পাঁচনিৰ কৰ্ম্ম
১১ পাঁচনিসকলে* আৰু যিহূদিয়াত থকা ভাইসকলে শুনিবলৈ পালে যে ইস্ৰায়েলী নোহোৱা লোকসকলে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিছে। ২ সেইবাবে, পিতৰে যেতিয়া যিৰূচালেমলৈ আহিলে, তেতিয়া চুন্নতৰ বিষয়টোক সমৰ্থন কৰা লোকসকলে তেওঁক বেয়াকৈ কʼবলৈ* ধৰিলে, ৩ “যিসকলৰ চুন্নৎ হোৱা নাই, তুমি তেওঁলোকৰ ঘৰলৈ গʼলা আৰু তেওঁলোকৰ লগত খোৱা-বোৱাও কৰিলা” ৪ তেতিয়া পিতৰে তেওঁলোকক আৰম্ভণিৰ পৰা সকলো কথা কʼবলৈ ধৰিলে:
৫ “যেতিয়া মই যাফো চহৰত প্ৰাৰ্থনা কৰি আছিলোঁ, তেতিয়া মই এটা দৰ্শন দেখিলোঁ। মই দেখিলোঁ যে এটা ডাঙৰ চাদৰৰ নিচিনা কিবা* আকাশৰ পৰা নামি আহিছে। তাৰ চাৰিও চুকত ধৰি পৃথিৱীলৈ নমোৱা হৈছিল আৰু সেয়া মোৰ একেবাৰে ওচৰলৈ আহি গʼল। ৬ তাৰ পাছত মই মন কৰিলোঁ যে তাত পৃথিৱীত পোৱা সকলো ধৰণৰ জন্তু,* বনৰীয়া জন্তু, বগাই ফুৰা জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ আছিল। ৭ আৰু মই এটা মাত শুনিবলৈ পাইছিলোঁ, ‘পিতৰ উঠা, এইবোৰ কাটি খোৱা!’ ৮ কিন্তু মই কʼলো, ‘নহয়, প্ৰভু! মই কেতিয়াও নিয়মৰ অনুসৰি নিষিদ্ধ আৰু অশুচি বস্তু খোৱা নাই।’ ৯ তাৰ পাছত দ্বিতীয়বাৰ আকাশৰ পৰা সেই মাত শুনিবলৈ পালোঁ, ‘ঈশ্বৰে যিবোৰক শুচি কৰিছে, তুমি সেইবোৰক এতিয়াৰ পৰা অশুচি বুলি নকʼবা।’ ১০ এইদৰে তৃতীয়বাৰো হʼল আৰু তাৰ পাছত সকলো আকাশলৈ উঠাই নিয়া হʼল। ১১ সেই সময়তে তিনিজন মানুহ আহি আমি থকা সেই ঘৰৰ ওচৰত থিয় হʼল, তেওঁলোকক কৈচৰিয়াৰ পৰা মোৰ ওচৰলৈ পঠোৱা হৈছিল। ১২ পবিত্ৰ শক্তিয়ে মোক সন্দেহ নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ কʼলে আৰু এই ছজন ভায়ো মোৰ লগত গʼল আৰু আমি সেই মানুহজনৰ ঘৰলৈ গʼলোঁ।
১৩ তেওঁ আমাক কʼলে যে তেওঁ এজন স্বৰ্গদূতক নিজৰ ঘৰত থিয় হৈ থকা দেখিলে, যিজনে তেওঁক কʼলে, ‘যাফোলৈ মানুহ পঠাই চিমোনক, যিজনক পিতৰ বুলিও কোৱা হয়, মাতি আনা। ১৪ তেওঁ তোমাক সেই কথাবোৰ জনাব, যাৰ পৰা তুমি আৰু তোমাৰ গোটেই পৰিয়ালে উদ্ধাৰ পাবা।’ ১৫ কিন্তু যেতিয়া মই কʼবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া তেওঁলোকৰ ওপৰত পবিত্ৰ শক্তি আহিল, যিদৰে আৰম্ভণিতে আমাৰ ওপৰত আহিছিল। ১৬ তেতিয়া মোৰ সেই কথা মনত পৰিল, যি প্ৰভুৱে প্ৰায়েই কৈছিল, ‘যোহনেতো পানীত বাপ্তিষ্মা দিছিল, কিন্তু তোমালোকক পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিয়া হʼব।’ ১৭ সেইবাবে, প্ৰভু যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ নিচিনা অৰ্থাৎ আমাৰ নিচিনা তেওঁলোককো যদি ঈশ্বৰে দান হিচাপে পবিত্ৰ শক্তি দিয়ে, তেনেহʼলে ঈশ্বৰক বাধা দিবলৈ* মইনো কোন?”
১৮ যেতিয়া তেওঁলোকে এই বিষয়ে শুনিলে, তেতিয়া এই বিষয়ে আৰু একো নকʼলে।* আৰু এইদৰে কৈ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে, “তেনেহʼলে ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে ইস্ৰায়েলী নোহোৱা লোকসকলকো অনুতাপ কৰিবলৈ সুযোগ দিছে যাতে তেওঁলোকেও যেন জীৱন পায়।”
১৯ স্তিফানৰ হত্যাৰ পাছত যেতিয়া ভাইসকলৰ ওপৰত অত্যাচাৰ হʼবলৈ ধৰিলে আৰু তেওঁলোকে সিঁচৰিত হৈ গʼল, তেতিয়া তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ আৰু আন্তিয়খিয়ালৈকে পালেগৈ। কিন্তু তেওঁলোকে কেৱল যিহূদীসকলক শুভবাৰ্তা শুনাবলৈ ধৰিলে। ২০ কিন্তু তেওঁলোকৰ মাজৰ কুপ্ৰ আৰু কুৰীণীৰ কিছুমান শিষ্যই আন্তিয়খিয়ালৈ আহিল আৰু গ্ৰীক ভাষা কোৱা লোকসকলক প্ৰভু যীচুৰ শুভবাৰ্তা শুনাবলৈ ধৰিলে। ২১ ইয়াৰ উপৰিও, যিহোৱা* তেওঁলোকৰ লগত আছিল আৰু বহুতো লোকে বিশ্বাস কৰিলে আৰু প্ৰভুৰ শিষ্য হʼল।
২২ তেওঁলোকৰ বিষয়ে যিৰূচালেমৰ মণ্ডলীলৈকে খবৰ পালেগৈ আৰু তেওঁলোকে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠালে। ২৩ তাত পোৱাৰ পাছত যেতিয়া তেওঁ ঈশ্বৰৰ মহা-কৃপা দেখিলে, তেতিয়া তেওঁ বহুত আনন্দিত হʼল আৰু হৃদয়েৰে প্ৰভুৰ বিশ্বাসী হৈ থাকিবলৈ সকলোকে উৎসাহিত কৰিবলৈ ধৰিলে। ২৪ কিয়নো বাৰ্ণব্বা এজন ভাল ব্যক্তি আছিল আৰু পবিত্ৰ শক্তি আৰু বিশ্বাসেৰে পৰিপূৰ্ণ আছিল আৰু বহুতো লোকে প্ৰভুৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। ২৫ সেইবাবে, বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চলৈ গʼল। ২৬ আৰু যেতিয়া তেওঁ চৌলক লগ পালে, তেতিয়া তেওঁ চৌলক আন্তিয়খিয়ালৈ লৈ আহিলে। ইয়াৰ পাছত, তেওঁলোকে এবছৰলৈকে তাত থকা মণ্ডলীৰ লগত একগোট হৈ থাকিল আৰু লোকসকলৰ ডাঙৰ ভীৰক শিকাই থাকিল। আৰু এই আন্তিয়খিয়াতে প্ৰথমবাৰ ঈশ্বৰৰ নিৰ্দেশনাত শিষ্যসকলক ‘খ্ৰীষ্টান’ বুলি কোৱা হʼল।
২৭ সেই দিনবোৰতে যিৰূচালেমৰ পৰা কিছুমান ভৱিষ্যবক্তা আন্তিয়খিয়ালৈ আহিল। ২৮ তেওঁলোকৰ মাজৰ এজনৰ নাম আছিল আগাব। তেওঁ উঠি পবিত্ৰ শক্তিৰ সহায়ত কʼলে যে গোটেই পৃথিৱীত ডাঙৰ আকাল হʼব আৰু এই আকাল ক্লৌদিয়ৰ সময়ত হৈছিল। ২৯ তেতিয়া আন্তিয়খিয়াৰ শিষ্যসকলে থিৰাং কৰিলে যে তেওঁলোক প্ৰতিজনে যিমান পাৰে, সিমান যিহূদিয়াৰ ভাইসকলক সহায় কৰিবলৈ সাহায্য বস্তু পঠাব। ৩০ আৰু তেওঁলোকে এইদৰে কৰিলে আৰু এই বস্তুবোৰ বাৰ্ণব্বা আৰু চৌলৰ হাতত প্ৰাচীনসকললৈ পঠাই দিলে।