ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ২ থিচলনীকীয়া ৩
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

২ থিচলনীকীয়া কিতাপৰ সাৰাংশ

      • প্ৰাৰ্থনা কৰি থাকা (১-৫)

      • আজ্ঞা নমনা লোকসকলৰ পৰা সাৱধান (৬-১৫)

      • অৱশেষত নমস্কাৰ (১৬-১৮)

২ থিচলনীকীয়া ৩:১

ফুটনোট

  • *

    অতি. ক৫ চাওক।

২ থিচলনীকীয়া ৩:৩

ফুটনোট

  • *

    আক্ষ., “সেই দুষ্টৰ।”

২ থিচলনীকীয়া ৩:৬

ফুটনোট

  • *

    বা “নিয়মবোৰৰ।”

  • *

    বা হয়তো, “তেওঁলোকক।”

২ থিচলনীকীয়া ৩:৮

ফুটনোট

  • *

    বা “বিনামূল্যে।”

২ থিচলনীকীয়া ৩:১৪

ফুটনোট

  • *

    আক্ষ., “ওপৰত চিন দিয়া।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ থিচলনীকীয়া ৩:১-১৮

থিচলনীকীয়াসকললৈ দ্বিতীয় চিঠি

৩ ভাইসকল, মই শেষত এয়াই কৈছোঁ যে আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা যাতে যিহোৱাৰ* বাক্য বেগেৰে বিয়পি গৈ থাকে আৰু মহিমা পাই থাকে, যিদৰে তোমালোকৰ মাজত হৈয়ো আছে। ২ এয়াও প্ৰাৰ্থনা কৰা যে আমি এনে লোকসকলৰ পৰা বাচি থাকোঁ, যিসকল অনিষ্টকাৰী আৰু দুষ্ট হয়, কিয়নো সকলোৰে মাজত বিশ্বাস নাথাকে। ৩ কিন্তু প্ৰভু বিশ্বাসযোগ্য হয় আৰু তেওঁ তোমালোকক মজবুত কৰিব আৰু চয়তানৰ* পৰা ৰক্ষা কৰিব। ৪ আৰু প্ৰভুত তোমালোকৰ বিষয়ে আমাৰ ভৰসা আছে যে আমি তোমালোকক যিবোৰ নিৰ্দেশনা দিছোঁ, সেইবোৰ তোমালোকে পালন কৰি আছা আৰু আগলৈয়ো পালন কৰি থাকিবা। ৫ আমি প্ৰাৰ্থনা কৰোঁ যে প্ৰভুৱে তোমালোকৰ হৃদয়ক সঠিক পথ দেখুৱায় থাকক যাতে তোমালোকে ঈশ্বৰক প্ৰেম কৰি থাকা আৰু খ্ৰীষ্টৰ কাৰণে ধৈৰ্য্য ধৰি থাকিব পাৰা।

৬ ভাইসকল, আমি প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে তোমালোকক নিৰ্দেশনা দিওঁ যে এনে প্ৰতিজন ভাইৰ পৰা আঁতৰি থাকা, যিসকলে আজ্ঞা পালন নকৰে আৰু সেই নিৰ্দেশনাবোৰৰ* অনুসৰি নচলে, যিবোৰ আমি তোমালোকক* কৈছিলোঁ। ৭ তোমালোকে নিজে জানা যে তোমালোকে কেনেকৈ আমাৰ উদাহৰণত চলা উচিত। কিয়নো আমি তোমালোকৰ মাজত থকাৰ সময়ত তেওঁলোকৰ দৰে আজ্ঞা নমনা লোক নাছিলোঁ ৮ বা আমি বিনা পইচাৰে* কাৰো পৰা খোৱাবস্তু খোৱা নাছিলোঁ। ইয়াৰ পৰিৱৰ্তে, আমি দিনে-ৰাতিয়ে কঠোৰ পৰিশ্ৰম আৰু সংঘৰ্ষ কৰিছিলোঁ যাতে আমি তোমালোক কাৰো ওপৰত গধুৰ বোজা নহওঁ। ৯ এনে নহয় যে আমাৰ অধিকাৰ নাই, কিন্তু আমি তোমালোকৰ কাৰণে এনে উদাহৰণ ৰাখিব বিচাৰিছিলোঁ, যি তোমালোকে অনুকৰণ কৰা। ১০ আচলতে যেতিয়া আমি তোমালোকৰ লগত আছিলোঁ, তেতিয়া আমি প্ৰায়ে এই আদেশ দিছিলোঁ: “যদি কোনোবাই কাম কৰিব নিবিচাৰে, তেনেহʼলে তেওঁৰ খোৱাৰো অধিকাৰ নাই।” ১১ আমি শুনিছোঁ যে তোমালোকৰ মাজত কিছুমান লোকে আজ্ঞা পালন নকৰে। তেওঁলোকে কোনো কাম-বন নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সেই বিষয়বোৰত সোমায়, যি বিষয়বোৰৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। ১২ এনে লোকসকলক আমি প্ৰভু যীচু খ্ৰীষ্টত আদেশ দিওঁ আৰু বুজাওঁ যে তেওঁলোকে শান্তিৰে নিজৰ কাম-বন কৰক আৰু নিজৰ খোৱা-বোৱাৰ যোগাৰ নিজে কৰক।

১৩ ভাইসকল, তোমালোকে ভাল কাম কৰিবলৈ হাৰ নামানিবা। ১৪ কিন্তু কোনোবাই যদি সেই কথাবোৰ পালন নকৰে, যিবোৰ আমি এই চিঠিখনত কৈছোঁ, তেনেহʼলে এনে মানুহৰ ওপৰত দৃষ্টি ৰাখা* আৰু তেওঁৰ লগত সংগতি কৰিবলৈ এৰি দিয়া যাতে তেওঁ লাজ পায়। ১৫ তথাপি তেওঁক শত্ৰু বুলি নাভাবিবা, কিন্তু তেওঁক এজন ভাই হিচাপে শিকাই-বুজাই থাকা।

১৬ আমাৰ প্ৰাৰ্থনা এয়াই যে শান্তিৰ প্ৰভুৱে তোমালোকক সকলো ধৰণে শান্তি দি থাকক। প্ৰভু তোমালোক সকলোৰে লগত থাকক।

১৭ মই পৌলে নিজ হাতেৰে তোমালোকলৈ নমস্কাৰ লিখি আছোঁ, যি মোৰ সকলো চিঠিৰ পৰিচয় হয়। মোৰ লিখাৰ ধৰণ এয়াই হয়।

১৮ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক