ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ইফিচীয়া ১
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ইফিচীয়া কিতাপৰ সাৰাংশ

      • নমস্কাৰ (১, ২)

      • স্বৰ্গত সকলো ধৰণৰ আশীৰ্বাদ (৩-৭)

      • খ্ৰীষ্টৰ যোগেদি সকলোবোৰ একত্ৰিত কৰা (৮-১৪)

        • নিৰ্ধাৰিত কৰা সময়ত “বিভিন্ন বিষয় পৰিচালনা কৰিবলৈ এটা ব্যৱস্থা” (১০)

        • পবিত্ৰ শক্তিৰ মোহৰ “বইনা হিচাপে” (১৩, ১৪)

      • ইফিচীয়াসকলৰ বিশ্বাসৰ কাৰণে পৌলে প্ৰাৰ্থনাত ধন্যবাদ দিয়ে (১৫-২৩)

ইফিচীয়া ১:১

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

ইফিচীয়া ১:৪

ফুটনোট

  • *

    অৰ্থাৎ খ্ৰীষ্টৰ লগত।

ইফিচীয়া ১:১৪

ফুটনোট

  • *

    বা “চিন হিচাপে; প্ৰমাণ হিচাপে; গেৰাণ্টি হিচাপে।”

  • *

    আক্ষ., “নিজৰ সম্পত্তি।”

ইফিচীয়া ১:২১

ফুটনোট

  • *

    বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ইফিচীয়া ১:১-২৩

ইফিচীয়াসকললৈ চিঠি

১ মই পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্টৰ পাঁচনি* হওঁ, ইফিচৰ পবিত্ৰ লোকসকললৈ লিখি আছোঁ, যিসকল খ্ৰীষ্ট যীচুৰ লগত একতাত আছে আৰু বিশ্বাসযোগ্য হয়:

২ আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক।

৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ আৰু পিতৃৰ প্ৰশংসা হওক। কিয়নো তেওঁ আমাক খ্ৰীষ্ট যীচুৰ লগত একতাত থকাৰ কাৰণে স্বৰ্গত সকলো ধৰণৰ আশীৰ্বাদ দিছে। ৪ তেওঁ জগতৰ আৰম্ভণি হোৱাৰ আগতেই তেওঁৰ লগত* একতাত থাকিবলৈ বাছনি কৰিছিল যাতে আমি ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আগত পবিত্ৰ আৰু নিষ্কলংক হওঁ। ৫ তেওঁৰ যি ভাল লাগিল, তেওঁ নিজৰ ইচ্ছাৰ অনুসৰি আগতেই নিৰ্ণয় লʼলে যে তেওঁ যীচু খ্ৰীষ্টৰ যোগেদি আমাক নিজৰ পুত্ৰ হিচাপে তুলি লʼব ৬ যাতে তেওঁৰ মহা-কৃপাৰ প্ৰশংসা হয়, যি তেওঁ আমাৰ ওপৰত দয়া কৰি নিজৰ পুত্ৰৰ যোগেদি দিছে। ৭ ঈশ্বৰে নিজৰ মহা-কৃপাৰ যোগেদি নিজৰ পুত্ৰৰ তেজেৰে মুক্তিৰ মূল্য দি আমাক মুকলি কৰিলে আৰু আমাৰ পাপবোৰ ক্ষমা কৰিলে।

৮ তেওঁ সকলো বুদ্ধি আৰু বুজি পোৱাৰ ক্ষমতা দি আমাৰ ওপৰত প্ৰচুৰ পৰিমাণে মহা-কৃপা কৰিলে ৯ অৰ্থাৎ নিজৰ ইচ্ছাৰ বিষয়ে পবিত্ৰ ৰহস্য আমাৰ ওপৰত প্ৰকাশ কৰিলে। তেওঁ এই ৰহস্য নিজৰ ইচ্ছাৰ অনুসৰি নিজেই ৰাখিছিল ১০ যে নিৰ্ধাৰিত কৰা সময় পূৰ হোৱাৰ পাছত তেওঁ যেন বিভিন্ন বিষয় পৰিচালনা কৰিবলৈ এটা ব্যৱস্থা কৰে যাতে স্বৰ্গৰেই হওক বা পৃথিৱীৰ, সকলোবোৰ খ্ৰীষ্টৰ যোগেদি একত্ৰিত কৰিব পাৰে। হয়, খ্ৰীষ্টৰ যোগেদি সকলোবোৰ একত্ৰিত কৰা হʼব, ১১ যিজনৰ লগত আমি একতাত আছোঁ আৰু আমাক উত্তৰাধিকাৰ দিবলৈ বাছনি কৰিছিল। তেওঁ নিজৰ উদ্দেশ্যৰ অনুসৰি আমাক আগতেই বাছনি কৰিছিল, কাৰণ তেওঁ নিজৰ ইচ্ছাৰ অনুসৰি যি কৰিম বুলি থিৰাং কৰে, সেই সকলো তেওঁ পূৰ কৰে। ১২ যাতে আমি, যিসকলে প্ৰথমে খ্ৰীষ্টৰ ওপৰত আশা ৰাখিছোঁ, আমাৰ যোগেদি ঈশ্বৰৰ প্ৰশংসা আৰু মহিমা হয়। ১৩ তোমালোকেও যেতিয়া নিজৰ উদ্ধাৰৰ শুভবাৰ্তা অৰ্থাৎ সত্যৰ বাক্য শুনিলা, তেতিয়া খ্ৰীষ্টৰ ওপৰত আশা ৰাখিলা। যেতিয়া তোমালোকে বিশ্বাস কৰিলা, তেতিয়া খ্ৰীষ্টৰ যোগেদি তোমালোকৰ ওপৰত প্ৰতিজ্ঞা কৰা পবিত্ৰ শক্তিৰ মোহৰ মৰা হʼল। ১৪ আমি উত্তৰাধিকাৰ পোৱাৰ আগতেই এই পবিত্ৰ শক্তি এক বইনা হিচাপে* আমাক দিয়া হʼল যাতে ঈশ্বৰে নিজৰ লোকসকলক* মুক্তিৰ মূল্যৰ যোগেদি মুকলি কৰে, যাৰ পৰা তেওঁৰ মহিমা আৰু প্ৰশংসা হয়।

১৫ সেইবাবে, যেতিয়াৰে পৰা মই শুনিলোঁ যে প্ৰভু যীচুৰ ওপৰত তোমালোকে কিমান বিশ্বাস কৰা আৰু সকলো পবিত্ৰ লোকসকলক কিমান প্ৰেম কৰা, ১৬ তেতিয়াৰে পৰা মই তোমালোকৰ কাৰণে প্ৰাৰ্থনাত ধন্যবাদ দিবলৈ এৰি দিয়া নাই। মই সদায় তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ ১৭ যে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ, সেই পিতৃ, যিজন মহিমাৰে পৰিপূৰ্ণ, তেওঁ তোমালোকক সেই কথাবোৰ বুজিবলৈ বুদ্ধি দিয়ক, যিবোৰ তেওঁ তোমালোকৰ ওপৰত প্ৰকাশ কৰে যাতে তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে সঠিক জ্ঞান থাকে। ১৮ তেওঁ তোমালোকৰ মনৰ চকু খুলি দিলে যাতে তোমালোকে বুজিব পাৰা যে তেওঁ তোমালোকক কেনেধৰণৰ আশা দিবলৈ মাতিছে, সেই গৌৰৱময় সম্পত্তি কি হয়, যি তেওঁ পবিত্ৰ লোকসকলক উত্তৰাধিকাৰ হিচাপে দিবলৈ ৰাখিছে ১৯ আৰু আমি যিসকল বিশ্বাসী হওঁ, আমাৰ ক্ষেত্ৰত তেওঁৰ শক্তি কিমান মহান। তেওঁৰ এই মহান শক্তি সেই সময়ত দেখা গৈছিল, ২০ যেতিয়া তেওঁ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিছিল আৰু স্বৰ্গত নিজৰ সোঁহাতে বহুৱাইছিল। ২১ তেওঁক কেৱল এই জগতত* নহয়, কিন্তু আহিবলগীয়া জগততো খ্ৰীষ্টক সকলো চৰকাৰ, অধিকাৰ, শক্তি, শাসক আৰু নামবোৰতকৈ ওখ কৰা হʼব। ২২ ইয়াৰ উপৰিও, ঈশ্বৰে সকলো তেওঁৰ ভৰিৰ তল কৰিলে আৰু তেওঁক মণ্ডলীৰ লগত জড়িত সকলো বিষয়ৰ ওপৰত মুৰব্বী নিযুক্ত কৰিলে। ২৩ মণ্ডলী খ্ৰীষ্টৰ শৰীৰ হয়, যʼত তেওঁ সম্পূৰ্ণৰূপে পৰিপূৰ্ণ আৰু তেৱেঁই সকলো বিষয়ত সকলো পূৰ কৰে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক