ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ৰোমীয়া ১২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ৰোমীয়া কিতাপৰ সাৰাংশ

      • নিজৰ শৰীৰক জীৱিত বলিদান হিচাপে অৰ্পণ কৰা (১, ২)

      • শৰীৰ এক, বৰদান বেলেগ বেলেগ (৩-৮)

      • প্ৰকৃত খ্ৰীষ্টান জীৱন-যাপনৰ বিষয়ে পৰামৰ্শ (৯-২১)

ৰোমীয়া ১২:২

ফুটনোট

  • *

    বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।

ৰোমীয়া ১২:৩

ফুটনোট

  • *

    বা “তেওঁৰ ভাগত দিয়া হৈছে; ভাগ কৰা হৈছে।”

ৰোমীয়া ১২:৮

ফুটনোট

  • *

    বা “সম্পূৰ্ণ উৎসাহেৰে।”

ৰোমীয়া ১২:১১

ফুটনোট

  • *

    বা “উৎসাহী।”

  • *

    বা “কামক অৱহেলা নকৰিবা।”

  • *

    অতি. ক৫ চাওক।

ৰোমীয়া ১২:১৯

ফুটনোট

  • *

    অৰ্থাৎ ঈশ্বৰৰ ক্ৰোধ।

  • *

    অতি. ক৫ চাওক।

ৰোমীয়া ১২:২০

ফুটনোট

  • *

    অৰ্থাৎ তেওঁৰ কঠোৰ হৃদয়ক গলাই দিয়া আৰু তেওঁৰ খং শান্ত কৰা।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ৰোমীয়া ১২:১-২১

ৰোমীয়াসকললৈ

১২ সেইবাবে ভাইসকল, ঈশ্বৰৰ কৰুণাৰ আধাৰত মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে নিজৰ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰে গ্ৰহণ কৰা বলিদান হিচাপে অৰ্পণ কৰা। এইদৰে তোমালোকে নিজৰ চিন্তা কৰা শক্তি ব্যৱহাৰ কৰি পবিত্ৰ সেৱা কৰিব পাৰিবা। ২ এই জগতক* অনুকৰণ নকৰিবা, কিন্তু নিজকে সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিবলৈ নিজৰ চিন্তাধাৰা সলনি কৰা যাতে তুমি চালি-জাৰি চাব পাৰা যে ঈশ্বৰৰ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ ইচ্ছা কি হয়।

৩ মোৰ ওপৰত যি মহা-কৃপা দেখুওৱা হৈছে, তাৰ যোগেদি মই তোমালোক প্ৰতিজনকে কৈছোঁ যে কোনেও নিজকে যিমান ভাবিব লাগে, তাতকৈ বেছি নাভাবক। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰে প্ৰতিজনকে যিমান বিশ্বাস দিছে,* তাৰ অনুসৰি সঠিক চিন্তাধাৰা বজাই ৰাখা। ৪ কাৰণ যিদৰে আমাৰ একেটা শৰীৰত বহুতো অংগ আছে আৰু প্ৰতিটো অংগৰ কাম বেলেগ বেলেগ। ৫ ঠিক সেইদৰে, আমিও বহুত হৈও খ্ৰীষ্টত একতাত এক শৰীৰ হওঁ আৰু এজনে-আনজনৰ লগত যোগ হৈ থকা অংগ হওঁ। ৬ আমাৰ ওপৰত মহা-কৃপা দেখুৱাই বেলেগ বেলেগ বৰদান দিয়া হৈছে। সেইবাবে, যদি আমি ভৱিষ্যবাণী কৰাৰ বৰদান পাইছোঁ, তেনেহʼলে আহা আমাক যি বিশ্বাস দিয়া হৈছে, তাৰ অনুসৰি ভৱিষ্যবাণী কৰোঁ, ৭ বা যদি আমি সেৱা কৰাৰ বৰদান পাইছোঁ, তেনেহʼলে আহা আমি সেৱাত লাগি থাকোঁ। আৰু যিজনে শিকোৱাৰ বৰদান পাইছে, তেওঁ শিকোৱাৰ কামত লাগি থাকক। ৮ বা যিজনে উৎসাহিত কৰাৰ বৰদান পাইছে, তেওঁ এইদৰে কৰাত লাগি থাকক। যিজনে দান দিয়ে, তেওঁ হৃদয় খুলি দান দিয়ক, যিজনে নেতৃত্ব লয়, তেওঁ মনে-প্ৰাণে* এইদৰে কৰি থাকক। যিজনে দয়া দেখুৱায়, তেওঁ আনন্দেৰে দয়া দেখুৱাওক।

৯ তোমালোকৰ প্ৰেমত কপট নহওক। বেয়া কথাবোৰক ঘিণ কৰা, ভাল কথাবোৰত লাগি থাকা। ১০ এজনে-আনজনক ভাইৰ দৰে প্ৰেম কৰা আৰু কোমল স্নেহ ৰাখা। নিজে আগবাঢ়ি গৈ আনক আদৰ কৰা। ১১ পৰিশ্ৰমী* হোৱা, এলেহুৱা নহʼবা।* পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ উৎসাহী হোৱা। যিহোৱাৰ* দাস হৈ তেওঁৰ সেৱা কৰা। ১২ নিজৰ আশাৰ কাৰণে আনন্দ কৰা। সমস্যাৰ সময়ত ধৈৰ্য্য ধৰা। প্ৰাৰ্থনাত লাগি থাকা। ১৩ পবিত্ৰ জনৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সহায় কৰা। অতিথি-সৎকাৰ কৰিবলৈ অভ্যাস কৰা। ১৪ যিসকলে তোমালোকক অত্যাচাৰ কৰে, তেওঁলোকৰ কাৰণে ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰা। হয়, আশীৰ্বাদ বিচাৰা, তেওঁলোকক অভিশাপ নিদিবা। ১৫ যিসকলে আনন্দ কৰে, তেওঁলোকৰ লগত আনন্দ কৰা; যিসকলে কান্দে, তেওঁলোকৰ লগত কান্দা। ১৬ নিজৰ বিষয়ে তোমালোকে যি চিন্তাধাৰা ৰাখা, আনৰ বিষয়েও সেই একেই চিন্তাধাৰা ৰাখা। ডাঙৰ ডাঙৰ বিষয়বোৰৰ কাৰণে চিন্তা নকৰিবা, ইয়াৰ পৰিৱৰ্তে যিবোৰ বিষয় সৰু আৰু সাধাৰণ বুলি ভবা হয়, সেইবোৰত লাগি থাকা। নিজকে বৰ বুদ্ধিমান বুলি নাভাবিবা।

১৭ অপকাৰৰ সলনি, কাৰো অপকাৰ নকৰিবা। মন কৰা যে সকলোৰে দৃষ্টিত কি ভাল আৰু সেয়াই কৰা। ১৮ যিমান পাৰি সিমান সকলোৰে লগত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা। ১৯ মৰমৰ ভাইসকল, প্ৰতিশোধ নলʼবা, কিন্তু ক্ৰোধক* সুযোগ দিয়া, কিয়নো শাস্ত্ৰত লিখা আছে, “যিহোৱাই* কয়, ‘প্ৰতিশোধ লোৱা মোৰ কাম, ময়েই তেওঁলোকক শাস্তি দিম।’” ২০ কিন্তু “যদি তোমালোকৰ শত্ৰু ভোকত আছে, তেনেহʼলে তেওঁক খাবলৈ দিয়া। যদি তেওঁ পিয়াহত আছে, তেনেহʼলে তেওঁক পানী খাবলৈ দিয়া। কিয়নো এইদৰে কৰিলে তোমালোকে তেওঁৰ মূৰত জ্বলি থকা কয়লা দʼম কৰি থʼবা।”* ২১ বেয়া কামৰ দ্বাৰাই পৰাজিত নহৈ ভাল কামৰ দ্বাৰাই বেয়া কামক পৰাজয় কৰা।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক