ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ফিলিপীয়া ৩
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ফিলিপীয়া কিতাপৰ সাৰাংশ

      • শৰীৰৰ ওপৰত ভৰসা নকৰে (১-১১)

        • খ্ৰীষ্টৰ কাৰণে সকলোকে মূল্যহীন বুলি ভবা (৭-৯)

      • লক্ষ্যৰ ফালে মনে-প্ৰাণে আগবাঢ়ি যোৱা (১২-২১)

        • স্বৰ্গৰ নাগৰিকত্ব (২০)

ফিলিপীয়া ৩:২

ফুটনোট

  • *

    আক্ষ., “কুকুৰবিলাকৰ।”

  • *

    বা “যিসকলে শৰীৰত কাট-কূট কৰে।”

ফিলিপীয়া ৩:৭

ফুটনোট

  • *

    বা হয়তো, “আনন্দেৰে এৰি দিলোঁ।”

ফিলিপীয়া ৩:১৮

ফুটনোট

  • *

    শব্দকোষ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ফিলিপীয়া ৩:১-২১

ফিলিপীয়াসকললৈ চিঠি

৩ অৱশেষত মোৰ ভাইসকল, তোমালোকে প্ৰভুত আনন্দ কৰি থাকা। তোমালোকক সেই কথাবোৰ আকৌ লিখিবলৈ মোৰ কাৰণে কোনো কষ্ট হোৱা নাই। কিন্তু ইয়াৰ পৰা তোমালোকৰেই সুৰক্ষা হʼব।

২ অশুচি লোকসকলৰ* পৰা সাৱধানে থাকা, আনৰ ক্ষতি কৰা লোকসকলৰ পৰা সাৱধানে থাকা আৰু যিসকলে চুন্নৎ কৰিবলৈ জোৰ কৰে,* তেওঁলোকৰ পৰা সাৱধানে থাকা। ৩ আমিয়েইতো প্ৰকৃত চুন্নৎ কৰা লোক হওঁ। কাৰণ আমি ঈশ্বৰৰ পবিত্ৰ শক্তিৰ যোগেদি পবিত্ৰ সেৱা কৰোঁ আৰু খ্ৰীষ্ট যীচুক লৈ গৰ্ব কৰোঁ আৰু শৰীৰৰ ওপৰত ভৰসা নকৰোঁ। ৪ কিন্তু যদি কাৰোবাৰ ওচৰত শৰীৰৰ ওপৰত ভৰসা কৰাৰ কাৰণ আছে, তেনেহʼলে সকলোতকৈ বেছি মোৰ ওচৰত আছে।

যদি কোনো মানুহে ভাবে যে তেওঁৰ ওচৰত শৰীৰৰ ওপৰত ভৰসা কৰাৰ কাৰণ আছে, তেনেহʼলে তেওঁতকৈ বেছি মোৰ ওচৰত আছে: ৫ অষ্টম দিনা মোৰ চুন্নৎ হʼল। মই ইস্ৰায়েল ৰাষ্ট্ৰৰ বিন্যামীন গোষ্ঠীৰ হওঁ। জন্মৰে পৰা ইব্ৰী হওঁ আৰু মোৰ মা-দেউতাও ইব্ৰী আছিল। নিয়মৰ অনুসৰি মই এজন ফৰীচী হওঁ। ৬ মই মণ্ডলীৰ ওপৰত অত্যাচাৰ কৰাৰ ক্ষেত্ৰত বহুত উৎসাহী আছিলোঁ আৰু নিয়মৰ অনুসৰি যি সঠিক, সেয়া ভালদৰে পালন কৰিছিলোঁ। ৭ তথাপিও যিবোৰ কথা মোৰ লাভৰ কাৰণে আছিল, সেইবোৰ মই খ্ৰীষ্টৰ কাৰণে ব্যৰ্থ বুলি ভাবিলোঁ।* ৮ মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ বিষয়ে জ্ঞান ইমানেই শ্ৰেষ্ঠ যে ইয়াৰ কাৰণে মই সকলোকে মূল্যহীন বুলি ভাবোঁ। তেওঁৰ কাৰণে মই সকলো বিষয়ক ত্যাগ কৰিলোঁ আৰু মই সেইবোৰক জাৱৰ বুলি ভাবোঁ যাতে খ্ৰীষ্টৰ অনুগ্ৰহ লাভ কৰিব পাৰোঁ ৯ আৰু তেওঁৰ লগত মোক একতাত পোৱা যায়। আৰু নিয়ম পালন কৰাৰ কাৰণে মোক ভাল মানুহ বুলি ভবা হৈছিল এনে নহয়, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰে মোক ভাল মানুহ বুলি গণ্য কৰিলে। ১০ মোৰ লক্ষ্য এয়াই যে মই খ্ৰীষ্টক আৰু যিজনে তেওঁক আকৌ জীয়াই তুলিছিল, তেওঁৰ শক্তিৰ বিষয়ে জানিব পাৰোঁ আৰু তেওঁৰ দৰে দুখ-কষ্ট সহন কৰিব পাৰোঁ আৰু তেওঁৰ দৰে মৃত্যু হʼবলৈ নিজকে দি দিওঁ ১১ যাতে মই কোনোমতে তেওঁলোকৰ মাজৰ যেন এজন হʼব পাৰোঁ, যিসকলক প্ৰথমতে জীয়াই তুলিব।

১২ এনে কথা নহয় যে মই এতিয়াৰে পৰা এই পুৰস্কাৰ পাইছোঁ বা মই সিদ্ধ হʼলোঁ, ইয়াৰ পৰিৱৰ্তে মই সম্পূৰ্ণৰূপে চেষ্টা কৰি আছোঁ যাতে মই যিকোনো পৰিস্থিতিত সেই পুৰস্কাৰ লাভ কৰিব পাৰোঁ, যাৰ কাৰণে খ্ৰীষ্ট যীচুৱে মোক বাছনি কৰিছে। ১৩ ভাইসকল, সেই পুৰস্কাৰ পালোঁ বুলি মই নাভাবোঁ, কিন্তু এটা কথা নিশ্চিত: পিছফালে থাকি অহা বিষয়বোৰ পাহৰি আগফালে ৰখা বিষয়বোৰ লাভ কৰিবলৈ মই মনে-প্ৰাণে আগবাঢ়ি গৈ আছোঁ। ১৪ আৰু ঈশ্বৰে খ্ৰীষ্ট যীচুৰ যোগেদি ওপৰৰ যি নিমন্ত্ৰণ দিছে, সেই পুৰস্কাৰৰ লক্ষ্যত পাবলৈ মই সম্পূৰ্ণৰূপে চেষ্টা কৰি আছোঁ। ১৫ সেইবাবে, আমি সকলোৱে যিসকল পৰিপক্ক হওঁ, আমাৰ চিন্তাধাৰা আৰু দৃষ্টিভংগী এইদৰেই হওক। আৰু কোনো বিষয়ত যদি তোমালোকৰ বেলেগ চিন্তাধাৰা আৰু দৃষ্টিভংগী থাকে, তেনেহʼলে সঠিক চিন্তাধাৰা আৰু দৃষ্টিভংগী কি হয়, সেয়া ঈশ্বৰে তোমালোকক প্ৰকাশ কৰিব। ১৬ আৰু আমি যিমান উন্নতি কৰিলোঁ, আহা আমি এই পথত সংগঠিতভাৱে চলি থাকোঁ।

১৭ ভাইসকল, তোমালোক সকলোৱে মিলি মোৰ উদাহৰণত চলা আৰু আমি তোমালোকৰ কাৰণে যি উদাহৰণ ৰাখিছোঁ, সেইদৰে যিসকলে চলে, তেওঁলোকৰ ওপৰত ধ্যান দিয়া। ১৮ কিয়নো এনে বহুতো লোক আছে, যিসকলৰ বিষয়ে মই আগতে প্ৰায়ে উল্লেখ কৰিছিলোঁ। কিন্তু এতিয়া তেওঁলোকৰ বিষয়ে উল্লেখ কৰাৰ সময়ত মোৰ চকুপানী ওলাই আহে, কিয়নো তেওঁলোক খ্ৰীষ্টৰ যাতনাৰ কাঠৰ* শত্ৰু হৈ গʼল। ১৯ তেওঁলোকৰ পৰিণাম বিনাশ হয় আৰু তেওঁলোকৰ পেটেই তেওঁলোকৰ ঈশ্বৰ হয় আৰু যিবোৰ কথাৰ বাবে তেওঁলোকে লাজ অনুভৱ কৰা উচিত, সেইবোৰ কথাতেই তেওঁলোকে অহংকাৰ কৰে আৰু পৃথিৱীৰ কথাবোৰৰ বিষয়ে ভাবি থাকে। ২০ কিন্তু আমাৰ নাগৰিকত্ব স্বৰ্গৰ হয় আৰু সেই ঠাইৰে পৰা আমি এজন উদ্ধাৰকৰ্তা অৰ্থাৎ প্ৰভু যীচু খ্ৰীষ্টৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ২১ তেওঁ যি মহাশক্তিৰে সকলো অধীন কৰিব পাৰে, সেই শক্তিৰে তেওঁ আমাৰ তুচ্ছ শৰীৰক সলনি কৰি নিজৰ শৰীৰৰ দৰে মহিমাৰে পূৰ কৰিব।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক