ইব্ৰীসকললৈ চিঠি
৫ প্ৰতিজন মহা-পুৰোহিতক মানুহৰ মাজৰ পৰাই লোৱা হয় আৰু তেওঁক মানুহৰ কাৰণে ঈশ্বৰৰ সেৱা কৰিবলৈ নিযুক্ত কৰা হয় যাতে তেওঁ উপহাৰ আৰু পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে বলিদান উৎসৰ্গ কৰে। ২ অজানিতে ভুল কৰা* লোকসকলৰ লগত কৰুণাৰে* ব্যৱহাৰ কৰাৰ তেওঁৰ সামৰ্থ আছে, কিয়নো তেওঁ নিজেও নিজৰ দুৰ্বলতাবোৰৰ সন্মুখীন হয়।* ৩ সেইবাবে, তেওঁ নিজৰ পাপৰ কাৰণেও উছৰ্গা উৎসৰ্গ কৰিবলগীয়া হয়, যিদৰে তেওঁ আনৰ পাপৰ কাৰণে উৎসৰ্গ কৰে।
৪ এজন মানুহে আদৰৰ এই পদ নিজে নিজে নলয়, কিন্তু এয়া তেওঁ তেতিয়াহে পায়, যেতিয়া ঈশ্বৰে তেওঁক নিযুক্ত কৰে, যিদৰে তেওঁ হাৰোণক নিযুক্ত কৰিছিল। ৫ ঠিক সেইদৰে, খ্ৰীষ্টও নিজেই মহা-পুৰোহিতৰ পদ লৈ নিজৰ মহিমা নকৰিলে, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে তেওঁক এই মহিমা দিলে, যিজনে তেওঁক কৈছে, “তুমি মোৰ পুত্ৰ হয়, আজি মই তোমাৰ পিতৃ হৈছোঁ।” ৬ তেওঁ আৰু এঠাইত এয়াও কৈছে, “তুমি মল্কীচেদকৰ দৰে পুৰোহিত হোৱা আৰু তুমি সদায় পুৰোহিত হৈ থাকিবা।”
৭ যেতিয়া খ্ৰীষ্ট এই পৃথিৱীত জীয়াই আছিল, তেতিয়া তেওঁ ডাঙৰ মাতেৰে চিঞৰি চিঞৰি আৰু চকুপানী টুকি টুকি সেই ঈশ্বৰলৈ মিনতি আৰু নিবেদন কৰিছিল, যিজনৰ তেওঁক মৃত্যুৰ পৰা বচোৱাৰ সামৰ্থ আছিল। আৰু ঈশ্বৰৰ প্ৰতি ভয় থকাৰ কাৰণে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে। ৮ ঈশ্বৰৰ পুত্ৰ হৈয়ো তেওঁ বহুতো দুখ-কষ্ট সহন কৰি আজ্ঞা মানিবলৈ শিকিলে। ৯ আৰু সিদ্ধ কৰাৰ* পাছত সেই সকলো লোকক অনন্ত কালৰ উদ্ধাৰ কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে, যিসকলে তেওঁৰ আজ্ঞা পালন কৰে, ১০ কিয়নো তেওঁক ঈশ্বৰে মহা-পুৰোহিত হিচাপে নিযুক্ত কৰিলে যাতে তেওঁ মল্কীচেদকৰ দৰে পুৰোহিত হʼব পাৰে।
১১ আমাৰ ওচৰত তেওঁৰ বিষয়ে কʼবলৈ বহুত কথা আছে, কিন্তু তোমালোকৰ কাণ গধুৰ হোৱাৰ বাবে সেই বিষয়বোৰ বুজাবলৈ টান। ১২ এতিয়ালৈকে* তোমালোকে আনক শিকোৱাৰ যোগ্য হʼব লাগিছিল, কিন্তু এতিয়া তোমালোকক আকৌ কোনোবাই ঈশ্বৰৰ পবিত্ৰ বাক্যৰ প্ৰাথমিক শিক্ষাবোৰ আৰম্ভণিৰে পৰা শিকোৱাটো প্ৰয়োজন হৈ পৰিছে আৰু তোমালোকক আকৌ গাখীৰৰ প্ৰয়োজন আছে, টান আহাৰৰ নহয়। ১৩ যিজনে এতিয়াও গাখীৰ খাই থাকে, তেওঁ শিশু হৈ আছে, কিয়নো তেওঁ ঈশ্বৰৰ সত্য বাক্য সঠিকভাৱে নাজানে। ১৪ কিন্তু টান আহাৰ পৰিপক্ক লোকসকলৰ কাৰণে হয়, যিসকলে নিজৰ চিন্তা কৰা শক্তি* ব্যৱহাৰ কৰি কৰি ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ ইয়াক প্ৰশিক্ষিত কৰিছে।