লূকে লিখা শুভবাৰ্তা
১৮ তাৰ পাছত কিয় হাৰ নামানি সদায় প্ৰাৰ্থনা কৰি থকা উচিত, এই বিষয়ে বুজাবলৈ যীচুৱে তেওঁলোকক এটা উদাহৰণ দিলে। ২ তেওঁ কʼলে, “কোনো এখন চহৰত এজন ন্যায়াধীশ আছিল, যিজনে ঈশ্বৰক ভয় কৰা নাছিল আৰু কোনো মানুহকো সন্মান কৰা নাছিল। ৩ সেই চহৰত এগৰাকী বিধৱা আছিল, যি গৰাকীয়ে বাৰে বাৰে তেওঁৰ ওচৰলৈ গৈ কৈছিল, ‘যিকোনো উপায়েৰে মোক ন্যায় দিয়ক! মোৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰাবিলাকৰ পৰা মোক বচাওক।’ ৪ বহু সময়লৈকে তেওঁ মনা নাছিল, কিন্তু পাছত তেওঁ নিজৰ মনতে কʼবলৈ ধৰিলে, ‘যদিও মই ঈশ্বৰক ভয় নকৰোঁ আৰু কোনো মানুহকো সন্মান নকৰোঁ, ৫ তথাপি এই বিধৱাগৰাকীয়ে মোক বাৰে বাৰে আমনি কৰাৰ কাৰণে মই তেওঁৰ ন্যায় কৰিম। যদি নকৰোঁ, তেনেহʼলে তেওঁ পুনৰ আহি মোক আমনি কৰিব।’” ৬ তাৰ পাছত প্ৰভুৱে কʼলে, “মন কৰা যে সেই ন্যায়াধীশজন দুষ্ট হোৱাৰ সত্ত্বেও কি কʼলে! ৭ তেনেহʼলে ঈশ্বৰে বাছনি কৰা লোকসকলৰ কাৰণে ন্যায় নকৰিব নে, যিসকলে দিনে-ৰাতিয়ে তেওঁলৈ প্ৰাৰ্থনা কৰে? ঈশ্বৰ ধৈৰ্য্যশীল হোৱাৰ কাৰণে যদিও দেৰি কৰি আছে যেন লাগিব পাৰে, কিন্তু তেওঁ নিশ্চয় ন্যায় কৰিব। ৮ মই তোমালোকক কৈছোঁ, তেওঁ অতি সোনকালে তেওঁলোকৰ ন্যায় কৰিব। কিন্তু যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া তেওঁ পৃথিৱীত এই বিশ্বাস* দেখিবলৈ পাব নে?”
৯ তাৰ পাছত নিজকে ভাল ব্যক্তি বুলি ভবা আৰু আনক তুচ্ছ বুলি ভবা লোকসকলক তেওঁ এই উদাহৰণ দিলে, ১০ “দুজন মানুহ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল। এজন ফৰীচী আৰু আনজন কৰতোলা লোক আছিল। ১১ ফৰীচীজনে থিয় হৈ মনে মনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, ‘হে ঈশ্বৰ মই আপোনাক ধন্যবাদ কৰিছোঁ যে মই আনৰ দৰে ডকাইত, অবিশ্বাসী আৰু ব্যভিচাৰী* নহওঁ আৰু এই কৰতোলাজনৰ দৰেও নহওঁ। ১২ মই সপ্তাহত দুবাৰ লঘোন* দিওঁ আৰু মই যি পাওঁ, তাৰ দশম ভাগ দিওঁ।’ ১৩ কিন্তু কৰতোলাজন দূৰত থিয় হৈ আছিল। আকাশৰ ফালে চকু তুলি চোৱাৰো তেওঁৰ সাহস হোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ হিয়া ভুকুৱাই ভুকুৱাই কʼলে, ‘হে ঈশ্বৰ মই এজন পাপী! মোৰ ওপৰত দয়া* কৰক।’ ১৪ মই তোমালোকক কৈছোঁ, এই মানুহজন ফৰীচীজনতকৈ বেছি ভাল বুলি গণ্য হʼল আৰু নিজৰ ঘৰলৈ উভতি গʼল। কিয়নো যি কোনোৱে নিজকে ডাঙৰ কৰে, তেওঁক সৰু কৰা হʼব আৰু যি কোনোৱে নিজকে সৰু কৰে, তেওঁক ডাঙৰ কৰা হʼব।”
১৫ তাৰ পাছত লোকসকলে নিজৰ সৰু সৰু লʼৰা-ছোৱালীক যীচুৰ ওচৰলৈ আনিবলৈ ধৰিলে যাতে তেওঁ লʼৰা-ছোৱালীৰ ওপৰত হাত ৰাখে, কিন্তু শিষ্যসকলে তেওঁলোকক ধমকি দিবলৈ ধৰিলে। ১৬ কিন্তু যীচুৱে সৰু সৰু লʼৰা-ছোৱালীক নিজৰ ওচৰলৈ মাতিলে আৰু কʼলে, “লʼৰা-ছোৱালীক মোৰ ওচৰলৈ আহিবলৈ দিয়া, সিহঁতক বাধা নিদিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা লোকসকলৰ বাবেহে। ১৭ মই তোমালোকক সঁচাকৈ কৈছোঁ, কোনোবাই যদি এটা সৰু লʼৰাৰ দৰে হৈ ঈশ্বৰৰ ৰাজ্যক গ্ৰহণ নকৰে, তেনেহʼলে তেওঁ কেতিয়াও তাত যাব নোৱাৰিব।”
১৮ কোনো এজন অধিকাৰীয়ে তেওঁক সুধিলে, “হে ভাল গুৰু, অনন্ত জীৱন পাবলৈ মই কি কৰা উচিত?” ১৯ যীচুৱে তেওঁক কʼলে, “তুমি মোক ভাল বুলি কিয় কৈছা? ঈশ্বৰৰ বাহিৰে আৰু কোনো ভাল নাই। ২০ তুমি দেখোন আজ্ঞাবোৰ জানাই, ‘ব্যভিচাৰ* নকৰিবা, হত্যা নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা আৰু নিজৰ মা-দেউতাক সন্মান কৰিবা।’” ২১ তেতিয়া সেই মানুহজনে কʼলে, “এই সকলো কথা দেখোন মই সৰুৰে পৰা মানি আহিছোঁ।” ২২ এয়া শুনি যীচুৱে তেওঁক কʼলে, “তুমি এটা কাম কৰিবলৈ এতিয়াও বাকী আছে: যোৱা আৰু তোমাৰ যি যি আছে, সেই সকলো বেচি দুখীয়াক দি দিয়া আৰু তুমি স্বৰ্গত ধন পাবা আৰু আহি মোৰ শিষ্য হোৱা।” ২৩ এই কথা শুনি তেওঁ বহুত দুখীত হʼল, কিয়নো তেওঁ বহুত ধনী আছিল।
২৪ যীচুৱে তেওঁৰ ফালে চাই কʼলে, “ধনী লোকসকলৰ বাবে ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ বৰ কঠিন হʼব! ২৫ আচলতে এজন ধনী ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ, এটা উটে বেজীৰ ফুটাইদি সোমোৱাটোৱেই সহজ হʼব।” ২৬ যিসকলে এই কথা শুনিলে, তেওঁলোকে কʼলে, “তেনেহʼলে কোনে উদ্ধাৰ পাব?” ২৭ তেওঁ কʼলে, “যি কাম মানুহৰ কাৰণে অসম্ভৱ, সেই কাম ঈশ্বৰৰ কাৰণে সম্ভৱ।” ২৮ কিন্তু পিতৰে কʼলে, “চাওক! আমি সকলো এৰি আপোনাৰ পিছে পিছে আহিছোঁ।” ২৯ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, কোনোৱে যদি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে ঘৰ বা পত্নী বা ভাই বা মা-দেউতা বা সন্তানক এৰি দিছে, ৩০ তেনেহʼলে তেওঁ বৰ্তমান সময়ত এইবোৰতকৈ আৰু বেছি পাব আৰু আহিবলগীয়া সময়ত* অনন্ত জীৱন লাভ কৰিব।”
৩১ তাৰ পাছত যীচুৱে সেই ১২ জন শিষ্যক অকলশৰীয়াকৈ নি তেওঁলোকক কʼলে, “চোৱা! আমি যিৰূচালেমলৈ গৈ আছোঁ আৰু মানুহৰ পুত্ৰৰ বিষয়ে ভৱিষ্যবক্তাসকলে যি যি লিখিছিল, সেই সকলো পূৰ হʼব। ৩২ যেনে, ইস্ৰায়েলী নোহোৱা লোকসকলৰ হাতত তেওঁক গতাই দিয়া হʼব, তেওঁৰ ঠাট্টা কৰা হʼব, তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰা হʼব আৰু তেওঁৰ ওপৰত থু পেলোৱা হʼব। ৩৩ তেওঁলোকে তেওঁক চাবুকেৰে কোবাব আৰু মাৰি পেলাব, কিন্তু তৃতীয় দিনাখন তেওঁ আকৌ জীয়াই উঠিব।” ৩৪ কিন্তু শিষ্যসকলে এইবোৰ কথাৰ এটাও অৰ্থ বুজি নাপালে, কিয়নো এই কথাবোৰৰ অৰ্থ তেওঁলোকৰ পৰা লুকুৱাই ৰখা হৈছিল।
৩৫ যেতিয়া তেওঁ যিৰীহোৰ ওচৰ পাইছিলহি, তেতিয়া এজন অন্ধ মানুহে ৰাস্তাৰ কাষত বহি ভিক্ষা খুজি আছিল। ৩৬ যেতিয়া সেই অন্ধ মানুহজনে সেই ফালেদি যোৱা ভীৰৰ মাত শুনিলে, তেতিয়া তেওঁ সুধিবলৈ ধৰিলে যে এয়া কি হৈ আছে। ৩৭ লোকসকলে তেওঁক কʼলে, “নাচৰতীয়া যীচু এই ফালেদি গৈ আছে!” ৩৮ এয়া শুনি তেওঁ চিঞৰি কʼবলৈ ধৰিলে, “হে যীচু, দায়ূদৰ বংশ, মোক দয়া কৰক!” ৩৯ যীচুৰ আগে আগে যোৱা লোকসকলে তেওঁক মনে মনে থাকিবলৈ ধমকি দিলে। কিন্তু তেওঁ আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে, “হে দায়ূদৰ বংশ, মোক দয়া কৰক!” ৪০ তেতিয়া যীচু ৰৈ গʼল আৰু সেই মানুহজনক তেওঁৰ ওচৰলৈ আনিবলৈ আদেশ দিলে। যেতিয়া সেই মানুহজন আহিলে, তেতিয়া যীচুৱে সুধিলে, ৪১ “তুমি কি বিচাৰা, মই তোমাৰ কাৰণে কি কৰিম?” তেওঁ কʼলে, “প্ৰভু, মই যেন দৃষ্টিশক্তি ঘূৰাই পাওঁ।” ৪২ সেইবাবে, যীচুৱে তেওঁক কʼলে, “তোমাৰ চকু ভাল হৈ যাওক। তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে।” ৪৩ সেই সময়তে তেওঁৰ চকু ভাল হৈ গʼল আৰু তেওঁ ঈশ্বৰৰ মহিমা কৰি কৰি যীচুৰ পিছে পিছে গʼল। সেয়া দেখি আন লোকসকলে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে।