰ হʼল; মহান কৰা হʼল (৫-১১)

      • নিজৰ উদ্ধাৰৰ কাৰণে কাম কৰা (১২-১৮)

        • পোহৰৰ দৰে জিলিকা (১৫)

      • তীমথিয় আৰু ইপাফ্ৰদীতক পঠিওৱা (১৯-৩০)

ফিলিপীয়া ২:৭

ফুটনোট

  • *

    আক্ষ., “তেওঁ নিজকে শূন্য কৰিলে।”

ফিলিপীয়া ২:৮

ফুটনোট

  • *

    আক্ষ., “যেতিয়া তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হʼল।”

  • *

    শব্দকোষ চাওক।

ফিলিপীয়া ২:১৫

ফুটনোট

  • *

    প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।

ফিলিপীয়া ২:১৭

ফুটনোট

  • *

    বা “জনসেৱা।”

ফিলিপীয়া ২:৩০

ফুটনোট

  • *

    বা হয়তো, “প্ৰভুৰ কামৰ।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ফিলিপীয়া ২:১-৩০

ফিলিপীয়াসকললৈ চিঠি

২ যদি তোমালোকে খ্ৰীষ্টত এজনে-আনজনক উৎসাহিত কৰিব বিচাৰা, প্ৰেমেৰে শান্ত্বনা দিব বিচাৰা, সহানুভূতি দেখুৱাব বিচাৰা, এজনে-আনজনৰ প্ৰতি কোমল স্নেহ ৰাখিব বিচাৰা আৰু এজনে-আনজনক কৰুণা কৰিব বিচাৰা, ২ তেনেহʼলে তোমালোকে এক মন ৰাখা আৰু তোমালোকৰ মাজত একে প্ৰেম হওক, তোমালোকৰ মাজত সম্পূৰ্ণ একতা থাকক আৰু তোমালোকৰ চিন্তাধাৰা একেই হওক। এইদৰে কৰি তোমালোকে মোক সম্পূৰ্ণৰূপে আনন্দ দিয়া। ৩ কাজিয়া কৰাৰ মনোভাৱ বা অহংকাৰৰ কাৰণে একো নকৰিবা, কিন্তু নম্ৰতাৰে নিজতকৈ আনক শ্ৰেষ্ঠ বুলি ভাবা। ৪ আৰু প্ৰতিজনে কেৱল নিজৰ বিষয়ে চিন্তা নকৰক, ইয়াৰ পৰিৱৰ্তে আনৰ বিষয়েও চিন্তা কৰক।

৫ খ্ৰীষ্ট যীচুৰ যি চিন্তাধাৰা আছিল, তোমালোকেও সেই একেই চিন্তাধাৰা ৰাখা। ৬ তেওঁ ঈশ্বৰৰ প্ৰতিৰূপ হোৱাৰ সত্ত্বেও তেওঁ ঈশ্বৰৰ সমান হʼবলৈ কেতিয়াও চিন্তা কৰা নাছিল। ৭ ইয়াৰ পৰিৱৰ্তে, তেওঁ নিজৰ সকলো ত্যাগ কৰিলে* আৰু এজন দাস হিচাপে মানুহৰ ৰূপত জন্ম লʼলে। ৮ ইয়াৰ উপৰিও, যেতিয়া তেওঁ মানুহ হিচাপে আহিছিল,* তেতিয়া নিজকে নম্ৰ কৰিলে আৰু মৃত্যুলৈকে, হয়, যাতনাৰ কাঠত* মৃত্যুলৈকে আজ্ঞা পালন কৰিলে। ৯ সেই কাৰণে ঈশ্বৰে তেওঁক আগতকৈ বেছি ওখ পদ দি মহান কৰিলে আৰু কৃপা কৰি তেওঁক সেই নাম দিলে, যি আন সকলো নামতকৈ মহান হয় ১০ যাতে যিসকল স্বৰ্গত আছে আৰু যিসকল পৃথিৱীত আৰু যিসকল মাটিৰ তলত আছে, সকলোৱে যীচুৰ নামেৰে আঁঠু কাঢ়ে। ১১ আৰু যীচু খ্ৰীষ্টই প্ৰভু হয় বুলি প্ৰত্যেকে মুকলিভাৱে স্বীকাৰ কৰক যাতে আমাৰ পিতৃ ঈশ্বৰৰ মহিমা হয়।

১২ মোৰ মৰমৰ ভাইসকল, তোমালোকে সদায় আজ্ঞা পালন কৰি আহিছা। যেতিয়া মই তোমালোকৰ লগত আছিলোঁ, তেতিয়াও পালন কৰিছিলা আৰু এতিয়া মই তোমালোকৰ পৰা দূৰত থাকোঁতেও তোমালোকে আৰু বেছি আনন্দেৰে আজ্ঞা পালন কৰা। তোমালোকে এইদৰেই সন্মান আৰু ভয়েৰে নিজৰ উদ্ধাৰৰ কাৰণে কাম কৰি গৈ থাকা। ১৩ কাৰণ ঈশ্বৰেই নিজৰ ইচ্ছাৰ অনুসৰি তোমালোকক মজবুত কৰে আৰু তোমালোকৰ অন্তৰত ইচ্ছা জগায় আৰু তাক পূৰ কৰিবলৈ শক্তিও দিয়ে। ১৪ ভোৰভোৰাই নথকাকৈ আৰু তৰ্ক-বিতৰ্ক নকৰাকৈ সকলো কাম কৰি থাকা ১৫ যাতে তোমালোক নিৰ্দোষী আৰু সৰল হোৱা আৰু ঈশ্বৰৰ সন্তান হোৱা আৰু এক দুষ্ট আৰু ভ্ৰষ্ট প্ৰজন্মৰ* মাজত নিষ্কলংক হৈ থাকা, যাৰ মাজত তোমালোক এই জগতত পোহৰৰ দৰে জিলিকি আছা। ১৬ আৰু জীৱনৰ বাক্যক দৃঢ়তাৰে ধৰি থাকা। তেতিয়া খ্ৰীষ্টৰ দিনত মই এই কথাৰ কাৰণে আনন্দ কৰিব পাৰিম যে মোৰ দৌৰ বা পৰিশ্ৰম এনেই ব্যৰ্থ নহʼল। ১৭ তোমালোকৰ বিশ্বাসৰ কাৰণে তোমালোকে যি বলিদান আৰু পবিত্ৰ সেৱা* কৰিবলৈ অনুপ্ৰাণিত হৈছা, তাৰ উদ্দেশ্যে মোক যদি দ্ৰাক্ষাৰস উৎসৰ্গ কৰাৰ নিচিনা ঢালি দিয়াও হয়, তথাপিও মই আনন্দিত হওঁ আৰু তোমালোক সকলোৰে সৈতে আনন্দ কৰোঁ। ১৮ এইদৰে তোমালোকেও মোৰ সৈতে সুখী হোৱা উচিত আৰু আনন্দ কৰা উচিত।

১৯ এতিয়া মই আশা কৰোঁ যে যদি প্ৰভু যীচুৰ ইচ্ছা হয়, তেনেহʼলে অতি সোনকালে মই তীমথিয়ক তোমালোকৰ ওচৰলৈ পঠাম যাতে তোমালোকৰ বিষয়ে শুনি মই উৎসাহিত হওঁ। ২০ কাৰণ তোমালোকৰ ওচৰলৈ পঠিয়াবলৈ তীমথিয়ৰ নিচিনা আৰু কোনো নাই, যিজনে প্ৰকৃততে তোমালোকৰ বিষয়ে চিন্তা কৰিব। ২১ কিয়নো বাকী সকলোৱে নিজৰ বিষয়ে চিন্তা কৰে, কোনেও যীচু খ্ৰীষ্টৰ কামৰ বিষয়ে চিন্তা নকৰে। ২২ তোমালোকে নিজেও তেওঁৰ বিষয়ে জানা যে যিদৰে এজন লʼৰাই নিজৰ দেউতাকক সহায় কৰে, ঠিক সেইদৰে তেওঁ শুভবাৰ্তা বিয়পাবলৈ মোৰ লগত কঠিন পৰিশ্ৰম কৰিলে। ২৩ সেইবাবে, মই আশা কৰোঁ যে মোৰ লগত কি হʼবলগীয়া আছে, সেয়া গʼম পোৱাৰ লগে লগে মই তেওঁকেই তোমালোকৰ ওচৰলৈ পঠাম। ২৪ আৰু প্ৰভুত মোৰ বিশ্বাস আছে যে মই নিজেও সোনকালেই তোমালোকৰ ওচৰলৈ আহিম।

২৫ কিন্তু এতিয়া মই ইপাফ্ৰদীতক তোমালোকৰ ওচৰলৈ পঠোৱাটো প্ৰয়োজন বুলি ভাবোঁ। তেওঁ মোৰ ভাই, সহকৰ্মী আৰু সহসেনা হয় আৰু তোমালোকে পঠোৱা দূত হয় আৰু এজন সেৱক হিচাপে মোৰ সহায় কৰে। ২৬ তেওঁ তোমালোক সকলোকে চাবলৈ আগ্ৰহী হৈ আছে আৰু বহুত নিৰাশ হৈ পৰিছে, কিয়নো তেওঁৰ বেমাৰ হৈছে বুলি তোমালোকে শুনিছিলা। ২৭ তেওঁৰ ইমানেই বেমাৰ হৈছিল যে তেওঁৰ মৰো মৰো অৱস্থা হৈছিল। কিন্তু ঈশ্বৰে তেওঁক দয়া কৰিলে আৰু কেৱল তেওঁকেই দয়া কৰিলে এনে নহয়, কিন্তু তেওঁ মোকো দয়া কৰিলে যাতে মই বেছি দুখ ভুগিবলগীয়া নহয়। ২৮ সেইবাবে, মই তেওঁক যিমান পাৰোঁ, সিমান সোনকালে পঠিয়াই আছোঁ যাতে তেওঁক দেখি তোমালোকে আকৌ আনন্দিত হোৱা আৰু মোৰ চিন্তাও অলপ কমি যায়। ২৯ সেইবাবে, প্ৰভুৰ লোকসকলক যিদৰে আদৰণি জনোৱা হয়, তেনেকৈ তোমালোকে তেওঁকো আনন্দেৰে আদৰণি জনোৱা আৰু এনে ভাইসকলক মূল্যৱান বুলি ভাবা। ৩০ কিয়নো খ্ৰীষ্টৰ কামৰ* কাৰণে তেওঁ নিজৰ জীৱন বিপদত পেলালে আৰু তেওঁ মৰো মৰো অৱস্থাত আছিল যাতে তোমালোকে ইয়াত নথকাৰ সময়ত তোমালোকৰ সলনি তেওঁ মোৰ সেৱা কৰে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক