লূকে লিখা শুভবাৰ্তা
৫ এবাৰ যীচুৱে গিনেচৰৎ সাগৰৰ* পাৰত থিয় হৈ এটা ডাঙৰ ভীৰক ঈশ্বৰৰ বাক্য শিকাই আছিল আৰু লোকসকলে চাৰিওফালেদি তেওঁক হেঁচি ধৰি তেওঁৰ কথা শুনিছিল। ২ তেতিয়া তেওঁ সাগৰৰ পাৰত দুখন নাও ৰখাই থোৱা দেখিলে আৰু মাছমৰীয়াসকলে নাৱৰ পৰা নামি জাল ধুই আছিল। ৩ তেতিয়া তাৰে এখন নাৱত যীচু উঠিল আৰু সেই নাওখন চিমোনৰ আছিল। যীচুৱে নাওখন পাৰৰ পৰা অলপ দূৰলৈ নিবলৈ চিমোনক কʼলে। তাৰ পাছত যীচুৱে নাৱত বহি ভীৰক শিকাবলৈ ধৰিলে। ৪ যেতিয়া যীচুৱে কথা কৈ শেষ কৰিলে, তেতিয়া চিমোনক কʼলে, “নাওখন গভীৰ পানীলৈ লৈ যোৱা আৰু তাত নিজৰ জালখন পেলোৱা।” ৫ কিন্তু চিমোনে কʼলে, “গুৰু, আমি গোটেই ৰাতি পৰিশ্ৰম কৰিলোঁ, কিন্তু এটাও মাছ নাপালোঁ। তথাপিও আপুনি কোৱাৰ কাৰণে মই জাল পেলাম।” ৬ যেতিয়া তেওঁলোকে জালখন পেলালে, তেতিয়া তেওঁলোকৰ জালত বহুতো মাছ লাগিল। আনকি, তেওঁলোকৰ জালখন ফাটিবলৈ ধৰিলে। ৭ তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা লগৰবিলাকক হাত বাউল দি মাতিলে আৰু লগৰবিলাকে আহি দুয়োখন নাৱত ইমানেই মাছ ভৰালে যে নাওকেইখন ডুবো ডুবো হʼল। ৮ এয়া দেখি চিমোন পিতৰে যীচুৰ ওচৰত আঁঠুকাঢ়ি কʼবলৈ ধৰিলে, “হে প্ৰভু, মই এজন পাপী মানুহ, সেইবাবে মোৰ ওচৰৰ পৰা গুচি যাওক।” ৯ ইমান বেছি মাছ ধৰাৰ বাবে তেওঁ আৰু তেওঁৰ লগৰবিলাকে আচৰিত হৈছিল। ১০ চিবদিয়ৰ লʼৰা যাকোব আৰু যোহনেও আচৰিত হৈছিল, তেওঁলোকে চিমোনৰ লগত একেলগে ব্যৱসায় কৰিছিল। কিন্তু যীচুৱে চিমোনক কʼলে, “ভয় নকৰিবা। তুমি যিদৰে মাছ ধৰা, ঠিক সেইদৰে এতিয়াৰ পৰা তুমি মানুহ ধৰিবা।” ১১ তেতিয়া তেওঁলোকে নিজৰ নিজৰ নাও পাৰলৈ লৈ আহিলে আৰু সকলোবোৰ এৰি তেওঁৰ পিছে পিছে গʼল।
১২ আকৌ এবাৰ যেতিয়া যীচুৱে এখন চহৰত আছিল, তেতিয়া চোৱা! তাত এজন ব্যক্তি আছিল, যিজনৰ গোটেই শৰীৰ কুষ্ঠ ৰোগেৰে ভৰি পৰিছিল। তেওঁ যীচুক দেখাৰ লগে লগে তেওঁৰ ওচৰত উবুৰি হৈ পৰিল আৰু মিনতি কৰিবলৈ ধৰিলে, “প্ৰভু, যদি আপুনি বিচাৰে, তেনেহʼলে মোক সুস্থ* কৰিব পাৰে।” ১৩ তেতিয়া যীচুৱে হাতখন আগবঢ়াই তেওঁক চুলে আৰু কʼলে, “হয়, মই বিচাৰোঁ। সুস্থ হোৱা।” সেই সময়তে তেওঁৰ কুষ্ঠ ৰোগ ভাল হৈ গʼল। ১৪ যীচুৱে সেই মানুহজনক কাকো নকʼবলৈ আদেশ দিলে আৰু তেওঁক কʼলে, “গৈ নিজকে পুৰোহিতক দেখুৱা আৰু তেওঁলোকে সাক্ষ্য পাবলৈ শুচি হোৱাৰ কাৰণে মোচিয়ে কোৱাৰ দৰে বলিদান আগবঢ়োৱা।” ১৫ কিন্তু যীচুৰ বিষয়ে দূৰ-দূৰণি ঠাইলৈকে বিয়পি থাকিল আৰু বহুতো লোকে তেওঁৰ কথা শুনিবলৈ আৰু নিজৰ বেমাৰ দূৰ কৰিবলৈ তেওঁৰ ওচৰলৈ আহি থাকিল। ১৬ কিন্তু তেওঁ প্ৰাৰ্থনা কৰিবলৈ প্ৰায়ে অৰণ্যলৈ* গৈছিল।
১৭ এদিনাখন তেওঁ লোকসকলক শিকাই আছিল। তাত গালীল, যিহূদিয়াৰ সকলো গাঁও আৰু যিৰূচালেমৰ পৰা অহা ফৰীচী আৰু নিয়মৰ ভাল জ্ঞান থকা লোকসকলেও বহি আছিল। আৰু লোকসকলক সুস্থ কৰাৰ যিহোৱাৰ* শক্তি তেওঁৰ ওপৰত আছিল। ১৮ সেই সময়তে লোকসকলে এজন জঠৰ ৰোগীক* খাটত উঠাই লৈ আহিছিল। তেওঁলোকে সেই ৰোগীজনক কোনোমতে সেই কোঠালিলৈ লৈ যাব বিচাৰিছিল, যʼত যীচু আছিল। ১৯ কিন্তু ভীৰৰ কাৰণে যেতিয়া তেওঁলোকে ভিতৰলৈ যাবলৈ ৰাস্তা নাপালে, তেতিয়া তেওঁলোকে চালত উঠিল আৰু তেওঁলোকে খাপৰি গুচাই ৰোগীজনক খাটৰ সৈতে যীচুৰ সন্মুখত থকা লোকসকলৰ মাজত নমাই দিলে। ২০ যেতিয়া যীচুৱে সেই মানুহকেইজনৰ বিশ্বাস দেখিলে, তেতিয়া তেওঁ জঠৰ ৰোগীজনক কʼলে, “তোমাৰ পাপ ক্ষমা কৰা হʼল।” ২১ এয়া শুনি নিয়ম শিকোৱা লোক* আৰু ফৰীচীবিলাকে ভাবিবলৈ ধৰিলে, “এই মানুহজননো কোন, যিজনে ঈশ্বৰক নিন্দা কৰিছে? ঈশ্বৰৰ বাহিৰে আৰু কোনে পাপ ক্ষমা কৰিব পাৰে?” ২২ কিন্তু যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পালে আৰু তেওঁ কʼলে, “তোমালোকে মনতে কিয় এইবোৰ চিন্তা কৰিছা? ২৩ কি কোৱাটো বেছি সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হʼল,’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’? ২৪ কিন্তু তোমালোকে যেন জানিব পাৰা এই পৃথিৱীত পাপ ক্ষমা কৰাৰ অধিকাৰ মানুহৰ পুত্ৰক দিয়া হৈছে . . .।” যীচুৱে জঠৰ ৰোগীজনক কʼলে, “মই তোমাক কৈছোঁ, উঠা! আৰু নিজৰ খাটখন তুলি লৈ ঘৰলৈ যোৱা।” ২৫ তাৰ পাছত সেই মানুহজন তেওঁলোকৰ ওচৰত থিয় হʼল। তেওঁ শুই থকা খাটখন তুলি লʼলে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি কৰি নিজৰ ঘৰলৈ গʼল। ২৬ এয়া দেখি সকলোৱে আচৰিত হʼল আৰু ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ বৰ ভয় লাগিল। তেওঁলোকে কʼবলৈ ধৰিলে, “আজি আমি আচৰিত ঘটনা দেখিলোঁ!”
২৭ ইয়াৰ পাছত যীচুৱে বাহিৰলৈ গʼল আৰু তেওঁ লেবী নামৰ এজন কৰতোলা ব্যক্তিক কৰতোলা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক কʼলে, “আহা, মোৰ শিষ্য হোৱা।” ২৮ তেতিয়া লেবী উঠিলে আৰু সকলো এৰি তেওঁৰ পিছে পিছে গʼল। ২৯ তাৰ পাছত লেবীয়ে যীচুৰ কাৰণে নিজৰ ঘৰত এটা ডাঙৰ ভোজৰ আয়োজন কৰিছিল। তাত বহুতো কৰতোলা লোক আৰু আন লোকসকল আহিছিল, যিসকলে তেওঁলোকৰ লগত খোৱা-বোৱা কৰি আছিল।* ৩০ এয়া দেখি ফৰীচী আৰু তেওঁলোকৰ নিয়ম শিকোৱা লোকসকলে ভোৰভোৰাবলৈ ধৰিলে আৰু যীচুৰ শিষ্যসকলক কʼলে, “তোমালোকে কৰতোলা লোক আৰু পাপীবিলাকৰ লগত কিয় খোৱা-বোৱা কৰা?” ৩১ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে। ৩২ যিবিলাকে আনতকৈ নিজকে ভাল বুলি ভাবে, মই তেওঁলোকক নহয়, কিন্তু পাপীকহে মাতিবলৈ আহিছোঁ যাতে তেওঁলোকে অনুতাপ কৰে।”
৩৩ তেওঁলোকে কʼলে, “যোহনৰ শিষ্যসকলে প্ৰায় লঘোন* দিয়ে আৰু মিনতি কৰে আৰু ফৰীচীবিলাকৰ শিষ্যসকলেও এইদৰেই কৰে, কিন্তু আপোনাৰ শিষ্যসকলে খোৱা-বোৱা কৰে।” ৩৪ যীচুৱে তেওঁলোকক কʼলে, “যেতিয়ালৈকে দৰা নিজৰ বন্ধুসকলৰ লগত থাকে, তেতিয়ালৈকে তুমি তেওঁৰ বন্ধুসকলক জানো লঘোন দিবলৈ জোৰ কৰিব পাৰা? ৩৫ কিন্তু এনে এদিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হʼব, তেতিয়া তেওঁলোকে লঘোন দিব।”
৩৬ ইয়াৰ পাছত যীচুৱে তেওঁলোকক এটা উদাহৰণো দিলে, “কোনেও নতুন কাপোৰৰ টুকুৰা কাটি পুৰণি কাপোৰত টাপলি নামাৰে। যদি তেওঁ এইদৰে কৰে, তেনেহʼলে টাপলি মৰা নতুন কাপোৰ ফাটি যাব আৰু পুৰণি কাপোৰৰ লগত মিল নাখাব। ৩৭ ঠিক সেইদৰে, কোনেও নতুন দ্ৰাক্ষাৰস পুৰণি দ্ৰাক্ষাৰসৰ মোনাত* নথয়, যদি তেওঁলোকে এইদৰে কৰে, তেনেহʼলে নতুন দ্ৰাক্ষাৰসে মোনাটো ফালি পেলাব আৰু দ্ৰাক্ষাৰস পৰি যাব আৰু মোনাটো নষ্ট হৈ যাব। ৩৮ কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মোনাত থোৱা উচিত। ৩৯ যিজনে পুৰণি দ্ৰাক্ষাৰস খাইছে, তেওঁ নতুন দ্ৰাক্ষাৰস খাব নিবিচাৰে, কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল।’”