ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • পাঁচনিৰ কৰ্ম্ম ১২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

পাঁচনিৰ কৰ্ম্মৰ সাৰাংশ

      • যাকোবৰ হত্যা; পিতৰ জেলত (১-৫)

      • পিতৰক চমৎকাৰ কৰি মুকলি কৰা হʼল (৬-১৯)

      • স্বৰ্গদূতে হেৰোদক আঘাত কৰিলে (২০-২৫)

পাঁচনিৰ কৰ্ম্ম ১২:৪

ফুটনোট

  • *

    বা “মোকৰ্দ্দমাৰ কাৰণে বাহিৰলৈ।”

পাঁচনিৰ কৰ্ম্ম ১২:৭

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ১২:১১

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ১২:১৫

ফুটনোট

  • *

    আক্ষ., “তেওঁ তাৰ স্বৰ্গদূত।”

পাঁচনিৰ কৰ্ম্ম ১২:১৭

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ১২:২৩

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ১২:২৪

ফুটনোট

  • *

    অতি. ক৫ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পাঁচনিৰ কৰ্ম্ম ১২:১-২৫

পাঁচনিৰ কৰ্ম্ম

১২ সেই সময়তে ৰজা হেৰোদে মণ্ডলীৰ কিছুমান লোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে। ২ তেওঁ যোহনৰ ভায়েক যাকোবক তৰোৱালেৰে হত্যা কৰালে। ৩ যেতিয়া তেওঁ দেখিলে যে ইয়াৰ পৰা যিহূদীসকল আনন্দিত হৈছে, তেতিয়া তেওঁ পিতৰকো গ্ৰেপ্তাৰ কৰিলে। (এয়া খমিৰ নোহোৱা ৰুটিৰ উৎসৱৰ সময় আছিল।) ৪ হেৰোদে পিতৰক জেলত বন্দী কৰি দিলে আৰু তেওঁক পালপাতি পহৰা দিবলৈ চাৰিজনকৈ চাৰিটা সৈন্যদলক নিযুক্ত কৰিলে। তেওঁৰ উদ্দেশ্য আছিল যে নিস্তাৰ-পৰ্বৰ পাছত তেওঁ পিতৰক লোকসকলৰ ওচৰলৈ* লৈ যাব। ৫ যেতিয়া পিতৰ জেলত আছিল, তেতিয়া মণ্ডলীয়ে তেওঁৰ কাৰণে মনে-প্ৰাণে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি আছিল।

৬ যিদিনাখন হেৰোদে পিতৰক লোকসকলৰ ওচৰলৈ লৈ যাবলগীয়া আছিল, তাৰ আগৰাতি পিতৰ দুজন সৈন্যৰ মাজত শুই আছিল আৰু তেওঁক দুডাল শিকলিৰে বন্ধা হৈছিল আৰু জেলৰ দুৱাৰত পহৰা দিয়া লোকসকলে পহৰা দি আছিল। ৭ তেতিয়া হঠাতে যিহোৱাৰ* স্বৰ্গদূত তাত আহি থিয় হʼল আৰু জেলৰ সেই কোঠালী পোহৰেৰে উজ্জ্বল হৈ উঠিল। স্বৰ্গদূতজনে পিতৰৰ পিঠিত লাহেকৈ ঢকিয়াই জগালে আৰু তেওঁক কʼলে, “উঠা, সোনকালে কৰা!” তেতিয়া তেওঁৰ হাতৰ শিকলি খুলি পৰি গʼল। ৮ স্বৰ্গদূতে পিতৰক কʼলে, “কঁকাল বান্ধা আৰু জোতা পিন্ধা।” তেওঁ এইদৰেই কৰিলে। তাৰ পাছত তেওঁ পিতৰক কʼলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পিছে পিছে আহা।” ৯ তেওঁ ওলাই স্বৰ্গদূতৰ পিছে পিছে যাবলৈ ধৰিলে, কিন্তু তেওঁ এয়া নাজানিছিল যে স্বৰ্গদূতে যি কৰি আছে, সেয়া সঁচাকৈ হৈ আছে। তেওঁতো কিবা দৰ্শন দেখিছে বুলি ভাবিছিল। ১০ প্ৰথম আৰু দ্বিতীয় পহৰা দিয়া লোকসকলক পাৰ কৰি তেওঁলোকে চহৰলৈ যোৱা লোহাৰ দুৱাৰৰ ওচৰ পালেহি আৰু সেই দুৱাৰ নিজে নিজে তেওঁলোকৰ কাৰণে খুলি গʼল। বাহিৰলৈ ওলোৱাৰ পাছত তেওঁলোকে এটা গলি পালেগৈ আৰু সেই সময়তে স্বৰ্গদূতে তেওঁক এৰি গুচি গʼল। ১১ তেতিয়া পিতৰৰ অনুভৱ হʼল যে আচলতে কি হৈছে। তেওঁ কʼলে, “এতিয়া মই গʼম পালোঁ যে যিহোৱাই* এজন স্বৰ্গদূত পঠাই মোক হেৰোদৰ হাতৰ পৰা বচালে আৰু যিহূদীসকলে আশা কৰাৰ দৰে মোৰ লগত সেই বেয়া ঘটনাবোৰ হʼবলৈ নিদিলে।”

১২ ইয়াৰ পাছত তেওঁ মৰিয়মৰ ঘৰলৈ গʼল, যিগৰাকী মাৰ্ক বুলি কোৱা যোহনৰ মা আছিল। তাত বহুতো শিষ্যই গোট খাইছিল আৰু প্ৰাৰ্থনা কৰি আছিল। ১৩ যেতিয়া পিতৰে বাহিৰৰ দুৱাৰ টুকুৰিয়ালে, তেতিয়া ৰোদা নামৰ চাকৰণীয়ে কোন আহিছে বুলি চাবলৈ আহিলে। ১৪ পিতৰৰ মাত চিনি পাই তাই ইমানেই আনন্দিত হʼল যে দুৱাৰ নোখোলাকৈ ভিতৰলৈ দৌৰি গʼল আৰু গৈ সকলোকে কʼবলৈ ধৰিলে যে পিতৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ আছে। ১৫ শিষ্যসকলে তেওঁক কʼলে, “তুমি পাগলী হৈছা নেকি?” কিন্তু তেওঁ জোৰ দি কৈ থাকিল যে সঁচাকৈ তেৱেঁই আহিছে। তেতিয়া তেওঁলোকে কʼবলৈ ধৰিলে, “তেনেহʼলে তেওঁ এজন স্বৰ্গদূত।”* ১৬ কিন্তু পিতৰে তাতে থিয় হৈ দুৱাৰ টুকুৰিয়াই থাকিল। যেতিয়া তেওঁলোকে দুৱাৰ খুলিলে, তেতিয়া তেওঁক দেখি আচৰিত হʼল। ১৭ পিতৰে তেওঁলোকক মনে মনে থাকিবলৈ হাতেৰে ইংগিত দিলে আৰু যিহোৱাই* কেনেকৈ তেওঁক জেলৰ পৰা বাহিৰলৈ উলিয়ালে, সেই সকলো ঘটনা তেওঁলোকক কʼলে। তাৰ পাছত তেওঁ কʼলে, “এই কথা যাকোব আৰু আন ভাইসকলক জনাই দিবা।” ইয়াৰ পাছত তেওঁ বাহিৰলৈ গৈ বেলেগ এখন ঠাইলৈ ওলাই গʼল।

১৮ যেতিয়া পোহৰ হʼল, তেতিয়া পিতৰ কʼত গʼল বুলি সৈন্যসকলৰ মাজত হুলস্থূল লাগিল। ১৯ হেৰোদে পিতৰক বহুত বিচাৰিলে আৰু যেতিয়া বিচাৰি নাপালে, তেতিয়া তেওঁ পহৰা দিয়া লোকসকলক সোধ-পোছ কৰিলে আৰু তেওঁলোকক লৈ যাবলৈ আৰু শাস্তি দিবলৈ আদেশ দিলে। তাৰ পাছত হেৰোদে যিহূদিয়াৰ পৰা কৈচৰিয়ালৈ গুচি গʼল আৰু কিছু সময়ৰ কাৰণে তাতে থাকিল।

২০ ৰজা হেৰোদে তূৰ আৰু চীদোনৰ লোকসকলক বহুত খং কৰিছিল। সেইবাবে, সেই ঠাইৰ লোকসকলে একলগ হৈ ৰজাৰ ওচৰলৈ আহিলে। তেওঁলোকে ৰজাৰ ঘৰৰ চোৱা-চিতা কৰা ব্লাস্তৰ লগত কথা পাতি ৰজাৰ লগত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিলে। কিয়নো ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তু আহিছিল। ২১ তাৰ পাছত এটা বিশেষ দিনত হেৰোদে ৰাজকীয় কাপোৰ পিন্ধি ন্যায়ৰ আসনত বহিল আৰু তেওঁ জনসাধাৰণক ভাষণ দিবলৈ আৰম্ভ কৰিলে। ২২ তেওঁৰ কথা শুনি তাত জমা হৈ থকা লোকসকলে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “এয়া কোনো মানুহৰ নহয়, কিন্তু দেৱতাৰ মাত হয়!” ২৩ সেই সময়তে যিহোৱাৰ* স্বৰ্গদূতে হেৰোদক আঘাত কৰিলে, কিয়নো তেওঁ ঈশ্বৰৰ মহিমা নকৰিলে। তেওঁৰ শৰীৰত পোক লাগিল আৰু তেওঁ মৰি গʼল।

২৪ কিন্তু যিহোৱাৰ* বাক্য বিয়পি গʼল আৰু বহুতো লোকে বিশ্বাস কৰিলে।

২৫ বাৰ্ণব্বা আৰু চৌলে যিৰূচালেমত সাহায্য কাম সম্পূৰ্ণ কৰাৰ পাছত উভতি গʼল আৰু নিজৰ লগত যোহনক লৈ গʼল, যিজনক মাৰ্ক বুলি কোৱা হয়।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক