ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • পাঁচনিৰ কৰ্ম্ম ১৮
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

পাঁচনিৰ কৰ্ম্মৰ সাৰাংশ

      • কৰিন্থত পৌলৰ প্ৰচাৰ (১-১৭)

      • চিৰিয়াৰ আন্তিয়খিয়ালৈ উভতি গʼল (১৮-২২)

      • পৌল গালাতিয়া আৰু ফৰুগিয়ালৈ ওলাই গʼল (২৩)

      • কথা পতাত পাকৈত আপল্লোক সহায় কৰা হʼল (২৪-২৮)

পাঁচনিৰ কৰ্ম্ম ১৮:৪

ফুটনোট

  • *

    বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।

  • *

    বা “তেওঁলোকক যুক্তি দি বুজাইছিল।”

পাঁচনিৰ কৰ্ম্ম ১৮:৭

ফুটনোট

  • *

    অৰ্থাৎ সভাঘৰ।

পাঁচনিৰ কৰ্ম্ম ১৮:৮

ফুটনোট

  • *

    বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”

পাঁচনিৰ কৰ্ম্ম ১৮:১২

ফুটনোট

  • *

    শব্দকোষ চাওক।

পাঁচনিৰ কৰ্ম্ম ১৮:২১

ফুটনোট

  • *

    অতি. ক৫ চাওক।

পাঁচনিৰ কৰ্ম্ম ১৮:২৫

ফুটনোট

  • *

    অতি. ক৫ চাওক।

  • *

    বা “মৌখিকভাৱে শিকোৱা হৈছিল।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পাঁচনিৰ কৰ্ম্ম ১৮:১-২৮

পাঁচনিৰ কৰ্ম্ম

১৮ ইয়াৰ পাছত পৌলে আথিনীৰ পৰা ওলাই কৰিন্থ চহৰলৈ আহিল। ২ কৰিন্থত তেওঁ আক্কিলা নামৰ এজন যিহূদীক লগ পালে। তেওঁৰ জন্ম পন্ত এলেকাত হৈছিল। কিছু দিনৰ আগতে তেওঁ নিজৰ পত্নী প্ৰিষ্কিল্লাৰ লগত ইটালীৰ পৰা আহিছিল। কিয়নো সম্ৰাট ক্লৌদিয়ই সকলো যিহূদীক ৰোমৰ পৰা ওলাই যাবলৈ আদেশ দিছিল। পৌলে আক্কিলা আৰু প্ৰিষ্কিল্লাৰ ওচৰলৈ গʼল। ৩ পৌল আৰু তেওঁলোকে একেই ব্যৱসায় কৰিছিল, সেইবাবে পৌলে তেওঁলোকৰ ঘৰতে থাকিল আৰু তেওঁলোকৰ লগত কাম কৰিবলৈ ধৰিলে। তেওঁলোকে তম্বু বনোৱা কাম কৰিছিল। ৪ পৌলে প্ৰতিটো বিশ্ৰাম-বাৰে* সভাঘৰত ভাষণ দিছিল* আৰু যিহূদী আৰু গ্ৰীকসকলক বিশ্বাস জন্মাইছিল যাতে তেওঁলোকে তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰে।

৫ যেতিয়া চীল আৰু তীমথিয় দুয়োজনে মাকিদনিয়াৰ পৰা আহিলে, তেতিয়া পৌলে আৰু বেছি উৎসাহেৰে ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁ যিহূদীসকলক সাক্ষ্য দিবলৈ ধৰিলে আৰু যীচুৱেই খ্ৰীষ্ট হয় বুলি প্ৰমাণ কৰিবলৈ ধৰিলে। ৬ কিন্তু যেতিয়া তেওঁলোকে পৌলৰ বাৰ্তাৰ বিৰোধ কৰি থাকিল আৰু তেওঁৰ বিৰুদ্ধে বেয়াকৈ কৈ থাকিল, তেতিয়া তেওঁ নিজৰ কাপোৰ জোকাৰি তেওঁলোকক কʼলে, “তোমালোকৰ তেজৰ দোষ, তোমালোকৰ ওপৰতে থাকক। মই নিৰ্দোষী হওঁ। এতিয়াৰ পৰা মই ইস্ৰায়েলী নোহোৱা লোকসকলৰ ওচৰলৈ যাম।” ৭ তাৰ পাছত তেওঁ তাৰ* পৰা নিজৰ ঠাই সলনি কৰি তীত যুষ্ট নামৰ এজন মানুহৰ ঘৰত থাকিবলৈ ধৰিলে, যিজন ঈশ্বৰৰ উপাসক আছিল আৰু তেওঁৰ ঘৰ সভাঘৰতে লাগি আছিল। ৮ সভাঘৰৰ অধিকাৰী ক্ৰীস্প আৰু তেওঁৰ গোটেই পৰিয়ালে পৌলৰ বাৰ্তা শুনি প্ৰভুত বিশ্বাস কৰিবলৈ ধৰিলে। কৰিন্থৰ বহুতো লোকেও এই বাৰ্তা শুনি বিশ্বাস কৰিলে আৰু বাপ্তিষ্মা* লʼলে। ৯ ইয়াৰ উপৰিও প্ৰভুৱে ৰাতি এটা দৰ্শনত পৌলক কʼলে, “ভয় নকৰিবা, প্ৰচাৰ কৰি থাকা, মনে মনে নাথাকিবা। ১০ এই চহৰত মোৰ বহুতো লোক আছে, যিসকলক একগোট কৰিবলৈ বাকী আছে। সেইবাবে, মই তোমাৰ লগত আছোঁ আৰু কোনেও তোমাক আক্ৰমণ কৰি হানি কৰিব নোৱাৰিব।” ১১ সেইবাবে, পৌলে ডেৰ বছৰলৈকে তাতে থাকিল আৰু তেওঁলোকক ঈশ্বৰৰ বাক্য শুনাই থাকিল।

১২ গাল্লিয়ো যেতিয়া আখায়াৰ ৰাজ্যপাল* আছিল, তেতিয়া যিহূদীসকলে একগোট হৈ পৌলৰ বিৰুদ্ধে উঠিল আৰু তেওঁক ন্যায়ৰ আসনৰ ওচৰলৈ লৈ গʼল। ১৩ আৰু এইদৰে কʼলে, “এই মানুহজনে লোকসকলক এনেদৰে ঈশ্বৰৰ উপাসনা কৰিবলৈ উচটাইছে যি নিয়মৰ বিৰুদ্ধে হয়।” ১৪ কিন্তু পৌলে কিবা কোৱাৰ আগতেই গাল্লিয়োৱে যিহূদীসকলক কʼলে, “যিহূদীসকল, এয়া অন্যায় বা ডাঙৰ অপৰাধ হোৱা হʼলে, মই নিশ্চয় ধৈৰ্য্যেৰে তোমালোকৰ কথা শুনিলোঁহেঁতেন। ১৫ কিন্তু এই কাজিয়া যদি কোনো কথা বা কোনো ব্যক্তি আৰু তোমালোকৰ কোনো নিয়মৰ বিষয়ে হয়, তেনেহʼলে তোমালোকে সেয়া নিজেই সমাধান কৰা। মই তোমালোকৰ কাজিয়াৰ মাজত সোমাব নিবিচাৰোঁ।” ১৬ এইদৰে কৈ তেওঁ যিহূদীসকলক ন্যায়ৰ আসনৰ ওচৰৰ পৰা উলিয়াই দিলে। ১৭ তাৰ পাছত সেই সকলোৱে সভাঘৰৰ অধিকাৰী চোস্থিনিক ধৰি লʼলে আৰু ন্যায়ৰ আসনৰ ওচৰত কোবাবলৈ ধৰিলে। কিন্তু গাল্লিয়োৱে এই বিষয়ে কোনো মাত নামাতিলে।

১৮ তথাপিও পৌলে তাত কিছু দিন থাকিল আৰু ইয়াৰ পাছত তেওঁ ভাইসকলৰ পৰা বিদায় লʼলে। তেওঁ কিংক্ৰিয়াত নিজৰ চুলি চুটিকৈ কাটিলে। কিয়নো তেওঁ ঈশ্বৰক এটা প্ৰতিজ্ঞা কৰিছিল। তাৰ পাছত তেওঁ জাহাজেৰে চিৰিয়ালৈ গʼল আৰু প্ৰিষ্কিলা আৰু আক্কিলাও তেওঁৰ লগত আছিল। ১৯ যেতিয়া তেওঁলোকে ইফিচলৈ আহিল, তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাক তাতে এৰি তেওঁ তাত থকা সভাঘৰলৈ গʼল আৰু যিহূদীসকলৰ লগত তৰ্ক-বিতৰ্ক কৰি তেওঁলোকক বুজাবলৈ ধৰিলে। ২০ তেওঁলোকে পৌলক আৰু কিছু দিন তাতে থাকিবলৈ মিনতি কৰি থাকিল, কিন্তু পৌলে নামানিলে। ২১ তেওঁ এইদৰে কৈ তেওঁলোকৰ পৰা বিদায় লʼলে, “যদি যিহোৱাই* বিচাৰে, তেনেহʼলে মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।” আৰু তেওঁ ইফিচৰ পৰা জাহাজত উঠিল ২২ আৰু কৈচৰিয়ালৈ আহিল। তাৰ পাছত তেওঁ যিৰূচালেমলৈ গৈ মণ্ডলীক লগ কৰিলে আৰু তাৰ পৰা আন্তিয়খিয়ালৈ গʼল।

২৩ আন্তিয়খিয়াত কিছু দিন থকাৰ পাছত পৌলে তাৰ পৰা ওলাই গʼল আৰু গালাতিয়া আৰু ফৰুগিয়াৰ ঠায়ে ঠায়ে গৈ সকলো শিষ্যৰ সাহস বঢ়াই থাকিল।

২৪ আপল্লো নামৰ এজন যিহূদী, ইফিচলৈ আহিল, যাৰ জন্ম আলেকজেন্দ্ৰিয়া চহৰত হৈছিল। তেওঁ কথা পতাত পাকৈত আছিল আৰু শাস্ত্ৰৰ ভাল জ্ঞান আছিল। ২৫ সেই মানুহজনক যিহোৱাৰ* পথৰ বিষয়ে শিকোৱা হৈছিল।* আৰু তেওঁ পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে বহুত উৎসাহী আছিল। তেওঁ যীচুৰ বিষয়ে সঠিক কথা কৈছিল আৰু শিকাইছিল। কিন্তু তেওঁ কেৱল যোহনে প্ৰচাৰ কৰা বাপ্তিষ্মাৰ বিষয়ে জানিছিল। ২৬ আপল্লোৱে সভাঘৰত সাহসেৰে কʼবলৈ ধৰিলে। যেতিয়া আক্কিলা আৰু প্ৰিষ্কিলাই তেওঁৰ কথা শুনিলে, তেতিয়া তেওঁলোকে আপল্লোক নিজৰ লগত লৈ গʼল আৰু তেওঁক ঈশ্বৰৰ পথৰ বিষয়ে সঠিকভাৱে বুজাই দিলে। ২৭ আপল্লোৱে আখায়ালৈ যাব বিচাৰিছিল, সেইবাবে আপল্লোক আনন্দেৰে আদৰণি জনাবলৈ ভাইসকলে, তাত থকা শিষ্যসকলক চিঠি লিখি তেওঁলোকক উৎসাহিত কৰিলে। আখায়ালৈ গৈ পোৱাৰ পাছত আপল্লোৱে সেই লোকসকলক বহুত সহায় কৰিলে, যিসকলে ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে বিশ্বাস কৰিবলৈ ধৰিছিল। ২৮ তেওঁ উৎসাহেৰে সকলোৰে আগত যিহূদীসকলক ভুল বুলি প্ৰমাণ কৰিলে আৰু যীচুৱেই খ্ৰীষ্ট হয় বুলি শাস্ত্ৰৰ পৰা স্পষ্টকৈ দেখুৱালে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক