ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • মাৰ্ক ১০
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

মাৰ্ক কিতাপৰ সাৰাংশ

      • বিয়া আৰু তালাক (১-১২)

      • যীচুৱে লʼৰা-ছোৱালীক আশীৰ্বাদ দিয়ে (১৩-১৬)

      • এজন ধনী মানুহৰ প্ৰশ্ন (১৭-২৫)

      • ৰাজ্যৰ কাৰণে ত্যাগ (২৬-৩১)

      • যীচুৱে আকৌ এবাৰ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৩২-৩৪)

      • যাকোব আৰু যোহনৰ অনুৰোধ (৩৫-৪৫)

        • বহুতো লোকৰ জীৱনৰ কাৰণে যীচুৱে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিলে (৪৫)

      • বাৰতীময় নামৰ এজন অন্ধ মানুহক সুস্থ কৰা হʼল (৪৬-৫২)

মাৰ্ক ১০:৮

ফুটনোট

  • *

    আক্ষ., “দুয়োজন।”

মাৰ্ক ১০:৯

ফুটনোট

  • *

    আক্ষ., “এটা যুঁৱলিত বান্ধিছে।”

মাৰ্ক ১০:১১

ফুটনোট

  • *

    ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

মাৰ্ক ১০:২৪

ফুটনোট

  • *

    আক্ষ., “সন্তানসকল।”

মাৰ্ক ১০:২৬

ফুটনোট

  • *

    বা হয়তো, “এজনে-আনজনক।”

মাৰ্ক ১০:৩০

ফুটনোট

  • *

    বা “জগতৰ ব্যৱস্থাত।” শব্দকোষ চাওক।

মাৰ্ক ১০:৩৩

ফুটনোট

  • *

    আক্ষ., “লেখক।” শব্দকোষ চাওক।

মাৰ্ক ১০:৫১

ফুটনোট

  • *

    হিব্ৰু ভাষাত “ৰব্বূণি।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
  • ৩২
  • ৩৩
  • ৩৪
  • ৩৫
  • ৩৬
  • ৩৭
  • ৩৮
  • ৩৯
  • ৪০
  • ৪১
  • ৪২
  • ৪৩
  • ৪৪
  • ৪৫
  • ৪৬
  • ৪৭
  • ৪৮
  • ৪৯
  • ৫০
  • ৫১
  • ৫২
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
মাৰ্ক ১০:১-৫২

মাৰ্কে লিখা শুভবাৰ্তা

১০ যীচু উঠি তাৰ পৰা ওলাই যৰ্দ্দনৰ সিপাৰে থকা যিহূদিয়া অঞ্চলৰ সীমালৈ আহিল। তেওঁৰ ওচৰত আকৌ ভীৰ জমা হʼল আৰু তেওঁ নিজৰ অভ্যাসৰ অনুসৰি সেই লোকসকলক আকৌ এবাৰ শিকাবলৈ ধৰিলে। ২ তেতিয়া ফৰীচীবিলাকে আহিলে আৰু যীচুক পৰীক্ষা কৰিবলৈ তেওঁক সুধিলে যে এজন পুৰুষে নিজৰ পত্নীক তালাক দিয়াটো উচিত হয় নে নহয়? ৩ তেওঁ কʼলে, “মোচিয়ে তোমালোকক কি আজ্ঞা দিছে?” ৪ তেওঁলোকে কʼলে, “মোচিয়ে তালাকৰ প্ৰমাণ-পত্ৰ দি পত্নীক তালাক দিবলৈ অনুমতি দিছে।” ৫ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ হৃদয় কঠোৰ হোৱাৰ কাৰণে, তেওঁ তোমালোকৰ বাবে এই আজ্ঞা লিখিছে। ৬ কিন্তু সৃষ্টিৰ আৰম্ভণিৰে পৰা ‘ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী হিচাপে বনাইছিল। ৭ সেইবাবে, পুৰুষে নিজৰ মা-দেউতাক এৰি দিব ৮ আৰু তেওঁ আৰু তেওঁৰ পত্নী* একদেহ হʼব।’ গতিকে, তেওঁলোক এতিয়া দুজন নহয়, কিন্তু একদেহ হয়। ৯ সেইবাবে, ঈশ্বৰে যাক এটা বান্ধোনত বান্ধিছে,* তাক কোনো মানুহে পৃথক নকৰক।” ১০ এবাৰ যেতিয়া তেওঁলোকে এটা ঘৰত আছিল, তেতিয়া তেওঁৰ শিষ্যসকলে এই বিষয়ে যীচুক প্ৰশ্ন সুধিবলৈ ধৰিলে। ১১ যীচুৱে তেওঁলোকক কʼলে, “যি কোনোৱে নিজৰ পত্নীক তালাক দিয়ে আৰু আন কাৰোবাক বিয়া কৰে, তেনেহʼলে তেওঁ ব্যভিচাৰ* কৰে আৰু প্ৰথম পত্নীৰ অধিকাৰ কাঢ়ি নিয়ে। ১২ আৰু যদি এগৰাকী তিৰোতাই নিজৰ স্বামীক তালাক দি আন কাৰোবাৰ লগত বিয়া হয়, তেনেহʼলে তেওঁ ব্যভিচাৰ কৰে।”

১৩ এতিয়া লোকসকলে সৰু সৰু লʼৰা-ছোৱালীক যীচুৰ ওচৰলৈ আনিবলৈ ধৰিলে যাতে তেওঁ লʼৰা-ছোৱালীৰ ওপৰত হাত ৰাখে। কিন্তু শিষ্যসকলে তেওঁলোকক ধমকি দিলে। ১৪ এয়া দেখি যীচুৰ ভাল নালাগিলে আৰু তেওঁ তেওঁলোকক কʼলে, “লʼৰা-ছোৱালীক মোৰ ওচৰলৈ আহিবলৈ দিয়া, সিহঁতক বাধা নিদিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা লোকসকলৰ বাবেহে। ১৫ মই তোমালোকক সঁচাকৈ কৈছোঁ, কোনোবাই যদি এটা সৰু লʼৰাৰ দৰে হৈ ঈশ্বৰৰ ৰাজ্যক গ্ৰহণ নকৰে, তেনেহʼলে তেওঁ কেতিয়াও তাত যাব নোৱাৰিব।” ১৬ তাৰ পাছত তেওঁ লʼৰা-ছোৱালীক নিজৰ কোলাত লʼলে আৰু সিহঁতৰ ওপৰত হাত ৰাখি সিহঁতক আশীৰ্বাদ দিবলৈ ধৰিলে।

১৭ তেওঁ ৰাস্তাত খোজকাঢ়ি গৈ থকাৰ সময়ত এজন মানুহ দৌৰি আহে আৰু তেওঁৰ সন্মুখত আঁঠুকাঢ়ি তেওঁক সুধিলে, “হে ভাল গুৰু, অনন্ত জীৱন পাবলৈ মই কি কৰা উচিত?” ১৮ যীচুৱে তেওঁক কʼলে, “তুমি মোক ভাল বুলি কিয় কৈছা? ঈশ্বৰৰ বাহিৰে আৰু কোনো ভাল নাই। ১৯ তুমি দেখোন আজ্ঞাবোৰ জানাই, ‘হত্যা নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, কাকো নঠগিবা আৰু নিজৰ মা-দেউতাক সন্মান কৰিবা।’” ২০ সেই মানুহজনে কʼলে, “গুৰু, এই সকলো কথা দেখোন মই সৰুৰে পৰা মানি আহিছোঁ।” ২১ যীচুৱে মৰমেৰে তেওঁলৈ চাই কʼলে, “তুমি এটা কাম কৰিবলৈ বাকী আছে: যোৱা আৰু তোমাৰ যি যি আছে, সেই সকলো বেচি দুখীয়াক দি দিয়া, কিয়নো তুমি স্বৰ্গত ধন পাবা। আৰু আহি মোৰ শিষ্য হোৱা।” ২২ কিন্তু এই কথা শুনি তেওঁ বহুত দুখীত হʼল আৰু তাৰ পৰা গুচি গʼল। কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।

২৩ যীচুৱে চাৰিওফালে চোৱাৰ পাছত নিজৰ শিষ্যসকলক কʼলে, “ধনী লোকসকলৰ বাবে ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ বৰ কঠিন হʼব!” ২৪ কিন্তু শিষ্যসকলে তেওঁৰ কথা শুনি আচৰিত হʼল। তেতিয়া যীচুৱে আকৌ তেওঁলোকক কʼলে, “বন্ধুসকল* ঈশ্বৰৰ ৰাজ্যত সোমোৱাটো সঁচাকৈ বৰ কঠিন! ২৫ এজন ধনী ব্যক্তিয়ে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ, এটা উটে বেজীৰ ফুটাইদি সোমোৱাটোৱে সহজ হʼব।” ২৬ এই কথা শুনি তেওঁলোকে আৰু বেছিকৈহে আচৰিত হʼল। আৰু তেওঁক* কʼলে, “তেনেহʼলে কোনে উদ্ধাৰ পাব?” ২৭ যীচুৱে তেওঁলোকৰ ফালে চকুৱে চকুৱে চাই কʼলে, “মানুহৰ কাৰণে এয়া অসম্ভৱ, কিন্তু ঈশ্বৰৰ কাৰণে নহয়। কিয়নো ঈশ্বৰৰ কাৰণে সকলো সম্ভৱ।” ২৮ তাৰ পাছত পিতৰে তেওঁক কʼলে, “চাওক! আমি সকলো এৰি আপোনাৰ পিছে পিছে আহিছোঁ।” ২৯ যীচুৱে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, কোনোৱে যদি মোৰ আৰু শুভবাৰ্তাৰ কাৰণে ঘৰ বা ভাই বা ভনী বা মা বা দেউতা বা সন্তান বা খেতি-বাতি এৰি দিছে, ৩০ তেনেহʼলে তেওঁ বৰ্তমান সময়ত তাড়নাৰ লগতে ঘৰ, ভাই, ভনী, মা, সন্তান আৰু খেতি-বাতিৰ ১০০ গুণ পাব। আৰু আহিবলগীয়া সময়ত* অনন্ত জীৱন লাভ কৰিব। ৩১ কিন্তু যিসকল প্ৰথমে আছে, তেওঁলোক শেষত হʼব আৰু যিসকল শেষত আছে, তেওঁলোক প্ৰথম হʼব।”

৩২ এতিয়া তেওঁলোক যিৰূচালেমলৈ যোৱা ৰাস্তাত আছিল। আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল। শিষ্যসকলে আচৰিত হৈ আছিল। আৰু যিসকলে তেওঁৰ পিছে পিছে গৈছিল, তেওঁলোকৰ ভয় লাগিবলৈ ধৰিলে। আকৌ এবাৰ তেওঁ নিজৰ ১২ জন শিষ্যক অকলশৰীয়াকৈ নিলে আৰু তেওঁলোকক কʼবলৈ ধৰিলে যে তেওঁৰ লগত এই সকলোবোৰ ঘটিব: ৩৩ “চোৱা! আমি যিৰূচালেমলৈ গৈ আছোঁ আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলৰ* হাতত গতাই দিয়া হʼব। তেওঁলোকে তেওঁক মৃত্যুদণ্ডৰ আজ্ঞা দিব। আৰু ইস্ৰায়েলী নোহোৱা লোকসকলৰ হাতত গতাই দিব। ৩৪ তেওঁলোকে তেওঁক ঠাট্টা কৰিব, তেওঁৰ ওপৰত থু পেলাব, চাবুকেৰে কোবাব আৰু মাৰি পেলাব। কিন্তু তিনি দিনৰ পাছত তেওঁ আকৌ জীয়াই উঠিব।”

৩৫ চিবদিয়ৰ লʼৰা যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁক কʼলে, “গুৰু, আমি আপোনাৰ পৰা যি বিচাৰিম, সেয়া আমাক দিয়ক।” ৩৬ তেওঁ কʼলে, “তোমালোকে কি বিচাৰা, মই তোমালোকৰ কাৰণে কি কৰিম?” ৩৭ তেওঁলোকে কʼলে, “যেতিয়া আপুনি আপোনাৰ ৰাজ্যত শাসন কৰিব, তেতিয়া আমাৰ মাজৰ এজনক সোঁহাতে আৰু আনজনক বাওঁহাতে বহিবলৈ দিব।” ৩৮ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে নাজানা, তোমালোকে কি বিচাৰি আছা। মই যি পাত্ৰত খাই আছোঁ, তোমালোকে সেই পাত্ৰৰ পৰা খাব পাৰিবা নে? আৰু মোৰ যি বাপ্তিষ্মা হৈ আছে, তোমালোকে সেই বাপ্তিষ্মা লʼব পাৰিবা নে?” ৩৯ তেওঁলোকে কʼলে, “হয়, পাৰিম।” তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “যি পাত্ৰৰ পৰা মই খাই আছোঁ, সেই পাত্ৰৰ পৰা তোমালোকেও খাবা আৰু মোৰ যি বাপ্তিষ্মা হৈ আছে, সেই বাপ্তিষ্মা তোমালোকৰো হʼব। ৪০ কিন্তু মোৰ সোঁহাতে বা বাওঁহাতে বহিবলৈ অনুমতি দিয়াৰ অধিকাৰ মোৰ নাই। যি লোকসকলৰ কাৰণে এই ঠাই ৰখা হৈছে, তেওঁলোককেই দিয়া হʼব।”

৪১ যেতিয়া আন দহজনে এই কথা শুনিলে, তেতিয়া তেওঁলোকে যাকোব আৰু যোহনৰ ওপৰত বহুত খং কৰিলে। ৪২ কিন্তু যীচুৱে নিজৰ শিষ্যসকলক নিজৰ ওচৰলৈ মাতি তেওঁলোকক কʼলে, “তোমালোকে জানা যে যিসকলে জগতত শাসন কৰে, তেওঁলোকে লোকসকলৰ ওপৰত শাসন চলায়। আৰু তেওঁলোকৰ ডাঙৰ ডাঙৰ মানুহে তেওঁলোকৰ ওপৰত অধিকাৰ চলায়। ৪৩ কিন্তু তোমালোকৰ মাজত এইদৰে হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, তোমালোকৰ মাজত যিজনে ডাঙৰ হʼব বিচাৰে, তেওঁ তোমালোকৰ সেৱক হোৱা উচিত। ৪৪ আৰু যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হʼব বিচাৰে, তেওঁ সকলোৰে দাস হোৱা উচিত। ৪৫ কিয়নো মানুহৰ পুত্ৰয়ো সেৱা পাবলৈ নহয়, কিন্তু সেৱা কৰিবলৈ আৰু বহুতো লোকৰ জীৱনৰ কাৰণে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিবলৈহে আহিল।”

৪৬ তাৰ পাছত তেওঁলোকে যিৰীহোলৈ আহিল। কিন্তু যেতিয়া যীচু, তেওঁৰ শিষ্যসকল আৰু লোকসকলৰ এটা ডাঙৰ ভীৰে যিৰীহোৰ পৰা বাহিৰলৈ গৈ আছিল, তেতিয়া (তীময়ৰ লʼৰা) বাৰতীময় নামৰ এজন অন্ধ ভিক্ষাৰীয়ে ৰাস্তাৰ কাষত বহি আছিল। ৪৭ নাচৰতীয়া যীচু সেই ৰাস্তাইদি যোৱা শুনি তেওঁ চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “দায়ূদৰ বংশ যীচু, মোক দয়া কৰক!” ৪৮ তেতিয়া বহুতো লোকে তেওঁক মনে মনে থাকিবলৈ ধমকি দিলে। কিন্তু তেওঁ আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে, “দায়ূদৰ বংশ, মোক দয়া কৰক!” ৪৯ তেতিয়া যীচু ৰৈ গʼল আৰু তেওঁ কʼলে, “তেওঁক মোৰ ওচৰলৈ মাতা।” তেওঁলোকে অন্ধ মানুহজনক মাতিলে আৰু কʼলে, “ভয় নকৰিবা, উঠা, তেওঁ তোমাক মাতিছে।” ৫০ তেতিয়া তেওঁ নিজৰ কাপোৰ পেলাই জাপ মাৰি উঠি যীচুৰ ওচৰলৈ গʼল। ৫১ তেতিয়া যীচুৱে তেওঁক কʼলে, “তুমি কি বিচাৰা, মই তোমাৰ কাৰণে কি কৰিম?” অন্ধ মানুহজনে তেওঁক কʼলে, “হে মোৰ গুৰু,* মই যেন দৃষ্টি শক্তি ঘূৰাই পাওঁ।” ৫২ তেতিয়া যীচুৱে তেওঁক কʼলে, “যোৱা, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে।” সেই সময়তে তেওঁ নিজৰ দৃষ্টি শক্তি ঘূৰাই পালে আৰু তেওঁ সেই ৰাস্তাইদি যীচুৰ পিছে পিছে গʼল।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক