ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ তীমথিয় ৩
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ তীমথিয় কিতাপৰ সাৰাংশ

      • অধ্যক্ষসকলৰ যোগ্যতাবোৰ (১-৭)

      • সহায়ক সেৱকসকলৰ যোগ্যতাবোৰ (৮-১৩)

      • ঈশ্বৰৰ ভক্তিৰ পবিত্ৰ ৰহস্য (১৪-১৬)

১ তীমথিয় ৩:৪

ফুটনোট

  • *

    বা “নেতৃত্ব লোৱা; পৰিয়ালৰ কাৰণে ভাল ব্যৱস্থা কৰা ব্যক্তি হোৱা উচিত।”

১ তীমথিয় ৩:৭

ফুটনোট

  • *

    বা “বদনামী।”

১ তীমথিয় ৩:৮

ফুটনোট

  • *

    বা “ছলনা।”

১ তীমথিয় ৩:১২

ফুটনোট

  • *

    বা “নেতৃত্ব লোৱা; পৰিয়ালৰ কাৰণে ভাল ব্যৱস্থা কৰা ব্যক্তি।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ তীমথিয় ৩:১-১৬

তীমথিয়লৈ প্ৰথম চিঠি

৩ এই কথা ভৰসাযোগ্য হয়: যদি কোনো পুৰুষে অধ্যক্ষ হোৱাৰ কাৰণে চেষ্টা কৰি আগবাঢ়ি আহে, তেনেহʼলে তেওঁ এক উত্তম কাম কৰাৰ ইচ্ছা ৰাখে। ২ সেইবাবে, এজন অধ্যক্ষ নিৰ্দোষী হোৱা উচিত, তেওঁৰ এজনীয়েই পত্নী থকা উচিত, তেওঁ সকলো বিষয়ত আত্মনিয়ন্ত্ৰণ ৰখা, বুদ্ধিমতাৰে কাম কৰা, সংগঠিতভাৱে চলা আৰু অতিথি-সৎকাৰ কৰা ব্যক্তি হোৱা উচিত, শিক্ষা দিয়াত নিপুণ হোৱা উচিত, ৩ মতলীয়া, মাৰ-পিট কৰা ব্যক্তি, নিজৰ মতামতত লাগি থকা ব্যক্তি, কাজিয়া কৰা ব্যক্তি, টকা-পইচাৰ প্ৰতি লোভ কৰা ব্যক্তি হোৱা উচিত নহয়, ৪ নিজৰ পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰা ব্যক্তি হোৱা উচিত,* যিজনৰ লʼৰা-ছোৱালী সম্পূৰ্ণ গম্ভীৰতাৰে যেন তেওঁৰ অধীনত থাকে। ৫ (কিয়নো যদি এজন পুৰুষে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিব নাজানে, তেনেহʼলে তেওঁ ঈশ্বৰৰ মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰিব?) ৬ নতুনকৈ খ্ৰীষ্টান হোৱা ব্যক্তি হোৱা উচিত নহয় যাতে তেওঁ অহংকাৰেৰে ভৰি নপৰে আৰু চয়তানে পোৱা সেই শাস্তি যেন তেওঁ নাপায়। ৭ ইয়াৰ উপৰিও, বাহিৰৰ লোকসকলৰ পৰা তেওঁ ভাল নাম অৰ্জন কৰা উচিত যাতে তেওঁৰ অপমান* নহয় আৰু তেওঁ যেন চয়তানৰ ফান্দত নপৰে।

৮ ঠিক সেইদৰে, সহায়ক সেৱকসকলেও গম্ভীৰ হোৱা উচিত। তেওঁলোকে দুতলীয়া কথা* কোৱা ব্যক্তি, অধিক পৰিমাণে মদ খোৱা ব্যক্তি আৰু লোভ কৰি আনৰ সুযোগ লোৱা ব্যক্তি হোৱা উচিত নহয়। ৯ আৰু তেওঁলোকে শুদ্ধ বিবেকেৰে সৈতে বিশ্বাস আৰু পবিত্ৰ ৰহস্যক ধৰি ৰখা উচিত।

১০ ইয়াৰ উপৰিও, প্ৰথমে তেওঁলোকক চালি-জাৰি চোৱা উচিত যে তেওঁলোকে যোগ্য হয় নে নহয়, তাৰ পাছত যেতিয়া তেওঁলোক নিৰ্দোষী বুলি প্ৰমাণিত হʼব, তেতিয়া তেওঁলোকক সেৱকৰ কাম দিয়া উচিত।

১১ ঠিক সেইদৰে, তিৰোতাসকলেও গহীন হোৱা উচিত। তেওঁলোকে আনক বদনাম কৰোঁতা হোৱা উচিত নহয়, প্ৰতিটো কথাত আত্মনিয়ন্ত্ৰণ ৰাখোঁতা আৰু বিশ্বাসযোগ্য হোৱা উচিত।

১২ সহায়ক সেৱকৰ এজনীয়েই পত্নী হোৱা উচিত, নিজৰ লʼৰা-ছোৱালী আৰু পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰোঁতা* ব্যক্তি হোৱা উচিত। ১৩ কাৰণ যিসকলে ভালদৰে সেৱা কৰে, তেওঁলোকে ভাল নাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুৰ ওপৰত যি বিশ্বাস আছে, তাৰ বিষয়ে সংকোচ নকৰাকৈ কʼবলৈ সাহস পায়।

১৪ যদিও মই তোমাৰ ওচৰলৈ সোনকালে আহিবলৈ আশা কৰি আছোঁ, তথাপি মই তোমালৈ এইবোৰ কথা লিখি আছোঁ ১৫ যাতে যদিও মোৰ আহিবলৈ দেৰি হয়, তথাপি তুমি আগতীয়াকৈ জানিবা যে ঈশ্বৰৰ পৰিয়ালৰ লগত তুমি কিদৰে ব্যৱহাৰ কৰা উচিত। এই পৰিয়াল জীৱিত ঈশ্বৰৰ মণ্ডলী হয় আৰু সত্যৰ স্তম্ভ আৰু সহায়ক হয়। ১৬ সঁচাকৈ, ঈশ্বৰৰ কাৰণে ভক্তিৰ এই পবিত্ৰ ৰহস্য বহুত মহান হয়: ‘হাড়-মাংসৰ শৰীৰত যীচুক প্ৰকাশ কৰা হʼল, অদৃশ্য শৰীৰ দি তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল, তেওঁ স্বৰ্গদূতসকলৰ ওচৰত প্ৰকাশিত হʼল, ইস্ৰায়েলী নোহোৱা লোকসকলক তেওঁৰ বিষয়ে প্ৰচাৰ কৰা হʼল, জগতৰ লোকসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে আৰু তেওঁক মহিমা দি স্বৰ্গলৈ উঠাই নিয়া হʼল।’

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক