লূকে লিখা শুভবাৰ্তা
১২ সেই সময়ত লোকসকলৰ হাজাৰ হাজাৰ ভীৰ তাত জমা হʼল। আনকি তেওঁলোকে এজনে-আনজনক ঠেলা-হেঁচা কৰিছিল। তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক কʼবলৈ ধৰিলে, “ফৰীচীসকলৰ খমিৰৰ পৰা অৰ্থাৎ তেওঁলোকৰ কপটৰ পৰা সাৱধানে থাকা। ২ কিন্তু সাৱধানে ৰখা এনে কোনো বিষয় নাই, যি প্ৰকাশ নাপাব আৰু গুপনে ৰখা এনে কোনো বিষয় নাই, যি জানিব পৰা নহʼব। ৩ সেইবাবে, যি কথা তোমালোকে আন্ধাৰত কোৱা, সেয়া পোহৰত শুনা যাব। আৰু যি কথা তোমালোকে ভিতৰৰ কোঠালিত ফুচফুচাই কোৱা, সেয়া ঘৰৰ চাদত উঠি ঘোষণা কৰা হʼব। ৪ মোৰ বন্ধুসকল, মই তোমালোকক কৈছোঁ, যিজনে তোমালোকৰ শৰীৰক নষ্ট কৰিব পাৰে, কিন্তু ইয়াতকৈ বেছি আৰু একো কৰিব নোৱাৰে, তেওঁলৈ ভয় নকৰিবা। ৫ কিন্তু মই তোমালোকক কৈছোঁ যে তোমালোকে কাক ভয় কৰা উচিত। হত্যা কৰাৰ পাছত নাশ* কৰাৰ যিজনৰ অধিকাৰ আছে, তোমালোকে তেওঁলৈ ভয় কৰা। হয়, মই তোমালোকক কৈছোঁ, তেওঁকেই ভয় কৰা। ৬ পাঁচটা ঘৰচিৰিকা দুপইচাত* নেবেচে নে? তথাপি সেইবোৰৰ এটিকো ঈশ্বৰে পাহৰি নাযায়।* ৭ কিন্তু তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে। সেইবাবে ভয় নকৰিবা, তোমালোক বহুতো ঘৰচিৰিকাতকৈ মূল্যৱান।
৮ মই তোমালোকক কৈছোঁ, যি কোনোৱে লোকসকলৰ আগত মোক গ্ৰহণ কৰে, মানুহৰ পুত্ৰও ঈশ্বৰৰ স্বৰ্গদূতসকলৰ আগত তেওঁক গ্ৰহণ কৰিব। ৯ কিন্তু যি কোনোৱে লোকসকলৰ আগত মোক গ্ৰহণ নকৰে, ময়ো তেওঁক ঈশ্বৰৰ স্বৰ্গদূতসকলৰ আগত গ্ৰহণ নকৰিম। ১০ যদি কোনোবাই মানুহৰ পুত্ৰৰ বিৰুদ্ধে কিবা কয়, তেনেহʼলে তেওঁক ক্ষমা কৰা হʼব। কিন্তু যিজনে পবিত্ৰ শক্তিৰ বিৰুদ্ধে নিন্দাজনক কথা কয়, তেওঁক ক্ষমা কৰা নহʼব। ১১ যেতিয়া তেওঁলোকে তোমালোকক জনসাধাৰণ,* শাসন কৰোঁতা আৰু অধিকাৰীসকলৰ ওচৰলৈ লৈ যায়, তেতিয়া তোমালোকে নিজকে বচাবলৈ কি কʼব লাগে আৰু কেনেকৈ কʼব লাগে, এই বিষয়ে চিন্তা নকৰিবা। ১২ কাৰণ তোমালোকে কি কোৱা উচিত, সেয়া পবিত্ৰ শক্তিয়ে সেই সময়তে তোমালোকক শিকাব।”
১৩ তেতিয়া ভীৰৰ মাজৰ পৰা কোনোবা এজনে তেওঁক কʼলে, “গুৰু, মোৰ ককাইক কওক যে তেওঁ আমাৰ পৈতৃক সম্পত্তি ভাগ কৰি দিয়ে।” ১৪ যীচুৱে তেওঁক কʼলে, “কোনে মোক তোমালোকৰ বিচাৰক বা ভাগ কৰোঁতা নিযুক্ত কৰিলে?” ১৫ তাৰ পাছত তেওঁ ভীৰক কʼলে, “তোমালোকৰ চকু খুলি ৰাখা আৰু সকলো ধৰণৰ লোভৰ পৰা নিজকে বচাই ৰাখা। কাৰণ এজন ব্যক্তিৰ বহুত ধন-সম্পত্তি থাকিলেও সেইবোৰে তেওঁক জীৱন দিব নোৱাৰে।” ১৬ তাৰ পাছত যীচুৱে এটা উদাহৰণ দি কʼলে, “এজন ধনী ব্যক্তিৰ মাটিত বহুতো শস্য উৎপন্ন হʼল। ১৭ তেওঁ মনতে ভাবিবলৈ ধৰিলে, ‘মোৰ ওচৰত শস্য থʼবলৈ আৰু ঠাই নাই। এতিয়া মই কি কৰিম?’ ১৮ তাৰ পাছত তেওঁ কʼলে, ‘এটা কাম কৰিম, মই ভঁৰালবোৰ ভাঙি আৰু ডাঙৰ ডাঙৰ ভঁৰাল বনাম। পাছত তাতেই সকলো শস্য আৰু বস্তুবোৰ জমা কৰি থʼম। ১৯ আৰু নিজকে কʼম, “তোৰ ওচৰত বহু বছৰৰ কাৰণে বহুতো ভাল বস্তু জমা আছে। এতিয়া আৰাম কৰ আৰু খাই বৈ ফূৰ্তি কৰ।”’ ২০ কিন্তু ঈশ্বৰে তেওঁক কʼলে, ‘হে মূৰ্খ, আজি ৰাতিয়েই তোমাৰ জীৱন, তোমাৰ পৰা কাঢ়ি নিয়া হʼব। তেনেহʼলে তুমি যিবোৰ গোটাই থৈছা, সেইবোৰ কাৰ হʼব?’ ২১ যিজনে ধন-সম্পত্তি গোটোৱাত লাগি থাকে, কিন্তু ঈশ্বৰৰ দৃষ্টিত ধনী নহয়, তেওঁৰ অৱস্থাও সেই মানুহজনৰ দৰেই হয়।”
২২ তাৰ পাছত তেওঁ নিজৰ শিষ্যসকলক কʼলে, “সেইবাবে, মই তোমালোকক কওঁ যে কি খাম, এই বুলি জীৱনৰ কাৰণে বা কি পিন্ধিম, এই বুলি শৰীৰৰ কাৰণে তোমালোকে চিন্তা কৰিবলৈ এৰি দিয়া। ২৩ কাৰণ এজন মানুহৰ জীৱন আহাৰতকৈ আৰু তেওঁৰ শৰীৰ কাপোৰতকৈ বেছি গুৰুত্বপূৰ্ণ। ২৪ কাউৰীবোৰলৈ মন কৰা, সিহঁতে শস্য নিসিঁচে, নাদায় আৰু সিহঁতৰ ভঁৰালো নাথাকে, তথাপিও ঈশ্বৰে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে। তোমালোক চৰাইবোৰতকৈ মূল্যৱান নহয় নে? ২৫ তোমালোকৰ মাজৰ কোনে চিন্তা কৰি অলপ হʼলেও* নিজৰ বয়স বঢ়াব পাৰে? ২৬ সেইবাবে, তোমালোকে যদি এইদৰে সাধাৰণ বিষয়টোকে কৰিব নোৱাৰা, তেনেহʼলে বাকী বিষয়বোৰলৈ কিয় চিন্তা কৰিছা? ২৭ মুকলি পথাৰত ফুলা ফুলবোৰ* কেনেকৈ বাঢ়ে, তালৈ মন কৰা। সেইবোৰে পৰিশ্ৰম নকৰে বা কাপোৰো নবয়।* কিন্তু মই তোমালোকক কওঁ যে যদিও চলোমনৰ ওচৰত বহুতো ধুনীয়া ধুনীয়া বস্তু আছিল, তথাপি তেওঁ নিজকে সেই ফুলবোৰৰ নিচিনা সজাব নোৱাৰিলে। ২৮ সেইবাবে পথাৰত হোৱা বনক যি আছে, কাইলৈ জুইত* পেলোৱা হʼব। ঈশ্বৰে যদি সেইবোৰকো ইমান ধুনীয়াকৈ কাপোৰ পিন্ধাইছে, তেনেহʼলে হে কম বিশ্বাস কৰা লোকসকল, তেওঁ তোমালোকক তাতকৈও বেছি পিন্ধাব নোৱাৰিব নে! ২৯ সেইবাবে, তোমালোকে কি খাম, এই বুলি চিন্তা কৰিবলৈ এৰি দিয়া। তোমালোকে এই বিষয়ে প্ৰয়োজনতকৈ বেছি চিন্তা নকৰিবা। ৩০ কিয়নো যিসকলে ঈশ্বৰক নাজানে, তেওঁলোকে এই বস্তুবোৰৰ বিষয়ে দিনে-ৰাতিয়ে চিন্তা কৰে। কিন্তু তোমালোকৰ পিতৃয়ে জানে যে তোমালোকক এই বস্তুবোৰৰ প্ৰয়োজন আছে। ৩১ ইয়াৰ পৰিৱৰ্তে, তেওঁৰ ৰাজ্যক প্ৰথমস্থান দিয়া। তাৰ পাছত এই সকলো বস্তু তোমালোকক দিয়া হʼব।
৩২ হে সৰু জাক, ভয় নকৰিবা, কিয়নো তোমালোকৰ পিতৃয়ে তোমালোকক ৰাজ্য দিবলৈ আনন্দিত হৈছে। ৩৩ সেইবাবে, নিজৰ বস্তুবোৰ বেচি দুখীয়াক দান* কৰা। নিজৰ কাৰণে এনে টকাৰ মোনা তৈয়াৰ কৰা, যি কেতিয়াও পুৰণি নহয়, অৰ্থাৎ স্বৰ্গত এনে ধন সাঁচি থোৱা, যি কেতিয়াও শেষ নহয়, যʼত চোৰেও যাব নোৱাৰে আৰু পোকেও নষ্ট কৰিব নোৱাৰে। ৩৪ কাৰণ যʼতেই তোমালোকৰ ধন, তʼতেই তোমালোকৰ মন হʼব।
৩৫ তোমালোকে কঁকাল বান্ধি সাজু হৈ থাকা আৰু তোমালোকৰ চাকি জ্বলি থাকক। ৩৬ সেই মানুহকেইজনৰ দৰে হোৱা, যিসকলে নিজৰ মালিকৰ কাৰণে ৰৈ আছে যে তেওঁ বিয়াৰ পৰা কেতিয়া উভতি আহিব, যাতে তেওঁ আহি দুৱাৰ টুকুৰিয়ালে লগে লগে তেওঁৰ কাৰণে দুৱাৰ খুলিব পাৰে। ৩৭ মালিক আহি যিসকল দাসক জাগি থকা পাব, তেওঁলোক সুখী। মই তোমালোকক সঁচাকৈ কৈছোঁ, সেই মালিকে নিজে তেওঁলোকৰ সেৱা কৰিবৰ কাৰণে নিজৰ কঁকাল বান্ধিব আৰু খাবৰ কাৰণে তেওঁলোকক বহিবলৈ* কʼব। আৰু ওচৰতে থিয় হৈ তেওঁলোকৰ সেৱা কৰিব। ৩৮ যদি তেওঁ মাজৰাতিত,* আনকি কুকুৰাই ডাক দিয়াৰ সময়ত* আহি তেওঁলোকক জাগি থকা পায়, তেনেহʼলে তেওঁলোকৰ কাৰণে আনন্দৰ বিষয় হয়! ৩৯ কিন্তু এই বিষয়ে চিন্তা কৰা, কোনটো সময়ত চোৰ আহিব, সেই বিষয়ে গৃহস্থজনে জনা হʼলে জাগি থাকি চোৰক নিজৰ ঘৰত সোমাবলৈ নিদিলেহেঁতেন। ৪০ তোমালোকেও সাজু হৈ থাকা। কিয়নো যি সময়ৰ কথা তোমালোকে ভবাই নাই, সেই সময়তেই মানুহৰ পুত্ৰ আহিব।”
৪১ তেতিয়া পিতৰে কʼলে, “প্ৰভু, আপুনি এই উদাহৰণ কেৱল আমাৰ কাৰণে কৈ আছে, নে সকলোৰে কাৰণে?” ৪২ প্ৰভুৱে কʼলে, “সেই বিশ্বাসী আৰু বুদ্ধিমান* প্ৰবন্ধক* কোন, যিজনক উচিত সময়ত আৰু সঠিক পৰিমাণে আহাৰ দিবলৈ তেওঁৰ মালিকে নিজৰ ঘৰৰ সেৱকসকলৰ ওপৰত গৰাকী পাতিব? ৪৩ মালিকে আহি যদি সেই দাসক এইদৰেই কৰা দেখে, তেনেহʼলে সেই দাস সুখী! ৪৪ মই তোমালোকক সঁচাকৈ কৈছোঁ, মালিকে নিজৰ সকলো সম্পত্তিৰ ওপৰত তেওঁক গৰাকী পাতিব। ৪৫ কিন্তু সেই দাসজনে যদি মনতে এইদৰে ভাবে, ‘মোৰ মালিকে আহিবলৈ দেৰি কৰিছে।’ আৰু নিজৰ লগত কাম কৰা আন দাস-দাসীসকলক মাৰ-পিট কৰিবলৈ ধৰে আৰু খাই বৈ মতলীয়া হৈ থাকে, ৪৬ তেনেহʼলে যি দিনৰ বিষয়ে সেই দাসে আশাই কৰা নাই আৰু যি সময়ৰ বিষয়ে তেওঁ নাজানে, সেই দিন বা সেই সময়তেই তেওঁৰ মালিক আহিব। আৰু মালিকে তেওঁক কঠোৰ শাস্তি দিব আৰু সেই ঠাইত পেলাই দিব, যʼত বিশ্বাসঘাত কৰা লোকসকলক পেলোৱা হয়। ৪৭ তেতিয়া সেই দাস, যিজনে মালিকৰ ইচ্ছা বুজি পোৱাৰ সত্ত্বেও সাজু নাছিল বা মালিকে দিয়া কাম নকৰিলে,* তেওঁক চাবুকেৰে কোবোৱা হʼব। ৪৮ কিন্তু যিজন দাসে নিজৰ মালিকৰ ইচ্ছা জনা নাছিল, যাৰ কাৰণে তেওঁ মাৰ খোৱাৰ কাম কৰিলে, তেওঁক কমকৈ কোবোৱা হʼব। সঁচাকৈ, যাক বহুত দিয়া হৈছে, তেওঁৰ পৰা বেছি হিচাপ লোৱা হʼব। আৰু যাক বেছি দায়িত্ব দিয়া হৈছে, তেওঁৰ পৰা আৰু বেছিকৈ হিচাপ লোৱা হʼব।
৪৯ মই পৃথিৱীত জুই লগাবলৈ আহিছোঁ। যদি ইতিমধ্যে জুই লাগি গʼল, তেনেহʼলে মোক আৰু কি লাগে। ৫০ হয়, মই লʼবলগীয়া এটা বাপ্তিষ্মা আছে আৰু সেই বাপ্তিষ্মা নোলোৱালৈকে মই কষ্টত থাকিম! ৫১ তোমালোকে কি ভাবা, মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ নে? নহয়, শান্তি দিবলৈ নহয়, কিন্তু মই তোমালোকক কৈছোঁ, মই বিভেদ সৃষ্টি কৰিবলৈ আহিছোঁ। ৫২ সেই কাৰণে এতিয়াৰ পৰা এখন ঘৰত পাঁচজন লোক, এজনে-আনজনৰ বিৰুদ্ধে হʼব। তিনিজন দুজনৰ বিৰুদ্ধে আৰু দুজন তিনিজনৰ বিৰুদ্ধে হʼব। ৫৩ তেওঁলোকে এজনে-আনজনৰ বিৰুদ্ধে হʼব। দেউতাই লʼৰাৰ বিৰুদ্ধে আৰু লʼৰাই দেউতাকৰ বিৰুদ্ধে হʼব। মায়ে ছোৱালীৰ বিৰুদ্ধে আৰু ছোৱালীয়ে মাকৰ বিৰুদ্ধে হʼব। শাহুৱেকে নিজৰ বোৱাৰীৰ বিৰুদ্ধে আৰু বোৱাৰীয়ে নিজৰ শাহুৱেকৰ বিৰুদ্ধে হʼব।”
৫৪ ইয়াৰ পাছত তেওঁ ভীৰক কʼলে, “যেতিয়া তোমালোকে পশ্চিম দিশত ডাৱৰ এডোখৰ উঠা দেখা, তেতিয়া লগে লগে কোৱা, ‘ধুমুহা আহিব।’ আৰু এইদৰেই হয়। ৫৫ আৰু যেতিয়া তোমালোকে দক্ষিণ ফালৰ পৰা বতাহ বলা দেখা, তেতিয়া কোৱা, ‘বহুত গৰম হʼব’ আৰু এইদৰেই হয়। ৫৬ হে কপটীয়াবিলাক, তোমালোকে পৃথিৱী আৰু আকাশৰ লক্ষণ চাই বতৰ কেনেকুৱা হʼব, সেয়া বুজি পোৱা। কিন্তু তোমালোকে এয়া কিয় বুজি নোপোৱা যে এই বিশেষ সময়ৰ অৰ্থ কি? ৫৭ তোমালোকে নিজে এই নিৰ্ণয় কিয় লʼব পৰা নাই যে তোমালোকৰ কাৰণে কি কৰাটো সঠিক হয়? ৫৮ উদাহৰণস্বৰূপে, যদি কোনোবাই তোমাৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰিবলৈ কোনো অধিকাৰীৰ ওচৰলৈ গৈ আছে, তেনেহʼলে তুমি ৰাস্তাতেই তেওঁৰ লগত সমস্যাটো সমাধান কৰি লোৱা। নহʼলে তেওঁ তোমাক ন্যায়াধীশৰ ওচৰত উপস্থিত কৰাব আৰু ন্যায়াধীশে কৰ্মচাৰীৰ হাতত গতাই দিব। আৰু কৰ্মচাৰীয়ে তোমাক জেলত বন্দী কৰি দিব। ৫৯ মই তোমাক কৈছোঁ, তুমি গোটেই টকাখিনি নিদিয়ালৈকে তাৰ পৰা কোনোপধ্যেই ওলাই আহিব নোৱাৰিবা।”