ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ২ কৰিন্থীয়া ১৩
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

২ কৰিন্থীয়া ১৩:১

ফুটনোট

  • *

    আক্ষ., “মুখ।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ কৰিন্থীয়া ১৩:১-১৪

কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি

১৩ মই তৃতীয়বাৰ তোমালোকৰ ওচৰলৈ আহি আছোঁ। “দুই বা তিনিজন সাক্ষীয়ে সাক্ষ্য দিয়াত* প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণ কৰা হওক।” ২ যদিও মই এতিয়া তোমালোকৰ পৰা বহুত দূৰত আছোঁ, কিন্তু তোমালোকে এয়া বুজি লোৱা যে মই তোমালোকৰ মাজত দ্বিতীয়বাৰ উপস্থিত আছোঁ। যি লোকসকলে আগতে পাপ কৰিছিল, তেওঁলোকক আৰু আন বাকী লোকসকলক মই এতিয়াৰে পৰা সাৱধান কৰিছোঁ যে যদি মই আকৌ তোমালোকৰ ওচৰলৈ আহিম, তেনেহʼলে তেওঁলোকক নিশ্চয় শাস্তি দিম। ৩ কিয়নো খ্ৰীষ্টই মোৰ যোগেদি কয় বুলি এই কথাৰ তোমালোকে প্ৰমাণ বিচাৰা, যি তোমালোকৰ দুৰ্বলতা নহয়, কিন্তু শক্তি হয়। ৪ সঁচাকৈ, তেওঁক দুৰ্বল অৱস্থাত কাঠত আঁৰি হত্যা কৰা হʼল, তথাপিও তেওঁ ঈশ্বৰৰ শক্তিৰে জীৱিত আছে। এয়া সঁচা যে আমিও তেওঁৰ দৰে দুৰ্বল হওঁ, কিন্তু আমি তেওঁৰ লগত জীয়াই থাকিম আৰু এয়া ঈশ্বৰৰ সেই শক্তিৰে হʼব, যি তোমালোকৰ অন্তৰত কাম কৰি আছে।

৫ নিজকে চালি-জাৰি চাই থাকা যে তোমালোকে বিশ্বাসত আছা নে নাই। তোমালোক কেনেধৰণৰ ব্যক্তি হয়, তাৰ প্ৰমাণ দি থাকা। অথবা যীচু খ্ৰীষ্ট তোমালোকৰ লগত একতাত আছে বুলি তোমালোকে বুজি পোৱা নাই নে? যদি একতাত নাই, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে তোমালোকক অস্বীকাৰ কৰা হৈছে। ৬ মই সঁচাকৈ আশা কৰিছোঁ যে আমাক অস্বীকাৰ কৰা হোৱা নাই বুলি তোমালোকে গʼম পাবা।

৭ এতিয়া আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যাতে তোমালোকে একো ভুল নকৰা। আমি অনুগ্ৰহ পাইছোঁ বুলি আনক দেখুৱাটো মোৰ উদ্দেশ্য নহয়, ইয়াৰ পৰিৱৰ্তে মই বিচাৰোঁ তোমালোকে যেন ভাল কাম কৰি থাকা, যদিও আনে ভাবে যে আমাক অস্বীকাৰ কৰা হৈছে। ৮ কাৰণ আমি সত্যতাৰ বিৰুদ্ধে একো কৰিব নোৱাৰোঁ, কেৱল সত্যতাৰ কাৰণেহে কৰিব পাৰোঁ। ৯ যেতিয়াই আমি দুৰ্বল হওঁ আৰু তোমালোক শক্তিশালী হোৱা, তেতিয়া আমি আনন্দিত হওঁ। আৰু আমি প্ৰাৰ্থনা কৰোঁ যে তোমালোকে শুধৰণি কৰি থাকা। ১০ মই তোমালোকৰ পৰা দূৰত থাকিও এই কথাবোৰ তোমালোকক লিখাৰ কাৰণ হৈছে যে যেতিয়া মই তোমালোকৰ মাজত থাকিম, তেতিয়া প্ৰভুৱে মোক দিয়া অধিকাৰ যাতে কঠোৰভাৱে ব্যৱহাৰ কৰিবলগীয়া নহয়। তেওঁ মোক এই অধিকাৰ তোমালোকক নিৰুৎসাহ কৰিবলৈ দিয়া নাই, ইয়াৰ পৰিৱৰ্তে তোমালোকক মজবুত কৰিবলৈ দিছে।

১১ অৱশেষত ভাইসকল, মই তোমালোকক কৈছোঁ যে তোমালোকে আনন্দ কৰি থাকা, শুধৰণি কৰি থাকা, শান্ত্বনা পাই থাকা, একেধৰণৰ চিন্তাধাৰা ৰাখা আৰু শান্তিৰে থাকা, তেতিয়া প্ৰেম আৰু শান্তিৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব। ১২ পবিত্ৰ চুমাৰে এজনে-আনজনক নমস্কাৰ কৰা। ১৩ সকলো পবিত্ৰ লোকে তোমালোকক নমস্কাৰ জনাইছে।

১৪ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা আৰু ঈশ্বৰৰ প্ৰেম আৰু তেওঁৰ পবিত্ৰ শক্তি তোমালোকৰ লগত থাকক, যাৰ পৰা তোমালোকে লাভৱান হৈ আছা।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক